25 June, Thu 2026
support@thecriticalscript.com
Blog image

সংবাদ মাধ্যমৰ নীৰৱতা, ধৰ্মৰ ৰাজনীতি আৰু সত্যক দমন — দেশৰ ভৱিষ্যত কোন দিশে?

25 Jun,2026 05:27 PM, by: Ankita Gogoi
1 minute read Total views: 11
0 Like 0.0

এখন গণতান্ত্ৰিক দেশৰ শক্তি কেৱল নিৰ্বাচনত নহয়, বৰঞ্চ সচেতন নাগৰিক, স্বাধীন সংবাদ মাধ্যম আৰু সত্যৰ বাবে মাত মাতি থকা মানুহৰ মাজত থাকে। সংবাদ মাধ্যমৰ কাম কেৱল খবৰ দেখুওৱা নহয়, বৰঞ্চ সেই প্ৰশ্নবোৰ উত্থাপন কৰা যিবোৰৰ উত্তৰ শাসন ব্যৱস্থাই দিব লাগে। কিন্তু যেতিয়া এখন দেশত নিবনুৱা সমস্যা, শিক্ষা, স্বাস্থ্য, মূল্যবৃদ্ধি, দুৰ্নীতি আৰু আইন-শৃংখলাৰ দৰে প্ৰকৃত সমস্যাবোৰ পিছ পৰি যায় আৰু আলোচনা কেৱল ধৰ্ম, ঘৃণা আৰু বিতৰ্কৰ মাজতে সীমাবদ্ধ হৈ পৰে, তেতিয়া সমাজে নিজৰ প্ৰকৃত সমস্যাবোৰ পাহৰি যাবলৈ আৰম্ভ কৰে।

ধৰ্ম মানুহক একত্ৰিত কৰাৰ মাধ্যম হ’ব লাগে, কিন্তু যেতিয়া ধৰ্মক ঘৃণা আৰু ৰাজনীতিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়া মানুহ এজনে আনজনৰ বিৰুদ্ধে থিয় হয়।আনহাতে প্ৰকৃত প্ৰশ্নবোৰ যেনে কৰ্মসংস্থান, সুৰক্ষা, ন্যায় আৰু উন্নয়ন এই সকলোবোৰ পিছ পৰি থাকে।

আটাইতকৈ চিন্তাৰ বিষয় তেতিয়া হয় যেতিয়া সত্যৰ বাবে মাত মতা সাংবাদিক, সমাজকৰ্মী আৰু সাধাৰণ মানুহক দমন কৰাৰ চেষ্টা কৰা হয়। ভুলৰ বিৰুদ্ধে মাত মতা মানুহক ভয় দেখোৱা হয়, নীৰৱ কৰিবলৈ চেষ্টা কৰা হয় আৰু কেতিয়াবা নিজৰ জীৱন পৰ্যন্ত হেৰুৱাব লগা হয়। যেতিয়া প্ৰশ্ন কৰা মানুহেই বিপদত পৰে, তেতিয়া ই গণতন্ত্ৰৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰে।

যদি সৎ মানুহবোৰ নীৰৱ হৈ যায় আৰু অপৰাধীসকলে ক্ষমতা বা পৰিচয়ৰ জোৰত ৰক্ষা পায়, তেন্তে ক্ষতি কেৱল এজন ব্যক্তিৰ নহয়, সমগ্ৰ সমাজৰ হয়। ন্যায় তেতিয়াহে শক্তিশালী হয় যেতিয়া সত্য কোৱা মানুহৰ সুৰক্ষা থাকে আৰু ভুল কৰা মানুহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয়।

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯(১) (ক)ৰ দ্বাৰা প্রত্যেক ভাৰতীয় নাগৰিকক বাক স্বাধীনতাৰ মৌলিক অধিকাৰ আছে। এখন সুস্থ, শক্তিশালী দেশ তর্ক-বিতর্ক আৰু মুক্ত আলোচনাৰ আধাৰতহে আগবাঢ়ি যাব পাৰে। বাক স্বাধীনতাৰ মৌলিক অধিকাৰক আধাৰ হিচাপে লৈ নাগৰিকসকলে যিকোনো বিষয়ত তেওঁলোকৰ মনৰ ভাৱ বিনাদ্বিধাই প্রকাশ কৰিব পাৰে।কেতিয়াবা এইবোৰ কথা ভাবি মনত হতাশা আৰু কষ্ট হয় যে আজিৰ সময়ত মুক্ত মনে নিজৰ মত প্ৰকাশ কৰাটোও কঠিন হৈ পৰিছে। প্ৰশ্ন কৰিলে, বেলেগ মত দিলে বা ভুলৰ বিৰুদ্ধে মাত মাতিলে বহু সময়ত মানুহক দমন কৰাৰ চেষ্টা কৰা হয়। কেতিয়াবা কেৱল নিজৰ চিন্তা প্ৰকাশ কৰাৰ বাবেই “দেশবিৰোধী” বুলি টেগ লগাই দিয়া হয়। 

সংবাদ মাধ্যম এখন দেশৰ দাপোন। যদি সেই দাপোনে প্ৰকৃত ছবি দেখুওৱা বন্ধ কৰে, তেন্তে সমাজে নিজৰ সমস্যাবোৰ দেখা নাপাব। এখন শক্তিশালী দেশ সেইখন নহয় য’ত মানুহ কেৱল এজনে আনজনৰ লগত যুঁজ কৰে, বৰঞ্চ সেইখন য’ত মানুহে সঠিক প্ৰশ্ন কৰে আৰু পৰিৱৰ্তনৰ বাবে মাত মাতে।

কিন্তু দুখৰ বিষয় এয়া যে আজিকালি বহু সময়ত খবৰৰ অগ্ৰাধিকাৰ সলনি হোৱা দেখা যায়। য’ত নিবনুৱা সমস্যা, শিক্ষা, স্বাস্থ্য, ন্যায় আৰু সমাজৰ প্ৰকৃত বিষয়বোৰ আলোচনাৰ বিষয় হ’ব লাগে, তাত হেডলাইন হয় — “ঝালমুড়িৰ ইতিহাস কি?”, “মেল’ডি চকলেট কেতিয়া আহিছিল? এনেধৰণৰ হাস্যকৰ বিষয়। যেতিয়া দেশৰ ডাঙৰ সমস্যাবোৰ পিছ পৰি যায় আৰু মানুহৰ মনোযোগ প্ৰকৃত বিষয়ৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়া ভাবিবলৈ বাধ্য হ’ব লাগে।

কাৰণ এখন দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে সেই দেশত সত্য কিমান মুক্তভাৱে কোৱা যায় আৰু প্ৰকৃত প্ৰশ্নৰ উত্তৰ কিমান সততাৰে বিচৰা হয় তাৰ ওপৰত।

এতিয়া কেৱল এটাই প্ৰশ্ন — কোন‌ দিশে গতি কৰিছে বাৰু আমাৰ দেশৰ ভৱিষ্যত?

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.