25 April, Fri 2025
support@thecriticalscript.com
Blog image

পাকিস্তানে কৰিব পানীৰ বাবে হাহাকাৰ, নাপাব ভিছা ভাৰতৰ এই সিদ্ধান্তৰ বাবে পাকিস্তানী নাগৰিকৰ ওপৰত কি প্ৰভাৱ পৰিব জানি লওক

24 Apr,2025 06:14 PM, by: Ankita Gogoi
1 minute read Total views: 69
0 Like 0.0

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত চিচিএছৰ বৈঠকৰ পিছতে লোৱা হৈছে ৫টা ডাঙৰ সিদ্ধান্ত। বৈদেশিক মন্ত্ৰালয়ে কয় যে সীমান্তৰ সিপাৰৰ পৰা ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ৰচনা কৰা ষড়যন্ত্ৰ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ভাৰত চৰকাৰে সিন্ধু জল সন্ধি ভংগ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ সমান্তৰালকৈ পাকিস্তানী নাগৰিকক ভিছা নিষিদ্ধ কৰাৰ দৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰৰ এই সিদ্ধান্তই পাকিস্তানত কি প্ৰভাৱ পেলাব জানো আহঁক।


আটাৰী সীমান্ত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত।

স্থগিত কৰা হৈছে সিন্ধু জলচুক্তি। ভাৰতত থকা পাকিস্তানী দূতাবাস বন্ধৰ সিদ্ধান্ত।

পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত থকা বিষয়াৰ সংখ্যা ৫৫ জনৰ পৰা ৩০জনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত। বাকী বিষয়াসকলক শীঘ্ৰে স্বদেশলৈ উভতি অহাৰ নিৰ্দেশ।

পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰিছে ভাৰত চৰকাৰে।SAARCৰ অধীনত পাক নাগৰিকে নাপাব ভাৰতীয় ভিছা।

নতুন দিল্লীত থকা পাক উচ্চায়ুক্তৰ কাৰ্যালয়ত নিয়োজিত স্থল সেনা, বায়ুসেনা, নৌসেনাৰে জড়িত বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ।


১৯৬০ চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত সিন্ধু জল সন্ধি বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তই পাকিস্তানত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। এই চুক্তিৰ অধীনত পাকিস্তানে পশ্চিমৰ তিনিখন নদী চেনাব, ঝেলুম আৰু সিন্ধুৰ সমগ্ৰ পানী লাভ কৰে। একে সময়তে ভাৰতে চুতলেজ, বিয়াছ আৰু ৰবি নদীৰ পৰা পানী লাভ কৰে। চুক্তি বাতিল কৰি পাকিস্তানে নাপাব চেনাব, ঝেলুম আৰু সিন্ধু নদীৰ পানী। পাকিস্তানত পঞ্জাৱ আৰু সিন্ধ প্ৰদেশৰ জনসাধাৰণ কৃষি আৰু অন্যান্য প্ৰয়োজনৰ বাবে এই নদীৰ পানীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। চুক্তি বাতিল হ’লে এই দুয়োখন প্ৰদেশ পানীৰ বাবে হাহাকাৰ কৰিব, যিয়ে পাকিস্তানৰ অৰ্থনীতিত ডাঙৰ আঘাত দিব পাৰে।


পাকিস্তানী নাগৰিকক ভিছা প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰি ভাৰতে দ্বিতীয়টো বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত চৰকাৰে আৰু পাকিস্তানী নাগৰিকক ভিছা প্ৰদান নকৰে। ইয়াৰ প্ৰভাৱ পৰিব যিসকল পাকিস্তানী ৰোগীয়ে বৃহৎ সংখ্যক চিকিৎসাৰ বাবে ভাৰতলৈ আহে। দৰাচলতে যোৱা কেইবছৰমানৰ পৰা ভাৰতে এক প্ৰধান চিকিৎসা গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু পাকিস্তানকে ধৰি বহু দেশৰ লোকে চিকিৎসাৰ বাবে ভাৰতলৈ আহে। এটা পৰিসংখ্যা অনুসৰি ২০১৫-১৬ চনত ভাৰতে ৫৪খন দেশৰ প্ৰায় দুই লাখ নাগৰিকক মেডিকেল ভিছা প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত বৃহৎ সংখ্যক পাকিস্তানীও অন্তৰ্ভুক্ত হৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৫-১৬ চনত প্রতিমাহে প্রায় ১৬৬ জন পাকিস্তানী নাগৰিকে চিকিৎসাৰ বাবে ভাৰতলৈ গৈছিল৷ কিন্তু ২০১৭ চনত মেডিকেল ভিছাৰ নিয়ম কটকটীয়া কৰা হৈছিল।এতিয়া ভাৰতে পাকিস্তানী নাগৰিকক ভিছা প্ৰদান নকৰে। ইতিমধ্যে ভাৰতত চিকিৎসাধীন হৈ থকা পাকিস্তানী ৰোগীসকলৰ বাবেও এই সিদ্ধান্তই এক জোকাৰণিৰ সৃষ্টি কৰিব পাৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.