27 July, Sat 2024
support@thecriticalscript.com
Blog image

ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত গুৱাহাটী মহানগৰী

08 Feb,2023 06:13 PM, by: Ankita Gogoi
1 minute read Total views: 1132
0 Like 0.0

দিল্লীত সঘনাই হৈ থকা ভয়ানক বায়ু প্ৰদূষণৰ কথা আমি নিশ্চয় জানো, কিন্তু এতিয়া গুৱাহাটী মহানগৰীতো সৃষ্টি হৈছে তেনে পৰিস্হিতিৰ। এতিয়া চাৰিওফালে অধিক মাত্ৰাত বায়ু প্ৰদূষণ। অধিক ভয়াবহ হৈ পৰিছে জনজীৱন। ক্ৰমান্বয়ে নিম্নগামী হৈ গৈছে বতাহৰ মান। প্ৰদূষিত বায়ুৰ বাবেই কুঁৱলি সদৃশ এক আৱৰণে ঢাকি ৰাখিছে সমগ্ৰ গুৱাহাটী চহৰ। বায়ুৰ সূচাংক ৩৩৯ৰ সীমা অতিক্ৰম কৰিছেগুৱাহাটীত বিগত দুমাহৰ পৰা বায়ু প্ৰদূষণ বৃদ্ধি পাইছে যদিও এই মাহত আৰু অধিক বৃদ্ধি পাইছেগুৱাহাটীৰ বায়ুৰ গুণাগুণ সূচকাংক বিগত কেইবাদিনো একেৰাহে বিভিন্ন স্থানত অতি দুৰ্বল স্তৰত থকা বাবে মহানগৰবাসী নানান ৰোগত আক্ৰান্ত হৈছে।শিশুৰ পৰা বৃদ্ধলৈ হাঁওফাওঁজনিত ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মতে বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক অতি বেয়াৰ ফালে ঢাল খাইছে অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে।এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাইও গছ আৰু পথত পানী ছটিয়াবলৈ আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে মাস্ক পিন্ধিবলৈ আহ্বান জনাইছে বায়ু প্ৰদূষণৰ বাবে কাহ,জ্বৰ, আদিৰ যথেষ্ট ৰোগী চিকিৎসালয়লৈ আহিছে।আনহাতে হাঁওফাওঁজনিত,কিডনী ৰোগীসকলে অধিক সাৱধান হোৱা উচিত আৰু ঘৰৰ বাহিৰলৈ যোৱা কমাই দিবলৈ আহ্বান জনায় অধীক্ষকগৰাকীয়ে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে মহানগৰীৰ বায়ু প্ৰদূষণ সূচাংক আৰু মাত্ৰা ৪০-৫০ বৃদ্ধি পালেই বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাও কৰিছেপ্ৰদূষক পিএম২.৫ৰ মাত্ৰাই আই আই টি গুৱাহাটী নিৰীক্ষণ কেন্দ্ৰৰ আশে-পাশে ৪৩৪ৰ চিহ্ন স্পৰ্শ কৰাৰ বিপৰীতে দিনটোৰ গড় ৩২২ৰ বিপৰীতে মহানগৰবাসীয়ে উশাহ লোৱা অণুকণা আৰু বায়ুমণ্ডলীয় ৰাসায়নিক পদাৰ্থৰ সংখ্যাৰ ইংগিত দিয়ে যাৰ ফলত তেওঁলোক গুৰুতৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰতি আকৰ্ষিত হৈ পৰে। যোৱা বছৰৰ চহৰৰ মাহৰ গড় একিউআইঅসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰিছটা নিৰীক্ষণ কেন্দ্ৰৰ তথ্য বিবেচনা কৰিলে জানুৱাৰী মাহত ১৩৪ আৰু ফেব্ৰুৱাৰী মাহত ১৩০ আছিল যিটো “মধ্যমীয়া” হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে যিয়ে হাওঁফাওঁ ৰোগীৰ উশাহ-নিশাহত অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। এই বছৰ একিউআইৰ স্তৰৰ আতংকজনক বৃদ্ধিয়ে গুৰুতৰ চিন্তাৰ কাৰণ আৰু স্থল বাস্তৱতাক আওকাণ কৰাৰ পৰিণতি ব্যয়বহুল বুলি প্ৰমাণিত হ’ব।

কিন্তু এনে হোৱাৰ কাৰণ‌ কি, আমাৰ চাৰিওফালে জধে মধে গছ কাটি পৰিৱেশ বিনষ্ট কৰিছে। আধুনিকতাৰ খাতিৰত ঠায়ে ঠায়ে উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য চলাইছে।মহানগৰীৰ বায়ু প্ৰদূষণৰ কাৰণ হিচাপে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণকাৰ্য, ব্ৰহ্মপুত্ৰৰ বালিচৰ আদিক চিহ্নীত কৰা হৈছে। মালিগাঁও,জু-ৰোড আদিত দীৰ্ঘদিন ধৰি উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য চলি আছে। অসংখ্য প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাৰ নিৰ্মাণ, প্ৰায় অত্যাধিক হাৰত চলাচল কৰা যান-বাহনৰ ফলত মহানগৰীত বহু যান-যতৰ সৃষ্টি হোৱাৰ বিপৰীতে এতিয়া বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে। দীৰ্ঘদিন ধৰি বায়ুৰ গুণাগুণৰ সংস্পৰ্শলৈ আহিলে বেছিভাগ মানুহৰে শ্বাস-প্ৰশ্বাসত অস্বস্তিৰ সৃষ্টি হয়। সমগ্ৰ শীতকালত শূন্য বৰষুণৰ বাবে চহৰখনত প্ৰচলিত শুকান বতৰৰ ফলত ধূলিৰ ঘনত্ব বৃদ্ধি পাই AQIৰ মাত্ৰা অধিক বেয়া হৈ পৰিছে।এই ধূলি হ্ৰাস হবৰ বাবে বৰষুণৰ অতি প্ৰয়োজন।ঘৰ, অট্টালিকা আৰু বহুমহলীয়া এপাৰ্টমেণ্ট নিৰ্মাণ, আৰু বৰ্ধিত আৱাসিক জনসংখ্যাৰ বাবে পথ আৰু ঘাইপথ বহল কৰাৰ ফলত চহৰৰ পাহাৰ আৰু বেছিভাগ আৱাসিক অঞ্চলত অধিক গছ কাটি পেলোৱা হৈছে আৰু কিছুমান হাউছিং কেম্পাছত এজোপা গছো নাই। মহানগৰবাসী‌ এতিয়া ঘৰৰ বাহিৰত ওলোৱাৰ অলপ সময়ৰ পিছতে মূৰৰ বিষ, চকু পূৰণি, উশাহ-নিশাহৰ অসুবিধাত ভুগিবলগীয়া হৈছে ,বহু জ্যেষ্ঠ লোকৰ লগতে শিশু আৰু ৰোগীয়া লোক আৰু হৃদৰোগ, কৰ্কট ৰোগৰ ৰোগীৰ বাবে এনে পৰিস্থিতিত বাহিৰলৈ যোৱাটো এতিয়া বিপদজনক হৈ পৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনুসৰি এতিয়াই পদক্ষেপ নললে অনাগত দিনত অধিক ভয়াৱহ হোৱাৰ দিশে গতি কৰিব।আজি পুৱা গুৱাহাটীৰ এয়াৰ কুৱালিটি ইনডেক্সে বিপদসীমা অতিক্ৰম কৰিছে আৰু আজি পুৱা মহানগৰী ৩৫০ ৰো উৰ্ধলৈ গতি কৰিছে।স্থানীয় অঞ্চলসমূহৰ ধূলি আৰু প্ৰদূষকক আৱদ্ধ কৰাৰ ক্ষমতা হ্ৰাস কৰাৰ উপৰিও নলা আৰু পথলৈ পৃষ্ঠীয় পানীৰ সোঁত বৃদ্ধি পোৱাৰ লগতে ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাৰ সমস্যাও অধিক ভয়াৱহ কৰি তুলিছে। পূৰ্বতে বাৰে বাৰে জিএমচি কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ পিছতো নলা নৰ্দমা আদিৰ কাৰ্য্য হাতত লোৱা পুনৰাবৃত্তিই জনস্বাস্থ্যজনিত বিষয়ৰ প্ৰতি চহৰ কৰ্তৃপক্ষৰ উদাসীনতাৰ কথা বহুখিনি কয়, বিশেষকৈ যেতিয়া AQI ৰ মাত্ৰা অৱনতি ঘটিছে।

 ৰাজহুৱা বাহন, আৰু চাইকেলেৰে যাত্ৰা কৰি পথত ব্যক্তিগত বাহনৰ সংখ্যা হ্ৰাস কৰা মহানগৰবাসীয়ে বায়ু প্ৰদূষণ লাঘৱ কৰাৰ বাবে এক ফলপ্ৰসূ নাগৰিকৰ পদক্ষেপ হ’ব পাৰে। চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক কাৰ্যক্ষম আৰু মসৃণ হোৱাটো বাসিন্দাসকলক এনে স্বেচ্ছামূলক কাৰ্য্য গ্ৰহণৰ বাবে প্ৰেৰণা যোগোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ। মহানগৰীৰ বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে বাসিন্দা আৰু কৰ্তৃপক্ষৰ সহযোগিতামূলক প্ৰচেষ্টাৰ অতি প্ৰয়োজন। উল্লেখযোগ্য যে সঘনাই এনেদৰে বায়ু প্ৰদূষণ বৃদ্ধি পাই আছে আৰু সকলোতে কেৱল প্ৰচাৰ চলি আছে। কিন্তু এতিয়ালৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.