অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু ইয়াৰ যাত্ৰা!
১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত ‘জয়মতী’ চলচ্চিত্ৰই এই যাত্ৰা আৰম্ভ কৰে। ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত চতুৰ্থখন চলচ্চিত্ৰ হিচাপে পৰিগণিত এই জয়মতীয়ে দেশৰ বিভিন্ন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰতো প্ৰেৰণা যোগাইছিল।
১৯৩৫–৪০ দশক: আৰম্ভণিৰ সময়
১৯৩৫ৰ পাছত অহা দশকত অসমীয়া চিনেমা বিভিন্ন দিশত আগবাঢ়ি গৈছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী, ৰোহিনী কুমাৰ বৰুৱাৰ মনোমতী, পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী, কমল নাৰায়ণ চৌধুৰীৰ বদন বৰফুকন, সুৰেশ চন্দ্ৰ গোস্বামীৰ ৰুণুমী, আৰু ফণী শৰ্মাৰ চিৰাজৰ দৰে চিনেমাই প্ৰথম পৰ্যায়ৰ চিনেমা জগতক দৃঢ় কৰি তুলিছিল।
১৯৫০ দশক: (ৰাষ্ট্ৰীয় স্বীকৃতিৰ যুগ)
পঞ্চাশৰ দশকত অসমীয়া চিনেমাৰ সফলতা নতুন উচ্চতাৰ পৰা দেখা যায়। ফণী শৰ্মা পৰিচালিত পিয়লি ফুকন আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হয়। এই সময়ছোৱাত নতুন প্ৰতিভা, যেনে পৰিচালক নিপ বৰুৱা, আত্মপ্ৰকাশ কৰে, তেওঁ নিৰ্মাণ কৰে স্মৃতিৰ পৰশ। এই দশকতে সংগীতৰ জগতত ডঃ ভূপেন হাজৰিকাৰ আত্মপ্ৰকাশ ঘটে, আৰু তেওঁৰ এৰা বাটৰ সুৰ চলচ্চিত্ৰই অসমীয়া চিনেমাত আধুনিক ধাৰাৰ আৰম্ভণি কৰে। ১৯৫৯ চনত প্ৰভাত মূখাৰ্জীৰ পূবেৰুণ আন্তর্জাতিক পৰ্যায়ত মান্যতা লাভ কৰে, যাৰ জৰিয়তে অসমীয়া চিনেমাই বিশ্বমঞ্চলৈ পথ মেলিছিল।
১৯৬০–৭০ দশক:( নতুনত্ব আৰু বৈচিত্ৰ্য)
ষাঠি আৰু সত্তৰ দশকত অসমীয়া চিনেমা বিভিন্ন নতুনত্বৰ সন্ধান কৰে। জীৱনীমূলক চলচ্চিত্ৰৰ লগতে ভিন্ন ধাৰাৰ চিনেমাৰ বিকাশ ঘটে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মনিৰাম দেৱান, নিপ বৰুৱাৰ নৰকাসুৰ, আৰু ডঃ ভূপেন হাজৰিকা পৰিচালিত শকুন্তলাৰ দৰে চিনেমাই শিল্প আৰু সংগীতৰ সংমিশ্ৰণ আগবঢ়ায়। এই সময়ছোৱাত প্ৰথমখন খুহুতীয়া চলচ্চিত্ৰ ইটো সিটো বহুতো (ব্ৰজেন বৰুৱা) নিৰ্মাণ হয়। বাণিজ্যিক দিশৰ পৰা ডঃ বেজবৰুৱা সফলতা লাভ কৰে আৰু অসমীয়া থ্ৰীলাৰ শাখাত নতুন দিশ প্ৰৱৰ্তন কৰে।
সত্তৰ আৰু আশী দশকত সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অৰণ্য, ব্ৰজেন বৰুৱাৰ ওপজা সোণৰ মাটি, আব্দুল মজিদৰ চামেলি মেমচাব, অতুল বৰদলৈৰ কল্লোল, আৰু ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগৰ দৰে চিনেমাই ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰে। ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি অসমীয়া চিনেমাত নতুন বাস্তৱধৰ্মী ধাৰা প্ৰৱৰ্তন কৰে।
১৯৮০–২০১০ দশক: কলাত্মক আৰু সমান্তৰাল ধাৰা
আশী দশকত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগে শক্তিশালী খোজ দিয়াৰ লগতে ডঃ ভূপেন হাজৰিকা, ৰমেন বৰুৱা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিৰ সংগীতৰ দ্বাৰা চিনেমা জনপ্ৰিয়তা লাভ কৰে। ১৯৮২ চনত জাহ্নু বৰুৱাৰ অপৰূপা অসমীয়া চিনেমাত নতুন সমান্তৰাল ধাৰাৰ সূচনা কৰে। তেওঁক পাছত হালধীয়া চৰায়ে বাওধান খায়, ফিৰিঙতি, সাগৰলৈ বহুদূৰ, কণিকাৰ ৰামধেনুৰ দৰে চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰে। ইয়াৰ লগতে ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন আদিৰে কলাত্মক ধাৰা সমানভাৱে আগুৱাই যায়।
শিৱপ্ৰসাদ ঠাকুৰ, গৌতম বৰা, সঞ্জীৱ হাজৰিকা, মুনীন বৰুৱা, সান্ত্বনা বৰদলৈ, মঞ্জু বৰা আদি পৰিচালকসকলৰ অৱদানেও অসমীয়া চলচ্চিত্ৰক শক্তিশালী কৰি তোলে।
২০১০–বৰ্তমান: নতুন পৰিচয়
শেহতীয়াকৈ, যুৱ পৰিচালক ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্চ অসমীয়া চিনেমাত নতুন জীৱন প্ৰৱাহিত কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমলৰ লগতে দেশ–বিদেশৰ আন্তর্জাতিক মহোৎসৱত এই চলচ্চিত্ৰে উচ্চ প্ৰশংসা লাভ কৰে। ইয়াৰ ফলত অসমীয়া চিনেমাৰ আধুনিক পৰিচয় আৰু প্ৰচাৰ দুয়ো বৃদ্ধি পায়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments