
অসমৰ সামাজিক সমস্যা
প্ৰাকৃতিক সম্পদত চহকী আমাৰ ৰাজ্য অসম ভাৰতৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যসমূহৰ ভিতৰত এখন । অসমখনক তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে -- ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চল । ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান ভাষা হ'ল -অসমীয়া ।বড়োভূমি অঞ্চলত বড়ো ভাষাপ্ৰধান লোকে বাস কৰে আৰু বৰাক উপত্যকাত বাংলা ভাষাৰ প্ৰচলন আছে । বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসম পাহাৰ-পৰ্বত,নদ-নদীৰে ভৰা উৰ্বৰা শস্যভূমি । শংকৰ-মাধৱ,চুকাফা , আজান পীৰৰ দেশ অসম । ইয়াৰ বাৰেৰহণীয়া চহকী সংস্কৃতিয়ে যুগে যুগে সকলোকে মুগ্ধ কৰি আহিছে । এই অসম ভূমিতেই(তাহানিৰ বৰ অসম) আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাই 'সাত ৰাজ মাৰি এক ৰাজ' শাসন চলাইছিল । পবিত্ৰ অসম ভূমিত আৱিৰ্ভাৱ হৈছিল জগতগুৰু ,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে পুণ্য মনিষীৰ ।সংস্কৃতিৰ পূজাৰী জ্যোতিপ্ৰসাদ ,বিষ্ণুপ্ৰসাদ ,ভূপেন হাজৰিকাৰ দেশ অসম । পদ্মনাথ গোহাঞি বৰুৱা,সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা,চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী,চৈয়দ আব্দুল মালিক,হেমচন্দ্ৰ বৰুৱা ,মামণি ৰয়চম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ভবেন্দ্ৰনাথ শইকীয়া,হোমেন বৰগোহাঞি,লক্ষীনন্দন বৰা আদিৰ দৰে সাহিত্য কাণ্ডাৰীয়ে সমৃদ্ধ কৰি থৈ গৈছে অসমীয়া সাহিত্য ।ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱৰ ধ্বজা উৰুৱাই ভাৰতৰ পূৰ্ব দিশত আজিও সদম্ভে বিৰাজমান তাহানিৰ প্ৰাগজ্যোতিষপুৰ । সেউজ, সোণোৱালী আৰু প্ৰাকৃতিক সম্পদত চহকী অসমভূমি । তৎসত্বেও অসমক দুৰ্নীতি, নিবনুৱা সমস্যা, বাল্যবিবাহ ,জনবিস্ফোৰণ,প্ৰব্ৰজন, বিদেশী সমস্যা,বানপানী,গৰাখহনীয়া , শিক্ষা, স্বাস্থ্য, ড্ৰাগছ,মদ ,ভাং আদি মাদক দ্ৰব্যৰ প্ৰচলন কে ধৰি কেতবোৰ সামাজিক সমস্যাই জুৰুলা কৰিছে । অসমৰ চৰকাৰ,প্ৰশাসন , দল-সংগঠন,জনসাধাৰণ সকলো মিলি ঐক্যবদ্ধ প্ৰচেষ্টাৰে সামাজিক সমস্যাবোৰ নিৰ্মূলৰ দিশত কাম কৰি যাব লাগিব । অসমৰ সৰ্বদিশৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব লাগিব । লৌহিত্যৰ দুয়োপাৰে উজলি থকা উৰ্বৰা ভূমিখণ্ড, সেউজ ,সুন্দৰ প্ৰগতিশীল , শান্তিময় ৰাজ্য হ'ব লাগিব অসম। তলত অসমৰ জ্বলন্ত সামাজিক সমস্যাসমূহৰ এক বিশ্লেষণ দাঙি ধৰা হ'ল--
(ক) বান আৰু গৰাখহনীয়া সমস্যা:
অসমত বান সমস্যাৰ লগতে অন্য এক বৃহৎ সমস্যা হ’ল গৰাখহনীয়া ৷ এছ ডি আৰ এফ গাইড লাইনত গৰাখহনীয়া সমস্যাটো আজিও প্রাকৃতিক দুৰ্যোগ হিচাপে অন্তর্ভুক্ত কৰা হোৱা নাই ৷ ফলত এই ক্ষেত্রত ৰাজ্যই কেন্দ্রৰ পৰা কোনো সাহায্য লাভ নকৰে৷ অসমৰ বান সমস্যাকো আজিকোপতি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা হোৱা নাই ।ব্রহ্মপুত্র আৰু ইয়াৰ উপনদীসমূহৰ খহনীয়াৰ দিশটো অসমৰ বাবে এক ভয়ংকৰ সমস্যা ৷ বানতকৈও ডাঙৰ আৰু গুৰুত্বপূর্ণ সমস্যা খহনীয়া ৷ এই ক্ষেত্রত অসম চৰকাৰ বা কেন্দ্রীয় চৰকাৰে আজিও দায়িত্ব গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ প্রতিবছৰে বৃহৎ পৰিমাণৰ খেতি-মাটি ব্রহ্মপুত্রৰ বুকুত জাহ গৈছে৷ এক সমীক্ষা মতে ১৯৯০ চনৰ পৰা ২০০৮ চনলৈ প্রতিবছৰে ব্রহ্মপুত্রই গড়ে ৬২ বর্গ কিল’মিটাৰ আৰু উপনদীসমূহে ৩৮ বর্গ কিল’মিটাৰ ভূমি খহাই নিছে ৷ এই ১৮ বছৰত ব্রহ্মপুত্রৰ উত্তৰপাৰে ৬১৫ বর্গ কিল’মিটাৰ আৰু দক্ষিণপাৰে ৫৩৯ বর্গ কিল’মিটাৰ লৈ ১০৫৪ বর্গ কিল’মিটাৰ ভূমি ব্রহ্মপুত্রই বুকুলৈ নিলে ৷ লক্ষণীয় বিষয়টো হ’ল, ১৯১২ চনৰ পৰা ১৯২৮ চনলৈ চলোৱা এক সমীক্ষা মতে অসমত ব্রহ্মপুত্রখন আছিল ৩,৮৭০ বর্গ কিল’মিটাৰ৷ ১৯৬৩ চনৰ পৰা ১৯৭৫ চনলৈ চলোৱা সমীক্ষা মতে ব্রহ্মপুত্রখন হ’লগৈ ৪৮৫০ বর্গ কিল’মিটাৰ৷ অত্যধিক খহনীয়াৰ ফলত ২০০৬ চনৰ এক সমীক্ষা মতে ব্রহ্মপুত্রখন হ’লগৈ ৬,০৮০ বর্গ কিল’মিটাৰ৷ অসমৰ কৃষিভূমি এনেকৈ সংকুচিত হৈ অহাৰ বিষয়টো উদ্বেগজনক ।আলাপ-আলোচনাৰ মাধ্যমেৰে কেন্দ্রীয় চৰকাৰক অতি ভয়ংকৰ এই খহনীয়া সমস্যাক গুৰুত্ব দিবলৈ বাধ্য কৰোৱা উচিত । অসমক বানৰ পৰা বচাবলৈ বর্তমান মথাউৰিৰ বাহিৰে বিকল্প ব্যৱস্থা নাই ৷ অসমত বর্তমান ৪,৪৭৪ কিল’মিটাৰ মথাউৰি আছে৷ মথাউৰিসমূহৰ প্রায় প্রতিটোৰে বর্তমান অৱস্থা অতি দুর্বল, বহু মথাউৰি বর্তমান বিপদসংকুল অৱস্থাত আছে৷ মথাউৰিৰ ২১.৩ শতাংশ অর্থাৎ ৯৫০ কিল’মিটাৰ অতি দুর্বল৷ ৫৩.৬ শতাংশ দুর্বল৷ অসমৰ বান-গৰাখহনীয়া ৰোধৰ বাবে ব্রহ্মপুত্রৰ দুয়োকাষে পথ নির্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪০ হাজাৰ কোটি টকা আবণ্টন দিলে এই সমস্যা সমাধান কৰিব পৰা যাব বুলি বিশেষজ্ঞ সকলে মতপোষণ কৰে । (তথ্যঃ দৈনিক জনমভূমি,২৫ জুন,২০১৯)
জনবিস্ফোৰণ :
অসমৰ জনসংখ্যাই তিনি কোটিৰ ঘৰ কাহানিবাই স্পৰ্শ কৰিলে । দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা, খাদ্য সমস্যা, চিকিৎসাজনিত সমস্যাৰ সৃষ্টি কৰি আহিছে ।দ্ৰুতগতিত জনসংখ্যা বৃদ্ধিয়ে এটা ভয়াবহ পৰিস্থিতিলৈ আমাক লৈ যাব আৰু ৰাজ্যৰ অতিৰিক্ত জনসংখ্যাই খাদ্য সমস্যা, ভূমিৰ সমস্যা,নিবনুৱা সমস্যাকে ধৰি নানান সমস্যাৰ সৃষ্টি কৰিব ।অত্যধিক জনসংখ্যাই মানুহক দৰিদ্ৰতা আৰু নিৰক্ষৰতাৰ জালত আৱদ্ধ কৰি ৰাখিছে যিয়ে সমস্যাটোক আৰু অধিক বৃদ্ধি কৰিছে ৷ জনসংখ্যা বিস্ফোৰণ আমাৰ দেশৰ সকলো সমস্যাৰ মূল । দৰিদ্ৰতা , নিৰক্ষৰতা,ৰোগ , হিংসা , নিবনুৱা সমস্যা , প্ৰদূষণ,দুৰ্নীতিয়ে ইত্যাদিয়ে দেশৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰি আহিছে ।ভাৰতৰ পৰিয়াল পৰিকল্পনা আৰু কল্যাণমূলক কাৰ্যসূচী আৰু জনসংখ্যা নীতিয়ে আকাংক্ষিত ফলাফল দিব পৰা নাই আৰু জনসংখ্যা বৃদ্ধি অব্যাহত আছে যিয়ে আমাৰ সীমিত আন্তঃগাঁথনিৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে আৰু দেশৰ উন্নতিত অন্তৰায়ৰ সৃষ্টি কৰিছে । জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজৰ পাৰ্থক্যই জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ ৷ যদিও ২০১১ চনৰ লোকপিয়ল অনুসৰি জন্মৰ হাৰ প্ৰকৃততে হ্ৰাস পাইছে কিন্তু উন্নত অনাময় ব্যৱস্থা আৰু স্বাস্থ্য সুবিধাৰ বাবে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত জনসংখ্যা হ্ৰাস পোৱা নাই। মানুহৰ গড় আয়ুসো ৭০ বছৰলৈ বৃদ্ধি পাইছে ৷ চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উত্তৰণে কঢ়িয়াই আনিছে বৰ্ধিত জনসংখ্যাৰ বোজা ৷ যদিও , আইনগতভাৱে এগৰাকী ছোৱালীৰ বিবাহযোগ্য বয়স বৰ্তমান ২১ বছৰ কৰা হৈছে,তথাপিও বহু ঠাইত এই সীমাৰেখাৰ আগতীয়া বিবাহৰ ধাৰণাটো প্ৰচলিত হৈ আছে ৷ কম বয়সতে বিবাহপাশত আবদ্ধ কৰিলে সন্তান জন্ম দিয়াৰ বয়স দীঘলীয়া হোৱাৰ লগতে নিৰক্ষৰতায়ো জনসংখ্যা বৃদ্ধি অৰিহণা যোগাইছে ৷ গতিকে অসমৰ জনসংখ্যা নিয়ন্ত্ৰণত আনিবলৈ দুটা সন্তানৰ নীতি প্ৰযোজ্য কৰিব লাগে ।অসমৰ জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ চুবুৰীয়া দেশ আৰু ৰাজ্যসমূহৰ পৰা হোৱা প্ৰব্ৰজন । সেয়েহে অসমৰ বিদেশী সমস্যাৰ ওৰ পেলাবলৈ এখন সত্য ,শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুত কৰি বিদেশীক অসমৰ পৰা বিতাড়ণ কৰাৰ লগতে অবৈধ বিদেশী অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সীমান্তৰ বাংলাদেশ ব'ৰ্ডাৰ অঞ্চল বিদ্যুৎ সংযোজিত কাঁইটীয়া তাঁৰৰ বেৰাৰে সম্পূৰ্ণৰূপে চীল কৰিব লাগে প্ৰশাসনে
নিবনুৱা সমস্যা:
আমাৰ ৰাজ্যখনত বৰ্তমান মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩৬ লাখ,৪৬ হাজাৰ ,৬৯৫ গৰাকী। নিবনুৱাৰ এই সংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে । এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাজ্যৰ ৩৬ লাখ নিবনুৱাৰ ২১ লাখ পুৰুষ আৰু ১৫লাখ মহিলা । ২০২৩ বৰ্ষত অসমত পঞ্জীয়নভুক্ত নিবনুৱা আছিল ২১ লাখ । অৰ্থাৎ,এবছৰতে ৰাজ্যত বৃদ্ধি পালে ১৫ লাখতকৈ অধিক নিবনুৱা! ইকনমিক চাৰ্ভে অৱ আসাম,২০২৩-২৪ৰ তথ্যত উল্লেখ আছিল যে ক'ভিড-১৯ৰ পূৰ্বে ২০১৬ চনত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত অসমত নিবনুৱাৰ সংখ্যা আছিল ২০ লাখ । কিন্তু ক'ভিড সংক্ৰমনৰ ফলত ঘোষিত লকডাউনৰ পিছত ২০২১ চনত এই সংখ্যা বাঢ়ি হ'লগৈ ২২লাখ ১২৫ জন । আশ্চৰ্যকৰ যে এই সংখ্যাৰ লগত মাত্ৰ এবছৰতে দহ লাখ বাঢ়ি ২০২২চনত অসমৰ নিবনুৱাৰ সংখ্যা হ'লগৈ ৩২ লাখ ৩৪ হাজাৰ ৭৩৮ জন, অৰ্থাৎ প্ৰায় ৩২ লাখ ৩৫ হাজাৰ জন । ইয়াৰ পৰা এটা কথাই সুনিশ্চিত যে আমাৰ ৰাজ্যত নিবনুৱাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । আমাৰ ৰাজ্যখনত বা দেশত ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাৰ কাৰণবোৰ বিশ্লেষণ কৰাটো দৰকাৰী হৈ পৰিছে ।
ক'ভিড -১৯ মহামাৰী,বিমু্দ্ৰাকৰণ,জিএছটিৰ কেকোঁৰা চেপাত ভাৰতীয় অৰ্থনীতি প্ৰায় বিধ্বস্ত হৈ পৰা দেখা গৈছে । ফলস্বৰূপে নিবনুৱাৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে ৷ ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনত নিবনুৱা সমস্যা অন্যতম ডাঙৰ সমস্যা ৷ জনসংখ্যাৰ বিস্ফোৰণৰ লগে লগে নিবনুৱাৰ সংখ্যা বৃদ্ধি পায় ৷ আমাৰ উন্নয়ন পৰিকল্পনাই প্ৰত্যোক নিবনুৱা যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলিয়েই ক'ব লাগিব ৷ নীতি আয়োগৰ পূৰ্বে পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ ৰূপায়ণৰ পিছতো এই সমস্যাটো আগৰ দৰেই গুৰুতৰ হৈয়েই আছে ৷ নিবনুৱাসকলে প্ৰচলিত মজুৰিৰ হাৰত কাম কৰিবলৈ ইচ্ছুক কিন্তু চাকৰি বা উপযুক্ত কৰ্মসংস্থাপন নাপাই নিৰাশ হোৱা দেখা যায় ৷ ভাৰতত বিভিন্ন ধৰণৰ নিবনুৱা পৰিলক্ষিত হয় । কৃষিখণ্ডত প্ৰকৃততে প্ৰয়োজনতকৈ অধিক লোকে কাম কৰি আছে ৷ ইয়াৰে প্ৰয়োজনীয় একাংশই খেতিৰ কাম কৰিলেও উৎপাদনত কোনো হ্ৰাস -বৃদ্ধি নহয় ৷ এই ধৰণৰ ছদ্মৱেশী নিবনুৱা অপ্ৰয়োজনীয়ভাৱে কৃষিখণ্ডত নিয়োজিত হৈ আছে৷ । বছৰৰ কিছুমান বিশেষ ঋতুত ঋতুভিত্তিক নিবনুৱা সমস্যাৰ সৃষ্টি হয় ৷ বৰফৰ কাৰখানা আদি উদ্যোগত নিয়োজিত লোকসকল ঋতুকালীন নিবনুৱা ৷ নিয়মীয়া ব্যৱধানত বাণিজ্যিক চক্ৰৰ ফলত চক্ৰীয় নিবনুৱাৰ সৃষ্টি হয় ৷ পঢ়া-শুনা কৰি চাকৰি নোপোৱাসকল শিক্ষিত নিবনুৱাৰ শ্ৰেণীত পৰে ।এখন দেশৰ অৰ্থনৈতিক গাঁথনিৰ তীব্ৰ পৰিৱৰ্তনৰ বাবে গাঁথনিগত নিবনুৱা সমস্যাৰ সৃষ্টি হয় । ভাৰতৰ ১৫ বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তিৰ বৰ্তমান(ডিচেম্বৰ ২০২৩) নিবনুৱা হাৰ ৮.৭ শতাংশ আৰু হিমাচল প্ৰদেশত সৰ্বোচ্চ । ভাৰতত নিবনুৱাৰ হাৰ অধিক হোৱাৰ বাবে কেইবাটাও কাৰক দায়ী ৷ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে ভাৰতত বৃদ্ধি পোৱা জনসংখ্যা ৷ ভাৰতৰ জনসংখ্যা বৰ্তমান ১৪৩ কোটি হৈছেগৈ যাৰ ফলত ই চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে
দুৰ্নীতি আৰু অপৰাধ :
ৰাজ্যত বৰ্তমান দুৰ্নীতিয়ে সৰ্বত্ৰ ছানি ধৰিছে । চৰকাৰী একাংশ উচ্চ পদস্থ বিষয়া,কৰ্মচাৰীৰ পৰা আৰক্ষীলৈকে সকলোৱে দুৰ্নীতিত নিমজ্জিত হোৱা দেখা গৈছে । বহু নেতা,মন্ত্ৰী, সাংসদো দুৰ্নীতিমুক্ত হ'ব পৰা নাই । দুৰ্নীতি, অৰ্থনৈতিক অপৰাধ, ড্ৰাগছ চক্ৰ, সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী সংগঠনক সহায় কৰা----এই আটাইবোৰ পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত।চৰকাৰী পুঁজিৰ শৰাধে ৰাজ্যৰ বিকাশৰ মান নিম্নগামী কৰে ।দুৰ্নীতিয়ে ধনীক ধনী কৰে আৰু দুখীয়াক দুখীয়া । ফলত ৰাজ্যৰ উন্নয়ন আৰু বিকাশ সাধন নহয় । সেয়েহে চৰকাৰী ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰিবলৈ সৰ্বপ্ৰথমে ৰাজ্য চৰকাৰেই দুৰ্নীতিমুক্ত ৰাজ্যৰ প্ৰতিজ্ঞা ল'ব লাগিব । সংবাদ মাধ্যম,জনগণক দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা আনিবলৈ উদ্বুদ্ধ কৰিব লাগিব ।প্ৰতিটো চৰকাৰী কাৰ্যালয়ত চি চি টিভি কেমেৰা লগোৱা উচিত । আনহাতে অপৰাধ হ্ৰাসৰ বাবে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱা উচিত ।দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ প্ৰশাসন হ’ব লাগিব স্বচ্ছ, দায়বদ্ধ, নীতিনিষ্ঠ আৰু জনসাধাৰণৰ জবাবদিহি, তেতিয়াহে দুৰ্নীতি ৰোধ সম্ভৱ হ’ব।দুৰ্নীতি,অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ গ’লে নিৰ্দিষ্ট পদ্ধতিত সেইবোৰ তদন্ত কৰা, অনুসন্ধানকাৰী দলক যথাযথ নিৰাপত্তাৰ দিহা কৰা , দক্ষতা বৃদ্ধি আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সৰ্বাঙ্গীনভাৱে এক উদ্যোগ গ্ৰহণ কৰিব লাগে। ডাইনী হত্যা,অন্ধবিশ্বাস ,যৌতুক আদিৰ দৰে কু-প্ৰথাসমূহ অসমৰ পৰা পুলিয়ে-পোখাই উভালিব লাগিব ।
নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন নিষিদ্ধ কৰাঃ
ৰাজ্যত সম্প্ৰতি ড্ৰাগছৰ পয়োভৰ ।বৰ্তমান অসমত প্ৰায় প্ৰতিদিনে মাৰাত্মক ড্ৰাগছ উদ্ধাৰ হৈছে আৰক্ষীৰ অভিযানত ।ড্ৰাগছ সেৱন,সুৰাপান,ধূম্ৰপানৰ অভ্যাসে এটা জাতিক মৃত্যুমুখলৈ ঠেলি দিয়ে । নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলে এইসমূহ নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধ্বংসৰ মুখলৈ গতি কৰে । দ্ৰুত উদ্যোগীকৰণ,নগৰীকৰণ আৰু প্ৰব্ৰজনে সামাজিক নিয়ন্ত্ৰণৰ পৰম্পৰাগত নিয়মক মষিমূৰ কৰি সমাজত বিশৃংখলতা সৃষ্টি কৰাৰ সমান্তৰালকৈ আধুনিক জীৱন শৈলীয়েও ব্যক্তি মনত নিৰাশা,হতাশা,মানসিক চাপ,উৎকণ্ঠা আদি বৃদ্ধি কৰিছে ।সেয়েহে সমাজত ড্ৰাগছ সেৱনৰ প্ৰকোপ বাঢ়িছে । চৰকাৰ,প্ৰশাসন, বেচৰকাৰী সংগঠন আৰু জনসাধাৰণে উঠি অহা প্ৰজন্মক ড্ৰাগছৰ কু-প্ৰভাৱৰ বিষয়ে সজাগ সচেতন কৰি তুলিব পাৰিলেহে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা সমাজখনক উদ্ধাৰ কৰিব পৰা যাব । বিদ্যালয় ,পৰিয়াল আৰু সামাজিক অনুষ্ঠান সমূহত নিচাযুক্ত দ্ৰব্যৰ কু প্ৰভাৱৰ কথা আলোচনা হোৱা উচিত, সংবাদ মাধ্যম,আলোচনীসমূহে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিশেষ লেখা প্ৰকাশ কৰা উচিত । চৰকাৰে টিভি,বাতৰিকাকতত নিচাযুক্ত দ্ৰব্যৰ বিজ্ঞাপন ৰোধ কৰাৰ লগতে ৰাজ্যত তেনে দ্ৰব্যৰ উৎপাদন ,প্ৰচলন,বিক্ৰী আৰু সেৱনত নিষেধাজ্ঞা আৰোপ কৰা উচিত । তেহে নতুন প্ৰজন্মই স্বাস্থ্যৱান দেহ-মনৰ গৰাকী হ'ব পাৰিব আৰু দেশেও উপযুক্ত মানৱ সম্পদ লাভ কৰিব ।
উগ্ৰপন্থীৰ সমস্যাৰ সমাধান জৰুৰীঃ
আলফা স্বাধীনকে ধৰি অসমত বড়ো, ৰাভা, কাৰ্বি, ডিমাছা, জনজাতি সমূহৰ মাজতো নিজ নিজ জাতিৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতো বিপ্লৱী তথা উগ্ৰপন্থী গোটৰ সৃষ্টি হৈছে। এই উগ্ৰপন্থী সংগঠন সমূহে অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। গতিকে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সৈতে উগ্ৰপন্থী সংগঠনসমূহ স্থায়ী শান্তি প্ৰতিষ্ঠা আৰু অসমৰ উন্নতিৰ স্বাৰ্থত আলোচনাৰ মেজলৈ আনিলে এই সমস্যাৰ এটা সমাধান সূত্ৰ আৱিস্কাৰ হোৱাটো নিশ্চিত । অসম তেতিয়াহে সুস্থ আৰ্থ-সামাজিক উত্তৰণে গা কৰি উঠিব।
জাতি-জনগোষ্ঠীৰ সম বিকাশ আৰু উন্নয়ন:
অসম বিভিন্ন জাতি-জনগোষ্ঠী আৰু বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে ভৰা এখন বৈচিত্ৰ পূৰ্ণ ৰাজ্য। এই মনোমোহা ৰাজ্যখনৰ মানুহবোৰ বিশেষকৈ আৰ্য্য, মংগোলীয়,অষ্ট্ৰিক আৰু ব্ৰহ্ম দেশীয় থুলৰ লোক। সকলো জাতি- উপজাতি মিলি গঢ়ি উঠিছে বৃহত্তৰ অসমীয়া সংস্কৃতি। অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহ আৰু তেওঁলোক প্ৰত্যেকৰে সংস্কৃতি, কলাকৃষ্টি, সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে।আহোম,চুতীয়া, কোচ,কলিতা,সোণোৱাল, ঠেঙাল,কছাৰী,বড়ো,ৰাভা,গাৰো, কাৰ্বি, মিৰি, তিৱা,চাহ জনগোষ্ঠী আদি বিভিন্ন জাতিৰ মানুহে অসমত সহবাস কৰে।ইয়াৰোপৰি বিভিন্ন ধৰ্ম,বৰ্ণ, ভাষিক লোকে অসমত বাস কৰি আহিছে ।বেছিভাগ জনজাতিৰ নিজস্ব ভাষা আছে যদিও অসমীয়াই হৈছে অসমত প্ৰচলিত মুখ্য ভাষা।এই সকলোবোৰ জাতি -জনগোষ্ঠীৰ জাতি,ভেটি,মাটি, পৰম্পৰা,স্বকীয় ঐতিহ্য,কৃষ্টি-সংস্কৃতিৰ ৰক্ষণাবেক্ষণ, সম অধিকাৰ,সম বিকাশ,সম উন্নয়ন, সংবৰ্ধনৰ বাবে চৰকাৰে যথোপযুক্ত, সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰি ৰূপায়ণ কৰিলে জাতি-জনগোষ্ঠীসমূহৰ মাজত একতাৰ জৰীডাল অধিক মজবুত হ'ব আৰু অসমবাসী হিচাপে প্ৰত্যোকেই অসমৰ উন্নতিত অভূতপূৰ্ব অৰিহণা যোগাব ।অতীজৰেপৰা 'শংকৰ-আজানৰ দেশ' খ্যাত পবিত্ৰ,শান্তিভূমি অসমত জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে সকলো একগোট হৈ আগবাঢ়ি গ'লেহে উমৈহতীয়া জাতীয় চেতনা বৃদ্ধি পাই অসমীয়া জাতীয়তাবাদ অধিক সুদৃঢ় হ'ব ।মানৱীয় প্ৰমূল্যৰে জীপাল গণতান্ত্ৰিক জাতীয়তাবাদৰ ধাৰাক যদি অসমীয়া জাতীয়তাবাদীয়ে গ্ৰহণ কৰে আৰু অসমৰ আন সকলো ভাৰতীয় নাগৰিকৰ প্ৰতিটোৰে নিজ নিজ জাতীয় তথা ধৰ্মীয় জীৱনৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আৰু সম্পূৰ্ণ ভাতৃত্ববোধৰ মনোভাবেৰে আৰু শান্তিপূৰ্ণ বৌদ্ধিক,অৰ্থনৈতিক ,ৰাজনৈতিক, সামাজিক ,শৈক্ষিক আদান-প্ৰদানেৰে অসমীয়া জাতীয় জীৱনক পুনৰ শক্তিশালী কৰাৰ প্ৰচেষ্টাত ব্ৰতী হয়, তেন্তে বৃহত্তৰ অসমীয়া জাতীয় জীৱনে পুনৰ ঠন ধৰি উঠিব আৰু অসম প্ৰগতি দিশত আগুৱাই যাব ।
দৰিদ্ৰতা :
দেশৰ বিভিন্ন ৰাজ্যই সন্মুখীন হৈ অহা এক জ্বলন্ত সমস্যা হৈছে দৰিদ্ৰতা। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায়,য'ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধা সমূহ আহৰণত ব্যৰ্থ হয়।দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নিৰ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্ৰ এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্ৰচলিত। ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিক আগবঢ়োৱা সংজ্ঞামতে গাঁও অঞ্চলত দৈনিক নূন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত জনসংখ্যা বৃদ্ধিয়ে অৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত হেঙাৰ হিচাপে দেখা দিছে | দেশ বা ৰাজ্য এখনৰ অৰ্থ-সামাজিক বিকাশৰ বাবে দেশখনৰ জনসাধাৰণৰ ষ্টেণ্ডাৰ্ড অৱ লিভিং অৰ্থাৎ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'বই লাগিব | সাধাৰণ অৰ্থত জীৱন ধাৰণৰ মানদণ্ড বুলি কলে ব্যক্তিসমূহৰ ভোগৰ সংখ্যাগত আৰু গুণগত পৰিপূৰ্ণতাক সামৰি লয়, সামৰি লয় প্ৰতিজন ব্যক্তিৰ কল্যাণৰ ধাৰণা অৰ্থাৎ দেশখনৰ জণসাধাৰণে কেনেদৰে জীৱন নিৰ্বাহ কৰি আছে | ব্যক্তি এজনৰ জীৱন ধাৰণৰ মানদণ্ড কেৱল সেই ব্যক্তিজনৰ প্ৰয়োজনীয়তা আৰু ইচ্ছাশক্তিৰ দ্বাৰাই নিৰূপিত নহয় ; সমাজখনৰ প্ৰয়োজনীয়তাও বিচাৰ্য বিষয় । উন্নয়নশীল দেশত জনসংখ্যা বৃদ্ধি ,দৰিদ্ৰতা আৰু জীৱন ধাৰণৰ মানদণ্ড আভ্যন্তৰিণভাৱে সম্পৰ্কিত | ভাৰতত দৰিদ্ৰতাৰ ক্ষেত্ৰত জনসংখ্যাৰ দ্ৰুত বিকাশে যথেষ্ট ঋনাত্মক প্ৰভাৱ পেলাইছে আৰু জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী কৰিছে । একেদৰে অসমতো জনসংখ্যাৰ ক্ৰমাগত বৃদ্ধি আৰু নিৱনুৱাৰ পৰিমাণ বাঢ়ি অহাত দৰিদ্ৰতাই ভয়ানক ৰূপ লৈছে আৰু GDP, জনমূৰি আয় নিম্নগামী হৈছে | যিহেতু GDP ,জনমূৰি আয়ে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড নিৰূপনৰ এটি প্ৰক্ৰিয়া সেয়ে ইয়াৰ নিম্নগামী দিশটোৱে জীৱন ধাৰণৰ মান হ্ৰাস হোৱাত প্ৰভাৱ পলাইছে । দৰিদ্ৰতা সমস্যাই নিৰক্ষৰতা আৰু শিশু শ্ৰমিক সমস্যাৰো সৃষ্টি কৰে । সেয়ে অসমৰপৰা দৰিদ্ৰতা নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা আৰু ৰাইজৰ দিহা-পৰামৰ্শৰে বাৰ্ষিক বাজেটত যথোপযুক্ত আঁচনি গ্ৰহণ কৰাৰ থল আছে ।
উচ্চ শিক্ষাৰ সমস্যা:
ৰাজ্যত উচ্চ শিক্ষাৰ বাবে শিক্ষানুষ্ঠানৰ সংখ্যা কম । শিক্ষানুষ্ঠান আছে যদিও আসনৰ সংখ্যা কম ।গতিকে উচ্চ শিক্ষানুষ্ঠানত ছাত্র-ছাত্রীৰ বাবে আসন বৃদ্ধিৰ লগতে পৰাপক্ষত নতুন নতুন বিদ্যায়তনিক,কাৰিকৰী,সাংস্কৃতিক মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন কৰাত গুৰুত্ব দিব লাগিব যাতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকলৰ সপোন আসনৰ নাটনিৰ বাবে স্তব্ধ নহয় ।অসমৰ পৰা বহিঃৰাজ্যলৈ 'ব্ৰেইন ড্ৰেইন'ৰোধ কৰিবলৈ অসমতে উচ্চ মানদণ্ড সম্পন্ন শিক্ষানুষ্ঠান গঢ়িব লাগিব ।ইয়াৰোপৰি ৰাজ্যৰ নিম্ন প্ৰাথমিকৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক পৰ্যন্ত বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মানদণ্ড শক্তিশালী কৰিব লাগিব ।ৰাজ্যত অধ্যয়নৰ পৰিৱেশ সুদৃঢ় কৰিবলৈ প্ৰতিখন গাঁও পঞ্চায়ত,পৌৰসভা এলেকাত ৰাজহুৱা পুথিভঁৰাল গঢ় দিব লাগিব ।উচ্চ শিক্ষাত গৱেষণাৰ প্ৰয়োগ বৃদ্ধি কৰিব লাগিব ।দেশ বা বিদেশত উচ্চ শিক্ষা গ্ৰহণ,গৱেষণাৰ বাবে মেধাবী শিক্ষাৰ্থী ,গৱেষকলৈ শিক্ষা ঋণৰ লগতে চৰকাৰী পৰ্যাপ্ত জলপানী প্ৰদানৰ ব্যৱস্থা কৰা উচিত । ইয়াৰ দ্বাৰা ৰাজ্যত শিক্ষাবিদৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে প্ৰতিভাৰ অপচয় ৰোধ কৰিব পৰা যাব ।
স্বাস্থ্য খণ্ডৰ সমস্যা:
সেইদৰে স্বাস্থ্যখণ্ডত জনস্বাস্থ্যৰ উন্নতি সাধনৰ লক্ষ্য হিচাপে চিকিৎসক, স্বাস্থ্য বিষয়া আৰু অন্যান্য স্বাস্থ্য পেছাদাৰী তথা বিশেষজ্ঞসকলক অত্যাধুনিক চিকিৎসা প্ৰযুক্তিৰ সুবিধা কৰি দিব লাগিব । প্ৰতিখন চৰকাৰী চিকিৎসালয়তে ঔষধ আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ যোগান উপলব্ধ থকা উচিত । ৰাজ্যত জেনেৰিক আৰু অত্যাৱশ্যকীয় ঔষধৰ আহৰণ আৰু ঔষধ যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰৰ স্বাস্থ্য বিভাগে । এইচআইভি/এইডছৰ ক্ষেত্ৰত সহযোগিতা আৰু গৱেষণা বিকাশ,মহামাৰী নিৰীক্ষণ প্ৰযুক্তি আৰু কৌশলৰ বিকাশ আৰু উত্তৰণ,প্ৰাথমিক স্বাস্থ্যসেৱাৰ খণ্ডত উত্তম অনুশীলনৰ বিনিময়,চিকিৎসালয় ব্যৱস্থাপনা আৰু ৰাজহুৱা স্বাস্থ্যসেৱা কেন্দ্ৰসমূহৰ তথ্য বিনিময়, জনস্বাস্থ্যৰ উত্তৰণ আৰু চিকিৎসা নিষ্কাশন ব্যৱস্থাপনাৰ অভিজ্ঞতা বিনিময় সুদৃঢ় কৰা , স্বাস্থ্য উত্তৰণ আৰু ৰোগ প্ৰতিৰোধত গুৰুত্ব দিব লাগিব । চিকিৎসক আৰু চিকিৎসাকেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰিব লাগিব । সমান্তৰালকৈ এম্বুলেঞ্চ সেৱাও পৰ্যাপ্ত হ'ব লাগিব যাতে উপযুক্ত চিকিৎসা অবিহনে কোনো ৰোগীৰে মৃত্যু নহয় ।প্ৰসূতী মৃত্যুৰ হাৰ হ্ৰাস কৰিব লাগিব। শিশুৰ পুষ্টিকৰ আহাৰত গুৰুত্ব দিব লাগিব। অসমৰ মানৱ সম্পদ উন্নয়ন সূচকাংক(Human Development Index)ৰ হাৰ ত্বৰান্বিত কৰিব লাগিব । তাৰ বাবে সাক্ষৰতাৰ হাৰ,নৱজাতকৰ জীৱনৰ নিশ্চয়তা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ হাৰ বৃদ্ধি কৰিব লাগিব ।গাঁও,বাগিচা, চৰ-চাপৰি অঞ্চলত খোৱা পানী আৰু অনাময় ব্যৱস্থাৰ উন্নতি ঘটাই সোঁচৰা ৰোগৰ সংক্ৰমণ ৰোধত গুৰুত্ব দিয়াটো জৰুৰী ।
সামৰণিঃ
সমাজ থাকিলে সমস্যা থাকিবই । এই সমস্যাসমূহ শান্তিৰ্পূভাৱে সমাধান কৰাতহে আমি যত্নপৰ হোৱা উচিত । সমস্যাসমূহ দীৰ্ঘ দিনলৈ বৰ্তি থাকিলে সমাজত অৰাজক পৰিস্থিতি আৰু অশান্তিৰ সৃষ্টি হয় । এইবোৰ দূৰ কৰিব পাৰিলেহে আমাৰ সামাজিক জীৱন সুন্দৰ হব। ৰাইজৰ মাজত থকা সচেতনতা সহযোগিতা পাৰস্পৰিক বুজা বুজি আন্তৰিকতা বিশ্বাস এৰা ধৰাৰ মনোভাব আদি মানৱীয় গুনবোৰে সমাজত একতা গঢ়ি তোলাত সহায় কৰে । আমাৰ সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেএত এইবোৰ অপৰিহাৰ্য কাৰক হিচাপে অৰিহনা যোগাব পাৰে । অসমৰ সমস্যাবোৰৰ ভিতৰত আমি ওপৰত আলোচনা কৰা সমস্যাবোৰ সমাজত আজিও বৰ্তি থকাৰ অন্যতম কাৰণ হ'ল চৰকাৰৰ উদাসীনতাও । সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এটাৰ পিছত এটা নতুন সমস্যাই গা কৰি উঠিছে। দেখা যায় যে অসমৰ প্ৰতিটো সমস্যাই এটাৰ লগত আনটোৰ অঙ্গাগীভাৱে জড়িত। বিভিন্ন গন মাধ্যম যেনে - টি.ভি ,ৰেডিঅ, প্ৰচাৰ পত্ৰিকা, বাতৰি কাকত বাটৰ নাট ,পোষ্টাৰ আদিৰ যোগেদিও ৰাইজৰ মাজত সজাগতা আনি সমস্যাবোৰ নিৰ্মূল কৰাত অৰিহণা যোগাব পাৰি । গাঁও পঞ্চায়ত আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে এই সমস্যাবোৰৰ সমাধান সহায় কৰিব পাৰে ।সামাজিক জীৱন সুখৰ আৰু উন্নত কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকৰে কিছুমান কৰ্তব্য আছে । আমি সকলোৱে মিলি একগোট হৈ হিংসা, দ্বেষ, জাতি,ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি এখন নিকা সমাজ গঢ়ি তুলিব পাৰোঁ ।
(সমাপ্ত)
সঞ্জয় ৰবিদাস
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments