
মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ নিৰ্মাণ শৈলী আৰু ইয়াৰ লগত জড়িত হৈ থকা অর্থনৈতিক স্বাৱলম্বিতা
আৰম্ভণি-
পৃথিৱীৰ প্ৰত্যেক জাতিৰ ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত কিছুমান বিশেষ মনীষীৰ অৱদান লেখত ল'বলগীয়া। ঠিক সেইধৰে আমাৰ অসমীয়া জাতিটোৰ উত্তৰণ সাধন কৰাৰ ক্ষেত্ৰতো মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অৱদান অনবদ্য। তেখেতে দেখুৱাই থৈ যোৱা আদর্শ সাৰোগত কৰিয়েই মাজুলীত মুখাশিল্পৰ ঐতিহ্য আৰু পৰম্পৰা সাম্প্ৰতিক সময়ৰ যান্ত্রিকতাৰ মাজতো জীয়াই থকা দেখিবলৈ পোৱা যায়। শ্রীমন্ত শংকৰদেৱে পোনপ্ৰথমে মাজুলীৰ চামগুৰি সত্ৰত ভাওনা পৰিৱেশন কৰাৰ উদ্দেশ্যৰে এই মুখা শিল্পৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত কুশকান্ত দেৱগোস্বামীদেৱে মুখাশিল্পক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাইছিল। ইয়াৰ পিছৰ সময়চোৱাত তেখেতৰ বংশধৰসকলে এই পৰম্পৰা অটুট ৰাখিছিল আৰু বৰ্তমান সময়ত মাজুলীৰ চামগুৰি সত্ৰত এই মুখাশিল্পক জীয়াই ৰখা ব্যক্তিজনহ'ল প্রসন্ন গোস্বামীদের।
'মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ নিৰ্মাণ শৈলী আবু ইয়াৰ লগত জড়িত হৈ থকা অর্থনৈতিক স্বাৱলম্বিতা' শীর্ষক লেখাটিৰ মাজেদি মাজুলীত মুখাশিল্পৰ নিৰ্মাণ শৈলী, কাঠৰ মুখাৰ পৰিৱৰ্তে কিয় বাঁহৰ মুখাৰ অধিক প্ৰচলন, অর্থনৈতিকভারে স্বাবলম্বী হোৱাৰ ক্ষেত্ৰত মুখাশিল্পই কেনে ভূমিকা পালন কৰে। এই দিশসমূহৰ জৰিয়তে মাজুলীৰ চামগুৰি সত্ৰত জীয়াই থকা মুখাশিল্পৰ বিষয়ে আলোচনাৰ আওতালৈ আনিবলৈ চেষ্টা কৰা হৈছে।
মাজুলীৰ মুখা শিল্পৰ চমু আভাস :
মুখা শিল্প অসমৰ এবিধ অতি প্রাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখাশিল্পৰ 'জনক' বুলি গণ্য কৰা হয়। 'মহাপুৰুষ শংকৰদেৱে অসমত বৈষ্ণবধৰ্ম প্ৰচাৰৰ গুৰি ধৰাৰ লগতে অংকীয়া ভাওনা গুৰুজনাৰ অভিনৱ সৃষ্টি। এই ভাওনাসমূহত কিছুমান চৰিত্ৰ আছিল যিবোৰ সাধাৰণ সাজ- সজ্জাৰ দ্বাৰা প্ৰকাশ কৰিবলৈ যাওঁতেই মুখাই এক সংহত ৰূপ পালে আৰু সেয়া গুৰুজনাই মুখাক এক সুকীয়া মর্যাদা প্রদান কৰিছিল।" (গোস্বামী, কৃষ্ণ: সত্রীয়া মুখা শিল্প, পৃষ্ঠা ১৬)। মহাপুৰুষৰ এই আদর্শ লৈয়ে অসমৰ বিভিন্ন ঠাইত মুখা শিল্পৰ চর্চা আজিও অব্যাহত আছে। ইয়াৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটি বৃহৎ নদীদ্বীপ আৰু অসমৰ নবগঠিত জিলা মাজুলীৰ নাম উল্লেখযোগ্য। মাজুলীৰ চামগুৰি সত্ৰত মুখাশিল্প বহুলভাৱে নির্মাণ কৰা পৰিলক্ষিত হয়।
মাজুলীৰ চামগুৰি সত্ৰ প্ৰয়াত সত্ৰাধিকাৰ ৰুদ্ৰকান্ত দেৱগোস্বামীদেৱৰ মুখা শিল্পৰ নৈপুণতা সম্পর্কত কবি নীলমণি ফুকনদেৱে এনেধৰণেৰ মন্তব্য প্ৰকাশ কৰিছে "শ্ৰীশ্ৰী চামগুৰি সত্ৰৰ পৰম্পৰাগত মুখা শিল্পই শ্রীযুত গোস্বামীৰ হাতত ৰূপ আৰু ভাৱ অভিব্যঞ্জনাৰে সমৃদ্ধ হৈ অনিন্দ্য সুন্দৰ শিল্প কৰ্মৰ মহিমা লাভ কৰে।” (প্রান্তিক, দ্বিতীয় বৰ্ষৰ সোতৰশ সংখ্যা) মুখা শিল্পক বাদ দি মাজুলীৰ ঐতিহ্য কেতিয়াও সম্পূর্ণ নহয়। মুখা শিল্পই মাজুলীক পূর্ণতা প্ৰদান কৰিছে। মাজুলীৰ মুখা শিল্পৰ ঐতিহ্যক বাহাল ৰখাৰ ক্ষেত্ৰত সত্ৰাধিকাৰসকলৰ লগতে কর্মোদ্যমী ব্যক্তিসকলৰ ভূমিকাও লেখত ল'বলগীয়া। মাজুলীৰ শ্ৰীশ্ৰী চামগুৰি সত্ৰত নিৰবচ্ছিন্নভাৱে চলাই মুখা শিল্পক কলা আৰু জীৱিকা হিচাপে গ্রহণ কৰি আগবঢ়াই নিবলৈ সক্ষম হোৱা এগৰাকী সুনিপুণ শিল্পী হ'ল-শ্রীহেমচন্দ্র গোস্বামীদেৱ। তেখেত মুখা শিল্পৰ যাদুকৰ হিচাপে জনাজাত। পিতৃৰ পৰা সত্ৰীয়া গীত, নৃত্য, বাদ্য যন্ত্র আদিৰ লগতে ভাস্কৰ্য আৰু মুখা শিল্পৰ শিক্ষাগ্রহণ কৰি নিজ প্রতিভা আৰু কৌশলেৰে মুখানিৰ্মাণৰ কেন্দ্ৰ স্থাপন কৰি নৱপ্ৰজন্মক মুখা সম্পৰ্কীয় জ্ঞান প্ৰদান কৰাৰ লগতে মুখা নির্মাণ প্রশিক্ষণো প্রদান করে। গোস্বামীদেৱৰ দ্বাৰা নিৰ্মিত মুখাই লণ্ডনৰ মিউজিয়ামতো বিশেষ স্থান লাভ কৰিছিল। তেখেতৰ সৃষ্টিবাজিয়ে ভাৰতবৰ্ষৰ লগতে বিদেশী পর্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভাওনা আৰু ৰাস উৎসৱৰ বাবে চাহিদা অনুসৰি অসমৰ বিভিন্ন ৰংগমঞ্চত প্রদর্শিত মুখাসমূহ মাজুলীৰ শ্ৰীহেমচন্দ্ৰ গোস্বামীদেৱৰ দ্বাৰাই সৃষ্ট। এয়া আমাৰ সমূহ অসমবাসী সকলোৰে বাবে এক গৌৰৱৰ অধ্যায়।
মুখা শিল্পৰ প্ৰকাৰ
মুখা হ'ল মুখমণ্ডলত পৰিধান কৰা এবিধ আহিলা। মুখাসমূহক মূলতঃ সুৰক্ষা, ছদ্মবেশ, অভিনয় আৰু মনোৰঞ্জনৰ বাবে পৰিধান কৰা হয়। মুখাসমূহক অতি প্রাচীনকালৰ পৰাই আনুষ্ঠানিক আৰু ব্যৱহাৰিক কাৰ্যৰ বাবে ব্যৱহাৰ কৰি অহা দেখা যায়।
সাধাৰণতে সত্ৰসমূহত তিনিপ্ৰকাৰৰ মুখা সজা হয়। এই ভাগসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-
ক) ছো-মুখা বা বৰ মুখা:
এই মুখা স্বাভাবিকতে ডাঙৰ বাবে বৰ মুখা বুলি কোৱা হয়। বৰমুখা সৰ্বসাধাৰণ মুখাতকৈ বহুগুণে ডাঙৰ হয়। এই মুখাৰ মূৰৰ অংশ আৰু শৰীৰৰ অংশ সুকীয়াকৈ সজা হয়। ভাওনাত অভিনয় বা ভাও দিয়াৰ সময়ত শৰীৰৰ কোনো অংশ দেখি নোপোৱাকৈ মুখাটো পৰিধান কৰি ভাও দিয়ে, যুদ্ধ কৰে। মুখা পিন্ধা ভাৱৰীয়াজনে দৰ্শকক দেখা পাবৰ বাবে মুখাটোত বিহিত ব্যৱস্থাও থাকে। ভাওনাত ভাও দিয়া ভাৱৰীয়াসকলৰ চৰিত্ৰৰ প্ৰতি লক্ষ্য ৰাখিহে এই ছো-মুখা প্ৰস্তুত কৰি উলিওৱা হয়। ভাও দিয়াৰ সময়ত মুখা সমূহ প্রায় ৮/১০ ফুট পর্যন্ত ওখ হোৱা দেখা যায়। যেনে- নৰকাসুৰ, নৰসিংহ, ৰাৱণ, বানজা আদিৰ নাম উল্লেখ কৰিব পাৰি।
(খ) লোটোকাই বা লোটোকৰি মুখা:
এই জাতীয় মুখা বৰ মুখাতকৈ কিছু পৰিমাণে সৰু। এই মুখাৰ ধৰণ কৰণ প্ৰায় ছো-মুখাৰ দৰেই। মাখো দুইবিধ মুখাৰ মাজত সামান্য পৰিমাণৰ পাৰ্থক্য থকা পৰিলক্ষত হয়। এইবিধ মুখাৰ মূৰটো গাৰ অংশৰ লগত বান্ধি নিদি ভাৱৰীয়াজনৰ মূৰত পিন্ধাই দিয়া হয়। এনে কৰাৰ ফলত ভাও দিয়াৰ সময়ত ভাৱৰীয়াজনে সহজতে হাত-মূৰ লৰচৰ কৰি যুদ্ধ কৰিবও পাৰে। যেনে- শংখচূড়, তাৰকা ৰাক্ষসী, পুতনা ৰাক্ষসীৰ ভাও দিবৰ বাবে এনে মুখাৰ ব্যৱহাৰ কৰে।
(গ) মুখ মুখা:
কেৱল মুখ মণ্ডলক আৱৰি থকা যিবোৰ মুখা তৈয়াৰ কৰা হয় তাকে মুখ মুখা বোলা হয়।ভাৱৰীয়াসকলে ভাও দিয়াৰ সময়ত এইবিধ মুখা মুখত পিন্ধি শৰীৰত বিভিন্ন ধৰণৰ ৰং-বিৰঙী কাপোৰ পৰিধান কৰে। যেনে-মাচি, সুবাহু, চক্ৰবাহ আদি চৰিত্ৰত ভাও দিবলৈ এনে মুখাৰ প্ৰয়োগ কৰা হয়। আকাৰৰ ওপৰত ভিত্তি কৰি মুখাসমূহক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল-
(১) ডিঙিবিহীন মুখ মুখা:
এইবিধ মুখাত মুখখনৰ লগত ডিঙি অংশ একেলগে সজা নহয়। ভাৱৰীয়াজনৰ নিজৰ ডিঙিৰ লগত মিলাকৈহে মুখখন সজা হয়। এইবিধ মুখা তৈয়াৰ কৰোঁতে মুখখনৰ পিছফালৰ পৰা এটা অংশ কাটি মুখখন সোমাব পৰা ব্যৱস্থা কৰি ৰখা হয় আৰু ভাও দিয়া চৰিত্ৰৰ লগত মিলাই ভাৱৰীয়াসকলে সাজপাৰ পৰিধান কৰে।
২) মূৰ-মুখা:
এই মুখাৰ সজাৰ কাৰিকৰী কৌশল মুখ-মুখাৰ দৰেই। এইবিধ মুখা সাজোঁতে ডিঙিৰ অংশ একেলগে সজা হয়। এই মুখা মূৰৰ ওপৰৰ পৰা সজা হয় বাবে ইয়াক মূৰ মুখা বোলে। কোনো কোনো ক্ষেত্রত ছো-মুখাৰ বাবেও মূৰ মুখা সাজি শৰীৰৰ লগত মিলাকৈ সংলগ্ন কৰি বান্ধি দিয়া হয়।
(৩) এফলীয়া মুখা:
মুখ মুখাখনক কাণৰ কাষেদি সমান দুভাগ কৰিলে সম্মুখৰ ফালটোক এফলীয়া মুখা বোলে। এলে মুখা ভাৱৰীয়াই মুখত পিন্ধি থাকিবৰ কাৰণে কাণৰ কাষত দুয়োফালে দুডাল ৰচি সংলগ্ন কৰি পিছফালে বান্ধি ৰখা হয়। এই মুখা চৰাঘৰৰ দেৱালত সজাই ৰখা হয় আৰু মঞ্চসজ্জাৰ বাবেও ব্যৱহাৰ কৰা হয়। I
মুখা নিৰ্মাণৰ লখিমী সূত্র:
মুখ্য সাজোঁতে ব্যৱহাৰ কৰা বাঁহৰ কাঠি (টোম) ৰ 'মোৰ' টোক মুখা নিৰ্মাণৰ লখিমী সূত্র বুলি কোৱা হয়। অতি পুৰণি কালৰ পৰাই কৃষকসকলে শস্যৰ বীজ ৰাখিবলৈ 'মোৰ'ৰ সহায়ত বাঁহৰ কাঠিৰ টোম তৈয়াৰ কৰে। সেইবাবে লখিমী অর্থাৎ 'ধানৰ বীজ' ৰাখিবলৈ প্ৰস্তুত কৰা টোমৰ 'মোৰ' টোক মুখা নিৰ্মাণৰ 'লখিমী সূত্র' হিচাপে ব্যৱহাৰ কৰা হয়।
এজন ব্যক্তিৰ মুখখনৰ জোখৰ মুখ-মুখা প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথমতে দীঘল পাবযুক্ত দুপাব জোখৰ এটুকুৰা বাঁহৰ পৰা কাঠি ফলিয়াই লোৱা হয়। ইয়াৰ পিছত বাঁহৰ কাঠিটো ছিটা ছিট কৰি চুঁচি লোৱাৰ পিছত তাৰ পৰা কাঠি তুলি মিহিকৈ চুঁচি মুখাৰ বাবে কাঠি প্ৰস্তুত কৰা হয়।এইদৰে প্ৰস্তুত কৰি লোৱা কাঠি দুটা মুখাৰ 'মোৰ' অর্থাৎ 'লখিমী সূত্র' জোৰা লিগোৱা হয়।
মুখা নিৰ্মাণৰ সামগ্ৰী:
ভাৰতবৰ্ষৰ আন আন ৰাজ্যত প্ৰচলিত মুখাতকৈ অসমৰ মুখাৰ স্থান কিছু পৰিমাণে সুকীয়া, এই মুখা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ। সচৰাচৰ প্ৰাকৃতিভাৱে উপলব্ধ কিছুমান সামগ্ৰীৰ দ্বাৰা মুখা নিৰ্মাণ কৰা হয়। সেই সামগ্ৰীবোৰ হ'ল-
- প্রথম প্রয়োজনীয় সামগ্রীটো হ'ল বাঁহ। আঢ়ৈ বা তিনিবছৰবয়সীয়া বাঁহেৰেহে মুখা নিৰ্মাণ কৰা হয়।
- মুখা নিৰ্মাণৰ দ্বিতীয়বিধ প্রয়োজনীয় সামগ্রী হ'ল বেত। | সৰু-বৰ বিভিন্ন ধৰণৰ মুখাৰ বাঁহৰ কাঠিৰ খাঙটো শক্তিশালী। ৰূপত স্থিৰ কৰি ৰাখিবৰ বাবে বাঁহৰ শালি আৰু কামিবোৰ নির্দিষ্ট স্থানত বান্ধিবৰ বাবে বেতৰ প্ৰয়োগ কৰা হয়।
