06 August, Wed 2025
support@thecriticalscript.com
Blog image

কাৰেঙৰ লিগিৰী

25 Jul,2025 06:10 PM, by: Ankita Gogoi
1 minute read Total views: 108
0 Like 0.0

কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা-জীৱনৰ দ্বিতীয়খন উল্লেখযোগ্য নাটক। তেখেতে ১৯২৫ চনত এই নাটকখন লিখিবলৈ আৰম্ভ কৰে আৰু ইংলেণ্ডত অধ্যয়নকাৰী অৱস্থাত প্ৰায় ১৯২৭ চনত ইয়াক সম্পূৰ্ণ ৰূপ দিয়ে। নাটকখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায় ১৯৩৭ চনত।  উল্লেখ কৰিছে যে নাটকখনৰ মূল ৰূপৰেখা প্ৰায় ১০ বছৰ আগতেই গঢ় লৈ উঠিছিল।এই নাটকখন বুৰঞ্জীমূলক নাটকৰ ৰূপত গঢ়া হলেও ইয়াৰ কাহিনী সম্পূৰ্ণৰূপে কাল্পনিক। অসম বুৰঞ্জীৰ আহোম যুগৰ পটভূমি লৈ ৰচিত এই নাটকখনৰ মুখ্য আখ্যান পাঁচখন অঙ্কত বিভক্ত। প্ৰতিটো অঙ্কৰ ভিতৰত কাহিনী আৰু দৃশ্যপটৰ পৰিৱৰ্তন বুজাবৰ বাবে প্ৰথম দৰ্শন, দ্বিতীয় দৰ্শন আদি ৰূপত পৃথক দৰ্শন শৃংখলাৰ ব্যৱস্থা কৰা হৈছে।

নাটকখনৰ কাহিনী মূলত প্ৰেমৰ ওপৰত আধাৰিত। প্ৰেমক কেন্দ্ৰ কৰি উত্থান হোৱা সামাজিক সংকট, পৰম্পৰা-প্ৰচলিত ধাৰাৰ লগত সংঘাত আৰু মানসিক দ্বন্দ্বই ইয়াক এক বিয়োগান্তক পৰিসমাপ্তিত লৈ গৈছে। ইয়াৰ দ্বাৰা সমাজৰ কিছুমান জটিল মানসিক আৰু সামাজিক সমস্যাৰ সূক্ষ্ম দিশবোৰ নাট্যকাৰে প্ৰতিফলিত কৰিছে।

কাৰেঙৰ লিগিৰীত মুখ্য আৰু গৌণ মিলাই একুৰিতকৈ অধিক চৰিত্ৰ আছে। প্ৰত্যেক চৰিত্ৰৰ নিজস্ব বৈশিষ্ট্য আৰু মনোভাৱ আছে। নায়ক সুন্দৰ কোঁৱৰ হৈছে এটা দৃঢ়চেতা আৰু আত্মসচেতন ব্যক্তি, যিজনে নতুন চিন্তা আৰু আধুনিকতাৰ প্ৰতিনিধিত্ব কৰে। তাৰ বিপৰীতে ৰাজমাও হৈছে সামাজিক পৰম্পৰা, নীতি আৰু ঐতিহ্যৰ প্ৰতিনিধি। অনঙ্গৰামৰ চৰিত্ৰটো বেছি আবেগিক আৰু ব্যক্তিগত অনুভৱৰ লগত যুক্ত। কাঞ্চনমতী এটা সৰল আৰু গৃহিণীসুলভ চৰিত্ৰ, যিয়ে পৰিয়ালৰ শান্তি আৰু সমন্বয়ক প্ৰাধান্য দিয়ে। নায়িকা শেৱালীয়ে প্রেমৰ বাবে নিৰৱে যন্ত্রণা সহ্য কৰিছে আৰু শেষত সেই প্রেমৰ বাবেই মৃত্যুক সাৱতি লয়।

ইয়াৰ উপৰিও নাটকখনত সুদৰ্শন, বপুৰা, ৰেৱতী, সেউজী, বুঢ়াগোহাঁয়নী, ৰুণুক, জুনুক, ঠুনুক, চাওদাং আৰু সৈন্য আদি বিভিন্ন চৰিত্ৰে মূল কাহিনীভাগক আগবঢ়াই লৈ গৈ নাট্যগতিৰ সুষমতা বজাই ৰাখিছে। নাট্যকাৰে প্ৰতিটো চৰিত্ৰক যথেষ্ট গভীৰতাৰে চিত্ৰায়ণ কৰিছে, যাৰ ফলত নাটকখনৰ গঠন আৰু নাট্যপট এক সমৃদ্ধ আৰু জীবন্ত ৰূপ লাভ কৰিছে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.