16 October, Wed 2024
support@thecriticalscript.com
Blog image

ভিনেশ ফ’গাট ব্যক্তিগত জীৱনতো এগৰাকী যোদ্ধা, তেওঁৰ কেৰিয়াৰ আছিল সংগ্ৰামেৰে ভৰা! কিন্তু সদায় চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছিল!

08 Aug,2024 06:36 PM, by: Ankita Gogoi
1 minute read Total views: 178
1 Likes 0.0

বাস্তৱ জীৱনৰ এগৰাকী যোদ্ধা। যি‌ কেতিয়া হাৰিব নিশিকিলে। কিন্তু এই‌ ভাৰতৰ কিংবদন্তি মল্লযুঁজাৰু ভিনেশ ফগাটে বৃহস্পতিবাৰে অৱসৰৰ কথা ঘোষণা কৰে। বুধবাৰে মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা তেওঁ বাহিৰ হয়। হৃদয়বিদাৰক! ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ মল্লযুঁজাৰুগৰাকীক  ৫-০ গলত পৰাস্ত কৰে। ভিনেশৰ পদক নিশ্চিত বুলি বিশ্বাস কৰা হৈছিল যদিও তেওঁক অযোগ্য ঘোষণা কৰা হ'ল। কিন্তু,ভিনেশৰ এই স্থানত উপনীত হোৱাৰ যাত্ৰা সহজ ধহয়। কেৱল ক্ৰিয়াৰ জগততে নহয়, ব্যক্তিগত জীৱনতো তেওঁ এগৰাকী যোদ্ধা। বিগত ডেৰ বছৰত বিনেশৰ নামে বহুত বাতৰিৰ শিৰোনাম দখলৰ কৰিছে। কেৱল পদক জয়ৰ ক্ষেত্ৰতে নহয়, বিতৰ্কৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।


 ভিনেশে বৃহৎ টুৰ্ণামেণ্টত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। অলিম্পিকৰ পদক অনাৰ পূৰ্বে তেওঁ কমনৱেলথ গেমছ, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান চেম্পিয়নশ্বিপত দেশৰ নাম উজলাইছে।। ১৯৯৪ চনৰ ২৫ আগষ্টত হাৰিয়ানা গাঁৱত জন্মগ্ৰহণ কৰিছিল ভিনেশ ফগাট। ভাৰতৰ অন্যতম বিখ্যাত মল্লযুঁজ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ। ভিনেশবৰদেউতাক মহাবীৰ সিঙে খুব কম বয়সৰ পৰাই ফগাট ভগ্নীহঁতক এই খেলৰ সৈতে পৰিচয় কৰাই দিছিল। বিনেশেও তেওঁৰ  গীতা ফগাট আৰু ববিতা কুমাৰীৰ পদাংক অনুসৰণ কৰিছিল। মাত্ৰ ন বছৰ বয়সতে বিনেশৰ দেউতাকৰ হঠাৎ মৃত্যু হয়। মহাবীৰ সিঙে ভিনেশে আৰু জীয়েক মল্লযুঁজ শিকাবলৈ আৰম্ভ কৰিলে। ছোৱালীক মল্লযুঁজৰ শিক্ষা দিয়াৰ বাবে ফগাট পৰিয়ালটোক সমাজত ঠাট্টা-মস্কৰা কৰা হৈছিল যদিও কোনেও পিছলৈ ঘূৰি নাচালে।


ভিনেশে ৰাতিপুৱা ৩:৩০ বজাত উঠি প্ৰশিক্ষণ লব লগা হৈছিল। সৰুৰে পৰা তেওঁ প্ৰশিক্ষণ অবিৰতভাৱে অনুশীলন কৰিছিল। প্ৰশিক্ষণৰ পিছত তেওঁ স্কুললৈও যাব, ত ভাগৰুৱা হোৱাৰ বাবে শ্ৰেণীকোঠাতে শুই পৰিছিল। বিনেশে চুলি দীঘল কৰিবলৈ দিয়া নহল কাৰণ মহাবীৰ সিঙে অনুভৱ কৰিছিল যে দীঘল চুলিয়ে তাইৰ মনটো বিচলিত কৰিব পাৰে।

ভিনেশ ফগাটৰ কেৰিয়াৰ

২০১৪ চনৰ কমনৱেলথ গেমছত ভিনেশ ফগাটে প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছিল। সোণৰ পদক লাভ কৰাৰ সময়ত তেওঁ অলিম্পিক গেমছত প্ৰৱেশৰ বাবে আত্মবিশ্বাস লাভ কৰিছিল। তাৰ পিছত ২০১৬ চনৰ ৰিঅঅলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। যদিও সেই সময়ছোৱাত পদক লাভৰ পৰা বঞ্চিত হৈছিল, তথাপিও ২০১৮ চনত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল।

নুৰ চুলতান প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰিছিল আৰু তাৰ আগতে এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি সকলোকে আচৰিত কৰি তুলিছিল। ২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। টকিঅঅলিম্পিকৰ অংশ হৈ পৰিল। লগতে ২০২২ চনৰ কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। তিনিখন কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফগাট।


 ২০২৩ চনত ক্ৰীড়া ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিছিল

তেওঁ নিজ দেশতে নিৰ্যাতিত হ'ব লগা হৈছিল। যোৱা বছৰ অৰ্থাৎ ২০২৩ চনৰ ১৮ জানুৱাৰীত যেতিয়া ভিনেশকে ধৰি ভাৰতৰ আগশাৰীৰ মল্লযুঁজাৰু কেইজনমানে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্মঘটত বহিছিল তেতিয়া সমগ্ৰ দেশ কঁপি উঠিছিল। মহিলা খেলুৱৈসকলে তেতিয়াৰ মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ সিঙৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ যেতিয়া বিষয়টো তীব্ৰতৰ হৈ পৰে তেতিয়া ব্রিজভূষণে চকীখন হেৰুৱাবলগীয়া হল৷ ইণ্ডিয়ান ৰেছলিং এছচিয়েশ্যনত নিৰ্বাচন ঘোষণা কৰা হয় আৰু ২১ ডিচেম্বৰত ব্রিজ ভূষণৰ ঘনিষ্ঠ সঞ্জয় সিং সভাপতি নির্বাচিত হয়৷ সঞ্জয় সিং সভাপতি হোৱাৰ লগে লগে বিনেশৰ সহযোগী মল্লযুঁজাৰু সাক্ষী মালিকে মল্লযুঁজ এৰি দিয়াৰ কথা ঘোষণা কৰে। তেওঁৰ পিছত বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিলে আৰু পেৰা মল্লযুঁজাৰু বীৰেন্দ্ৰ সিঙেও (বোবা মল্লযুঁজাৰু) পদ্মশ্ৰী ঘূৰাই দিয়াৰ কথা কলে।সেই সময়ত তেওঁলোকক বহুতো নিৰ্যাতন চলোৱা হৈছিল।তেওঁ সাহসী হৈ সকলোৰে বিপক্ষে থিয় দিছিল। ইয়াৰ পিছত ক্ৰীড়া মন্ত্ৰালয়ে ভাৰতীয় মল্লযুঁজ সংস্থাক নিলম্বন কৰে। যেতিয়া এখন তদৰ্থ সমিতি গঠন হল তেতিয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাই ভাৰতীয় মল্লযুঁজ সন্থাক নিলম্বন কৰে। অৱশ্যে মল্লযুঁজাৰুসকলে সঞ্জয় সিঙক সভাপতি হিচাপে গ্ৰহণ কৰিবলৈ সন্মত হয় আৰু আই অচিয়ে এই নিলম্বন উঠাই লয়। কিন্তু অভিযোগ ফ্ৰেমৱৰ্ক হোৱাৰ পিছত যদি বৃজভূষণক শাস্তি দিয়া নহয় তেন্তে খেলৰত্ন আৰু অৰ্জুন বঁটাও ঘূৰাই দিয়াৰ কথা ঘোষণা কৰে বিনেশে।


ইয়াৰ পিছত অলিম্পিক বাছনি পৰীক্ষাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়। কাক দিয়া হ? অন্তিম পাংঘল ভাৰতৰ উদীয়মান তাৰকা হিচাপে প্ৰমাণিত হল। এনে পৰিস্থিতিত বিনেশে তেওঁৰ মূল ওজনৰ শ্ৰেণী ৫৩ কেজি এৰিবলগীয়া হোৱাত তেওঁৰ ওজন ৫০ কেজিৰ শিতানলৈ হ্ৰাস কৰে। মল্লযুঁজ সংস্থাই কোনজন খেলুৱৈ যাব আৰু কোনে নাযায় সেইটো সিদ্ধান্ত লবলগীয়া হৈছিল আৰু তেওঁলোকে অলিম্পিক কোটা লাভ কৰা খেলুৱৈসকলৰ বাবে দুটা বাছনি পৰীক্ষাৰ আয়োজন কৰিছিল। কিন্তু পিছলৈ মল্লযুঁজ সন্থাই বাছনি পৰীক্ষা বাতিল কৰে আৰু এইদৰে কেৱল বিনেশেহে অলিম্পিকত প্ৰৱেশ কৰে। কিন্তু আন্দোলনৰ লগত জড়িত হোৱাৰ বাবেই তেওঁৰ প্ৰস্তুতি ভাল নহয় বুলি কোৱা হৈছিল। বিনেশে সদায় কৈছিল যে তেওঁৰ সপোন ভাৰতৰ হৈ অলিম্পিকৰ পদক লাভ কৰা।

তেওঁ এইবাৰৰ অলিম্পিকত পদক লাভ কৰিব নোৱাৰিল যদিও সকলো সময়তে ভিনেশ ফ'গাটে প্ৰমাণ কৰি দেখুৱাইলে যে তেওঁ বাস্তৱ জীৱনৰ এগৰাকী যোদ্ধা।।

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.