বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চাউলুং চ্যুকাফা
৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম গৰাকী স্বৰ্গদেউ, বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং
চুকাফাৰ বীৰত্ব, তথা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনায় সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰ দিনটোক ‘‘অসম দিৱস’’ হিচাপে পালন কৰি
আহিছে। মং মাওৰ শান ৰাজকুমাৰ চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ
খণ্ডত ভৰি থৈছিল আৰু অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত শিৱসাগৰ
জিলাৰ চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে৷
বিভিন্ন জাতি-জনগোষ্ঠীক ছ্যুকাফাই
আহি লগ পোৱা থল গিৰী মৰাণ, বৰাহী, কছাৰী, চুতীয়া আদি সকলো জাতিকে মিত্ৰতাৰে এক গোট কৰি এখন শক্তিশালী
‘অসম
দেশ’ গঢ়
দিছিল। মিত্ৰতাৰে একত্ৰিত কৰি আজিৰ অসমীয়া জাতিৰ সপোন দেখিছিল
তেতিয়াই চুকাফাই।তেতিয়া অসম বুলি কোনো ৰাজ্য বা দেশ নাছিল। তেওঁ অতি পৰাক্ৰমী
দুৰ্দান্ত সাহসী আৰু বীৰ পুৰুষ আছিল।য়ুং-ৰি-মুঙ-ৰাম নামৰ পৰ্বতৰ ৰাজ্য এখনৰ তেওঁ
ৰাজকোঁৱৰ আছিল।চাওলুং চুকাফা আছিল তাই বংশৰ লোক। অসমৰ সীমাৰ পৰা চীন দেশৰ প্ৰায়
মাজভাগলৈকে তাই সকলৰ বসতি আছিল। ‘তাই’ৰ অৰ্থ হ’ল- স্বৰগৰ পৰা অহা লোক।আইতাকৰ
উপদেশ মৰ্মে পৰিয়ালগত বিবাদৰ পৰা আঁতৰি থাকি মাওলুং ৰাজ্যৰ পৰা তেওঁ অসম অভিমুখে
ৰাওনা হৈছিল
চাওলুং চুকাফাই সেই আহোম ৰাজত্বৰ আধাৰ । যুদ্ধৰ সলনি বন্ধুত্বৰে তেওঁ চুবুৰীয়া ৰাজ্য আৰু জাতিৰ শাসন কৰ্তাক আকোৱালী লৈছিল । চুকাফা আছিল অসমৰ ইতিহাসৰ এহেজাৰো অধিক কালৰ ভিতৰত শ্ৰেষ্ঠ আৰু অদ্বিতীয় ৰাজনীতিবিদ ।চ্যুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। আইতাকৰ উপদেশ মৰ্মে পৰিয়ালগত বিবাদৰ পৰা আঁতৰি থাকি মাওলুং ৰাজ্যৰ পৰা তেওঁ অসম অভিমুখে ৰাওনা হৈছিল। স্বৰাজ্য এৰি অহাৰ সময়ত চ্যুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল। লগতে ১০৮০ সৈনিক, ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী।১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চ্যু-কা-ফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে। আহোম সকলৰ প্ৰথম ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। দ্বিতীয় ৰাজধানী নামৰূপত পাতিছিল আৰু দাপ ৰাও চন্দ্ৰবৰ্ষত নামৰূপ এৰিছিল। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ। পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়।আহোম স্বৰ্গদেউ সকল আছিল উদাৰ আৰু দূৰদৃষ্টি সম্পন্ন । তেওঁলোকৰ বন্ধুত্বপূৰ্ন মনোভাৱ,জাতি গোষ্ঠীৰ প্ৰতি আন্তৰিকতা, সুনিপুন আত্মৰক্ষা কৌশলে অসমীয়া জাতিৰ ভেটি শক্তিশালী কৰি তুলিছিল ।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments