21 January, Tue 2025
support@thecriticalscript.com
Blog image

'শ্বহীদ গমধৰ কোঁৱৰ' অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ মাজৰ এজন!

24 Oct,2024 05:26 PM, by: Ankita Gogoi
1 minute read Total views: 161
0 Like 0.0

শ্বহীদ  গমধৰ কোঁৱৰ অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ আৰু মাতৃৰ নাম আছিল জুটুলী। গমধৰ কোঁৱৰৰ জন্ম হৈছিল ১৮০৭  চনত উজনি অসমৰ লাকুৱাত । 

১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল । ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল । আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব । কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবে ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে । ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম ।

গমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায় । কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ জেললৈ প্ৰেৰণ কৰে। কিন্তু বেমাৰৰ বাবে তেওঁক ৭ বছৰ কাৰাবাসৰ পিছত নিজৰ জন্মভূমিলৈ উভতাই পঠোৱা হয়।ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ প্ৰথমজন স্বাধীনতা সংগ্ৰামী ।১৮২৮ চনৰ আৰম্ভনিতে গমধৰ কোঁৱৰ ব্ৰহ্মদেশৰ পৰা আহি উজনি অসমত উপস্থিত হয়। আচলতে ব্রিটিছে অসম দখল কৰাৰ পিছত প্রায় ১৮২৭ চনৰ পৰাই ব্রিটিছ বিৰােধী আন্দোলনৰ সূচনা হয়। গমধৰ কোঁৱৰে নিজকে আহোম স্বৰ্গদেউ বুলি ঘোষণা কৰি উজনি অসমৰ লোক সকলক তেওঁৰ বিদ্ৰোহত যোগ দিবলৈ আহ্বান জনায় ।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.