20 April, Sat 2024
support@thecriticalscript.com
Blog image

আমাৰ সকলোৰে প্ৰিয় ‘শ্বাহৰুখ খান’ৰ কিছু নজনা তথ্য

02 Nov,2022 05:54 PM, by: Ankita Gogoi
1 minute read Total views: 728
0 Like 0.0

आज भी जब मैं काम करता हूं तो मुझे सिर्फ यही है कि जितने लोग मेरी फिल्म देखें उनको खुशी हो, क्योंकि सचमुच जो मुझे मिला है, मुझे ऐसा नहीं लगता कि मैं उसका हकदार हूं, और उस हक को पाने के लिए कोशिश में, मैं जिंदगी भर काम करता रहूंगाजब एक दिन मुझे लगे, इतना अच्छा काम किया है कि आप लोगो ने मुझे इतना प्यार दिया उसका हक जो है, सही मायने में मेरा बनता है - शाहरूख खान     


বলীউডৰ অন্যতম ছুপাৰষ্টাৰ শ্বাহৰুখ খান, নামেই যাৰ পৰিচয়। আমাৰ সকলোৰে প্ৰিয় শ্বাহৰুখ খান কঠোৰ পৰিশ্ৰমৰ অন্তত নিজৰ কৰ্মৰ যোগেদি আজি সমগ্ৰ পৃথিৱীতে নিজৰ নাম উজলাইছে। ৰোমান্টিক চৰিত্ৰই হওক বা নেতিবাচক ভূমিকাই হওক, তেওঁৰ অনুৰাগীসকলে তেওঁৰ দুয়োটা চৰিত্ৰই অতিশয় ভাল পায়। আজি তেওঁৰ ৫৭তম জন্মবাৰ্ষিকী। যদিও কিং খানৰ বিষয়ে সকলোৱে জানে, কিন্তু কিছু কথা আপোনালোকে হয়তো নাজানিবও পাৰে সেইয়ে এই লেখনিৰ জৰিয়তে তেওঁৰ বিষয়ে কিছু তথ্য তলত দিয়া হৈছে -  

  •  ১৯৬৫ চনৰ ২ নৱেম্বৰত দিল্লীৰ এটা মুছলমান পৰিয়ালত শ্বাহৰুখ খানৰ জন্ম হৈছিল। ১৯৪৮ চনত ভাৰত বিভাজনৰ পিছত তেওঁৰ পিতৃ মিৰ তাজ দিল্লীলৈ উভতি আহিছিল আৰু ১৯৫৯ চনত লতিফ ফাতিমাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৬৫ চনত শ্বাহৰুখ খানৰ জন্মৰ পিছত তেওঁৰ আইতাকে তেওঁৰ নাম আব্দুল ৰছিদ খান ৰাখিছিল। জীৱনৰ প্ৰথম পাঁচ বছৰ ককা-আইতাকৰ সৈতে কটায়। তাৰপিছত দিল্লীত থকা পিতৃ-মাতৃৰ ওচৰলৈ উভতি অহাৰ পিছতে দেউতাকে তেওঁৰ নাম সলনি কৰি শ্বাহৰুখ খান ৰাখে।



  •  অৱশ্যে শ্বাহৰুখ খান কোন পৰিয়ালটোৰ অন্তৰ্গত সেই বিষয়ে বহু লোকে নাজানে। তেওঁ স্বাধীনতা সংগ্ৰামী জেনেৰেল শ্বাহ নৱাজ খানৰ নাতি। শ্বাহৰুখৰ ককাক নেতাজী সুভাষ চন্দ্ৰ বসুৰ অধীনত ভাৰতীয় জাতীয় সেনাৰ মেজৰ জেনেৰেল আছিল। কেৱল এয়াই নহয়, তেওঁৰ পিতৃ মিৰ তাজ বিভাজনৰ সময়ত পাকিস্তানৰ পৰা দিল্লীলৈ প্ৰব্ৰজন কৰা এজন স্বাধীনতা সংগ্ৰামীও আছিল। পেছাদাৰী জীৱনত তেওঁৰ উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক সম্বৰ্ধনাও জনাইছিল।


 

  •  তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল ‘ফৌজী’ চিৰিয়েলৰ জৰিয়তে যিখন সেই সময়ৰ দূৰদৰ্শনৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক হিচাপে পৰিগণিত হৈছিল। তেওঁৰ চৰিত্ৰ ‘অভিমন্যু ৰায়’ তৎক্ষণাত জনপ্ৰিয়তা লাভ কৰিছিল আৰু শ্ব’টোৰ মেগা সফলতাৰ বাবে তেওঁ নিশাটোৰ ভিতৰতে তাৰকা হৈ পৰিছিল। পিছলৈ শ্বাহৰুখ খানক টেলিভিছন শ্ব’ ‘দিল ডৰিয়া’, ‘ইডিয়ত,ৱাগলে কি দুনিয়া’ আৰু ‘উম্মিদ’ত দেখা গৈছিল।


 

  •  দীৱানা’ ছবিখন শ্বাহৰুখ খানৰ প্ৰথম ছবি বুলি জনা যায় যদিও বহুতে নাজানে এই ছবিখনৰ পূৰ্বে ১৯৮৯ চনত মুক্তি পোৱা ‘In Which Annie Gives It Those Ones'  নামৰ এখন ইংৰাজী টেলিফিল্মৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। এই ছবিখনত তেওঁ সমকামীৰ চৰিত্ৰত অভিনয় কৰিছিল। এইখন আছিল এখন টিভি চিনেমা, যিখন মাত্ৰ এৰাতিৰ বাবে দূৰদৰ্শনত প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত ছবিখন কেতিয়াও কোনো প্লেটফৰ্মত মুক্তি নাপালে।


 

  •  শ্বাহৰুখ খানৰ প্ৰথম দৰমহা আছিল ৫০ টকা যিটো তেওঁ দিল্লীত পংকজ উদাছৰ কনচাৰ্টত কাম কৰি উপাৰ্জন কৰিছিল। সেই টকাৰে তেওঁ আগ্ৰালৈ ৰেলত উঠি তাজমহল চাবলৈ গৈছিল।


 

  • বহু আশা লৈ যেতিয়া কিং খান মুম্বাইলৈ আহিছিল, তেতিয়া তেওঁৰ থাকিবলৈ ঠাই নাছিল। তেতিয়া তেওঁৰ সহযোগী অভিনেতা বিভেক ভাছৱানীৰ সৈতে বাস কৰিছিল, যিয়ে পিছলৈ তেওঁৰ সৈতে ৰাজু বন গয়া জেন্টলমেন আৰু জছ ছবিত অভিনয় কৰিছিল আৰু লগতে শ্বাহৰুখ খানক পৰিচালক আৰু প্ৰযোজকক লগ পোৱাত সহায় কৰিছিল।


 

  •  ১৯৯৪ চনৰ কুন্দন শ্বাহৰ পৰিচালিত কভি হা কভি না চিনেমাখনৰ মুকলি দিনটোত মুম্বাইৰ এখন চিনেমা হলৰ বুকিংৰ বাবে টিকট বিক্ৰী কৰিছিল আৰু এই ছবিখনৰ বাবে তেওঁ মাত্ৰ ২৫ হাজাৰ টকা লৈছিল বাকী পইচা তেওঁ ছবিখন নিৰ্মাণৰ বাবে লগাব কৈছিল।


 

  •  শ্বাহৰুখ খানৰ এখন অন্যতম জনপ্ৰিয় চিনেমা হৈছে ‘দিলৱালে দুলহানিয়া লে জায়েংগে’। ছবিখন আজিও মুম্বাইৰ মাৰাঠা মন্দিৰত চলি আছে। কিন্তু শ্বাহৰুখ খানে এই ছবিখনত চহী কৰিবলৈ বেছি সময় লোৱা নাছিল আৰু কোনো চিন্তা নকৰাকৈয়ে তেওঁ চিনেমাখনৰ প্ৰতি মূৰ দুপিয়াইছিল। আচলতে ছবিখনৰ প্ৰযোজক আদিত্য চোপ্ৰাৰ প্ৰতি তেওঁৰ খুউব আন্তৰিকতা আছিল। সেইবাবে চিত্ৰনাট্যও পঢ়ি নোচোৱাকৈয়ে তেওঁ চিনেমাখন কৰিবলৈ মান্তি হৈছিল।


 

  • পৰ্দাত শ্বাহৰুখ খানৰ আটাইতকৈ বিখ্যাত চৰিত্ৰটো হৈছে ‘ৰাহুল’। ‘ৰাহুল’ৰ চৰিত্ৰত তেওঁ কিমান ছবিত অভিনয় কৰিছে জানেনে?  তেওঁ এই নামেৰে বৰ্তমান সময়লৈকে মুঠ ৮ খন ছবিত অভিনয় কৰিছে। এই ৯খন চিনেমা হ’ল ‘ডৰ’, ‘জমানা দীৱানা’, ‘ইয়েছ বছ’, ‘দিল ত পাগল হ্যে’, ‘কুচ কুচ হটা হ্যে’, ‘হৰ দিল জো প্যাৰ কৰেগা’, ‘কভি খুশী কভি গম’ আৰু ‘চেন্নাই এক্সপ্ৰেছ’।


 

  •  বহুতে নাজানে যে শ্বাহৰুখ খানে বিশ্বাস কৰে সঠিক সংখ্যাই তেওঁৰ বাবে শুভকামনা কঢ়িয়াই আনিব পাৰে। সেইবাবেই তেওঁৰ গাড়ীৰ বেছিভাগ নম্বৰ প্লেটতে তেওঁৰ শুভ নম্বৰ ৫৫৫ ৰখা হৈছে। কেৱল এয়াই নহয়, তেওঁলোকৰ একাংশ কৰ্মচাৰীৰ মোবাইল নম্বৰো শেষ হয় ৫৫৫ ত।

 

  •  বলীউডৰ তিনিখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা একমাত্ৰ অভিনেতা শ্বাহৰুখ খান।স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ে তেওঁক মানৱতাৰ প্ৰতি কৰা সেৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁৰ বিশ্বব্যাপী পৰিসৰৰ বাবে সন্মানীয় পি এইচ ডি ডিগ্ৰী প্ৰদান কৰিছে। সেয়েহে তেওঁৰ প্ৰকৃত নাম ড° শ্বাহৰুখ খান।


 

  •  শ্বাহৰুখ খান কিতাপৰ প্ৰতি খুউবেই আগ্ৰহ আৰু তেওঁৰ প্ৰিয় কিতাপ হ’ল ডগলাছ এডামছে ৰচনা কৰা 'The Hitchhiker's Guide to the Galaxy'। বহুতে নাজানে যে শ্বাহৰুখ খানৰ আইচক্ৰীমৰ প্ৰতি বৰ বেছি আকৰ্ষিত নহয় আৰু তেওঁ আইচক্ৰীম খোৱাৰ পৰা বিৰত থাকে। কেৱল এয়াই নহয়, মানুহৰ হৃদয়ত শাসন কৰা কিং খানৰ ঘোঁৰা চলোৱাৰ প্ৰতি এক অদ্ভুত ফ’বিয়া আছে, যাৰ বাবে তেওঁ বহু ছবিত ঘোঁৰাত উঠিব পৰা নাছিল।


 

  • বছৰ বছৰ ধৰি শ্বাহৰুখ খানৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণৰ বাবে তেওঁৰ নাম আজি সমগ্ৰ বিশ্বতে লোৱা হয়। বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাই তেওঁৰ ৫৫ সংখ্যক জন্মদিনত অভিনেতাগৰাকীৰ বাবে এক বিশেষ লাইট শ্ব’ৰ জৰিয়তে তাত তেওঁৰ মুখখন প্ৰদৰ্শন কৰি জন্মদিনৰ বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ টাৱাৰটো তেওঁৰ জন্মদিনৰ শুভেচ্ছাৰে পোহৰাই তুলিছিল। সঁচাকৈয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে সেয়া আছিল এক গৌৰৱৰ মুহূৰ্ত, কিয়নো তেওঁ আছিল একমাত্ৰ অভিনেতা যিয়ে এই সুযোগ পাইছিল।তেওঁৱেই বিশ্বৰ দ্বিতীয় ধনী অভিনেতা হোৱা একমাত্ৰ ভাৰতীয় অভিনেতা।


 

এই মুহূৰ্তত শ্বাহৰুখ খানে প্ৰমাণ কৰি দিছে যে কঠোৰ পৰিশ্ৰমে আপোনাৰ ইচ্ছাশক্তি থাকিলে আপুনি সকলো পাব পাৰে।

 






Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.