07 July, Mon 2025
support@thecriticalscript.com
Blog image

চুকাফাৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক দৰ্শনৰ সাম্প্রতিক সময়ত প্ৰাসংগিকতা

05 Jul,2025 04:38 PM, by: Super Admin
1 minute read Total views: 57
0 Like 0.0

মেগালিথিক (Megalithic) কালৰ পৰা আজিৰ মেগাপিক্সেল (Megapixel) সময়লৈকে; চৌৰাশী সিদ্ধৰ পৰা মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰালৈকে লুইত-পাটকাই সভ্যতাই বুকুত বহন কৰি আহিছে এক ঐতিহ্যময় আৰু স্বকীয় বৈশিষ্ট্যপূৰ্ণ জনসমাজ অসমৰ সমাজ-ৰাজনৈতিক ইতিহাসৰ ‘মধ্যযুগক ত্ৰয়োদশ শতিকাৰ আগভাগৰ পৰা ঊনৈশ শতিকাৰ আগভাগলৈকে ধৰা হয়

ত্রয়োদশ শতিকাত আৰম্ভ হৈ ছশ বছৰ কাল ব্ৰহ্মপুত্ৰ উপত্যকাত প্রবল পৰাক্ৰমেৰে ৰাজত্ব কৰা শক্তিটোৱেই হৈছে আহোম ৰাজশক্তি আহোমসকল সমগ্র দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা টাই জাতিৰ মাও গোষ্ঠীৰ এটা ঠালত্রয়োদশ শতিকাৰ আগ ভাগতে এওঁলোকে ৰাজকোঁৱৰ চুকাফা (১২২৮-১২৬৮ খ্ৰীঃ)ৰ অধীনত ম্যুং-মাও-লুং দেশৰ পৰা আহি পাট্‌কাই পৰ্বতৰ পাং-চ্যু গিৰিপথেদি অসমত সোমাই, দিখৌ আৰু বুঢ়ীদিহিং এই দুই নদীকে সীমা কৰি মধ্যৱৰ্তী অঞ্চলত এখন ৰাজ্য স্থাপন কৰেএই সৰু আহোম ৰাজ্যখন লাহে লাহে ডাঙৰ হৈ অৱশেষত ওঠৰ শতিকাত ই মানাহ নদীলৈকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা আগুৰি লয়। আহোমসকল অসমলৈ অহাৰে পৰা অসমৰ ধাৰাবাহিক লিখিত বুৰঞ্জী পোৱা যায়। 


টাই ৰাজ্য আৰু আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা চুকাফাই মাও-লুঙৰ পৰা আহি ম্যুং-দুন-চুন-খামলৈকেএই সমগ্র অঞ্চল পৰ্যবেক্ষণ কৰি ৰাজ্যক পূর্ণাংগ ৰূপ দিয়ালৈকে তেওঁক সময় লাগিছিল ২৫ বছৰ কাল (১২২৮-১২৫৩ খ্ৰীঃ)কথিত মতে, বৰাহী ৰজা থাকুমথাৰ পৰামৰ্শ লৈ চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল চুকাফাই মৰাণসকলক খৰিভাৰী, বাৰীচোৱা আৰু বৰাহীসকলক চাংমাই, কাঠকটীয়া, বেজ, জৰাধৰা, ভঁড়ালী, কুকুৰাচোৱা আদি বাব দি আহোম শাসনযন্ত্ৰৰ অন্তৰ্ভুক্ত কৰে 


সূর্য কুমাৰ ভূঞাই 'দেওধাই অসম বুৰঞ্জী'ত চুকাফাৰ শৌর্য্য-বীৰ্য্য আৰু সাহসৰ কথা উল্লেখ কৰিছে চুকাফা সন্দৰ্ভত বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই ‘আহোমৰ দিন গ্ৰন্থত লিখিছে— “ন ভাত খাই নাকুৰি দেওৰ ওচৰৰ সৰু পৰ্বত খনিতেই চুকাফাই নগৰ কৰি থাকিল। আত পাচে বৰাহীবোৰে আলচী শাক পাত খৰি যোগান দিবলৈ ধৰিলে আৰু বোলে ই সকল আনৰ বঙহৰ নহয়, দেও মানুহ বুলি যি কয় সেয়ে হয়। 

 

চুকাফাৰ ৰাজনৈতিক দৰ্শন 

উত্থান-পতন ৰাজনৈতিক বুৰঞ্জীৰ এক স্বাভাৱিক নীতি। উত্থান-পতনৰ মাজেদি অসমৰ ৰাজনৈতিক বুৰঞ্জীয়ে তিনিটা প্রধান স্তৰ পাৰ হৈ বৰ্তমানৰ অৱস্থা পাইছেহিপ্রথম অৱস্থাত প্রাগজ্যেতিষ, দ্বিতীয় স্তৰত কামৰূপ আৰু আহোমসকলৰ দিনৰে পৰা অসম।  

ত্ৰয়োদশ শতিকাৰ অসমৰ ৰাজকীয় শাসন ব্যৱস্থাৰ পর্যালোচনা কৰিলে দেখা যায় যে সামগ্রিক অসম হিচাপে কোনো ভূ-ৰাজনৈতিক পৰিচয় নাছিলবিভিন্ন প্রাচীন জনগোষ্ঠীসমূহে নিজস্ব ভাষা, সংস্কৃতি, ৰাজনৈতিক দর্শনৰে শাসন পৰিচালনা কৰিছিল প্রশাসনীয় ব্যৱস্থাৱলীৰ লগতে জনজাতীয়সকলৰ প্ৰতি প্ৰয়োজন সাপেক্ষে তেওঁ লোৱা নীতিসমূহৰ জৰিয়তে চুকাফাই ৰাজ্য গঠন আৰু পৰিচালনাৰ দিশত দেখুওৱা আদর্শই অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰিছিলত্রয়োদশ শতিকাৰ তৃতীয় দশকত চুকাফাৰ নেতৃত্বত চীনৰ য়ূন্নান প্রদেশৰ দক্ষিণ-পশ্চিমৰ পৰা টাই জনগোষ্ঠীৰ আহোম নাম পোৱা লোকসকল আহি ব্রহ্মপুত্র উপত্যকাৰ দক্ষিণ-পূব খণ্ডত ৰাজ্য প্ৰতিষ্ঠা কাৰ্যই পৰৱৰ্তী কালত ইয়াৰ ৰাজনৈতিক ইতিহাসত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰেমোমায়েকৰ পুত্ৰ চুখানফাই মাওলুঙৰাজৰ বাবে আক্রমণাত্মক মনোভাৱ দেখিও ভাতৃৰ সৈতে নিজ বংশৰ মাজতে যুদ্ধ নকৰিলেকিন্তু চুকাফাৰ পিতৃ ৰাজ্য অধিকাৰ কৰি তেওঁক বহতীয়া কৰিবলৈ ওলোৱাৰ প্ৰচণ্ড মানসিক আঘাতত চুকাফাই এখন নতুন ৰাজ্যৰ সন্ধানত পশ্চিমলৈ আহি দেখে মুং দুন চুন খাম। অৰ্থা এইখনেই সোণালী শস্যৰে ভৰি থকা দেশ। ১২ বছৰ কাল অহাৰ পিছত এই চেৰাই দয়তে চুকাফাই স্থায়ীভাৱে ৰাজধানী পাতে। পিছলৈ এই চেৰাই দয় চৰাইদেউ হয়গৈ চেৰাই ডয়ৰ অৰ্থ– পাহাৰৰ জিলিকা নগৰ তেওঁক এই ৰাজ্য স্থাপনত সহায় কৰে বাটত পোৱা গাওঁবোৰে, বশ্যতা স্বীকাৰ কৰা জনজাতীয় সৰু ৰজাবোৰেস্থানীয় লোকসকলে সৰগৰ পৰা নামি অহা বুলি ভাবি তেওঁক স্বৰ্গদেউ বুলিছিল চুকাফাক এই লোকসকলে দেৱতা ঈশ্বৰ ‘আহামবা আহাম- বায়’ বুলি ভবাৰ বাবে এই শব্দৰ পৰাই আহম বা আহোম শব্দৰ উপত্তি হয়শ্যাম দেশৰ মানুহ বাবে আচাম বুলি কৈছিল আৰু এই শব্দৰ পৰাই ‘ আসামবা অসম হয়  

চাওলুং চুকাফাৰ (১২২৮-১২৬৮ খ্ৰীঃ) দিনত অসমীয়া জাতিৰ কথাতো বাদেই, আনকি 'অসম' নামটো, অথবা আধুনিক অসমীয়া ভাষাটোৰো উপত্তি হোৱা নাছিলতথাপি তেৱেঁই বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ৰাজনৈতিক প্ৰাণপুৰুষ এইবাবেই যে - আমি একেখন ৰাজ্যৰে মানুহ - এটা জাতীয় জীৱনৰ গঠনত অতি গুৰুত্বপূৰ্ণ এই ভাবটো অসমীয়া জাতীয় জীৱনৰ ক্ষেত্ৰত যিখন আহল-বহল আৰু দীৰ্ঘস্থায়ী ৰাজ্যৰ জৰিয়তে সৃষ্টি হৈছিল, সেই 'আহোম ৰাজ্য'খনৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা 'সাত ৰাজ জোৰা দি এক ৰাজ' কৰি তেওঁ স্থাপন কৰা ৰাজ্যখনেই পিছলৈ বিস্তৃতি লাভ কৰি সেই বৃহ ৰাজ্যখনলৈ পৰিণত হৈছিল, যিখন হৈছিলগৈ 'বৰ অসম'ৰ ভেটি, যি ভেটিত গঢ়ি উঠিল বৃহত্তৰ অসমীয়া জাতি।  


চুকাফাৰ ৰাজনৈতিক বিচক্ষণতা নিম্নোক্ত দিশেৰে বিচাৰ কৰিব পাৰি —  

মিত্ৰতা বা সংমিশ্রণৰ নীতি— দমনৰ পৰিৱৰ্তে মিত্ৰতা, বিশ্বাস আৰু আস্থা জয়ৰ প্ৰচেষ্টা, জনগোষ্ঠীয় প্ৰীতি, আত্মৰক্ষাৰ সুনিপুণ কৌশল ইত্যাদি। চুকাফাৰ ভাতৃ চুতেউফাই আহোম ৰাজ্য বন্ধুত্বপূৰ্ণ নীতিৰে চলাইছিল বন্ধুসুলভতাৰেই নৰা ৰজালৈ  আহোম কটকী পঠিয়াইছিল  


অসম তথা ব্রহ্মপুত্র উপত্যকাত উপস্থিত হৈ চুকাফাই পোনপ্ৰথমে মৰাণ আৰু বৰাহীসকলৰ প্ৰতি লোৱা সম্প্ৰীতিৰ নীতিতেই তেওঁৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু কূটনৈতিক প্ৰতিভাৰ প্ৰথম পৰিচয় পৰিস্ফুট হৈছিল দূৰদৰ্শী চুকাফাই এটা কথা ভালদৰে উপলব্ধি কৰিছিল যে এই দুইৰ স্থানীয় শক্তিৰ সহযোগিতাৰ অবিহনে এক স্থায়ী ৰাজ্য স্থাপন আৰু প্রতিপালন কেতিয়াও সম্ভৱপৰ নহ'ব। 


তেওঁ জনজাতীয় লোকসকলৰ মাজত ঘূৰি ফুৰিছিল, তেওঁলোকৰ ভাষা শিকিছিল, তেওঁলোকৰ ধৰ্মবিশ্বাসক শ্রদ্ধা কৰিছিল, তেওঁলোকৰ কন্যাৰ পাণিগ্ৰহণ কৰিছিল (বিয়া কৰাইছিল), তেওঁলোকৰ দৰে সহজ-সৰল জীৱন-যাপন কৰিছিল আৰু নিজে নাঙল ধৰি খেতি কৰিছিলস্থানীয় লোকসকলক তেওঁ নিজৰ সমাজৰ ভিতৰুৱা কৰি লৈ বিনাদ্বিধাই তেওঁলোকৰ আপোনত্ব আদায় কৰিবলৈ সক্ষম হৈছিল পাটকাই পাৰ হৈ অসম তথা ব্রহ্মপুত্র উপত্যকাত প্ৰৱেশৰ আগমুহূৰ্তত খামজাং সীমান্ত অঞ্চলৰ দুৰ্ধৰ্ষ নগাসকলক স্থায়ীভাৱে নিজৰ বশলৈ আনি এক কঠোৰ নীতি প্ৰৱৰ্তন কৰাটো চুকাফাৰ বাবে সেইসময়ত এক বাস্তৱ প্রয়োজন আছিল।  

সামৰিক সংস্কৃতি— চাওলুং চুকাফাই হাতৰ হেংদানৰ জৰিয়তে বানমুঙত গঢ়ি তুলিছিল এক সামৰিক সংস্কৃতি। পৰম্পৰাগত টাই সমৰকলা বা মাৰ্চিয়েল আৰ্টৰ প্ৰশিক্ষণ, খেপ-দগা আদি যুঁজৰ কৌশল, গড়-প্ৰাঞ্চি-কোঠ সামৰিক বেহু নিৰ্মাণৰ পুৰুষৰ পৰা পুৰুষলৈ প্ৰৱাহিত সামৰিক সংস্কৃতিত বিতত হৈ ৰাজপুত বীৰ ৰামসিংহৰ দৰে বহুজনে প্ৰত্যাৱৰ্তনৰ পথ লবলগা হৈছিল  

কূটনৈতিক কৌশল— চুকাফা আৰু তেওঁৰ পুত্রইও জনসাধাৰণৰ প্ৰতি দায়িত্ববোধৰ প্ৰমূল্যসহিতে কূটনীতি প্ৰয়োগ কৰিছিল। (Ahomisation) থানগিৰি সমাজক সামৰি লুইত-পাটকাই সভ্যতাৰ বুকুত চুকাফাই ‘বানমুং’ অৰ্থা অসমৰ পোঁৱাতী শাল প্ৰতিষ্ঠা কৰে  

চুকাফাৰ ৰাজনৈতিক দৰ্শন হৈছে সমাজ সুস্থিৰতা আনি প্ৰজাৰ কল্যাণৰ হকে  কাম কৰা মধ্যযুগৰ সৰ্বোকৃষ্ট আহোম শাসন ব্যৱস্থাত মন্ত্রীত্ৰয় (বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই)ৰ পৰামৰ্শৰ মতে ৰাজ্য পৰিচালনা কৰিছিলপাইক প্ৰথা, খেল ব্যৱস্থা, পচা প্ৰথা (সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত কৰা বিশেষ বন্দোৱস্ত)ৰ দৰে দেশ সংগঠনৰ নীতি কাৰ্যকৰী কৰা হৈছিল অৰ্থা, গণতান্ত্রিক ভাৱাপন্ন চুকাফাই অসমক ভাৰতৰ সাংস্কৃতিক-সামাজিক জীৱনৰ লগ লগাই দিলে, ছৰ্দাৰ পানিক্কৰৰ ভাষাত introduced India to Assam.  


সম্ভাৱিতা তত্ত্ব (Theory of Probability)ৰ আধাৰত চুকাফাৰ ৰাজনৈতিক দৰ্শনৰ বিচাৰ কৰিব পাৰি অৰ্থা কি কি কাৰকৰ দ্বাৰা ইতিহাসৰ গতিধাৰা নিৰ্ধাৰিত হৈ আহিছে— প্ৰাকৃতিক ইতিহাসৰ গতিধাৰা আৰু মানৱ ইতিহাসৰ গতিধাৰা খ্ৰীঃ ত্ৰয়োদশ শতিকাৰ চাওলুং চুকাফাই সৌমাৰপীঠত পদাৰ্পণ কৰি অঞ্চলটোত পৰাক্ৰমী আহোম ৰাজ্য প্ৰতিষ্ঠা নকৰাহ'লে সপ্তদশ শতিকাতে অসম কেৱল মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত নহ'লহেঁতেননে ? 

 

চুকাফাৰ আৰ্থ-সামাজিক দৰ্শন 

ত্রয়োদশ শতিকা আৰু পঞ্চদশ শতিকা অসমৰ সামাজিক জীৱনৰ ইতিহাসৰ দুটা উল্লেখযোগ্য শতিকা প্ৰথমটোত চুকাফাৰ আগমন আৰু দ্বিতীয়টোত শংকৰদেৱৰ জন্ম। প্ৰথমটোৱে মধ্যযুগৰ অসমৰ বুৰঞ্জী আৰম্ভ কৰে তদুপৰি আজি যি নামেৰে এই ৰাজ্যখন আৰু ৰাজ্যখনৰ বাসিন্দাসকল পৰিচিত সেই নামটোও ত্রয়োদশ শতিকাতে গর্ভস্থ হোৱা বুলিব পাৰি° চট্টোপাধ্যায়ে তেওঁৰ ‘Kirata Janakriti’ গ্ৰন্থত আহোমসকলৰ আগমনৰ উল্লেখ কৰি লিখিছে, "They were the Asams, Ahams (Ahoms), the people who gave their name to the province."  


আহোমসকলৰ আগমনৰ দুশ বছৰৰ ভিতৰতেই ব্রহ্মপুত্র উপত্যকাৰ উজনি বা পূর্ব অংশটোত এখন সুস্থিৰ ৰাজ্য প্রতিষ্ঠা হ'ল। এই ৰাজ্যৰ মূল ভিত্তি আছিল এক উন্নত কৃষি অর্থনীতি। অস্থায়ী জুম খেতি বা কম উপাদনশীল আহু আৰু বাও ধানৰ খেতিৰ পৰিৱৰ্তে মাটি উলিয়াই, আলি-মথাউৰি, খাল-ঢাপ সাজি শালি খেতিৰ ব্যৱস্থা প্রৱর্তন কৰা হ'ল। ৰাজহুৱাভাৱে, ৰাষ্ট্ৰ-বিষয়াৰ উদ্যোগত এই কাম কৰা হৈছিলফলত আহোমশাসিত অসম এক স্থায়ী আৰু সুস্থিৰ কৃষি অর্থনীতিৰ ওপৰত প্রতিষ্ঠিত হৈ পৰিছিলএই কৃষি অর্থনীতিৰ বুনিয়াদৰ ওপৰত ভিত্তি কৰিয়েই আহোম শাসনকালত আধুনিক অসমীয়া জাতি গঠনৰ প্রক্রিয়া আগবাঢ়িলফলত আৰম্ভ হ'ল বিভিন্ন জাতিগোষ্ঠীৰ লোকৰ আত্মীকৰণ বা এচিমিলেচনৰ প্রক্রিয়া আৰু ইয়াৰ মাজেদিয়েই ক্রমে অসমীয়া জাতি, ভাষা, সংস্কৃতি সকলো গঢ় লৈ উঠিল। আহোম, কছাৰী, চুতীয়া, মৰাণ, বৰাহী দেউৰী, মিচিং, কলিতা, কায়স্থ, বামুণ সকলো এই জাতি গঠনৰ প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিল 

আহোম শাসনকালৰ এই আত্মীকৰণ আৰু জাতিগঠন প্রক্রিয়াটোৰ মাজত কিন্তু সকলো জনগোষ্ঠী, সকলো ঠাইত সমানভাৱে চামিল হৈ নপৰিল বিশেষকৈ সীমামূৰীয়া, পাহাৰীয়া আব্দ হাবিতলীয়া অঞ্চলবোৰত, 'ত শালিখেতিৰ বিস্তাৰো আছিল লেহেমীয়া, তাত বিভিন্ন জনগোষ্ঠীৰ একো একোটা অংশ স্বতন্ত্ৰৰীয়াভাৱেই প্রৱৰ্তি থাকিল।  


