11 February, Wed 2026
support@thecriticalscript.com
Blog image

পদ্মশ্ৰী নুৰুদ্দিন আহমেদ: অসমৰ এগৰাকী বিশিষ্ট ভাস্কৰ্যশিল্পী!

28 Jan,2026 05:47 PM, by: Ankita Gogoi
1 minute read Total views: 122
0 Like 0.0

অসমৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। ইয়াৰে ভিতৰত আছে নুৰুদ্দিন আহমেদ।নুৰুদ্দিন আহমেদ অসমৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে এক নতুন জাগৰণৰ সূচনা কৰা সংগীত নাটক অকাডেমি বঁটাপ্ৰাপ্ত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত জিলিকাই তোলাৰ বাবে এই সন্মান লাভ কৰিছে।  ১৯৫৮ চনৰ ১৭ জানুৱাৰীত নলবাৰীৰ হাতীকুচিত জন্মগ্ৰহণ কৰা এই গুণী শিল্পীগৰাকীৰ কলাৰ প্ৰতি আগ্ৰহ সৰুতেই স্পষ্ট হৈ পৰিছিল।

তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই নাটকৰ দৃশ্যসজ্জাৰ কামত জড়িত হৈ তেওঁ ইতিমধ্যে চৰ্চিত হৈছিল।মুম্বাইৰ জে. জে. কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলাৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰাৰ লগতে, নতুন দিল্লীৰ CCRT ৰ পৰা পুতলা নাচৰ ওপৰত বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। তেওঁ আগৰে পৰাই অসমৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল। বিশেষকৈ ২০০১ ৰ পৰা ২০০৩ চনলৈকে দিল্লীৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ ক্ৰমাগতভাৱে বিশেষ ভূমিকা পালন কৰিছিল। অসম সাহিত্য সভাৰ “কলা ৰত্ন” সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদ ২০২৫ চনত গুৰুজী আদ্য শৰ্মা বঁটাও লাভ কৰিছিল। শেহতীয়াকৈ দুই পুত্ৰক লগত লৈ বটদ্ৰৱাৰ এক সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত অংশীদাৰ হিচাপে জড়িত আহমেদে ১০০ ফুট ওখ বাঁহৰ দুৰ্গা প্ৰতিমা সাজি লিমকা আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰো গৰাকী হৈছে। ভ্ৰাম্যমাণ থিয়েটাৰত সুন্দৰ মঞ্চ সজোৱাৰ বাবেও তেওঁ বিশেষ খ্যাতি লাভ কৰিছিল। ‘সমুদ্ৰ মন্থন’, ‘টাইটানিক’, ‘ডাইনোছৰ’, ‘চুনামী’ আদি নাটক তেওঁৰ কলা নিৰ্দেশনাৰে বাস্তৱৰ দৰে জীৱন্ত হৈ উঠিছিল।অপেচাদাৰী নাট্যদলৰ সৈতে জড়িত হৈ থকাৰ লগতে, বিগত ৫০ বছৰে তেওঁ দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি আহিছে। সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন শিল্পকর্মো তেওঁৰ হাতেৰে গঢ় লৈ উঠিছে। এই পৰ্যন্ত ১০০ খনতকৈ অধিক ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰা নুৰুদ্দিন আহমেদৰ “ৰাজদ্বীপ ষ্টুডিঅ’”ৰ পৰা ৰাজ্যই লাভ কৰিছে বহু দক্ষ ভাস্কৰ্য শিল্পী।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.