16 October, Wed 2024
support@thecriticalscript.com
Blog image

জানো আহক মা দূৰ্গাক কি কি ৯ টা ৰূপত পূজা-অৰ্চনা কৰা হয়!

08 Oct,2024 05:58 PM, by: Ankita Gogoi
1 minute read Total views: 100
0 Like 0.0

নৱ দুৰ্গা হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়। প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়। দুৰ্গা মাৰ ৯টা ৰূপক ৯ দিন পূজা কৰা হয়। দুৰ্গা মাৰ এই ৰূপসমূহ কি কি আৰু তাৰ মহত্বৰ বিষয়ে জানো আহক।

শৈলপুত্ৰী:

দেৱী দুৰ্গাৰে এক ৰূপ।শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁ হৈছে নৱদুৰ্গাৰ প্ৰথমগৰাকী আৰু নৱৰাত্ৰিৰ প্ৰথমদিনাই তেওঁৰ উপাসনা কৰা হয়। তেওঁ আছিল পৰ্বতৰাজ হিমৱান আৰু তেওঁৰ পত্নী মৈনিকা বা মেনাৱতীৰ জীয়ৰী। শিৱ পুৰাণ আৰু কালিকা পুৰাণৰ মতে দেহৰ শ্যামবৰণৰ বাবে জন্মতে শৈলপুত্ৰীৰ নাম ৰখা হৈছিল কালী।

ব্ৰহ্মচাৰিণী

আনহাতে, দুৰ্গা মাৰ দ্বিতীয়টো ৰূপ হৈছে ব্ৰহ্মচাৰিণী। ব্ৰহ্মচাৰিণী অৰ্থাৎ যেতিয়া তেওঁ তপস্যাৰ জৰিয়তে শিৱক বিচাৰি পাইছিল। শিৱৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ একমাত্ৰ ইচ্ছা আছিল তেওঁৰ।

চন্দ্ৰঘন্টা

তৃতীয়টো ৰূপ হৈছে চন্দ্ৰঘন্টা।  মূৰত চন্দ্ৰ আকৃতিৰ তিলক থকা বাবে দেৱী মাৰ তৃতীয়টো ৰূপক চন্দ্ৰঘন্টা বুলি কোৱা হয়। আনহাতে, চতুৰ্থ ৰূপটো হ'ল কুশমাণ্ডা। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ শক্তি অৰ্জন কৰাৰ বাবে তেওঁক কুশমাণ্ডা বুলি কোৱা হৈছিল। প্ৰতিগৰাকী মহিলাই এগৰাকী জন্মদাতা মহিলা। প্ৰত্যেক মহিলাৰ পেটত বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰাৰ শক্তি আছে। সেইবাবে তেওঁৰ চতুৰ্থটো ৰূপক কুশমাণ্ডা বুলি কোৱা হয় ।

কুষ্মাণ্ডা 

কুষ্মাণ্ডা হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী। কালীকুল প্ৰথাৰ অনুগামীসকলে তেওঁক দুৰ্গাৰ চতুৰ্থ ৰূপ হিচাপে গণ্য কৰে। 'কু', 'উষ্ম' আৰু 'অণ্ড' - এই তিনিটা শব্দৰে তেওঁৰ নামটো গঠিত হৈছে যাৰ অৰ্থ হ'ল যথাক্ৰমে সামান্য উষ্ম অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড।নৱৰাত্ৰিৰ চতুৰ্থ দিনটোত কুষ্মাণ্ডাৰ আৰাধনা কৰা হয়। তেওঁ স্বাস্থ্য, সম্পত্তি আৰু শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস আছে।আঠখন হাত থকাৰ বাবে দেৱী কুষ্মাণ্ডা অষ্টভূজা দেৱী বুলিও আখ্যা দিয়া হয়। তেওঁৰ জপমালাত সকলো সিদ্ধি আৰু নিধি প্ৰদানৰ শক্তি আছে বুলি কোৱা হয়।কুষ্মাণ্ডাই কোমোৰাৰ বলি গ্ৰহণ কৰে।

মা কাত্যায়নী :

মা দুর্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ'ল, "কাত্যায়নী”। কাত্যয়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ। তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ। কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়। দেৱী কাত্যায়নীক চতুর্ভুজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্রায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰাধা আৰু ৰুক্মিণীয়ে উপযুক্ত বৰ লাভৰ অৰ্থে দেৱী কাত্যায়নীৰ উপাসনা কৰিছিল।শক্তি পন্থাৰ মতে, কাত্যায়নী শক্তি বা দুৰ্গাৰ ৰুদ্ৰৰূপ ভদ্রকালী আৰু চণ্ডিকাৰ সৈতে জড়িত।

স্কন্দমাতা:

স্কন্দমাতা হৈছে হিন্দু দেৱী পাৰ্বতীৰ পঞ্চম ৰূপ। তেওঁৰ নামটো 'স্কন্দ'ৰ পৰা আহিছে। যুদ্ধদেৱতা কাৰ্তিকৰ ই এক বিকল্প নাম, আৰু মাতা শব্দৰ অৰ্থ মাতৃ। নৱদুৰ্গাৰ এগৰাকী হিচাপে নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা অনুষ্ঠিত হয়। দেৱীৰ অৱস্থান বিশুদ্ধ চক্ৰ।

কালৰাত্ৰি:

নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।

মহাগৌৰী:

পাৰ্বতীৰ অষ্টম অৱতাৰ আৰু নৱদুৰ্গাসকলৰ অন্যতম। নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়। হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে। যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়। মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয়। দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে।

সিদ্ধিদাত্ৰী

দেৱীৰ ৯ টা ৰূপ অন্তিম অৰ্থাৎ নৱমটো ৰূপ হৈছে সিদ্ধিদাত্ৰী। মা দুৰ্গাক উপসনা কৰা ভক্তক সকলো ধৰণৰ সফলতা প্ৰদান কৰা হয় বাবে  তেওঁক সিদ্ধিদাত্ৰী বুলি কোৱা হয়। শাৰদীয় দুৰ্গা পূজাৰ নৱম দিনা সিদ্ধিদাত্ৰীৰ ৰূপত ’মা’ৰ উপাসনা কৰা হয় ৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.