
অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন ৰাজ্য অসম বৈচিত্রময় সাংস্কৃতিক উৎসৱৰ বাবে বিখ্যাত। অসমত পালন কৰা বিভিন্ন ধর্মীয় উৎসৱ সমূহে সমগ্ৰ বিশ্বৰ বহুলোকক আকৰ্ষণ কৰে। ৰাজ্যৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অভিজ্ঞতা অসমৰ উৎসৱ সমূহৰ মাজত পোৱা যায়। সাহিত্যৰ সৈতে মানৱ জীৱনৰ সম্পক অতি ঘনিষ্ঠ। যুগ যুগ ধৰি বিভিন্ন কবি কলাকাৰে যুগৰ লগত খাপ খুৱাই সাহিত্য ৰচনাত মনোনিৱেশ কৰিছে যদিও এনে সৃষ্টিৰ মূলতে কেতবোৰ প্ৰেৰণা অন্তর্নিহিত হৈ থকাটো লক্ষ্যণীয়। লেখকৰ কল্পনাসম্পৃক্ত চিত্তই বাহ্যিক প্ৰকৃতিৰ পৰশ অবিহনে, পৰিদৃশ্যমান জগতৰ ৰূপ-বস গন্ধ স্পশ অবিহনে কলাত্মক কল্পনাৰ যোগেদি মহৎ শিল্পকর্ম সৃষ্টি কৰিব নোৱাৰে। উত্তৰ-পূৱ ভাৰতৰ অসম ৰাজ্যখনৰ চৰকাৰী ভাষা হৈছে অসমীয়া। ইয়াক গৰিষ্ঠ সংখ্যক জনসাধাৰণে কয় আৰু ই হ'ল বিদ্যালয়-মহাবিদ্যালয় সমূহৰ শিক্ষাৰ মাধ্যম। অসমীয়া ভাৰত-আৰ্য্য ভাষা পৰিয়ালৰ সদস্য আৰু ইয়াৰ চহকী সাহিত্যক পৰম্পৰা আছে। অসমত কথিত আন আন ভাষা সমূহৰ ভিতৰত বাংলা, হিন্দী, ইংৰাজী আদি অন্যতম। অসমৰ ভাষিক বৈচিত্ৰ্যই ইয়াৰ বহুজাতিক আৰু বহুসংস্কৃতিৰ পৰিচয়ৰ প্ৰতিফলন ঘটায় আৰু ই ৰাজ্যৰ সাংস্কৃতিক ঐতিহাৰ সমৃদ্ধিত অৰিহণা যোগায়। অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ পৰম্পৰাগত সাজ-পাবে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। গতিকে সাজ-পাৰ সমূহৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰাতো এক উল্লেখযোগ্য দিশ। সাজ-পাৰে যি দৰে এজন ব্যক্তিৰ তেঁওৰ বক্তিত্বৰ পৰিচয় দিয়ে, ঠিক তেনেদৰে পৰম্পৰাগত সাজ-পাৰযোৰে জাতিটোৰ পৰিচয় বহন কৰে। অতিজৰে পৰা অসমীয়া মানুহে নিজৰ প্ৰয়োজনীয় নিজে তৈয়াৰ কৰি আহিছে। ইতিহাসে ইয়াৰ সাক্ষ্য বহন কৰে। ঘৰতে এৰি পলু পুহি তাৰ সূতা উলিয়াই নিজেই তাঁতৰ পাতত বহি পৰয়ালৰ সকলোলৈকে প্রয়োজনীয় সাজ বোৰ তৈয়াক কৰে ঘৰৰ শিপিনী গৰাকীয়ে। মহিলাৰ চাদৰ-মেখেলা আৰু পুৰুষৰ ধুতি, গামোচা, চেলেংখন অসমীয়াৰ পৰম্পৰাগত সাজ। ঠিক তেনেদৰে ডিমাছা জনজাতিৰ লোকসকলে স্পাওফা বা ফাগুৰী (পাগুৰি) পিন্ধে। শাওফা হালধীয়া বা সেউজীয়া ৰঙৰ হয়। তেওঁলোকৰ বিবাহৰ সময়ত দৰা জনে খুভৰিত তলত ৰঙা সূতা বান্ধি বগা পাগুৰি পিন্ধে। তেওঁলোকে পৰিধান কৰা বিদা আৰু গেইনখাও নামৰ ধূতি দুখনৰ দৈর্ঘ্য ডিমাছা সকলৰ মহিলা সকলে পিন্ধা পোছাকবোৰ মেখালা চাদৰৰ সৈতে যথেষ্ঠ মিল আছে। ইয়াক ৰিগু বোলা হয়। আনহাতে বাথৰমাই এক প্ৰকাৰৰ ৰিও যাৰ গোটেই কাপোৰৰ টুকুৰাটোত কেৱল এটা ডিজাইন থাকে। এই জনজাতিৰ যুৱতীসকলে বুকুৰ পৰা আঠুলৈকে পৰা বগা ৰঙৰ এক বিশেষ সাজ পিন্ধে, ইয়াক ৰিজাম্ফেইন বোলা হয়। 'বড়ো জনজাতিৰ পুৰুষসকলে বিশেষকৈ কঁকালৰ পৰা আঁঠুলৈ গামোচা পৰিধান কৰে। বড়ো জনজাতিৰ লোকসকলে বিশেষকৈ পুৰুসকলৰ অধিকাংশই কাঠেৰে নির্মিত জোতা অথাৎ থৰম ব্যৱহাৰ কৰে। বড়ো জনজাতিৰ মহিলা সকলে এখন কাপোৰৰ দৰে পোছাক বুকুৰ পৰা আৰম্ভকৰি গোৰোহালৈ শৰীৰৰ চাৰিওফালে মেৰিয়াই বাথে। এই সাজক দখনা বোলা হয়। এই দখনা বিভিন্ন উজ্জ্বল ৰং আৰু আর্হিত উপলব্ধ হয়। এনেদৰেই বিভিন্ন জনজাতিব সাজ-পাৰ সমূহে অসমৰ জাতিয় ঐক্য বজাই ৰাথে। গতিকে এই সমূহ সংৰক্ষণ কৰাটো অতি প্রযোজন। অসমৰ সাংস্কৃতিক ঐতিহান এটি মনকৰিবলগীয়া দিশ হৈ স্থাপত্য প্রয়োজন। অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এটি মনকৰিবলগীয়া দিশ হৈ স্থাপত্য আৰু ভাস্কর্য। স্থাপত্য আৰু ভাস্কর্য শিল্পত অসম প্ৰাচীন কালৰে পৰা চহকী। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা পৌৰাণিক শিলালিপি, মঠ-মন্দিৰ আৰু স্মৃতি চিহ্নবোৰে অসমৰ স্থাপত্য-ভাস্কৰ্যৰ প্ৰাচুৰ্যশালী দিশটোবে উমান দিয়ে। শোণিতপুৰ জিলাৰ দ-পৰ্বতীয়াত থকা শিলৰ তোৰণ খনেই এতিয়ালৈকে উদ্ধাৰ হোৱা স্থাপত্য শিল্পৰ প্রাচীনতম নির্দশন। অসমৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ সূক্ষ্ম ভাস্কর্য শিল্পৰ চানেকিৰ এই তোৰণখনৰ কাৰুকাৰ্যত গুপ্তযুগৰ আদিস্তৰৰ ভাস্কৰ্যৰ বৈশিষ্ট বিৰাজমান। আনহাতে দেখিবলৈ পোৱা যায় যে, গুৱাহাটীৰ নীলাচল পাহাৰত উদ্ধাৰ হোৱা 'উমাচল শিলালিপি' নামেৰে খ্যাত শিলালিপি খনেই অসমত এতিয়ালৈকে আবিস্কৃত লিপিবদ্ধ চানেকিৰ প্ৰাচীনতম নির্দশন। পঞ্চম শতিকাৰ শিলালিপি বুলি অনুমান কৰা এইশৈল স্মাৰকত এটা গুহা মন্দিৰৰ উল্লেখ আছে। প্রাচীন কামৰূপত বিভিন্ন সময়ত বিভিন্ন ৰাজবংশৰ পৃষ্ঠপোষকতাত নানান কীর্তিস্তম্ভ, কাৰেং আদি নির্মাণ হৈছিল বুলি জনা যায় যদিও এইবোৰৰ অধিকাংশই সময়ৰ সোঁতত অযত্ন পালিত হৈ ক্ষয় আৰু ধ্বংস হয়। আহোম ৰাজত্বৰ কালছোৱাত অসমৰ স্থাপত্য শিল্পই অধিক বিকাশ আৰু প্রসিদ্ধি লাভ কৰে। উজনি অসমৰ শিৱসাগৰ ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ দৌল সমূহত আহোম সকলৰ উৎকৃষ্ট আৰু দৃষ্টি নন্দন স্থাপত্য শিল্পৰ স্বাক্ষৰ বিৰাজ মান। এইবোৰ ভিতৰত শিৱসাগৰৰ শিৱদৌল,বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, দেৰগাঁৱৰ, ওচৰৰ নেঘেৰিটিং দেৱালয়। ডিমাপুৰ, মাইবং আৰু কছাৰীসকলৰ শেষ ৰাজধানী খাছপুৰত কছাৰী স্থাপত্যৰ নির্দশন দেখা পোৱা যায়। মহাপুৰুষ শঙ্কৰদেৱৰ আধ্যাত্মিক আৰু সাংস্কৃতিক আন্দোলনৰ ফলত গঢ় লৈ উঠা সত্ৰ আৰু নামঘৰ সমূহত কাঠৰ ভাস্কৰ্যৰ চানেকি চকুত পৰে। উনবিংশ শতিকালৈকে অসমৰ ভাস্কৰ্য শিল্পই সুকীয়া সুকীয়া গঢ় লৈ নিজ স্বকীয় বৈশিষ্ট্যৰ গতি অব্যাহত ৰাখিছিল। ক্রমে পশ্চিমীয়া সভ্যতাৰ পৰশ আৰু প্ৰভাৱ অসমৰ স্থাপত্য-ভাস্কর্য শিল্পত পৰিবলৈ ধৰে। অৱশ্যে পূৰ্বৰ তুলনাত সাম্প্রতিক অসমৰ স্থাপত্য-ভাস্কর্যৰ বিকাশৰ গতি মন্থৰ। গতিকে সংৰক্ষণ কৰাটো প্রয়োজন। অসমৰ সাংস্কৃতিক ঐতিহাত খাদ্যভাসেও এক গুৰুত্বপূর্ণ অবদান আগবঢ়াইছে।। অসমৰ খাদ্যৰ সৰলতা স্থানীয় সামগ্রীৰ ব্যৱহাৰ আৰু অন্যান্য সোৱাদৰ বাবে বিদ্যমান। ভাত অসমৰ প্ৰধান খাদ্য আৰু ইয়াক সাধাৰণতে বিভিন্ন ধৰণৰ তৰকাৰী আৰু শাক-পাচলিৰ সমাহাৰে পৰিৱেশন কৰা হয়। অসমীয়া খাদ্যত মাছ-মাংস (কুকুৰা, গাহৰি আদি) অ-নিৰামিষ জনপ্রিয় খাদ্য। বাঁহৰ গাজ, খাৰলি, খাৰ, মাদৰ টেঙা, বিভিন্ন ধৰণৰ জলপান, পিঠা, আলু পিটিকা, পইটা ভাত, হাঁহৰ ভৰকাৰী আদি উল্লেখযোগ্য খাদ্যৰে সম্ভাৰৰ উপাদান। মুঠৰ ওপৰত অসমীয়া খাদ্যই সোৱাদ আৰু উপাদানৰ অনন্য মিশ্রণেৰে বুচিবোধক এক আনন্দদায়ক অভিজ্ঞতা প্রদান কৰে। অসমৰ বৈচিত্রপূর্ণ সংস্কৃতিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ, ভাষা আৰু পৰম্পৰা মিশ্রণেৰে ইয়াৰ সজীর ঐতিহ্যক প্রতিফলিত কৰে। ই হৈছে উৎসব, পৰম্পৰাগত কলা, শিল্পকলা আৰু খাদ্যৰ ৰঙীন মিশ্রণ যি বিভিন্ন সম্প্রদায় আৰু ঐতিহাসিক যুগৰ দ্বাৰা প্ৰভাবিত। আধুনিকীকৰণ আৰু বিশ্বায়ণৰ সৈতেও অসমৰ জনসাধাৰণে গৌৰৱেৰে নিজৰ অনন্য সংস্কৃতি সংৰক্ষণ কৰিলেহে ভৱিষ্যত প্ৰজন্মৰ মাজত ঐক্য আৰু গৌৰৱ গঢ়ি উঠিব। উত্তৰ-পূব ভাৰতৰ এখন বাজ্য হৈছে অসম। অসম এখন সাংস্কৃতিক ঐতিহ্যবে চহকী ৰাজ্য। কিন্তু এই সাংস্কৃতিক ঐতিহ্যসমূহ বিভিন্ন সংকটৰ সম্মুখীন হোৱা দেখা যায়। সাংস্কৃতিক ঐতিহাৰ ক্ষেত্ৰত প্রাকৃতিক দুর্যোগে বহুতো ক্ষতিসাধন কবে। বানপানী, ভূমিকম্প আদি প্রাকৃতিক দুর্যোগ সমূহে শিল্প কর্মৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সাংস্কৃতিক ঐতিহ্যব ক্ষেত্রত মানুহৰ কিছুমান কার্যকলাপেও ভাবুকিৰ সৃষ্টি কৰে। ঐতিহাসিক স্থানসমূহত বে-দখল আৰু প্ৰদূষণৰ সৃষ্টি কৰি বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। খাদ্যভাসৰ ওপৰত মন কৰিলে দেখা যায় যে, বর্তমান পশ্চিমীয় খাদ্যসমূহক বেছি গুৰুত্ব দিয়াৰ ফলত অসমৰ খলুৱা খাদ্য সমূহৰ ক্ষেত্ৰত্রত অনাদবে দেখা দিছে ফলত নতুন প্রজন্মাই সেই খলুৱা খাদ্যসমূহৰ বিষয়ে অবগত হোৱা নাই। ভাষাৰ ক্ষেত্ৰত মন কৰিলে দেখা যায় যে, অসমীয়া ভাষা কোৱাৰ মাজত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ ফলত অসমীয়া অস্তিত সংকটত পৰিছে। জলবায়ু পৰিৰ্বতনেও সাংস্কৃতিক ঐতিহ্যত ক্ষতি সাধন কৰে। বৃদ্ধি পোৱা উফতা আৰু আর্দ্রতাই শিল্পকর্ম আৰু গঠনৰ ক্ষতি কৰে। আনহাতে অসমত পুঁজিৰ অভাৱ হোৱাৰ বাবে সাংস্কৃতিক সম্পদ সমূহ সংৰক্ষণ প্রচেষ্টাত বাধাই দেখা দিয়ে। চৰকাৰৰ উন্নয়নমূলক প্রকল্পই ঐতিহাসিক অঞ্চলসমূহ বেদখল কৰাৰ ফলত সংকটৰ সৃষ্টি কৰে। এনেদৰেই অসমৰ সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন সংকটে দেখা দিয়ে। অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত চৰকাৰে এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহ হাতত লৈ এটা নির্দিষ্ট ভূমিকা ল'ব পাৰে। অসম চৰকাৰে নিজৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে। তাৰ ভিতৰত এটি হ'ল অসম ৰাজ্যিক সংগ্রহালয়া'। এই সংগ্ৰহালয়ত অসমৰ ইতিহাস ত সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰ সংৰক্ষণ কৰা হৈছে। অন্য এটি পদক্ষেপ হ'ল 'পুৰাতত্ব সঞ্চালকয় অসম'। এই বিভাগটে অসমৰ প্ৰত্নতাত্বিক স্থান আৰু কীৰ্তিচিহ্নসমূহ সুৰক্ষা আৰু সংৰক্ষণ কৰে। সাংস্কৃতিক বিভাগৰ জৰিয়তে সাংস্কৃতিক উপাদানসমূহ সংৰক্ষণ কৰিব লাগিব। চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ল'ব লাগিব।। UNESCOই বিশ্ব ঐতিহ্য ক্ষেত্রসমূহক স্বীকৃতি আৰু সুৰক্ষা প্ৰদান কৰে। গতিকে অসম চৰকাৰে UNESCO ৰ সহায় ল'ব পাৰে। ইয়াৰ ওপৰিও ICCROM, ICOMOS, ICBS ৰ সহায় লৈ চৰকাৰে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সু-পদক্ষেপ লোৱাটো উচিত। এখন সমাজত থকা যিসমূহ সাংস্কৃতিক সমল, সেইসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে সহযোগ কৰিব লাগিব। স্থানীয় ঐতিহ্য সংৰক্ষণ সমিতিৰ লগত যোগাযোগ কৰি সমলসমূহ সংৰক্ষণ কৰাটো উচিত।। বিভিন্ন ধৰণৰ উৎসৱ আৰু অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াটো সমাজৰ প্রত্যেকজন ব্যক্তিবে দায়িত্ব। সামূহিক পদক্ষেপ সমূহৰ ভিতৰত বেচৰকাৰী সংস্থা (NGO) সমূহে বহুতো পদক্ষেপ গ্রহণ কৰি আহিছে। তাৰে ভিতৰত ভাৰতীয় বাষ্ট্রীয় কলা আৰু সাংস্কৃতিক ঐতিহ্য ন্যাস (INTACH), বিশ্ব কীর্তিচিহ্ন পুঁজি (WMF), বিশ্ব ঐতিহাব বাবে ইউনেস্কৰ (UNESCO) ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ সংস্থা (CSICO) আদি। সামুহিক ভারে শৈক্ষিক প্রতিষ্ঠানসমূহত বিভিন্ন ধৰণৰ কাৰ্যসূচী, সাংস্কৃতিক ঐতিহা সংৰক্ষণৰ ওপৰত ব্যৱস্থাপনা পাঠ্যক্রম, গবেষণা কেন্দ্ৰ আদিৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ ক্ষেত্ৰত পদক্ষেপ ল'ব পাৰে। সামুহিক পদক্ষেপসমূহ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। অসমৰ আছে এক নিজস্ব চহকী সাংস্কৃতিক পৰিচয়। ভাষা, শিল্প, লোক সংস্কৃতি, উৎসব, পৰিবেশ, খাদ্য, লোক সাহিত্য ইত্যাদিৰ দ্বাৰা পাৰিবোষ্টিত সমন্বয়ৰ দ্বাৰা গটি উঠে এটা জাতিৰ পৰিচয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ বিভিন্ন লোক সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে নিৰৱদ্দিন্নভাবে কাম কৰি আহিছে যদি সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত গুৰত্ব আৰোপ কৰিব লাগিব। নিজেই জ্ঞাত বিষয়সমূহৰ বিষয়ে উঠি অহা প্ৰজন্মক অৱগত কৰিলে নতুন প্রজন্মই বিষয়টোৰ ওপৰত গুৰত্ব আৰোপ কৰিব। ফলত স্থানীয় সাংস্কৃতিক ঐতিহ্যৰ সমল সমূহৰ বিষয়ে জানিবলৈ বা অধ্যয়ন কৰিবলৈ আকর্ষিত হ'ব। এনেদৰেই অসমৰ সাজপাৰৰ বিষয়ে, খাদ্যভাসৰ বিষয়ে আৰু অন্যান্য দিশসমূহৰ সংৰক্ষণত প্রত্যেকজন ব্যক্তিয়ে গুৰুত্ব দিব। এজন ব্যক্তিয়ে সাংস্কৃতিক জ্ঞান আনৰ লগত ভাগ-বতৰা কৰিলে বহুখিনি তথ্য লাভ কৰিব পৰা যায় নিজৰ ভাষাটো শুদ্ধ ভাবে শিকিবলৈ যত্ন কৰিব লাগিব আৰু আন দহজনকো শিকালে ভাষা সংৰক্ষণ হ'ব।
বয়োজ্যেষ্ঠসকল ব পৰা বিভিন্ন তথ্য জানি সেইসমূহ লিপিবদ্ধ কৰিলে নতুন প্ৰজন্মই জানিব পাৰিব। সাংস্কৃতিক বিষয়বস্তুৰ অনলাইন ভঁৰাল সৃষ্টি কৰি সেইসমূহ তথ্য প্ৰসাৰ কৰা আদি বিভিন্ন প্রচেষ্টাই সাংস্কৃতিক ঐতিহ্য সৰক্ষণৰ ক্ষেত্রত ব্যক্তিগত পদক্ষেপেৰে বৃহত্তৰ অৰিহণা যোগাব পাৰি।
সহায়ক গ্রন্থপঞ্জী:
ডেকা বুজৰবৰুৱা, পল্লৱী (সম্পা.), হাজৰিকা, জ্যোতিৰেখা: 'প্রসংগঃ অসমীয়া সাহিত্য আবু সংস্কৃতি', বনলতা, ডিব্রুগড়- ১
বাতৰি-কাকত: অসমীয়া প্রতিদিন
Surajit Saikia
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments