বিয়ানা মমিন মেঘালয়ৰ পৰা নেটফ্লিক্সলৈ
তুৰা গৱৰ্ণমেণ্ট কলেজৰ ৭০ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বিয়ানা মমিনে নেটফ্লিক্সত প্ৰচাৰিত মালয়ালম ছবি “ইকো”(Eko)ত নিজৰ অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছে।যদিও তেওঁ গাৰো পাহাৰৰ বাসিন্দা, তথাপিও “ইকো” ছবিত তেওঁক এজন মালয়েশ্বিয়ান মহিলাৰ চৰিত্ৰত নিৰ্বাচন কৰা হৈছিল। এই ভূমিকাৰ বাবে তেওঁ একেবাৰে নতুনকৈ মালয়ালম ভাষাও শিকিব লগা হৈছিল। এই চিনেমাখনত অভিনয় কৰাৰ সুযোগটো তেওঁৰ বাবে ডাঙৰ কথা আছিল কাৰণ তেওঁ কেতিয়াও অভিনয় কৰা নাছিল। তেওঁ উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰৰ পাৰিবাৰিক জীৱন যাপন -চাৰিটা কুকুৰ, নাতি-নাতিনীক আৰু বহু দূৰলৈ অৰ্থাৎ কেৰালালৈ গৈ ছবিত অভিনয় কৰাৰ এক সিদ্ধান্ত লৈছিল।
তেওঁ এক সাক্ষাৎকাৰত কৈ যে, অভিনয়ৰ কোনো অভিজ্ঞতা নথকাৰ বাবে প্ৰথম অৱস্থাত দ্বিধাবোধ কৰিছিল। কিন্তু, তেওঁৰ ছোৱালীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি নতুন কিবা এটা চেষ্টা কৰিবলৈ আগবাঢ়িব ক'লে।কাষ্টিং টীমে তেওঁলোকৰ মুখ্য অভিনেত্ৰী বিচাৰি সকলো ঠাইতে সন্ধান কৰিছিল, যাৰ চেহেৰা এখন মালয়েশ্বিয়ান মহিলাৰ সৈতে মিল থকা হব লাগে। ইক’ৰ টীমে চলচ্চিত্ৰ উদ্যোগত থকা নিজৰ বন্ধুবৰ্গ আৰু আনকি উত্তৰ-পূৰ্বাঞ্চলত নিয়োজিত ভাৰতীয় সেনাৰ সৈনিকসকলৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ নিজৰ অডিশ্যন দিয়া অভিনয়ে পৰিচালকসকলৰ মন জয় কৰিছিল, আৰু এই বয়সত এই ভূমিকাটো কৰাৰ তেওঁৰ প্ৰতিশ্ৰুতিয়ে ‘ইক’ টীমক যথেষ্ট প্ৰভাৱিত কৰিছিল।
ছবিখনত তেওঁ মালাথি চেট্টাথী নামৰ এটা চৰিত্ৰত অভিনয় কৰিছে, যি দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলা আৰু পিছত পশ্চিমঘাটৰ অৰণ্যত বনৰীয়া কুকুৰ আৰু ৰহস্যময় অতিথিসকলৰ সৈতে একাকী বাস কৰে।যদিও তেওঁ নিজৰ সংলাপসমূহ মুখস্থ কৰিছিল, ভাৰতীয় চিনেমাত সাধাৰণতে প্ৰচলিত নিয়ম অনুসাৰে পিছত তেওঁৰ কণ্ঠ ডাব কৰা হৈছিল।
তেওঁৰ গভীৰ আবেগ আৰু শক্তিশালী অভিনয়ৰ বাবে বহুত প্ৰশংসা লাভ কৰা মোমিনে কৈছে যে চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁৰ ওপৰত বিশ্বাস ৰাখি এই সুযোগ দিয়াটোত তেওঁ গৌৰৱ অনুভৱ কৰে। লগতে তেওঁ আশা প্ৰকাশ কৰিছে যে ইয়াৰ জৰিয়তে স্থানীয় আৰু স্বদেশী শিল্পীসকলৰ অধিক প্ৰতিনিধিত্বৰ পথ মুকলি হ’ব। তেওঁৰ অভিনয়ৰ ব্যাপক প্ৰশংসাৰ ফলত বলিউডৰ পৰাও তেওঁৰ সৈতে যোগাযোগ কৰা হৈছে। বিবিচিক দিয়া সাক্ষাৎকাৰত তেওঁ কৈছে, “আলোচনা চলি আছে। আগলৈ আৰু কি সুযোগ আহে চাওঁ।”
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments