
'ৰংঘৰ'
অসমৰ স্বৰ্ণ যুগৰ অন্যতম জীৱন্ত নিদৰ্শন ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন (৮৮ ফুট দীঘল আৰু ৩৬.৫ ফুট বহল) হিচাপে গণ্য কৰা হয়। শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত এই ঐতিহ্যমণ্ডিত গৃহটো অৱস্থিত। ৰংঘৰ পোন প্ৰথমে ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল কিন্তু পিছলৈ আহোম সাম্ৰাজ্যৰ প্ৰসিদ্ধ ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত দুতৰপীয়া ৰংঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হয়। ই দেখিবলৈ ঠিক হাঁহ কণীৰ নিচিনা।
ৰংঘৰৰ নিৰ্মাণত ইছলামিক স্থাপত্যৰ প্ৰভাৱ আছে। অৱশ্যে আহোম শৈলীৰ প্ৰভাৱো কিছু পৰিমানে আছে। ইয়াৰ মূল ভাগ চতুৰ্ভূজ আকৃতিৰ লগতে দুটা মূৰ বিস্তাৰিত কৰি টেপ্ৰজিয়ামৰ আকাৰত গঠন কৰা হৈছিল। থুলমূলভাৱে ক'বলৈ গ'লে ই অষ্টভুজৰ আকাৰ লৈছে। চূড়াত নিৰ্মিত আহোম ড্ৰেগন ঙি ঙাও খামে ৰংঘৰক বিশেষ সৌন্দৰ্য্য প্ৰদান কৰিছে।
ৰংঘৰৰ নিৰ্মাণ কাৰ্য্যত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটি মাহৰ লগতে অন্যান্য সামগ্ৰী মিশ্ৰণ কৰি চিমেণ্ট প্ৰস্তুত কৰিছিল। আৰু মাটিৰে তৈয়াৰী ইটা ব্যৱহাৰ কৰিছিল। ইয়াত কোনোধৰণৰ ধাতু ব্যৱহাৰ কৰা হোৱা নাছিল। ৰংঘৰৰ বেৰত দেৱ-দেৱী, জীৱ-জন্তুৰ বিভিন্ন চিত্ৰ অংকন কৰা আছে, যিয়ে ৰংঘৰক অন্য এক সৌন্দৰ্য্যৰ মাত্ৰা প্ৰদান কৰিছে।
ৰংঘৰৰ সৈতে বিহুৰ সুগভীৰ সম্পৰ্ক আছে। আহোম সাম্ৰাজ্যৰ ৰাজত্বকালত ৰংঘৰত বিভিন্ন অনুষ্ঠান, খেলধেমালিৰ লগতে বিহুক আদিকৰি অন্যান্য উৎসৱ অনুষ্ঠিত কৰিছিল। উল্লেখযোগ্য যে ৰঙালী বিহুৰ সময়ত ৰজাসকলে এই সৌধৰ পৰা বিহুৰ নান্দনিক সৌন্দৰ্য্য উপভোগ কৰিছিল। সেই সময়ত বিহুৰ অন্যতম অংশ হস্তী যুঁজ, ম’হ যুঁজ, শেন যুঁজ, পহু চিগাৰ লগতে অন্যান্য খেলসমূহ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল। কৃষিৰ লগত সংগতি ৰাখি কৃষকসকলৰ প্ৰাণ স্বৰূপ কৃষিবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰিছিল। এতিয়াও ৰংঘৰৰ চৌহদত প্ৰতিবছৰে ৰঙালী বিহু উদযাপন কৰা হয়।
ৰংঘৰ অসমৰ অন্যতম প্ৰসিদ্ধ পৰ্যটনক্ষেত্ৰ। বৰ্তমানো দেশ-বিদেশৰ পৰা বহুত পৰ্যটকে ৰংঘৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে। অসমৰ পৰ্যটনস্থলসমূহ চৰকাৰে ভালদৰে পৰিচালনাৰ দায়িত্ব ললে হয়তো বিশ্বঐতিহ্য ক্ষেত্ৰত আমাৰ অসমৰ স্থান আৰু ওপৰত হ'ব বুলি বিশ্বাস। এই ক্ষেত্ৰত চৰকাৰে সু পৰিকল্পনাৰে কাৰ্য্যব্যৱস্থা হাতত লৈ আগবঢ়া উচিত। অৱশ্যে শেহতীয়াকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰংঘৰক নতুনকৈ উপস্থাপন কৰাৰ বাবে ৰংঘৰৰ ভূমি পূজন প্ৰকল্পৰ শুভাৰম্ভনি কৰে।
শেৱালী দেৱী
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments