29 July, Wed 2026
support@thecriticalscript.com
Blog image

'মানুহে মানুহৰ বাবে'— বানপীড়িত অসমত অসমবাসীৰ মানৱতাৰ পৰিচয়!

27 Jul,2026 04:18 PM, by: Ankita Gogoi
1 minute read Total views: 17
0 Like 0.0

অসমত এতিয়া বানৰ বিভীষিকা। এইবাৰৰ বান কেৱল পথ-ঘাট, ঘৰ-বাৰী বা খেতি-বাতি উটুৱাই নিয়া নাই। বহু পৰিয়ালে আপোনজনক হেৰুৱাইছে, অসংখ্য লোকৰ মূৰৰ ওপৰত থকা ছাদখনে নোহোৱা হৈ পৰিলে, আৰু নিৰ্বাক জীৱ-জন্তুবোৰেও খাদ্য, আশ্ৰয় আৰু জীৱনৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।

এনে সময়ত মানুহে প্ৰথমে আশা কৰে চৰকাৰৰ পৰা দ্ৰুত উদ্ধাৰ, পৰ্যাপ্ত সাহায্য আৰু দায়িত্বশীল ব্যৱস্থা। কিন্তু বানপীড়িত বহু অঞ্চলৰ বাস্তৱ ছবি আৰু বহু লোকৰ অভিজ্ঞতাই গভীৰ হতাশাৰ সৃষ্টি কৰিছে। বহু পৰিয়াল এতিয়াও খাদ্য, বিশুদ্ধ খোৱাপানী, ঔষধ আৰু নিৰাপদ আশ্ৰয়ৰ বাবে অপেক্ষা কৰি আছে। যি সময়ত চৰকাৰ সকলোতকৈ বেছি সক্ৰিয় হৈ মানুহৰ কাষত থিয় দিব লাগিছিল,  সেই তৎপৰতা আৰু সংবেদনশীলতা পৰ্যাপ্তভাৱে আমি কোনোৱে দেখা পোৱা নাই। এনে দুৰ্যোগৰ সময়ত কেৱল ঘোষণা বা পৰিসংখ্যাই যথেষ্ট নহয়, প্ৰতিজন অসহায় মানুহৰ কাষত সময়মতে উপস্থিত হোৱাটোৱেই চৰকাৰৰ প্ৰকৃত দায়িত্ব।

কিন্তু এই কঠিন সময়ত যিটো দৃশ্যই আটাইতকৈ বেছি মন চুই গৈছে, সেয়া হৈছে—অসমবাসীৰ ঐক্য।কোনো ৰাজনৈতিক পৰিচয় নহয়, কোনো জাতি-ধৰ্মৰ বিভাজন নহয়, কেৱল এজন মানুহে আন এজন মানুহৰ কাষত থিয় দিছে। কোনোবাই খাদ্য লৈ ওলাইছে, কোনোবাই কাপোৰ, কোনোবাই ঔষধ, কোনোবাই উদ্ধাৰ অভিযানত যোগ দিছে। বহুতে নিজৰ সামৰ্থ্য অনুসৰি বানপীড়িত পৰিয়ালসমূহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। খাদ্য সামগ্ৰী, খোৱাপানী, ঔষধ, কাপোৰ আদি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই দীঘলীয়া শাৰী ধৰি ট্ৰাক, গাড়ী আৰু ট্ৰেক্টৰ বানাক্ৰান্ত অঞ্চললৈ ৰাওনা হৈছে।

এই শূন্যস্থান পূৰণ কৰিছে অসমৰ সাধাৰণ মানুহে। নিজৰ সঞ্চয়, নিজৰ সময়, নিজৰ সামৰ্থ্য লৈ হাজাৰ হাজাৰ অসমীয়াই বানপীড়িত লোকৰ কাষত থিয় দিছে। কোনো চৰকাৰী নিৰ্দেশৰ বাবে নহয়, কেৱল মানৱতাৰ খাতিৰত। এই দৃশ্যই পুনৰ এবাৰ সোঁৱৰাই দিলে, অসমৰ আটাইতকৈ ডাঙৰ শক্তি ইয়াৰ মানুহ।এইয়েই হৈছে "মানুহে মানুহৰ বাবে"ৰ প্ৰকৃত অৰ্থ।

আমাৰ জুবিন দাৰ সপোনৰ অসমখন হয়তো এনেকুৱাই আছিল,য'ত বিপদৰ সময়ত সকলো বিভেদ পাহৰি মানুহে মানুহৰ কাষত থিয় দিয়ে। আজি বানপানীৰ এই কঠিন সময়ত সেই সপোন যেন বাস্তৱ ৰূপ লৈছে। প্ৰতিটো সহায়ৰ হাত, প্ৰতিটো উদ্ধাৰ নাও, প্ৰতিটো খাদ্যৰ টোপোলা আৰু প্ৰতিটো সহানুভূতিৰ আঁৰত আমি সেই অসমখনকেই দেখিবলৈ পাইছোঁ।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ঠাইৰ সাধাৰণ নাগৰিক, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন প্ৰতিষ্ঠানে একেলগে আগবাঢ়ি আহি দুৰ্যোগত পৰাসকলৰ কাষত থিয় দিছে। এই সহায় অভিযান অসমবাসীৰ ঐক্য, সহানুভূতি আৰু মানৱতাৰ এক উজ্জ্বল উদাহৰণ। দুৰ্যোগে কেৱল ধ্বংসই নানে, ই এখন সমাজৰ প্ৰকৃত চৰিত্ৰও উদঙাই দিয়ে। আজিৰ অসমে দেখুৱাইছে—মানৱতা এতিয়াও জীয়াই আছে। কিন্তু এটা কথাও পাহৰিব নোৱাৰি যে দুৰ্যোগৰ সময়ত কেৱল জনসাধাৰণৰ সদিচ্ছাৰ ওপৰত সকলো দায়িত্ব এৰি দিব নোৱাৰি। বিপদৰ সময়ত মানুহৰ জীৱন, খাদ্য, চিকিৎসা আৰু পুনৰসংস্থাপনৰ দায়িত্ব মূলতঃ চৰকাৰ আৰু প্ৰশাসনৰ। যেতিয়ালৈকে প্ৰতিজন বানপীড়িত মানুহে প্ৰয়োজনীয় সহায় নাপায়, তেতিয়ালৈকে এই দায়িত্ব সম্পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰি।কিন্তু এই সময়ত দেখা ঐক্য, সহানুভূতি আৰু মানৱতাৰ এই শক্তি কেতিয়াও ম্লান হ'ব নালাগে।কাৰণ এখন ৰাজ্যক কেৱল চৰকাৰেই মহান নকৰে। এখন ৰাজ্য মহান হয় তাৰ মানুহৰ বাবে।প্ৰাকৃতিক দুৰ্যোগে বহু পৰিয়ালক বিপদত পেলালেও, একত্ৰিত প্ৰচেষ্টাই আশাৰ বতৰা কঢ়িয়াই আনিছে। সংকটৰ এই সময়ত মানুহে মানুহৰ বাবে আগবাঢ়ি অহাৰ এই দৃশ্যই সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

আজি অসমে পুনৰ এবাৰ প্ৰমাণ কৰিলে—অসম জীয়াই আছে, কাৰণ "মানুহে মানুহৰ বাবে।"

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.