09 December, Mon 2024
support@thecriticalscript.com
Blog image

ঐতিহাসিক ক্ষণ চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

26 Jul,2024 11:41 AM, by: Ankita Gogoi
1 minute read Total views: 421
0 Like 0.0

অসমৰ বাবে এক ঐতিহাসিক দিন। বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিলে অসমৰ আহোম ৰাজত্বৰ ঐতিহাসিক চৰাইদেউ মৈদাম। নতুন দিল্লীত আনুষ্ঠানিক ঘোষণা UNESCOৰ। ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।সমগ্ৰ দেশৰ ৫২ টা সাম্ভাব্য স্থানৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ চৰাইদেউ মৈদাম বাছনি কৰিছিল।কাজিৰঙা, মানাহৰ পিছত চৰাইদেউ মৈদামে পালে এই বিৰল স্বীকৃতি। অসমৰ তৃতীয় আৰু ভাৰতৰ ৪৩সংখ্যক ঐতিহ্যক্ষেত্ৰ ৰূপে পৰিগণিত হ’ল চৰাইদেউ মৈদাম।

নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হৈ আছে বিশ্ব ঐতিহ্য সমিতিৰ ৪৬সংখ্যক অধিৱেশন। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ২১জুলাইৰ পৰা আৰম্ভ হৈ অহা ৩১ জুলাইত সামৰণি পৰিব। 

চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে।(চে-চহৰ, তাম-প্ৰাদদেশ, ডয়-পাহাৰ) ইয়াৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ।‌ এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ পৰে।আহোমসকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল । চৰাইদেউ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে বিখ্যাত। মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.