20 May, Wed 2026
support@thecriticalscript.com
Blog image

IEA (ইণ্টাৰনেচনেল এনাৰ্জী এজেন্সী)য়ে বিশ্বৰ তেলৰ যোগানক লৈ প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ ৰিপ’ৰ্ট !

19 May,2026 06:08 PM, by: Ankita Gogoi
1 minute read Total views: 21
0 Like 0.0

IEA (ইণ্টাৰনেচনেল এনাৰ্জী এজেন্সী)য়ে বিশ্বৰ তেলৰ যোগানক লৈ এক গুৰুত্বপূৰ্ণ ৰিপ’ৰ্ট প্ৰকাশ কৰিছে।  সংস্থাটোৰ মতে, বিশ্বজুৰি, বাণিজ্যিক তেলৰ মজুত দ্ৰুতগতিত কমি গৈছে। IEAৰ প্ৰধান ফাতিহ বিৰোলে জনাইছে, যুদ্ধ পৰিস্থিতি আৰু হৰমুজ প্ৰণালীৰে জাহাজ চলাচল ব্যাহত হোৱাৰ বাবে বিশ্বজুৰি তেলৰ সৰবৰাহত ডাঙৰ প্ৰভাৱ পৰিছে।বৰ্তমান মাত্ৰ কেইটামান সপ্তাহৰ ষ্টকহে বাকী আছে।ফলত আন্তৰ্জাতিক বজাৰত ব্যাপক চাপ সৃষ্টি হৈছে।

পেৰিচত অনুষ্ঠিত G-7 দেশসমূহৰ বিত্তমন্ত্ৰীসকলৰ বৈঠকত উপস্থিত IEAৰ কাৰ্যনিৰ্বাহী পৰিচালক ফাতিহ বিৰোলে জনায়, জৰুৰীকালীন পৰিস্থিতি চম্ভালিবলৈ প্ৰতিদিনে মজুত থকা ভাণ্ডাৰৰ পৰা প্ৰায় ২৫ লাখ বেৰেল তেল বজাৰত মুকলি কৰি দিয়া হৈছে। যদিও এই ষ্টক সীমিত।মাৰ্চ আৰু এপ্ৰিল মাহত বিশ্বজুৰি তেলৰ মজুত ৰেকৰ্ড গতিত কমিছে। মাত্ৰ দুমাহত ২৪.৬ কোটি বেৰেল তেলৰ ৰিজাৰ্ভ কমি গৈছে। লগতে বিগত সপ্তাহত সংস্থাটোৱে জনাইছিল যে মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বাবে এই বছৰ বিশ্বজুৰি তেলৰ সৰবৰাহ চাহিদাৰ তুলনাত কম থাকিব পাৰে।

২০১৯-২০ চনৰ চৰকাৰী অনুমান অনুসৰি, ভাৰতৰ কৌশলগত তেল ভাণ্ডাৰে দেশৰ প্ৰয়োজনীয় অপৰিশোধিত তেলৰ চাহিদা প্ৰায় ৯.৫ দিন পৰ্যন্ত দূৰ কৰিবলৈ সক্ষম। অৱশ্যে চৰকাৰৰ দাবী, এই কৌশলগত ভাণ্ডাৰ জৰুৰী পৰিস্থিতিৰ বাবে সংৰক্ষিত।চৰকাৰে দাবী জনাইছে যে, জৰুৰী পৰিস্থিতিৰ বাবে সংৰক্ষিত।আনহাতে, তেল বিপণনকাৰী সংস্থাসমূহেও পৃথককৈ নিজস্ব মজুত ৰাখে, যিয়ে প্ৰায় ৬৪.৫ দিনৰ চাহিদা পূৰণ কৰিব পাৰে। এই সকলো মিলাই ভাৰতৰ হাতত বৰ্তমান মুঠ প্ৰায় ৭৪ দিনৰ তেলৰ ষ্টক আছে। মাণিকন্ট্ৰ’লৰ ৰিপ’র্ট অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ১২ মে’ত জনাইছে যে বিশ্বজুৰি উত্তেজনা আৰু অনিশ্চয়তাৰ মাজত ভাৰতত LPG আৰু অন্যান্য ইন্ধনৰ সৰবৰাহ সম্পূৰ্ণৰূপে নিৰাপদ আছে।বৰ্তমান ভাৰতৰ হাতত প্ৰায় ৬০ দিনৰ প্ৰাকৃতিক গেছ আৰু প্ৰায় ৪৫ দিনৰ এলপিজিৰ ষ্টক আছে। 

কিন্তু দেশত এতিয়া নিতৌ বৃদ্ধি পোৱা খাদ্য সামগ্ৰী, ৰন্ধন গেছ আৰু ইন্ধনৰ মূল্যই এক জটিল সমস্যাৰ সৃষ্টি কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ বাবে দৈনিক প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাটো এতিয়া অত্যন্ত কষ্টকৰ হৈ পৰিছে। চাউল, দাইল, শাক-পাচলিৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰ্য প্ৰায় সকলো সামগ্ৰীৰ দামেই এতিয়া আকাশলংঘী। মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালৰ মাহেকীয়া বাজেটত ই ব্যাপক প্ৰভাৱ পেলাইছে। ৰন্ধন গেছ আৰু ইন্ধনৰ নাটনিৰন্ধন গেছ (LPG), পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়েও জনতাক জুৰুলা কৰিছে। ইয়াৰ ফলত পৰিবহণ খৰচ বৃদ্ধি পোৱাৰ লগতে সামগ্ৰিকভাৱে বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি পাইছে।


তথ্য সংগৃহীত



Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.