শেহতীয়াকৈ জি আই টেগ লাভ কৰা অসমৰ সামগ্ৰিসমূহৰ কিছু চমু বিৱৰণ
ৰাজ্যবাসীলৈ এক ভাল খবৰ। অৱশেষত বহু অপেক্ষাৰ অন্তত অসমৰ
পৰম্পৰা আৰু সংস্কৃতিৰ পৰিচায়ক জাপি শিল্প আৰু সৰ্থেবাৰীৰ কাঁহ শিল্পই লাভ কৰিলে
ভৌগোলিক স্বীকৃতি অৰ্থাৎ জি আই টেগ। NABARD, RO, Guwahatiৰ সহযোগত জি আই বিশেষজ্ঞ পদ্মশ্ৰী ড০ ৰজনী কান্তৰ দ্বাৰা
৬টা সমললৈ আহিল GI টেগ।
ঢোল, জাপি, সৰ্থেবাৰীৰ কাঁহ শিল্প, মৃৎশিল্প, মিচিং হস্ততাঁত সামগ্ৰী, পানীমেটেকা শিল্পলৈ GI টেগ প্ৰদান
কৰে।
জাপি শিল্প: জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক। প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল। কালক্ৰমত তাৰ আকাৰ, ৰং, সজাৰ অৰ্থাৎ তৈয়াৰী কৰা সঁজুলি ভিন্ন ধৰণৰ হ'ল। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। ৰূপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। আগৰ দিনত জাপিৰ বিভিন্ন প্ৰকাৰৰ জাপি ব্যৱহাৰ হৈছিল। বৰদৈয়া জাপি, সৰুদৈয়া জাপি আদিও আছিল। ইয়াৰোপৰি পানীজাপি, গৰখীয়া জাপি আদিৰ প্ৰচলন আছিল। জাপি সাধাৰণতে টকৌপাতেৰে তৈয়াৰ কৰা হয়।
আশাৰীকান্দিৰ টেৰাকোটা:নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি
গাঁওখন টেৰাকোটা শিল্পৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত। অসমৰ পাল বংশৰ লোক সকলৰ লগতে
মৃৎ শিল্পৰ লগত জড়িত। অসমৰ অন্যান্য ঠাইৰ বহু লোকে আশাৰীকান্দিৰ পৰা টেৰাকোটা
শিল্পৰ প্ৰশিক্ষণ লৈ টেৰাকোটা শিল্পৰ লগত জড়িত হৈ এই শিল্পক আগুৱাই নিয়াত অৰিহনা
যোগাইছে।
মিছিং হস্ততাঁত: অসমৰ মিছিং খিলঞ্জীয়া জনজাতি জনগোষ্ঠীৰ চহকী বস্ত্ৰ
ঐতিহ্যক প্ৰতিফলিত কৰি মিছিং টাট বা মিছিং হস্ততাঁতৰ সামগ্ৰী মহিলা শিপিনীৰ দ্বাৰা
সযতনে তৈয়াৰ কৰা হয়। পৰম্পৰাগত মেখলা চাদোৰকে ধৰি এই হাতেৰে বোৱা কাপোৰে গভীৰ সাংস্কৃতিক
তাৎপৰ্য্য বহন কৰে।
ঢোল: অসমৰ লোক বাদ্য ঢোল হৈছে অসমীয়া জনজীৱনৰ লগত জড়িত একপ্ৰকাৰ
অন্যতম লোকবাদ্য। অসমীয়া জাতিৰ বাপুতি
সাহোন ৰঙালী বিহুৰ এক মুখ্য বাদ্য। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে।
ছিফুঙঃ অসমৰ বডো জনগোষ্ঠীৰ এক পৰম্পৰাগত বাদ্যযন্ত্ৰ। ই এক
প্ৰকাৰৰ বাঁহৰ বাঁহী, সাধাৰণ বাহীতকৈ ই বহু দীঘল। ছিফুঙত পাঁচটা ফুটা থকাৰ
বিপৰীতে সাধাৰণ বাঁহীৰ ছটা ফুটা থাকে।
জোথাঃ ই এক প্ৰতীক যিটো যোৰকৈ একেলগে বজোৱা বাদ্যযন্ত্ৰৰ
দৰে। প্ৰামাণিক ভাৰতীয় সংগীতৰ সংগীতজ্ঞসকলে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ সৈতে ইয়াৰ
আকাৰ আৰু আকৃতি তুলনাযোগ্য।
খাম: ই বডো মিউজিকেল ড্ৰাম যিটো ডাঙৰ আৰু আকাৰত দীঘল।
ছেৰজা:অসমৰ বড়োসকলৰ লোকসংস্কৃতিত ছেৰজা এক অপৰিহাৰ্য
বাদ্য। ইয়াক বড়ো নৃত্য গীত আৰু কামৰূপীয়া লোকগীত পৰিবেশনৰ বাবে ব্যৱহাৰ কৰা
হয়।অসমৰ বহু ঠাইত ইয়াক চায়েনদাৰ বুলিও জনা যায়। বড়োসকলে ব্যৱহাৰ কৰা এক
প্ৰকাৰৰ ভায়লিন আৰু ইয়াৰ চাৰিটা ডোঙা থাকে আৰু পৰম্পৰাগতভাৱে বাঁহৰ ফিটাৰে
নিৰ্মিত সৰু ধনুৰে বজোৱা হয়। ধনুৰ ডোঙাটো ঘোঁৰাৰ ঠেংৰ চুলিৰ সৰু গোট এটাৰে তৈয়াৰ
কৰা হয়।
দখনা: বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি
পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত
ফাছ্ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো
জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক।
বড়ো গংগনা: মুখেদি ফুঁ দি বজোৱা বাদ্যযন্ত্ৰবোৰ সুষিৰ বাদ্যযন্ত্ৰ।
পৰ্বত ভৈয়ামত ব্যৱহাৰ হোৱা উপৰ্যুক্ত সুষিৰ বাদ্য সমূহে বৰ অসমৰ নৃত্য-গীতৰ
প্ৰাচুৰ্যত বহু প্ৰভাৱ পেলায়।
খাৰদাৱী: বড়ো লোকৰ
খাদ্যত ব্যৱহৃত ক্ষাৰকীয় তৰল পদাৰ্থ।
ইয়াক শুকান কলৰ ঠাৰি, বাঁহ, নাৰিকল কোৰ বা আনকি আলুৰ গছ জ্বলাই তৈয়াৰ কৰা ছাইৰ গুড়িৰ
পৰিশোধন হিচাপে উৎপাদন কৰা হয়। ইয়াৰ সোৱাদ শক্তিশালী চ’ডাৰ
দৰে আৰু ইয়াক গ্ৰেভিৰ উপাদান হিচাপে কম পৰিমাণে ব্যৱহাৰ কৰা হয়। বিশেষকৈ বড়ো
লোকৰ মাজত অসমৰ বডোলেণ্ডত খৰদাৱী এক সাধাৰণ প্ৰিয় পানীয়।
থোৰখা:- ইয়াক বাম্বুছা তুলদাৰ পৰা তৈয়াৰ কৰা হয়। বাঁহৰ
ক্লেপাৰ বুলিও কোৱা হয়, ইয়াক বাঁহৰ টুকুৰা এটা মাজৰ পৰা দীঘলে দীঘলকৈ ফালি তৈয়াৰ
কৰা হয় আৰু দুহাতেৰে ধৰি খেলা হয়। ইয়াৰ আকাৰ ২-১/২ ফুটৰ পৰা ৩ ফুটলৈকে আৰু
বয়ছাগু আৰু দোমাহি উৎসৱৰ সময়ত বড়ো মহিলাসকলে ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰে।
ইয়াৰ বাহিৰেও বড়ো গামোচা, কেৰা ডাপিনি, বড়ো গংগাৰ দুনিজাইয়ো জি আই টেগ লাভ কৰে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments