25 February, Wed 2026
support@thecriticalscript.com
Blog image

অসমৰ নেঘেৰিটিং শিৱদৌলৰ ইতিহাসৰ কথা জানেনে?

24 Feb,2026 05:46 PM, by: Ankita Gogoi
1 minute read Total views: 42
0 Like 0.0

অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত অৱস্থিত নেঘেৰিটিং শিৱদৌল এক ঐতিহাসিক ধৰ্মীয় স্থান, যি ১৭৬৫ চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল।কোৱা হয় যে মন্দিৰটো থকা ঠাইখন এসময়ত স্থানীয়ভাৱে নেঘেৰী নামেৰে জনাজাত এটা অদ্ভুত চৰাইৰ বাসস্থান আছিল। সেইয়ে এই ঠাইখন নেঘেৰিটিং নামেৰে জনাজাত হৈ পৰিল। এই মন্দিৰটো পাহাৰৰ টিলাত অৱস্থিত আৰু ইয়াত মূল শিৱলিংগৰ উপৰিও গণেশ, সূৰ্য, দুৰ্গা আৰু বিষ্ণুৰ মন্দিৰ থকা বাবে ইয়াক "পঞ্চায়তন মন্দিৰ" বুলিও জনা যায়।

এই মন্দিৰ দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হয়। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰিৰে উঠি বাট অতিক্ৰম কৰি মন্দিৰৰ প্রৱেশ পথ পোৱা যায় আৰু গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পায়। মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। নেঘেৰিটিং শিৱদৌল আহোম যুগৰ শিল্প কলাৰ এক সুন্দৰ নিদর্শন। ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে আৰু প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে। মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে। এই লিংগটোৰ আকাৰ প্ৰায় ৩ ফুট। পূজা কৰিবৰ কাৰণে স্বৰ্গদেউ প্রতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক পূজাৰী হিচাবে নিয়োগ কৰে। দেৰগাঁৱৰ শিৱদৌলৰ প্রতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেওঁলোকে পূজাৰ নিৰ্মালি লৈ আহাৰ গ্ৰহণ কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ “বৰ আলি ‘নামৰ এটি চমু পথ আছিল। দৌলৰ প্রধান ঠাকুৰ জনক “বৰঠাকুৰ” বোলা হৈছিল। দৌলত পূজা কৰিবৰ কাৰণে স্বৰ্গদেউ প্রতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক পূজাৰী হিচাবে নিয়োগ কৰে। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।

ইতিহাসবিদ সকলৰ মতে উৰবা নামৰ এজন ঋষিয়ে এই ঠাইতে এটা দ্বিতীয় কাশী স্থাপন কৰিব বিচাৰিছিল যাৰ বাবে তেওঁ তাত বহুতো শিৱ লিংগ সংগ্ৰহ কৰিছিল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নেঘেৰিটিং শিৱদৌল প্রতিষ্ঠা আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে শিৱৰ এটা মন্দিৰ সাজিছিল। এই মন্দিৰ নদীৰ পানীয়ে খহাই নিছিল আৰু সেইয়ে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৬৮৭ শকত নেঘেৰিটিংৰ টিলাৰ ওপৰত নেঘেৰিটিং শিৱ মন্দিৰ প্রতিষ্ঠা কৰে। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য। এই নৃত্য কৰা সকলক "নটী" বোলা হৈছিল। নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক "নেঘেৰী খোপা" বোলা হৈছিল। এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল।চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত মুগ্ধ হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলশ্বৰী কুঁৱৰী আৰু প্রমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।এই ইতিহাসপ্ৰসিদ্ধ মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে বান্দৰ। ইয়াত বহু বান্দৰ দেখা পোৱা যায়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.