টাইজাতীয় আহোম ৰজাসকলে ছশ বছৰ প্ৰবল পৰাক্ৰমে শদিয়াৰপৰা মানাহলৈকে ৰাজত্ব কৰি অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাৰেবৰণীয়া লোকক একে শাসনৰ তললৈ আনি একত্রিত হোৱাত সহায় কৰে আৰু প্ৰকাৰান্তেৰে অসমীয়াত্বৰ ভেটি গজগজীয়াভাৱে সুদৃঢ় কৰেইতিহাস-সচেতন আহোমসকলে অসমত বুৰঞ্জী (লাইশাস্ত্ৰ) ৰচনাৰ ঐতিহ্য সূচনা কৰে তেওঁলোকে নিজ মাতৃভাষা এৰি অসমীয়া ভাষাক মাতৃৰূপে আদৰি লৈ ধৰ্মগ্রন্থ, পুৰাণ, ব্যৱহাৰিক মূল্যৰ গ্ৰন্থ, চিত্ৰ-পুথি, কাব্য আদি বিভিন্ন ধৰণৰ গ্ৰন্থ ৰচনাত পৃষ্ঠপোষকতা কৰে অসমত এতিয়াও থিয় হৈ থকা প্ৰায়বোৰ মঠ-মন্দিৰ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফল। এতিয়াও বিস্ময় সৃষ্টি কৰা সাগৰ সংকাশ পুষ্কৰিণীসমূহ, পর্বতপ্রায় গড়সমূহ, সুদূৰপ্ৰসাৰী আলিবাট এই আহোম ৰজাসকলৰে কীর্তি। সত্যেন্দ্রনাথ শৰ্মাৰ মতে, অসমীয়া বাদ্যযন্ত্রৰ ভিতৰত মহৰ শিঙৰ পেঁপা সম্ভৱতঃ আহোমসকলৰ লগত আহে। ( অসমীয়া প্ৰবন্ধ চয়ন, পৃষ্ঠা.আজিৰ অসমীয়া সমাজত ব্যৱহৃত টঙালি, হাঁচতি আদি বাৰভূঞাসকলৰ অৱদান আছিল। 

অসমত ভালেমান দিনৰ পৰা শিৱসাগৰ-কেন্দ্রিক উপভাষাটোৱেই মান্য ভাষাৰ মৰ্যাদা পাই আহিছে তেনে হোৱাৰ ঐতিহাসিক কাৰণবোৰৰ ভিতৰত অন্যতমসুদীর্ঘ কাল ধৰি আহোম প্রশাসনৰ কেন্দ্র আছিল শিৱসাগৰ অঞ্চলত আৰু সেই অঞ্চলৰ কথিত ভাষাই ৰজাঘৰীয়া ভাষা হিচাপে গৃহীত হৈছিল আহোমৰ সুদৃঢ় আৰু সুস্থিৰ প্ৰশাসনৰ পৃষ্ঠপোষকতাত সেই ভাষাই সমগ্র উজনি অসমত বিয়পি পৰে; আৰু তেনেদৰেই উজনি অসমৰ কথিত ভাষাত এটা মোটামুটি সমৰূপতা আহি পৰেএই ক্ষেত্ৰত উজনিৰ শক্তিশালী সত্ৰসমূহেও কিছু বৰঙণি যোগায়। অৱশ্যে এই কথাও সঁচা যে আহোম ৰাজত্বৰ দৰে সুদীর্ঘ সুস্থিৰ প্ৰশাসন নথকাৰ হেতুকে নামনি অসমৰ কথিত ভাষাই উজনি অসমৰ ভাষাৰ নিচিনাকৈ সমৰূপতা লাভ নকৰিলে। (বাণীকান্ত কাকতি, Assamese, Its Formation and Development) 


চুকাফাৰ মধ্যযুগৰ ‘বৰঅসমৰ সামাজিক দৃষ্টিভংগী আছিল উদাৰ সামন্তবাদী সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল ঝুম খেতি, ডোং বান্ধি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, তাঁতশালৰ গুৰুত্ব (পেছাদাৰী শিপিনী) আদি ব্যৱস্থাৰ উপৰিও চুবুৰীয়া বংগ, তিব্বত, চান আদি দেশৰ সৈতে আহোম ৰাজ্যৰ বাণিজ্যিক সুসম্পর্ক আছিল। উদাৰ ধৰ্মনীতি, অসমীয়া ভাষাপ্ৰীতি, হেংদানকেন্দ্ৰিক সামৰিক সংস্কৃতি, নাঙলকেন্দ্ৰিক কৃষিনীতি, সম-কৰ্মসংস্কৃতি চুকাফাকালীন আহোম ৰাজ্যৰ উল্লেখযোগ্য আৰ্থ-সামাজিক দিশ  

উদাৰ ধৰ্মনীতি— চুকাফাৰ নীতিৰেই আহোম প্ৰশাসন ব্যৱস্থাত এক ধৰ্ম-ঊৰ্ধ্ব নীতি প্ৰৱৰ্তন কৰা হৈছিলটাই ধৰ্ম থানগিৰি সমাজত জাপি দিয়াৰ সলনি সকলো চিন্তাকে সমমৰ্যাদা দিয়া এই ধৰ্ম-ঊৰ্ধ্ব প্ৰশাসনীয় নীতিৰ বাবে লুইত-পাটকাই সভ্যতাৰ শক্তি-শাক্ত, ব্ৰজধানী বৌদ্ধ, শৈৱ, বৈষ্ণৱ, একেশ্বৰবাদী, প্ৰকৃতি উপাসক, জড় উপাসক— সকলো সমাজৰ লোকেই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ আওতালৈ আহোঁতে কোনো জটিলতাৰ সৃষ্টি হোৱা নাছিল অসমীয়া জাতিৰ জাতীয় জীৱনত অদ্যাপি বিৰাজমান ধৰ্ম-ঊৰ্ধ্ব জাতীয় এই আহোম প্ৰশাসনীয় ব্যৱস্থাৰ ঐতিহাসিক ফচল 

নাঙলকেন্দ্ৰিক কৃষিনীতি— জলাহ, দ পথাৰবোৰত আলি মাৰি, গুটিয়া মহৰ নাঙলৰ হালেৰে পথাৰৰ মাটি নেফানেফ কৰি, টোমত ভৰাই অন্য কঠীয়াৰে শালি খেতি আৰম্ভ কৰা পৰম্পৰাই পথাৰবোৰ সেউজ-সোণোৱালী কৰি তুলিছিলতাকে দেখি থানগিৰি সমাজে কলে বোলে— ‘হা-শ্যাম। এই কৃষিনীতিকে সাৰোগত কৰি পৰৱৰ্তী সময়ত মোমাই তামুলী বৰবৰুৱাই বাৰী পতা, খেল বন্ধোৱা, পাইকৰ পিয়ল কৰা আদি পৰিকল্পনাৰ কৰিছিল  

 

চুকাফাৰ কৰ্মসংস্কৃতি আৰু দৰ্শনৰ প্ৰাসংগিকতা  

১২২৮ খৃষ্টাব্দত চাওলুং চুকাফাৰ আগমনে অসমৰ ইতিহাস গতিশীল কৰি তুলিলে। চুকাফাৰ আগমনৰ আগলৈকে অসমত অৰ্থা সৌমাৰ খণ্ডত সভ্যতা- সংস্কৃতি যে নাছিল এনে নহয়ক্ষুদ্র ক্ষুদ্র জনজাতিসমূহে সীমাৱদ্ধ পৰিৱেশত জীৱন নিৰ্বাহ কৰিছিল ফৈদৰ মাজৰ বিশ্বাসহীনতা, উপযুক্ত নেতৃত্বৰ অভাৱ আদিৰ ফলত প্ৰচুৰ সম্ভাৱনা থকাৰ সত্বেও এক সবল জাতি-সত্তা গঢ়ি উঠা নাছিল চুকাফাৰ আগমনত বৃহত্তৰ অসমীয়া জাতি গঢ়াত সুচল হৈ পৰিলবিজয়ী আৰু বিজেতাৰ সন্মিলিত প্রচেষ্টাত সুদীর্ঘ ছশ বছৰ শাসন কৰিব পৰা এক ঐতিহাসিক শাসন যন্ত্ৰ আৰু আত্মনিৰ্ভৰশীল অর্থনৈতিক ভেটি একোটা গঢ় লৈ উঠিল।  

ৰাজনৈতিক নিপুণতাৰ জৰিয়তে ধর্ম, ভাষা, সাংস্কৃতিক সহনশীলতাৰে উমৈহতীয়া এখন ৰাজ্য গঢ়ি তোলাৰ নজিৰ বিশ্বৰ ইতিহাসত পাবলৈ অতি বিৰল ইয়াৰ বিপৰীতে বলীয়ে নিৰ্বলীৰ ওপৰত বিজয়ৰ অহমিকাৰে নিজৰ ধৰ্ম, ভাষা, সংস্কৃতি জাপি দিবলৈ কৰা পক্ষপাতসর্বস্ব কাহিনী আৰু তাৰ বিষম পৰিণতি ঐতিহাসিক যুগৰে পৰা এতিয়ালৈকে বিৰাজমান হৈ আছে।    

সমগ্র মানৱ ইতিহাস একপ্ৰকাৰে প্ৰব্ৰজনৰ ইতিহাস বুলিও ক'ব পাৰি কাৰণ সত্যৰ সম্প্ৰসাৰণ আৰু বিকাশৰ ক্ষেত্ৰত প্ৰব্ৰজনৰ এক বিশিষ্ট অৰিহণা আছে। চুকাফাই বংশ-পৰিয়াল, ৰাজবিষয়া, সৈন্য-সামন্ত লৈ নিৰ্দিষ্ট উদ্দেশ্যৰে নিজৰ জন্মভূমিৰ পৰা প্ৰব্ৰজিত হয় এক শান্তিপূর্ণ ৰাজ গঢ়াৰ সপোন লৈ চুকাফাই মাওলুং ৰাজ্য ত্যাগ কৰিবৰ সময়ত সপত্নীক লগত আনিছিল কেইজনমান ডা-ডাঙৰীয়া, পুৰোহিত, চোমদেউৰ মূৰ্তি, তিনি হেজাৰ তামৰ চৰু, এহাল হাতী, তিনিশ ঘোঁৰা, বন্দুক-বাৰুদেৰে সুসজ্জিত এক পদাতিক বাহিনী।  

সমাজ নীতি, অর্থনীতিৰ আধাৰত কঠোৰ পৰিশ্ৰমৰ মনোবল, প্রেম আৰু বন্ধুত্বৰ আদর্শ এয়ে হৈছে চুকাফাৰ নেতৃত্বত অসমলৈ 'টাই' জনগোষ্ঠীৰ প্ৰব্ৰজনৰ ইতিহাসৰ লগত আন জনগোষ্ঠীৰ প্ৰব্ৰজনৰ উদ্দেশ্য আৰু আদর্শৰ মূলগত পার্থক্য। একমাত্র বৰ্বৰ নগা গোটসমূহক দানৱীয়ভাৱে বশ কৰাৰ বাদে আন জনগোষ্ঠীসমূহৰ লগত ৰক্তপাত নঘটোৱাকৈ ৰাজ্যৰ ভেটি গঢ়িছিল  

চুকাফাই ভৈয়ামত প্রথম বন্ধুত্ব কৰিছিল বৰাহী, মৰাণ আৰু কছাৰীৰ লগত চুকাফাই এই বন্ধুত্ব স্থায়ী কৰিবৰ বাবে মৰাণ আৰু কছাৰী ৰজাৰ কন্যাক বিয়া কৰাই কুঁৱৰী মর্যাদা দিছিল তেওঁ সৈনিকসকলকো স্থানীয় ছোৱালী বিয়া কৰাবলৈ উসাহ দিছিল ইয়াৰ বিনিময়ত চুকাফা আৰু তেওঁৰ সতীৰ্থসকলে অতি কম দিনৰ ভিতৰতে অতি কম আয়াসতে থলুৱা ভাষা-সাহিত্য, আচাৰ-নীতি জানিব পাৰিছিল 

চুকাফাৰ বিশ্বাসভাজন হোৱা আন জনগোষ্ঠীৰ লোককো উপযুক্ত বিষয়বাব দি জাতত তুলি লৈছিল উদাহৰণস্বৰূপে— মৰাণ সম্প্ৰদায়ৰ এজন যুৱকে ৰজাৰ ঘৰত বেঙেনাৰ যোগান ধৰিছিল যুৱকজন ৰজাৰ বিশ্বাসভাজন হৈ নগাক দখলত ৰখা সেৱাকাৰ্যত সহায় কৰিছিল যুৱকৰ কার্যত ৰজা সন্তুষ্ট হৈ 'লামমাকুখ্ৰু' নাম দি জাতত তুলি লৈছিল পৰৱৰ্তী কালত এই 'লামমাকুখ্ৰু' নামেৰে এটা আহোম ফৈদৰ জন্ম হৈছিল এইদৰে গঢ়ি-পিতি লোৱা ন-আহোমখিনিয়ে চুকাফাক এখন বৃহ ৰাজ্য গঠনত প্রথমাৱস্থাৰ পৰাই সহায় কৰি আহিছিল এয়াই জাতি গঠন প্ৰক্ৰিয়াৰ শুভাৰম্ভণি বিনাযুদ্ধে, বিনা ৰক্তপাতে অচিনাকি সংঘৰ্ষলৈ নগৈ 'সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি' 'সাত ৰাজক মিলাই এক ৰজাৰ শাসন'ৰ পাতনি মেলে। মৰাণ, বৰাহী ৰজাৰ সন্মতি লৈ চৰাইদেউত ৰাজধানী পাতে। চৰাইদেউ হৈ পৰিল—  মৰাণ, বৰাহী, কছাৰী, চুতীয়া, বাৰভূঞা, দফলা, দৰঙী ৰজাৰ বৰঘৰসদৃশ সাতোভাইৰ সন্মানৰ প্রতীক।  

আহোম ৰাজত্বৰ পাতনি মেলি চুকাফাই ৰাজধানী চৰাইদেউত এক সবল দৃঢ় শাসন পদ্ধতিৰো প্রতিষ্ঠা কৰিছিল চুকাফাই টাই ৰাজদৰবাৰত থাকোঁতে আহৰণ কৰা জ্ঞানৰ উপযুক্ত ব্যৱহাৰ কৰি সৌমাৰ খণ্ডত জয় কৰা অঞ্চল তথা ৰাজ্যসমূহত উপযুক্ত অনুগামী শাসনকর্তা নিয়োগ কৰিছিল চুকাফাৰ আদর্শ আৰু পৰামৰ্শমতে পৰিচালিত হোৱা এই বিচক্ষণ শাসনকৰ্তাসকলে নকৈ গঢ়া ৰাজ্যত বিদ্রোহশূন্য সুস্থিৰ শাসন ব্যৱস্থাৰ মাজেদি আর্থ-সামাজিক উন্নয়নৰ সপোন দেখিছিলমন্ত্রীসভা (বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই)ৰ পাছতে সন্মানজনক স্থান পাইছিল প্রাদেশিক শাসনকর্তা অর্থা জনজাতীয় ৰজাসকলে জনজাতিসকলৰ ভিতৰুৱা ৰীতি-নীতিত হাত নিদিয়াকৈ কাম-কাজ চলাই দক্ষতাৰ বিকেন্দ্ৰীকৰণেৰে তলতীয়া ৰজাসকলক সন্তুষ্ট কৰি ৰাখিছিল 

শাসক হিচাপে চুকাফা সকলোপ্ৰকাৰে ধৰ্মীয় সাম্প্রদায়িকতাৰ পৰা মুক্ত আছিল। চুকাফাই আন ধৰ্মৰ প্ৰতি উদাৰ নীতি গ্রহণ কৰিছিলনিজে এটা ধৰ্মৰ উপাসক হ'লেও সেই ধর্ম বিজয়ী ৰজা-প্ৰজাৰ ওপৰত জাপি দিয়া নাছিলসেই সময়ত ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠীসমূহে নিজ ধর্ম পালন কৰিবৰ বাবে কোনো বাধা পোৱা নাছিল বুৰঞ্জীত উল্লেখ আছে যে চুকাফাই চুতীয়া ৰাজ্য আক্ৰমণ কৰাৰ সময়ত চোমদেউ মন্দিৰ চোৱা-চিতাৰ ভাৰ এজন কছাৰী মানুহক দিছিল চুকাফাৰ ধর্মীয় উদাৰতা আৰু সাম্প্রদায়িকতা স্পষ্ট মহানতাই বহু সম্ভাৱ্য সংঘৰ্ষৰ পৰা তেওঁক ৰক্ষা কৰিছিলএই আদর্শবোধে নকৈ গঢ়িব বিচৰা জাতি এটাৰো পথ মুকলিত সহায়ক হৈছিল  

চুকাফাৰ আন মহান দূৰদৰ্শিতা হ'ল ভাষাৰ প্রতি লোৱা দৃষ্টিভংগী বহুলভাৱে প্রচলিত চহকী টাই ভাষা-সাহিত্যৰ মাজত ডাঙৰ-দীঘল হ'লেও এখন নতুন ৰাজ্যত আহি থলুৱা জনসাধাৰণৰ মুখৰ মাত-কথাক সন্মান জনাবলৈ লোৱা সিদ্ধান্ত আছিল চুকাফাৰ দূৰদৰ্শিতাৰ পৰিচায়ক মৰাণ, চুতীয়া, বৰাহীসকলৰ উমৈহতীয়া ভাষাক চুকাফাই গ্রহণ কৰিছিল আৰু ৰাজশাসনত স্থান দিছিল আচহুৱা পৰিৱেশত এই থলুৱা উমৈহতীয়া ভাষাটোৱে চুকাফা আৰু জনগোষ্ঠীৰ মাজত সম্পৰ্ক গঢ়িবৰ বাবে সাঁকোস্বৰূপ হৈ পৰিছিল নকৈ গঢ়িব বিচৰা সমাজখনৰ ভেটিটো চুকাফাই পৃষ্ঠপোষকতা কৰা ভাষাই সুচল কৰি তুলিছিল পৰৱৰ্তীকালত ইয়েই অসমীয়া ভাষাৰূপে বিকাশ লাভ কৰিছিল বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ৰামায়ণ ৰচনা কৰি এই নকৈ গঢ় লোৱা অসমীয়া ভাষাৰ বিজয়ৰ পতাকা উৰুৱালে আৰু ভাষাৰূপে মৰ্যাদা লাভ কৰিলে অৱশ্যে চুকাফাই নিজৰ ধৰ্মীয় ৰীতি-নীতি নিজৰ টাই ভাষাতেই পালন কৰিছিলযি মৰে, যি থাকে, বাট-পথে যি কথা হয়, লিখি থ'বা' বুলি চুকাফাই দেউধাই পণ্ডিতক যি নিৰ্দেশ দিছিল, সিয়ে হ'ল অসমৰ বুৰঞ্জী সাহিত্যৰ ভেটি অৱশ্যে প্ৰথম অৱস্থাত এই বুৰঞ্জী টাই ভাষাত লিখা হৈছিল, পিছলৈ অসমীয়াতো বুৰঞ্জী ৰচনা হয়। বুৰঞ্জী লিখা প্রথাই নকৈ গঢ় লোৱা অসমীয়া ভাষা-সাহিত্যৰ ভেটি চহকী কৰাত ইটোৱে সিটোৰ পৰিপূৰক হিচাপে প্রভূত অৰিহণা যোগালে। লগতে থলুৱা যুৱতীসকলক আহোমসকলে বিয়াবাৰু কৰোৱা ব্যৱস্থাটোৱে থলুৱা ভাষাটো গঢ় দিয়াত বিশিষ্ট অৰিহণা যোগালে। 

চুকাফাই গভীৰভাৱে বিশ্বাস কৰিছিল যে এক সবল আত্মনিৰ্ভৰশীল অর্থনৈতিক ভেটিৰ অবিহনে এখন ৰাজ্য গঢ়িব নোৱাৰি চুকাফাৰ মাটি, বতৰ আৰু কৃষি প্ৰণালীৰ সম্পৰ্কে প্ৰচুৰ জ্ঞান। চুকাফাই জয় কৰা জনগোষ্ঠীসমূহৰ খাদ্য-শস্যত হাত দিয়া নাছিলনিজে খাদ্য- শস্য উপাদন কৰি লোৱাৰ লগতে শস্যক্ষেত্রও নিজে মুকলি কৰি লৈছিলসেই সময়ত অসমৰ জনজাতীয়সকলে ঝুম খেতি কৰিছিল চুকাফাই প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলে পানীখেতিপাদনশীল বৰাধানৰ সঁচ চুকাফাই লগত লৈ আনিছিল নামনি অসমৰ বাৰভূঞাসকলে গৰুৰে হাল বাই খেতি কৰিছিলকিন্তু ম'হৰ হাল বাবলৈ চুকাফাই অসমত শিকালে  

মুগাশিল্প অসমত জনপ্রিয় কৰি তুলিছিল মাইহাং, বানবাতি, বানকাঁহী চুকাফাই অসমত প্রচলন কৰিছিল কাঁহ শিল্পৰ উন্নতিৰ বাট মুকলি কৰিছিলটাইসকল বাঁহ-বেতৰ কামৰ বাবে পৃথিৱীখ্যাত জন্মসূত্রে চুকাফাই কঢ়িয়াই অনা বাঁহ-বেতৰ নিপুণ কর্মশৈলী অসমত আৰম্ভ কৰিছিল শত্ৰুৰ চকুত সহজে ধৰা নপৰাকৈ বাৰীত ঢাপ মাৰি বাঁহ-বেত, তামোল-পাণ, ফল-মূলৰ গছ লগাই বাৰী পাতি সুন্দৰকৈ ঘৰ এখন কৰাৰ আৰ্হি চুকাফাই আৰম্ভ কৰে শত্ৰুৰ চকুত নপৰাকৈ ঘৰ এখন আঁৰ- বেৰ কৰি থোৱাটোও চুকাফাৰ আন এক উদ্দেশ্য। বিভিন্ন ঔষধি গুণসম্পন্ন উদ্ভিদ প্রণালীৱদ্ধভাৱে লগাই আহাৰৰ লগত পৰিৱেশন কৰিছিলনিজ পৰিশ্ৰমেৰে গঢ়া উৰ্বৰ ৰাজ্যখনৰ সোণোৱালী শইচ দেখি আনন্দতে নাম থৈছিল 'মুং-ডুন-চুন-খাম' অর্থা সোণোৱালী বাগিচাৰে ভৰা দেশ বা সোণৰ অসম। অসম শব্দৰ আগত 'সোণৰ' এই মনোৰম বিশেষণটো চুকাফাই প্রথম প্রয়োগ কৰিছিল 

চুকাফাই বিভিন্ন ক্ষুদ্র জনগোষ্ঠীৰ সন্মিলিত প্রচেষ্টাত গঢ়ি তোলা ৰাজ্যখনত সংস্কৃতিয়ে প্ৰগতিৰ পথেৰে নিশ্চিতভাৱে বাট বুলিছিলপ্রথম প্রভাৱ পৰিছিল কৰ্ম সংস্কৃতিৰ দিশত উদাহৰণস্বৰূপেএদিন ৰাজসভাত চুতীয়া মানুহ এজনে দুচলীয়া চালিৰে স্বৰ্গদেউক চৰাইৰ সুন্দৰ সজা এটা উপহাৰ দিলে। চুকাফাই ততালিকে চৰাই সজাৰ আর্হিত অর্থা দুচলীয়া চালিৰে ডাঙৰীয়াসকলৰ বাবে ঘৰ সাজিবলৈ নিৰ্দেশ দিলে। বৰ্তমান 'অসম আৰ্হি'ৰ ঘৰৰ গুৰিকথা এয়ে চুকাফাৰ ৰান্ধনিয়ে ৰন্ধা-বঢ়া নাজানে বুলি বৰাহীয়ে মন্তব্য কৰাত বৰাহীৰ জীয়ৰীক চাংমাইশালৰ দায়িত্ব দিলে আৰু কালক্ৰমত এইদৰে চাংমাই ফৈদ গঢ়ি তুলিলে। ঢাক-ঢোলৰ ব্যৱহাৰ চুকাফাই অসমত প্ৰথম আৰম্ভ কৰে 

মিত্রতাৰ নীতি আছিল চুকাফাৰ প্রধান অস্ত্র। পূৰ্বৰ শক্তিশালী দেশ ব্রহ্মদেশ আৰু চীনৰ লগত কটকী পঠাই, উপঢৌকন দি সৌহার্দ্যপূর্ণ সম্পর্ক গঢ়ি তুলিছিল আনৰ ভাষা-কৃষ্টি, ধৰ্মক সন্মান জনাই বিনয়ী হৈ পৰিছিল এজন নেতা হিচাপে থাকিবলগীয়া সকলোবোৰ গুণৰ অধিকাৰী আছিল চুকাফা— দূৰদৰ্শী, কর্মনিপুণতা, সাহস, ধৈর্য আৰু উচ্চাকাংক্ষা আদি। সাম্প্রতিক সমাজৰ সংকীর্ণ ভেদাভেদৰ প্ৰাচীৰ ভাঙিবলৈ চুকাফাৰ কৰ্ম আৰু চিন্তাৰ মূল্যায়নে নিশ্চয় আমাক পথ দেখুৱাব 

 

চুকাফা: বিতৰ্ক আৰু পৰিতাপ 

২০১৩ চনৰ গণৰাজ্য দিৱসৰ দিনা চুকাফাক আনুষ্ঠানিকভাৱে ‘আক্ৰমণাত্মক বিদেশীঘোষণা কৰাটো চৰম পৰিতাপৰ বিষয়। অৰ্থা চুকাফাৰ পিতৃ চাওচাংনেওৰ ঘাতক চেঙ্গিজ খানৰ লগত চুকাফা পাৰ্থক্যৰহিত হৈ পৰিল যতীন্দ্র কুমাৰ বৰগোহাঞিয়ে ‘অসমৰ অৰ্থনৈতিক ইতিহাস' গ্ৰন্থৰ প্ৰাৰম্ভতে চুকাফাক ‘আক্ৰমণকাৰী’ (বীৰ অৰ্থত) বুলি উল্লেখ কৰিছে  

আজিলৈকে অসমীয়া জাতি নিৰ্মাতাজনৰ সমাধিস্থলটো দিল্লী, দিছপুৰে সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা নকৰিলে লাংকুৰি দেওশালত স্বৰ্গদেউ চুকাফাৰ সমাধিত বন গজিছে  মৈদামৰ কাষত চলিল বেদখল।  

মাণিক পাহৰা অসমীয়া জাতিৰ কৰ্মকাণ্ড দেখি কমলাকান্ত ভট্টাচার্যই অসমক শ্মশানৰ লগত ৰিজাইছিল তেনে অপতৃণ নাবাঢ়িবৰ বাবে দৌ অসম কোঁৱৰ বংশাৱলীৰ ৰাজ্যিক সমিতি, কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি, অসম তথা ভাৰতৰ প্ৰত্নতত্ন বিভাগে সক্ৰিয় ভূমিকাৰ প্ৰয়োজন আহি পৰিছে 

ৰক্তিম ৰঞ্জন শইকীয়াৰ মতে, চুকাফা হ'ল মধ্যযুগৰ অস্থিৰ ৰাজনৈতিক প্রেক্ষপটে সৃষ্টি কৰা এগৰাকী ব্যক্তি। তেওঁৰ মহত্ব  যিদৰে আছিল সেইদৰে সীমাবদ্ধতাও আছিল। আমি চুকাফাক বিশ্লেষণ কৰোঁতে সেই যুগৰ পৰিৱেশৰ আধাৰতে কৰিব লাগিব। সময়ত অতিক্ৰম কৰিবলৈ চলোৱা যিকোনো অবৈজ্ঞানিক প্রচেষ্টাই চুকাফাৰ মহত্বক লঘুহে কৰিব  

 

সামৰণি 

শক্তিশালী চুকাফাৰ বীৰত্ব আৰু ব্যৱহাৰত সেই সময়ৰ নগা, মৰাণ আৰু বৰাহী জনজাতিসকলে আপ্লুত হৈ টাই-শান বিজেতাসকলক ‘আহম’ (বা অহম বা অসম: তেওঁলোকৰ সমান কোনো নাই”) বুলি কৈছিলএই আহম’ শব্দৰ পৰাই তেওঁলোক কালক্ৰমে ‘অহম’, ‘অসমবা আহোম নামেৰে জনাজাত হৈছিলএই আহোমসকলে অসমত ৬০০ বছৰ কাল ৰাজত্ব কৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল আৰু লগতে উত্তৰ-পূব ভাৰতত মোগলৰ শাসন বিস্তাৰ কৰাত বাধা দিছিল একেটা ৰাজবংশৰ এনে ৬০০ বছৰ পৰ্যন্ত দীঘলীয়া ৰাজত্বৰ উদাহৰণ ভাৰত বুৰঞ্জীতে নহয়, পৃথিৱীৰ যিকোনো বুৰঞ্জীতে বিৰল চুতীয়া, বৰাহী, কছাৰী, মৰাণ, ভূঞা আদি বিভিন্ন জনগোষ্ঠীৰ হাতত খণ্ড-বিখণ্ড হৈ থকা জাতি-জনজাতি-উপজাতিবিলাক ‘অসমীয়া’ নামৰ এটা নতুন জাতিত পৰিণত হল। এইখিনিতে চুকাফাৰ মহান দূৰদৰ্শিতাৰ প্ৰমাণ পোৱা যায়। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পাছতে আহোম ৰাজবংশৰ শাসনৰ অন্ত পৰে 

১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰৰ দিনটোতেই চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিলহি সেই ঐতিহাসিক দিনটোক চিৰ স্মৰণীয় কৰিবৰ বাবে ১৯৭২ চনতেই ভীমকান্ত বুঢ়াগোঁহাইয়ে চুকাফা দিৱস উদযাপন কৰা প্ৰসংগ প্ৰথম উত্থাপন কৰিছিল১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰক ‘চুকাফা দিৱসবা অসম দিৱসউদযাপন কৰি অহা হৈছে  

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই কৈছিল, "আকৌ উভতি চাও। যি স্বৰ্গদেউ চুকাফাই অসমত বাস কৰা লোকসকলক প্ৰথমবাৰৰ বাবে অসমীয়া জাতি বুলি পৰিচয় প্ৰদান কৰিছিল, যি চুকাফাই নিজৰ ধৰ্ম এৰি প্ৰজাৰ ধৰ্ম আঁকোৱালি লৈ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি-সম্প্ৰীতিৰ বান্ধোন কটকটীয়াকৈ ৰখাত সফল হৈছিলসেই চুকাফাৰ দিনৰে পৰা আজিলৈকে অসমীয়া ভাষা-সাহিত্যই নানা সংগ্রামৰ মাজেৰে খোজ কাঢ়িছে।" 

 

গ্ৰন্থপঞ্জী 

কলিতা, ৰাজেন, অসমীয়া জাতি গঠনৰ অগ্ৰজসকল, চন্দ্র প্ৰকাশ, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০০৮  

কলিতা, ৰাজেন, প্ৰাচীন অসমৰ সংস্কৃতি আৰু বুৰঞ্জী, চন্দ্র প্ৰকাশ, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০০৮  

গোস্বামী, প্ৰকাশ (সম্পা.), অসমীয়া প্ৰবন্ধ চয়ন, অসম সাহিত্য সভা, যোৰহাট, প্ৰথম প্ৰকাশ, ১৯৯২ 

হাজৰিকা, বিশ্বেশ্বৰ (সম্পা.), অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, গুৱাহাটী, দ্বিতীয় প্ৰকাশ, ২০১৬  

 

ইংৰাজী গ্ৰন্থ  

Rajkhowa, Jyoti Prasad, Sukapha and His Times, Blue, Sparrow Books, 2020 

 

ইন্টাৰেনট 

শইকীয়া, ৰক্তিম ৰঞ্জন, অসম দিৱসৰ চিন্তাঃ গণৰাজ্য দিৱসৰ কুছকাৱাজত আক্রমণকাৰী চুকাফা?, mahabahu. com, ২০২২ 



অন্তৰীপ কাকতি 


 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.