- তৃতীয়বিধ প্রয়োজনীয় সঁজুলি হ'ল কাপোৰ। মুখা প্ৰস্তুত কৰিবলৈ দুই ধৰণৰ কপাহী কাপোৰৰ প্রয়োজন হয় এবিধ মিহিপাতল আৰু আনবিধ ডাঠ আৰু খহতা।
- মুখা নিৰ্মাণৰ চতুর্থবিধ আবিলা হ'ল কাগজ। মুখাৰ চকু নাক, কাণ, জিভা, নখ আদিৰ দৰে অংগসমূহত বাঁহ পৰিৱৰ্তে ডাঠ কাগজ ব্যৱহাৰ কৰিব পাৰি। কাগজৰ মাধ্যমত সজা মুৰাক সাঁচৰ মুখা বোলে।
মুখা নিৰ্মাণৰ পঞ্চমবিধ আহিলা হ'ল কুহিলা। ই হ'ল দ পথৰুৱা অঞ্চল, হোলা আদি ঠাইত জন্ম হোৱা এবিধ সৰু বনৰীয়া উদ্ভিদ। ওজন কমাবৰ বাবে মুখাৰ কিছু অংশত কুহিলাৰ প্ৰয়োগ কৰে। আৰু লগতে আ-অলংকাৰ, কেৰুমণি আদি কুহিলাৰ পৰাই প্ৰস্তুত কৰা হয়।
- মুখা নিৰ্মাণৰ ষষ্ঠবিধ আহিলা হ'ল গোবৰ। মুখা প্ৰস্তুত কৰোঁতে সাজি লোৱা বাঁহৰ কাঠিৰ খাঙটোত চেহেৰা দিয়া কাৰ্যত গোবৰৰ ব্যৱহাৰ কৰা হয়।
- মুখা নিৰ্মাণৰ সপ্তমবিধ আহিলা হ'ল কুমাৰ মাটি। এই মাটি নদীৰ তলৰ অংশত পোৱা যায়। খৰালি কালত নদীৰ পানী শুকাই গ'লে নদী কাষৰীয়া লোকসকলে এই কুমাৰ মাটি সংগ্ৰহ কৰে।
অষ্টমবিধ আহিলা হ'ল- মৰাপাট। মুখাসমূহত চুলি দিবৰ বাবে এই মৰাপাট ব্যৱহাৰ কৰা হয়। মৰাপাটৰ ৰঙটো কলা কৰিবৰ বাবে কেহেৰাজ, শিলিখা, চাহগছৰ ছালত তিয়াই খয়।মুখা নিৰ্মাণৰ নৱম অর্থাৎ অন্তিমটো সামগ্রী হ'ল- ৰং মুখাত ৰং দিবৰ বাবে হেঙুল, হাইতাল আৰু নীলা ৰং প্ৰস্তুত কৰা হয়।
মুখা নির্মাণ পদ্ধতি বা শৈলী:
মুখা প্ৰস্তুত কৰি উলিয়াবলৈ হ'লে আৰম্ভণিৰ পৰা শেষলৈকে মুঠ তিনিটা পর্যায় অতিক্রম কৰিব লাগিব। সেইকেইটা তলত উল্লেখ কৰা হ'ল-
প্রথম পর্যায় :
মুখা প্ৰস্তুত কৰিবলৈ হ'লে পোনপ্রথমে আঢ়ৈ তিনিবছৰ বয়সীয়া বাঁহ মুখাৰ জোখ অনুসৰি টুকুৰা-টুকুৰ কৰি চাৰি-পাঁচ দিনমান পানীত তিয়াই ৰাখিব লাগে আৰু পাছত কাঠি তুলিব লাগে। মুখ মুখাৰ বাবে দুই পাব আৰু ডাঙৰ মুখাৰ কাৰণে তিনি চাৰি পাব জোখাৰে বাঁহবোৰ কাটিব লাগে। বাঁহৰ টুকুৰাবোৰত ঘূণে নধৰিবলৈ পানীত তিয়াই ৰখা হয়। মুখা নিৰ্মাণৰ প্ৰথম কাম 'লখিমী সূত্ৰ ৰে আৰম্ভ কৰি মুখাৰ খাং নিৰ্মাণ কৰা হয় আৰু স্থাওটো সম্পূর্ণ হোৱাৰ পিছত স্থিৰ কৰি ৰাখিবৰ বাবে বাঁহৰ কামি তৈয়াৰ কৰি কিছুমান স্থানত বেত সূতাৰে বন্ধা হয়। ইয়াৰ পিছত কুমাৰ মাটিখিনি বোকা কৰি কপাহী কাপোৰ এখনত সানি কাপোৰখন মুখাৰ খাঙটোৰ ওপৰত লগাই সম্পূৰ্ণকৈ বাঁহৰ কাঠিবোৰ ঢাকি ৰ'দত শুকাবলৈ দিয়া হয়।
দ্বিতীয় পর্যায়:
মুখা নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কুমলীয়া ঘাঁহ খোৱা গৰু পোৱালিৰ গোবৰ লোৱা হয়। এই গোবৰ আৰু কুমাৰ মাটি একেলগ কৰি হাতেৰে মথি জোখৰ হ'লে সুবিধা অনুসৰি হাতেৰে নাইবা বাঁহৰ কৰণিৰে কাপোৰ মেৰিওৱা মুখাৰ খাঙটোৰ ওপৰত মাটি লগাই চেহেৰা দিয়া হয় আৰু শুকাবলৈ ৰ'দত দিয়া হয়। মুখাখন শুকুৱাৰ পাছত তাৰ ওপৰত গোবৰ মাটিৰে মসৃণ চেহেৰা দিয়াৰ পাছত পুনৰ কিছু সময় ৰ'দত আধা শুকাওতে কুমাৰ মাটি লগোৱা কাপোৰখন মুখাৰ ওপৰত লগাই মাটিখিনি ঢাকি দি ৰ'দত আধা শুকাবলৈ দিয়া হয়। আৰু মুখাখান সম্পূৰ্ণকৈ শুকোৱাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ কামৰ অন্ত পৰে।
তৃতীয় পর্যায়:
তৃতীয় পৰ্যায়ত মুখাত ৰং দিয়া কাম আৰম্ভ হয়। ৰং প্ৰস্তুত কৰিবৰ বাবে হেঙুল, হাইতাল, নীল, ধলমাটি আদিব প্রয়োজন হয়। হেঙুলৰ পৰা ৰঙা, হাইতালৰ পৰা হালধীয়া নীলৰ পৰা নীলা আৰু ধল মাটিৰ পৰা বগা ৰং উলিওৱা এই প্রক্রিয়াটো অতীজৰে পৰা চলি আহিছে। আগতে জাতিলাউৰ খোলাটো শুকুৱাই পুৰি তাৰ ছাইৰ পৰা ক'লা ৰং প্ৰস্তুত কৰা হৈছিল। কিন্তু পাছলৈ কেৰাচিন তেলৰ চাকিৰ ধোঁৱাৰ এঙাৰৰ পৰা সেই কলা ৰং তৈয়াৰ কৰা হৈছিল। এইবোৰ ৰঙৰ দ্বাৰাই সৰু ব্ৰাছ আৰু তুলিকাৰে মুখাবোৰত ৰঙেৰে বুলাই দিয়া হয়।মুখাত ৰং সনা কাৰ্য হোৱাৰ পাছত অভ্র চৰোৱা হয়। মুখা জিলিকিবৰ বাবে আৰু লগতে ৰং এৰাই নাযাবৰ বাবে মুখাৰ ওপৰত এবিধ জুলীয়া পদাৰ্থৰ লেপ দিয়া হয়। অভ্র বা বালিচন্দা ধান, ঔটেঙাৰ বীজ অংশৰ পৰা এই জুলীয়া স্বচ্ছ পদার্থবিধ তৈয়াৰ কৰা হয়। এই মিশ্রণটো মিহলাই ৰং কৰা মুখাৰ ওপৰত প্ৰলেপ দি ৰ'দত শুকাবলৈ দিব লাগে আৰু শুকাই যোৱাৰ পিছত মুখখনত এটি জিলিকনিৰ সৃষ্টি হয়।
অর্থনৈতিক স্বাৱলম্বিতাত মুখা শিল্পৰ ভূমিকা:
পৰম্পৰাগতভাৱে চলি অহা মুখা শিল্পক জীয়াই ৰাখিবলৈ আৰু নৱপ্ৰজন্মৰ মাজত জনপ্রিয় কৰি তুলিবলৈ সকলোৱেই প্রচেষ্টা অব্যাহত ৰাখিব লাগিব। ইয়াৰ ফলশ্রুতিতেই ২০০৩ চনত চামগুৰিত সংগীত, নাটক, একাডেমীৰ অধীনত মুখা নির্মাণ কেন্দ্র স্থাপন কৰা হৈছিল। এই কেন্দ্ৰটোৰ যোগেদি বহুতো লোকে মুখা নিৰ্মাণৰ প্ৰশিক্ষণ গ্রহণ কৰিব পাৰিছিল। পুৰণি মুখা পৰম্পৰাৰ সময়ৰ সোঁতত যাতে হেৰাই যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্রয়াত শিল্পী ৰুদ্রকান্ত দেৱগোস্বামীদেৱৰ পুত্ৰ শ্রীহেমচন্দ্র গোস্বামীদেৱে ১৯৮০ চনত শ্রীশ্রী চামগুৰি সত্ৰত 'সুকুমাৰ কলা পীঠ' নামৰ এটি মুখা প্রশিক্ষণ কেন্দ্ৰৰ স্থাপন কৰে। এই কেন্দ্ৰত উদীয়মান যুৱকসকলক প্রশিক্ষণ দিয়া হয় আৰু বহুতো যুৱকে মুখা নির্মাণকে বৃত্তি হিচাপে গ্ৰহণ কৰি জীৱিকাৰ পথ প্রশস্ত কৰিছে।
এনেদৰে গুৰুৰ পৰা প্ৰশিক্ষণ লৈ যুৱকসকলে পৰৱৰ্তী সময়ত নিজাববীয়াকৈ ক্ষুদ্র উদ্যোগ স্থাপন কৰি মুখা নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব পাৰিব আৰু ইয়াৰ সমান্তৰালভাৱে সেই উদ্যোগত আন দহজন যুৱকক প্রশিক্ষণ প্ৰদান কৰি নিযুক্তি দিব লাগে যাতে নিযুক্ত থকা যুৱকসকলে মুখা শিল্পক বৃত্তি হিচাপে লৈ নিজৰ পৰিয়াটোক সুন্দৰকৈ পোহপাল দিব পাৰে। এনে কাৰ্যৰ ফলত ৰাজ্যখনত নিৱনুৱা সমস্যা কিছু পৰিমাণে হ'লেও কমিব। আৰু যুৱ প্ৰজন্ম অর্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে দেশখনেও উন্নতিৰ জখলাত বগাব পাৰিব।
উপসংহাৰ
শ্রীশ্রীচামগুৰি সত্ৰ প্ৰয়াত সত্ৰাধিকাৰ ৰুদ্ৰকান্ত গোস্বামীয়ে তেখেতৰ নেতৃত্বত সত্ৰৰ পৰা এটা সাংস্কৃতিক দল তৈয়াৰ কৰিছিল। এই দলটোৱে সত্ৰীয়া, গীত, নৃত্য-ভাওনাৰ লগতে মুখাৰো অভিনয় কৰি মুখা শিল্পৰ ঐতিহ্যৰ বাহাল ৰখাৰ প্ৰচেষ্টা কৰিছিল। অসমৰ পৰম্পৰাগত এই মুখা শিল্পবিধক জীয়াই ৰাখিবৰ বাবে সকলো ব্যক্তিয়েই এইদৰে প্ৰচেষ্টা চলাব লাগে। মাজুলীৰ সাংস্কৃতিক ঐতিহ্যৰ অন্তৰ্গত এই মুখা শিল্পৰ পৰম্পৰাক উঠি অহা প্ৰজন্মৰ মাত বহুলভাৱে প্ৰচাৰ কৰি দূৰ- দূৰণিলৈ সোঁত প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰিলেহে এই মুখা শিল্পৰ সৌন্দৰ্য ম্লান পৰি নাযাব। অন্যথা এইবিধ শিল্পকলাৰ চৰ্চা নকৰিলে এদিন কালৰ গৰ্ভত ই হেৰাই যাব।
অজন্তা দে
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments