21 November, Thu 2024
support@thecriticalscript.com
Blog image

জাহ্নু বৰুৱা : অসম তথা সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটি সন্মানীয় নাম

24 Sep,2024 05:43 PM, by: Ankita Gogoi
1 minute read Total views: 454
1 Likes 5.0

জাহ্নু বৰুৱা এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম৷ যি ১২ বাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেখেতৰ চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বৰ্তমানলৈকে বহুতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ ১৯৫২ চনত শিৱসাগৰ জিলাত তেওঁ জন্মগ্ৰহণ কৰিছিল। ৯৭ সংখ্যক অস্কাৰত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশৰ সিদ্ধান্ত লোৱা জুৰীৰ নেতৃত্বত থকা  চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাইয়ে লাপাতা লেডিজৰ নাম বাছনি কৰে। জাহ্নু বৰুৱা বাস্তৱ জীৱনৰ ছবি প্ৰতিফলিত তথা সামাজিক গুৰুত্ব থকা চলচ্চিত্ৰ নিৰ্মাণ কৰা এগৰাকী চিনাকি পৰিচালক৷ তেখেতে ২০০৩ চনত পদ্মশ্ৰী, ২০০৪ চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, ২০১২ চনত ভূপেন হাজৰিকা বঁটা৷ ২০১৫ চনত পদ্মভূষণ বঁটাৰে সন্মানিত হয়৷ ইয়াৰোপৰি তেওঁ “Indian Film Directors' Association”( ১৯৯৩ )-ৰ অধ্যক্ষৰ পদো অলংকৃত কৰিছিল৷


তেওঁৰ পৰিচালিত কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ’ল “অপৰূপা”, “হালধীয়া চৰায়ে বাওধান খায়”(১৯৮৭), “সাগৰলৈ বহু দূৰ”(১৯৯৫), “ফিৰিঙতি”(১৯৯২), “মেইনে গান্ধী কো নেহী মাৰা”(২০০৫), “কণিকাৰ ৰামধেনু”(২০০৩), “বান্ধোন”( ২০১২) , “অজেয়”(২০১৪), “পাখী”, “তৰা”, “ভগা খিৰিকী” ইত্যাদি৷ জাহ্নু বৰুৱাদেৱে অসমীয়াৰ লগতে হিন্দী ভাষাতো কুৰিখনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

তেওঁ নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্র হ'ল 'অপৰূপা'। ১৯৮২ চনত নিৰ্মাণ কৰা এই চিনেমাখনে শ্রেষ্ঠ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰি শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে ভাৰতীয় পেন'ৰামালৈও নির্বাচিত হয়। তেওঁৰ অন্য এখন চলচ্চিত্র হ'ল 'পাপৰি' (১৯৮৬)। 


‘বনানি’ ছবিখন নিৰ্মাণৰ আগত জাহ্নু বৰুৱাক লগ পাওতে তেওঁ কৈছিল যে অসমৰ বনাঞ্চলত চলি থকা ধ্বংসলীলাই তেওঁক এই ছবি নিৰ্মাণৰ বাবে অনুপেৰণা যোইছিল। স্বাভাবিকতেই এখন ছবিৰ বাবে এই বিষয়টো অতি সংবেদনশীল। বক্তব্য প্ৰধান এই ছবিখনত পৰিচালকে ঘোষিত বক্তব্য স্পষ্ট আৰু পোনপটীয়া ৰূপত দৰ্শকক স্পৰ্শ কৰিব পৰাকৈ উত্থাপিত কৰিব পাৰিছে।

আন্তর্জাতিক খ্যাতিসম্পন্ন ভাৰতীয় চিনেমা পৰিচালক জাহ্নু বৰুৱাদেৱে অসমীয়াৰ লগতে হিন্দী ভাষাতো কুৰিখনৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমীয়া আৰু ভাৰতীয় চলচ্চিত্র জগতলৈ উল্লেখনীয় অৱদান আগ বঢ়াইছে।

এইদৰে জাহ্নু বৰুৱাৰ ছবিসমূহত সমাজৰ বিভিন্ন দিশৰ চিত্ৰণ, নাৰী, শিশু, চহা জীৱনৰ মনস্তত্ত্ব প্ৰতিফলিত হোৱা দেখা যায়৷ কেইবাখনো মনোৰম বাস্তৱজীৱনৰ ছবি থকা বৰুৱাৰ চলচ্চিত্ৰসমূহ অসমীয়া আৰু ভাৰতীয় চলচ্চিত্ৰ জগতলৈ এক অন্যতম অৱদান৷ 

'হালধীয়া চৰায়ে বাওধান খায়' (১৯৮৭) তেওঁৰ আন এখন উল্লেখযোগ্য চলচ্চিত্র। এইখন চলচ্চিত্রই শ্রেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা, স্বর্ণকমল বঁটা লাভ কৰাৰ উপৰি লোকার্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, এমিয়েন চলচ্চিত্র মহোৎসৱতো প্রদর্শিত হৈ কেইবাটাও বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়। এইখন ছবিও ভাৰতীয় পেন'ৰামালৈ নিৰ্বাচিত হৈছিল।


জাহ্নু বৰুৱাৰ ছবিসমূহত সমাজৰ বিভিন্ন দিশৰ চিত্ৰণ, নাৰী, শিশু, চহা জীৱনৰ মনস্তত্ত্ব প্ৰতিফলিত হোৱা দেখা যায়৷ কেইবাখনো মনোৰম বাস্তৱজীৱনৰ ছবি থকা বৰুৱাৰ চলচ্চিত্ৰসমূহ অসমীয়া আৰু ভাৰতীয় চলচ্চিত্ৰ জগতলৈ এক অন্যতম অৱদান৷


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.