অসমৰ তিনিবিধ ঐতিহাসিক পৰম্পৰাগত খেল-ধেমালি!
অসমীয়া লোকসকলে বিহুৰ লগতে অন্যান্য জাতীয় জীৱনৰ বিভিন্ন আচাৰ-অনুষ্ঠানত নানান খেল অনুষ্ঠিত কৰি আহিছে। তাহানি যেতিয়া চীনত ছু- চু খেলা হৈছিল ঠিক তেতিয়া আৰু তাৰ আগেয়ে আমি অসমীয়া জাতিয়ে কণী যুঁজ, কড়ি যুঁজ আদি খেল বিহুৰ সময়ত খেলা হয়। এই বিষয়ে সাহিত্যিক হেম বৰগোঞিদেৱে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থত বহুলভাৱে আলোচনা কৰিছে। তেওঁ লিখিছে যে বিহুৰ সময়ত শিৱসাগৰৰ বকর্তা মৌজা, নেমুগুৰি হাটবৰ আৰু লাহৰীৰৰ ৰাইজে কণী যুঁজ, ম’হ যুঁজ , কড়ি যুঁজ আদি খেল অনুষ্ঠিত কৰে। সেইদৰে হাজোত বিহু উপলক্ষে বুলবুলি চৰাইৰ যুঁজ খেল অনুষ্ঠিত হোৱাৰ উপৰি বিহু উৎসৱৰ লগত সংগতি ৰাখি ব্ৰহ্মপুত্র নদীৰ দুয়োপাৰৰ জনসাধাৰণে লালী, গন্ধ হাউ, হাফলা, ৰছী টনা, হাউ খেল, ঘিলা খেল, আদি খেল অনুষ্ঠিত কৰে।
ঢোপ খেল
এই খেলৰ প্ৰচলন ক’ত, কেতিয়া, কেনেদৰে হৈছিল সেই বিষয়ে একো জনা নাযায়। এই খেল আহোম যুগত এক জনপ্রিয় খেল আছিল বুলি জনা যায়। অসমৰ এবিধ পৰম্পৰাগত খেল৷ এই খেল খেলিবলৈ খেলুৱৈসকল দুটি দলত বিভক্ত হ’ব লাগে৷ দুইটি দলত এঘাৰ জনকৈ মুঠ বাইছজন খেলুৱৈ থাকে৷ চাৰিখন পতাকাৰ দ্বাৰা সীমা নিৰ্ধাৰণ কৰা এটা ক্ষেত্ৰত খেল খেলখন খেলা হয়৷ খেল ক্ষেত্ৰখনৰ নিৰ্দিষ্ট জোখ আছে৷ খেলুৱৈসকলে পাল পাতি প্ৰতিপক্ষৰ ফালে বল দলিয়ায়৷ প্ৰতিপক্ষই এই বলটো ধৰিব লাগে৷এই খেলত ক্ষিপ্ৰ সিদ্ধান্ত, অংগ সঞ্চালন আৰু মানসিক শক্তিৰ প্ৰয়োজন হয়৷ অৱশ্যে অসমৰ ঠাই বিশেষে এই খেল কিছু বেলেগ নিয়মেৰেও খেলা হয়৷ সাধাৰণতে এই খেল ছোৱালীবোৰৰ মাজত বেছি জনপ্ৰিয়৷ এই ঢোপ খেল পৰম্পৰাগতভাৱে বিহুৰ সময়ত আৰু নৱবৰ্ষৰ উৎসৱ পালনৰ বাবে কৰা হৈছিল।এসময়ত এই খেলখন দৰ্শকৰ খেল হিচাপে আহোম ৰজাঘৰীয়াক আমোদ দিবলৈ খেলা হৈছিল।ইংৰাজ ৰাজত্বৰ শেষ কালছােৱাত তেজপুৰৰ ঢেকেৰীপাৰ নামৰ বৃহৎ বাকৰিত এই খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছলৈ কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এজন খেলুৱৈয়ে এইখেলক জনপ্রিয় কৰাৰ প্ৰয়াস কৰিছিল যদিও বিফল হয়।
ম'হ যুঁজ
আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা এই খেল প্ৰচলন হৈ আহিছে। স্বৰ্গদেউ প্রমত্তসিংহই বিশেষকৈ এই খেল উপভোগ কৰিবৰ বাবেই ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল।সাধাৰণতে মাঘ বিহুত ম'হ যুঁজ অনুষ্ঠিত কৰা হয়। বৰ্তমান আহঁতগুৰি অঞ্চলটো ম'হ যুঁজৰ বাবে অসম বিখ্যাত ।যুঁজৰ বাবে ম'হক বহুদিনৰ আগৰে পৰা ভালকৈ সাজু কৰা হয় । এই খেলত দুটা গোনা ম'হক পৰস্পৰে পৰস্পৰৰ লগত যুঁজ লগাই ৰং চোৱা হয়, প্ৰাণে মৰাৰ বাজি নাথাকিলে যুঁজত যিটো ম'হ পলাই যায় তাক পৰাজিত বুলি ধৰা হয় । এই খেলত ম'হৰ হিচ্-হিচনী, ফুচ-ফুচনী, শিঙে শিঙে খুন্দা মৰাৰ ফলত ওলোৱা জুইৰ ফিৰিঙতিয়ে ৰাইজক আনন্দ দিয়ে। ম'হৰ দুটা শিং এটা ৰং শিং (সোঁফালৰটো) আনটো খং শিং (বাওঁফালৰটো); যেতিয়া ম'হে খং শিঙেৰে যুঁজ আৰম্ভ কৰে তেতিয়া সিহঁতৰ যুঁজ বহু সময় ধৰি চলে ।ম'হ যুঁজ অনুষ্ঠিত কৰাৰ আঁৰত এটা কাৰণ আছে। আহিন মাহত খেতি শেষ হোৱাৰ পাচত খাই খাই ম'হৰ গৰল ধৰে । তেতিয়া সিহঁতক বলোৱাটো কঠিন হৈ পৰে, গতিকে ম'হক যুঁজ লগোৱাই ঠাণ্ডা কৰা হয় ।ৰংঘৰৰ লেখীয়া পেভিলিয়ন নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কাঠৰ পাতেৰে এই পেভিলিয়ন নিৰ্মাণৰ বুনিয়াদ স্থাপন কৰিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত ৰংঘৰক পূৰ্ণ ৰূপ দিয়ে। ৮৮ ফুট দৈর্ঘ্য আৰু ৩৬.৫ ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজ পৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূর্ত।
ঢেমনা অনা খেল
অসমৰ বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত থলুৱা খেলবিধ হ’ল ঢেমনা অনা খেল । এইবিধ খেল কোনে কত কেতিয়া আৱিষ্কাৰ কৰিছিল সেয়া কোনেও নাজানে। এই খেল শীত কালত অনুষ্ঠিত হয়। দুটা দলৰ মাজত অনুষ্ঠিত এই বিধ খেলত এটা দলত চাৰিজনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। খেলৰ সঁজুলি হিচপে এটা বললৈ আহল-বহল মুকলি ঠাইত এইবিধ খেল খেলা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢেমনা আনিব, সেই দলটো বিজয়ী হ’ব।
বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ হল কুকুৰা যুঁজ, টাংগুটি, মুঠি ভটা, বাঘবােল, মংগল পাঠা, হাতবল, বৈঠাবল, গন্ধহাউ, লালী, ফুর্তি বাগোল্লা, হাফলা, ঘলা, ৰছী টনা, কধৰা টনা, তিনিঠেঙীয়া দৌৰ, টেকেলী ভঙা, থাটি কপটি আদি।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments