27 February, Fri 2026
support@thecriticalscript.com
Blog image

হোলিকা আৰু প্ৰহ্লাদৰ লোককথা!

26 Feb,2026 05:32 PM, by: Ankita Gogoi
1 minute read Total views: 22
0 Like 0.0

এসময়ত হিৰণ্যকাশ্যপ নামৰ এজন ৰজা আছিল। আচলতে ই আছিল এটা অসুৰ । তেওঁ ইমানেই অহংকাৰী আছিল যে তেওঁৰ ৰাজ্যৰ সকলোকে কেৱল তেওঁক পূজা কৰিবলৈ আজ্ঞা দিছিল। কিন্তু তেওঁৰ অতি হতাশাৰ কাৰণ হ’ল তেওঁৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ ডাঙৰ ভক্ত আছিল সেইয়ে পিতৃক পূজা কৰিবলৈ অস্বীকাৰ কৰিলে। ভগৱান বিষ্ণুৱে হত্যা কৰা ভায়েকৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বিচাৰিছিল হিৰণ্যকশিপুৱে।গতিকে নিজকে শক্তিশালী কৰিবলৈ তেওঁ বছৰ বছৰ ধৰি তপস্যা কৰিছিল। অৱশেষত তেওঁ বৰ লাভ কৰিছিল। কিন্তু ইয়াৰ বাবেই হিৰণ্যকশিপুৱে নিজকে ভগৱান বুলি গণ্য কৰিবলৈ ধৰিলে আৰু অত্যাচাৰী হৈ উঠিল।

হিৰণ্যকশিপুৱে প্ৰহ্লাদক বাৰে বাৰে বিষ্ণুক পূজা কৰাত বাধা আৰোপ কৰিছিল।প্ৰহ্লাদে কেতিয়াও পিতৃৰ আজ্ঞা পালন নকৰি বিষ্ণু ভগৱানক পূজা কৰি থাকিল। এই কথাত খং উঠি হিৰণ্যকশিপুৱে পুত্ৰক হত্যা কৰাৰ সিদ্ধান্ত ল'লে।হিৰণ্যকাশ্যপে পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ কেইবাটাও উপায় চেষ্টা কৰিছিল যদিও ভগৱান বিষ্ণুৱে প্ৰতিবাৰেই তেওঁক ৰক্ষা কৰিছিল। শেষত তেওঁ ভনীয়েক হোলিকাক প্ৰহ্লাদক কোলাত লৈ জ্বলি থকা জুইত প্ৰৱেশ কৰিবলৈ ক’লে। কাৰণ, হিৰণ্যকাশ্যপে জানিছিল যে হোলিকাৰ এটা বৰ আছে, যাৰ দ্বাৰা, তাই অক্ষত অৱস্থাত জুইত প্ৰৱেশ কৰিব পাৰে আৰু কেতিয়াও জুইয়ে নুপূৰে।

বিশ্বাসঘাতকতাৰে হোলিকাই সৰু প্ৰহ্লাদক কোলাত বহিবলৈ প্ৰলোভিত কৰি নিজেই জ্বলি থকা জুইত বহিলে।‌কিন্তু হোলিকাৰ কোলাত বহি প্ৰহ্লাদে ভগৱান বিষ্ণুৰ নাম জপ কৰি থাকিল আৰু তেওঁৰ প্ৰাণ ৰক্ষা পৰিল।বিশেষ বৰ থকা সত্ত্বেও হোলিকা জ্বলি ছাই হৈ গ'ল। হোলিকাৰ এই দহন অশুভ শক্তিৰ ধ্বংসৰ প্ৰতীক বুলি মনা হয়। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা কৰে।

প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত এদিন হ'লেও মানুহে হোলিকাক স্মৰণ কৰিব। জানিব পৰা মতে এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে। সেয়ে বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়।এই কাহিনী ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান শ্রীকৃষ্ণৰ সময়ৰ পৰাই আৰম্ভ হৈছে। বিশ্বাস কৰা হয় যে ভগৱান শ্রীকৃষ্ণই প্ৰথমে ৰঙেৰে হোলী উদযাপন কৰিছিল।

ভাৰতৰ কেইবাখনো ৰাজ্যত বিশেষকৈ উত্তৰ ভাৰতত হোলিকাৰ প্ৰতিমূৰ্তি বিশাল অগ্নিকুণ্ডত জ্বলোৱা হয়।গুজৰাট আৰু উৰিষ্যাতো হোলিকা জ্বলোৱাৰ ৰীতি অতি ভক্তিৰে পালন কৰা হয়। তদুপৰি হোলীৰ অন্তিম দিনটোত মানুহে হোলিকাৰ পৰা সামান্য পৰিমাণৰ জুই নিজৰ ঘৰলৈ লৈ যায়। এই নিয়ম পালন কৰিলে তেওঁলোকৰ ঘৰ-দুৱাৰ শুদ্ধ হ’ব আৰু শৰীৰ ৰোগ-ৰোগমুক্ত হৈ থাকিব বুলি বিশ্বাস কৰা হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.