08 September, Sun 2024
support@thecriticalscript.com
Blog image

ৰাজ্যত আৰম্ভ লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

26 Apr,2024 11:21 AM, by: Ankita Gogoi
1 minute read Total views: 313
0 Like 0.0

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যটো আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।অসমতো ৫ সমষ্টিত ক্ৰমে নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং-ওদালগুৰিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।পুৱাৰে পৰা ভোটকেন্দ্ৰবোৰত ভোটাৰৰ ভিৰ পৰিলক্ষিত হৈছে। 

আজি EVMত বন্দী হব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী।মুঠ ভোটাৰৰ সংখ্যা ৭৭,২৬,৬৬৮। ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত পুৱা ৯ বজালৈ অসমত ৯.৭১% লোকে ভোটদান সাব্যস্ত কৰে।

 আজি নগাঁৱত তিনি প্ৰাৰ্থী অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা, কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মাজত মহাৰণ।ডিফুত বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোটযুদ্ধ। ডিফুত বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিছআনহাতে ডিফুত কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেং। দৰং-ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া, কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী আৰু BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো।শিলচৰত বিজেপিৰ পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰ। কৰিমগঞ্জত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লা আনহাতে কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী।

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.