27 July, Sat 2024
support@thecriticalscript.com
Blog image

অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী 'আইদেউ সন্দিকৈ'ৰ ত্যাগ

07 Jan,2023 05:48 PM, by: Ankita Gogoi
1 minute read Total views: 803
0 Like 0.0

আইদেউ সন্দিকৈ এটি গুৰুত্বপূৰ্ণ নাম; কাৰণ তেওঁ আছিল প্ৰথম অসমীয়া অভিনেত্ৰী। কিন্তু তেওঁৰ কাহিনীটো ইমান গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ এইটোৱেই একমাত্ৰ নহয়। মাত্ৰ ১৬ বছৰ বয়সতে আইদেউ সন্দিকৈয়ে অসমীয়া ছবিৰ মাইলৰ খুঁটি জয়মতীত ‘সতী জয়মতী’ৰ চৰিত্ৰটি ৰূপায়ন কৰিছিল কিন্তু তাৰ পিছত গোটেই জীৱন তেওঁ সমাজৰ পৰা বঞ্চিত হৈ ৰব লগা হৈছিল।আইদেউ সন্দিকৈৰ জন্ম হৈছিল গোলাঘাটৰ পানী-দিহিঙীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মা-লক্ষ্মী। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মান কৰিবলৈ লোৱা জয়মতী বোলছবি খনৰ বাবে সেই সময়ত কোনো অভিনেত্ৰী বিচাৰি পোৱা নাছিল। তেতিয়াৰ সমাজত স্বাধীনতাৰ পূৰ্বেই নিৰ্মাণ কৰিবলৈ লোৱা এই বোলছবিখনত মহিলাই অভিনয় কৰিবলৈ আগবাঢ়ি অহাৰ সাহস কাৰো নাছিল।১৯৩৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবিৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰ আৰু আইদেউ সন্দিকৈক জয়মতীৰ চৰিত্ৰৰ বাবে উপযুক্ত হ'ব বুলি ধাৰণা কৰে।প্ৰথমে আইদেউ সন্দিকৈয়ে বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল যদিও, পিছলৈ দেউতাকৰ সন্মতিত অভিনয় কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেই আইদেউ সন্দিকৈক অভিনয় শিকাইছিল। সেই সময়ত মহিলাসকলে অতি নিষিদ্ধ জীৱন যাপন কৰিছিল আৰু পুৰুষে মঞ্চত পুৰুষৰ লগতে মহিলাৰ চৰিত্ৰও অভিনয় কৰিছিল। পুৰুষতান্ত্ৰিক সমাজত সেই সময়ত নাৰীৰ কোনো স্থান নাছিল। জয়মতী' বোলছবিখন মুক্তি দিয়া হয়, ১৯৩৫ চনত।চিনেমাখনত চিত্ৰিত অত্যাচাৰৰ প্ৰতি নিষ্ক্ৰিয় প্ৰতিৰোধে সেই সময়ত প্ৰচলিত ব্ৰিটিছ শাসন ব্যৱস্থাৰ সমান্তৰালতাৰে দৰ্শাইছিল। বহুতে দাবী কৰে যে জয়মতীক ভাৰতৰ প্ৰথমখন নাৰীবাদী ছবি হিচাপে চাব পাৰি, যিখন ছবিয়ে ৰাষ্ট্ৰৰ নিষ্ঠুৰতাৰ লগতে মহিলাৰ প্ৰতিৰোধৰ প্ৰতীক। চিনেমাখনত তেওঁৰ ভূমিকাও দুৰ্দান্ত আছিল।জয়মতী ব্যৱসায়ীক দিশত সফল নহল। কিন্তু এই ছবিখনৰ পিছত আইদেউ সন্দিকৈৰ জীৱন সলনি হৈ পৰিল।বোলছবি খনৰ নিৰ্মাণৰ পাছত আইদেউ সন্দিকৈ নিজ বাসগৃহলৈ উভতি গৈছিল।কিন্তু বোলছবিত অভিনয় কৰাৰ বাবে আৰু বোলছবিখনত পৰপুৰুষক বঙহৰদেউমৰমৰ (মৰমৰ স্বামী) বুলি সম্বোধন কৰাৰ বাবে তেওঁক ৰাইজে এঘৰীয়া কৰিছিল।তেওঁলোকৰ মতে ছবিখনত আন এজন মানুহক স্বামী বুলি ক’বলৈ সাহস কেনেকৈ? বোলছবিত মহিলাই অভিনয় কৰাটো সেই সময়ত এটা লাজৰ কথা আৰু পাপ কাম বুলি গণ্য কৰা হৈছিল।অভিনয়ৰ জৰিয়তে পুৰুষতান্ত্ৰিক মানসিকতাৰ বিৰুদ্ধে থিয় হোৱা নাৰী গৰাকীক সমাজে এঘৰীয়া কৰিলে। এইয়া আছিল সমগ্ৰ অসমীয়া সমাজৰ বাবেই এটি দুখ লগা ছবি।পৰিয়ালটোৱে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো গাঁৱৰ ৰাইজে পৰিয়ালটোক আজীৱন বহিষ্কাৰ কৰি ৰাখিছিল।তেখেতৰ খোৱা-পানীৰ পুখুৰী বেলেগ আছিল আৰু তেওঁৰ সৈতে সমাজে এটা পুখুৰীৰ পানীও ব্যৱহাৰ কৰা নাছিল।আইদেউ সন্দিকৈ কেতিয়াও বিয়াৰ সুযোগ নাপালে, কোনো পুৰুষ বিবাহৰ বাবেও আগবাঢ়ি নাহিল।তেখেতে ১৯৮৫ চনতহে নিজৰ অভিনীত 'জয়মতী'ৰ অংশ দেখিবলৈ পায়।১৯৯১ চনত তেওঁৰ গাঁৱত তেওঁৰ নামৰ এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয়।

তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ বাবে সেই বঁটা প্ৰদান কৰা নহ'ল। জীৱনৰ এই দু:সহ বোজা কঢ়িয়াই আইদেউ সন্দিকৈয়ে ২০০২ চনত ১৭ ডিছেম্বৰত মৃত্যু বৰণ কৰিছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.