আলি আয়ে লৃগাং মিচিংসকলৰ এক পৰম্পৰাগত উৎসৱ
সমগ্ৰ ৰাজ্যতে আজি আলি আয়ে লৃগাং উদযাপন কৰা হৈছে৷ ৰাজ্যজুৰি আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত উখল-মাখল পৰিৱেশ। আলি আয়ে লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিছিঙসকলৰ পৰম্পৰাগত উৎসৱ। কৃষিৰ লগত জড়িত এই উৎসৱ তেওঁলোকৰ বাবে এক বসন্তকালীন উৎসৱ। ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰা হৈছিল৷ য'ত তেওঁলোকে পৰম্পৰাগত ৰীতি-নীতি আৰু নৃত্য প্ৰদৰ্শন কৰে। মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে সমূহীয়াভাৱে ভোজভাত খাই নানান নৃত্য-গীত কৰে। প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। উৎসৱটি দুটা ভাগত বিভক্ত। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষভাৱে চহাই ঘৰৰ মুৰব্বীয়ে বিশেষ মন্ত্ৰ মাতি মাটিডৰাত কণী ভাঙি আলু, আদা, ধান ৰোপণ কৰে। ইয়াকেই ‘লৃগাং’ বুলি কোৱা হয়। ইয়াৰ পাছত ভগৱানলৈ পুৰাং আৰু আপং আগবঢ়াই ভাল কৃষিৰ বাবে প্ৰাৰ্থনা জনায়। এই অনুষ্ঠান গাঁৱৰ প্ৰতি ঘৰতে কৰা হয়৷ পথাৰৰ পৰা আহি ভোজ-ভাত খাই সন্ধিয়া 'পাকছ-মনাম' নৃত্য কৰে৷ এই নৃত্যত সকলোৱে অংশগ্ৰহণ কৰে৷ উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই ‘দঞিপল’ (সূর্য-চন্দ্র)ৰ নাম লৈ, যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে মংগল হওঁক, তাৰে কামনা কৰে। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়। আলি-আই-লৃগাং উৎসৱ সাধাৰণতে পাঁচদিন ধৰি চলে। এই পাঁচদিন ডেকা-গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ নৃত্য কৰি ধান, চাউল আদি সংগ্ৰহ কৰে আৰু শেষৰ দিনা ভোজ-ভাত খায়। কোনো কোনো অঞ্চলত এই উৎসৱ তিনি দিন হয়। উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা পুৰাং আপিন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত) প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰে৷ মহিলাসকলে পুৱাই উঠি ঘৰৰ চোতাল আদি সাৰি-মচি পৰিষ্কাৰ কৰে৷ গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে৷ উৎসৱৰ দিনা পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি 'পুৰাং' আপিন সিজায়৷ ইয়াৰ পিছত গাঁৱৰ প্ৰতিঘৰৰ মুখিয়ালজনৰ ঘৰৰ কেইজনমানে পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰে৷ সেই মাটিডৰাত চাৰি চুকত চাৰিডাল পীঃৰ (মেডেলা) গছৰ আগলি কাটি আনি গুজে৷ আলি আয়ে লৃগাং উপলক্ষে মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাকবোৰ ভিতৰত এগে, ৰিঃবি, গাচেং, ছমীৰ, পতালি বা চেগ্ৰেগ, চেগবুং, পঃতুব, কেবুং, পেঃৰে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃনাম এগে ইত্যাদি। আনহাতে, পুৰুষে ব্যৱহাৰ কৰা কাপোৰবোৰ হৈছে : মিবু গালুগ, লুকৰ গালুগ, গনৰ উগৰ, দুমৌৰ আদি৷ আপোনজনক উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াই৷ গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছঃমান (ডেকা-গাভৰুৰ নৃত্য) কৰিবলৈ। আগতে আলি আয়ে লৃগাঙৰ দিনা ডেকা-গাভৰুৱে নচা নাচক ‘লৃগাং ছঃমান’ বুলি কোৱা হৈছিল যদিও বর্তমান এই নাচক ‘গুমৰাগ ছঃমান’ বুলি কোৱা হয়।মিছিংসকলে গধূলি সময়ৰে পৰা ‘গুমৰাগ’ নৃত্যৰ আয়োজন কৰে। নাচৰ লগে লগে তাল,মাধা, পেঁপা, লেংনং, তাপুং আদি বাদ্যযন্ত্ৰ বজায়।গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়। ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা।এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ বিহিত হৈ আছে। লৃগাঙৰ পঞ্চম দিনা লৃঃলেন বা চাপলেন অর্থাৎ গেনা ভংগৰ নিয়ম কৰে। সকলো ৰাইজৰে মংগল প্ৰাৰ্থনা কৰি লৃগাং পৰ্বৰ সামৰণি মাৰে। আলি আয়ে লৃগাং উৎসৱটিৰ লগত মিচিং লোকসকলৰ জাতীয় জীৱনৰ ধৰ্ম আৰু লোক-বিশ্বাসৰ কথাও জড়িত হৈ আছে।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments