05 August, Wed 2026
support@thecriticalscript.com
Blog image

দেশ কঁপোৱা মহিলা মল্লযোজাৰুৰ আন্দোলন মনত আছেনে? যৌন নিৰ্যাতনৰ অভিযোগৰ এতিয়া দোষমুক্ত ব্ৰিজ ভূষণ

04 Aug,2026 04:37 PM, by: Ankita Gogoi
1 minute read Total views: 14
0 Like 0.0

দিল্লীৰ এখন আদালতে প্ৰাক্তন BJP সাংসদ আৰু Wrestling Federation of India (WFI)-ৰ প্ৰাক্তন সভাপতি ব্ৰিজ ভূষণ শৰণ সিংহক মহিলা মল্লযুঁজাৰুসকলে দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰত দোষমুক্ত ঘোষণা কৰিছে।২০২৩ চনত অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপত পদকজয়ী ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়াকে ধৰি কেইবাজনো শীৰ্ষ খেলুৱৈয়ে ব্ৰিজ ভূষণ শৰণ সিংহৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।


২০১৬ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতা, প্রশিক্ষণ শিবিৰ, WFIৰ কার্যালয় আৰু অন্যান্য স্থানত তেওঁলোকক অশ্লীল ইংগিত আৰু নিৰ্যাতন চলাইছিল।ইয়াৰ পিছতে দিল্লীৰ জন্তৰ মন্তৰত দিনৰ পিছত দিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশৰ বাবে পদক কঢ়িয়াই অনা খেলুৱৈসকলক ৰাজপথত বহি ন্যায় বিচাৰ দাবী কৰিবলগীয়া হোৱা দৃশ্যই সমগ্ৰ দেশক জোকাৰি পেলাইছিল। আন্দোলনৰ সময়ত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষ, ৰাজনৈতিক বিতৰ্ক আৰু জনমতৰ বিভাজনেও বিষয়টোক অধিক জটিল কৰি তুলিছিল।


এতিয়া আদালতে উপলব্ধ প্ৰমাণৰ ভিত্তিত ব্ৰিজ ভূষণ শৰণ সিংহক দোষমুক্ত ঘোষণা কৰিছে। কিন্তু এই ৰায়ৰ পিছতো অভিযোগকাৰী খেলুৱৈসকলে উচ্চ আদালতৰ কাষ চপাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ আইনী যুঁজ সম্পূৰ্ণৰূপে শেষ হোৱা নাই।এই ৰায়ে আইনী প্ৰক্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় সাময়িকভাৱে শেষ কৰিলে যদিও, ২০২৩ চনত সমগ্ৰ দেশ কঁপাই তোলা সেই আন্দোলন আৰু তাৰ পৰা উত্থাপিত প্ৰশ্নবোৰ পুনৰ এবাৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।


ইয়াৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হৰিয়ানাৰ তাৰকা মহিলা মল্লযুঁজাৰু ভিনেশ ফোগাটে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা প’ষ্ট শ্বেয়াৰ কৰি আদালতৰ এই ৰায়দানত গভীৰ দুখ প্ৰকাশ কৰিছে ভিনেশে। ইয়াৰ লগতে ভিনেশ ফোগাটে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে। ইয়াৰ লগতে পোনপটীয়াকৈ চৰকাৰৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ মতে, ‘‘প্ৰথম দিনাৰ পৰাই চৰকাৰ আৰু সমগ্ৰ ব্যৱস্থাটো ব্ৰীজভূষণক বচোৱাত ব্যস্ত আছিল। ভিনেশ ফোগাটে লিখিছে, ‘‘ৰাজপথলৈ ওলাই আহি শাসকীয় দলৰ এজন প্ৰভাৱশালী নেতাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাবলৈ আমি বহুত সাহস গোটাব লগীয়া হৈছিল। ক্ষমতা আৰু নিজৰ বলৰ জৰিয়তে ব্ৰীজভূষণে বহু যুৱতীক ভয় খুৱাই তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰালে, কিন্তু কেইবাগৰাকীও মহিলা মল্লযুঁজাৰু সাহসৰে থিয় হৈ থাকিল আৰু আদালতত ব্ৰীজভূষণৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিলে। মহিলা মল্লযুঁজাৰুসকলে উত্থাপন কৰা নিগ্ৰহৰ অভিযোগত আদালতে ব্ৰীজভূষণ চৰণ সিঙক দোষী সাব্যস্ত নকৰাত আমি অত্যন্ত দুখ পাইছোঁ।’’

এই ঘটনাটো কেৱল এজন ব্যক্তি বা এটা গোচৰৰ মাজতে সীমাবদ্ধ নহয়। ই ভাৰতীয় ক্ৰীড়া ব্যৱস্থা, খেলুৱৈৰ সুৰক্ষা, মহিলা অভিযোগকাৰীৰ আস্থা আৰু ক্ষমতাশালী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ সাহসক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

যদি দেশৰ শীৰ্ষ খেলুৱৈসকলেও নিজৰ ক্ষেত্ৰত হোৱা নিৰ্যাতনৰ বাবে ৰাজপথত নামিবলগীয়া হয়, তেন্তে সাধাৰণ মহিলাই ব্যৱস্থাটোৰ ওপৰত কেনেকৈ আস্থা ৰাখিব? 

এই ৰায়ক লৈ বিতৰ্ক কেৱল "দোষী" বা "নিৰ্দোষ"ৰ বিতৰ্ক নহয়। ই ন্যায়, জবাবদিহিতা, প্ৰতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতা আৰু মহিলা সুৰক্ষাৰ ওপৰত এক বৃহত্তৰ আলোচনা।

আদালতে দোষমুক্ত ঘোষণা কৰিলে। কিন্তু ২০২৩ চনৰ সেই প্ৰতিবাদ, সেই ছবিবোৰ আৰু সেই প্ৰশ্নবোৰ—সেইবোৰ এতিয়াও ভাৰতৰ গণতান্ত্ৰিক স্মৃতিত জীয়াই আছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.