দলি পুৰাণৰ পাতে পাতে : পথৰঘুাটৰ ৰণ আৰু ঔপনিৱেশিক শোষণ
0 Like
0.0
ৰাইজে উঠি কয়, দেউতা খাজানা দিবা নাই।
পাঁচ টকীয়া খাজানা কেনকে দিওঁ আদায়।।
পাঁচ সিকিয়া খাজানা দিবৰ উপায় নাই।
এইবুলি ৰাইজে আগবাঢ়ি কয় যায়।। (দলিপুৰাণ)
উনবিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। ১৮৫৭ চনৰ বিদ্ৰোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা মহাৰাণীৰ ঘোষণা পত্ৰৰ (১৮৫৮) যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয়। ১৮৫৭ চনৰ বিদ্ৰোহে ব্রিটিছ চৰকাৰৰ অর্থনৈতিক অবস্থা শোচনীয় কৰি তুলিছিল। বিদ্রোহ দমনৰ নামত যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল। সেয়ে ১৮৫৭-১৮৫৮ চনত হোৱা বাজেটে উর্দ্ধসীমা চুইছিল। চিপাহী বিদ্ৰোহৰ পৰবৰ্তী বছৰটোত ইংৰাজ চাৰকাৰৰ প্ৰধান কাম আছিল ভাৰতবৰ্ষৰ অৰ্থনৈতিক অবস্থা সুস্থিৰ কৰি তোলা আৰু বিদ্ৰোহৰ ঘাটি পূৰণ কৰা। ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ-কটলৰ বোজা পৰিছিল। অসমৰ ক্ষেত্ৰতো একেই ব্যৱস্থা পালন কৰা হৈছিল। প্ৰচলিত অন্যান্য কৰ কাটল বাহাল ৰখাৰ উপৰিও নতুনকৈ ভালেমান কৰ-কাটল আৰু থাজানা আৰোপ কৰা হৈছিল। কৰ বৃদ্ধিৰ পৰা ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত ১০০ (এশ) শতাংশ হৈছিল। ১৮৫৮ চনত টিকট কৰ, ১৮৬০ চনত আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞাপত্ৰ আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু, ম'হ চৰোৱাৰ বাবদ গ্লেজিংকৰ বহুৱা হৈছিল। কামৰূপ, দৰং আৰু নগাঁৱত আৱকাৰী কৰ লগোৱা হয়। সোণ কমোৱা নৈ, মাছধৰা নৈ ডাকত দিয়া হয়। বৃট্ৰিছ চৰকাৰৰ ৰাজহ সংগ্ৰহ ব্যৱস্থাত আটাইতকৈ বেছি ক্ষতিগ্রস্থ হৈছিল সাধাৰণ প্ৰজা আৰু কৃষকসকল। কৃষকসকলক প্রাকৃতিক দূর্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তো কৰ-কাটলৰ পৰা ৰেহাই দিয়া নাছিল। এই সকলোবোৰ কাৰণতেই সৰ্বসাধাৰণ ৰাইজ ব্ৰিটিছৰ প্ৰতি বিতুষ্ট হৈছিল আৰু তাৰ ফলস্বৰূপে মূলত উনবিংশ শতিকাৰ মাজ ভাগৰ পৰা শেষলৈ কৃষক বিদ্রোহ সংঘটিত হৈছিল।
১৭৫৭ চনত ব্রিটিছে চলে-বলে-কৌশলে পলাশী যুদ্ধৰ পিছত বংগ, বিহাৰ আৰু উৰিষ্যা দখল কৰাৰ কিছু বছৰৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষ নিজৰ অধীনলৈ আনে। ফলত নিজৰ মাজতেই খোৱা-কামোৰা আৰু অদূৰদৰ্শী স্বভাৱৰ বাবে বহুতো ক্ষমতাচ্যুত বাজপৰিয়ালে প্রকাশ্যে ইংৰাজৰ বিৰুদ্ধে লাগি পৰিল। ইং ১৮৫৭ চনৰ চিপাহী বিদ্রোহ ইয়াৰেই ফলশ্ৰুতি। মানৰ আক্ৰমণৰ পৰা অসমক বচাবলৈ অহা ব্ৰিটিছে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ 'ইয়াণ্ডাবু সন্ধি'ৰ গইনা লৈ এদেও লোটা নিবৰ চেওৰ দৰে অসমৰ ৰাজপাটত গোজেই গছ হৈ বহি পৰিল। উল্লেখনীয় দিশ এয়ে যে এই সন্ধিৰ প্রতি অসমীয়া কোনো মহলৰে সমৰ্থন নাছিল।
ঔপনিৱেশিক শোষণ প্রক্রিয়া অব্যাহত ৰাখিবৰ নিমিত্তে বৃটিছে অসমৰ অমূল্য সম্পদৰাজি কঢ়িয়াবৰ বাবে যোগাযোগ আৰু পৰিবহনৰ দিশত অধিক গুৰুত্ব দিলে। গুৰুত্ব দিলে মাথিৰ মূৰৰ ঘিউ কঢ়াৰ দৰে বিভিন্ন শিতানত কৰ ধাৰ্য কৰি সেইবোৰ সংগ্ৰহত। আইন-আদালত, গৃহৰক্ষী বিভাগ, সৈন্যবাহিনী তথা প্রশাসন যন্ত্র আদিক শক্তিশালী কৰাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰিব লগাত পৰি ইংৰাজে বিভিন্ন কৰৰ ব্যৱস্থা কৰিলে। চাহ শিল্পৰ উপৰিও বনজ, খনিজ, জলজ সম্পদসমূহৰ পৰা প্ৰচুৰ অৰ্থ সংগ্ৰহৰ বাবে বিভিন্ন বিধিৰ সৃষ্টি কৰিলে। সেইবোৰ সম্পদৰ ওপৰত জনসাধাৰণৰ স্বত্ব কাঢ়ি নিবলৈকে কলিকতাৰ পৰা এক সুপৰিকল্পিত কেন্দ্রীয় লবীৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত ব্ৰিটিছৰ শেনচকু পৰিল অসমৰ সাৰুৱা মাটিত সহজলভ্য হিচাপে খেতি কৰি জীৱিকা নিৰ্বাহ কৰা কৃষকসকলৰ পৈতৃক সম্পত্তি স্বৰূপ ভূমিৰ ওপৰত। প্ৰত্যেক মানুহৰ বৃত্তি ভিত্তিক খাজানা নিৰ্ধাৰণে স্বাধীন অসমীয়া জন সাধাৰণক ক্ষুণ্ণ কৰিলে। খাজানা দিব নোৱাৰা পৰিয়ালৰ সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ ব্যৱস্থাই চৰম সীমা অতিক্ৰম কৰিছিল। অকল এযে নহয় দেবোত্তব, ব্রহ্মোত্তৰ, ধর্মোত্তৰ আৰু নানকাৰ মাটিত বিঘাই আঠ অনাকৈ আৰু কাটনি মাটিত এটকাকৈ খাজানা নিৰ্ধাৰণ কৰিলে। আনকি মহ, গৰুহালৰ ওপৰতো অতিৰিক্ত খাজানাৰ ব্যৱস্থা কৰিলে। কিন্তু এই চিপাহী বিদ্ৰোহৰ আগতেই বিদেশী ব্রিটিছৰ অধিকাৰ সম্পৰ্কে বিদ্রোহ আৰম্ভ কৰিছিল কৃষকসকলে। ইংৰাজে বংগ, বিহাৰ আৰু উৰিষ্যাত জমিদাৰী প্ৰথা, উত্তৰ ভাৰতত মহলৱাৰী প্ৰথা আৰু দক্ষিণ ভাৰতত ৰায়তৱাৰী প্ৰথা প্ৰৱৰ্তন কৰি প্ৰকাৰন্তৰে ক্ষমতাচ্যুত ৰাজপৰিয়ালক সঞ্জষ্ট কৰিলে যদিও প্ৰকৃতাৰ্থত কৃষক ৰাইজৰ মৌলিক অধিকাৰ কাটি নিলে। ফলত কৃষক ৰাইজ লাহে-লাহে বিদেশী ইংৰাজ, তৃস্বামী দেশী জমিদাবী মহাজন আৰু তালুকদাৰৰ বিৰুদ্ধে খিয় হ'ব লগা হ'ল।
তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ উপজাতিসমূহৰ মাজত বিদেশী ইংৰাজ আৰু দেশীয় ভূস্বামীসকলৰ প্ৰতি গভীৰ অসঙ্কুষ্টিয়ে গা কৰি উঠিছিল উনবিংশ শতিকাৰ দ্বিতীয় তৃতীয় দশকত। ছোটনাগপুৰ অঞ্চলৰ বিভিন্ন আদিবাসীসকলে খাজনা বৃদ্ধিৰ প্ৰতিবাদকল্পে ১৮৩১ চনতেই ঐক্যবদ্ধ বিক্ষোভৰ সূচনা কৰিছিল। ১৮৫৫-৫৬ চনত চাওতালীসকলে সিবু আৰু কানু নামৰ দুই ভ্রাতৃৰ নেতৃত্বত কৰা বিদ্রোহ, ১৮৭১ আৰু ১৮৮২ চনত খেৰওৱাৰ বিদ্ৰোহ, ১৮৭৭ চনত চৰ্দাৰী বিদ্রোহ, ১৮৯৫ চনত বিৰচা মুণ্ডাৰ নেতৃত্বৰ উলগুলান বিদ্রোহ, ১৮৫৯ চনত নীল বিদ্রোহ আদি কৃষক বিদ্ৰোহৰ মূল কাৰণ হ'ল অর্থনৈতিক। ব্রিটিছ অহা আৰু ভূস্বামীসকলৰ অন্যায় শোষণৰ প্ৰতিবাদকল্পে কৃষকসকলে গাঁৱে-ভুঞে সভা-সমিতি পাতি তেওঁলোকৰ প্ৰধান শত্ৰুক চিহ্নিত কৰি ঐক্যবদ্ধভাবে বিক্ষোভৰ আয়োজন কৰিছিল। ক্ষমতাচ্যুত ৰাজপৰিয়াল, বিষয়া-কর্মচাৰী অথবা মধ্যবিত্ত সচেতন এচামেও সময়ে সময়ে এনেবোৰ কৃষক বিদ্ৰোহৰ নেতৃত্ব লোৱা পৰিলক্ষিত হৈছিল। কিন্তু চাওতালী আৰু মুণ্ডাৰীসকলৰ বিদ্ৰোহৰ নেতৃত্ব লৈছিল তেওঁলোকৰ দৰে দলিত ব্যক্তি বিশেষে। এই বিদ্রোহবোৰ সংগঠিত ৰূপত আত্মপ্রকাশ কৰোতে বায়ত সভাসমূহে বিশেষ গুরুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। বিশেষকৈ বংগ, বিহাৰ, উৰিষ্যা আদিত জমিদাৰী প্ৰথাৰ বিৰুদ্ধে ৰায়তসকলে সঘনে সমবেত হৈছিল। পৰৱৰ্তী স্বাধীনতা আন্দোলনত এই বায়ত সভাবোৰে বিশেষভাবে অৰিহণা যেগাইছিল।
কৃষক বিদ্ৰোহৰ এই পথৰুঘাটৰ কৃষক বিদ্রোহ কিন্তু একেদিনাই সংঘটিত হোৱা বিদ্রোহ নাছিল। এই কৃষক বিদ্রোহতেই প্রতিফলিত হৈছে দৃঢ়মনা সাহসী দৰঙী কৃষকৰ সংগ্ৰামী প্রতিবাদী সত্ত্বা। দৰঙী প্ৰজাৰ সংগ্ৰামী প্ৰতিবাদী সত্ত্বা ইয়াৰ পূর্বে প্রতিফলিত হৈছিল ১৭৭০ চনৰ কোনো এটা দিনত। আহোম ৰজাই জাপি দিয়া বৰ্দ্ধিত কৰৰ বোজাত বিপর্যস্ত হৈ পৰিছিল দৰঙী প্ৰজা। জনশ্রুতি অনুসৰি ফটিক হাজৰিকা নামৰ এগৰাকী সাহসী দৰঙী প্ৰজাৰ নেতৃত্বত চাৰিহেজাৰ দৰঙী প্ৰজাই দৰঙৰ পৰা আহোমৰ ৰাজধানী ৰংপুৰলৈ আৰম্ভ কৰিছিল এক ঐতিহাসিক লং মার্চ বা পদযাত্রা। কোনো সুচল যাতায়ত ব্যৱস্থা নথকা বাবে এই সাহসী দৰঙী বীৰ সন্তান সকলে ব্রহ্মপুত্র নদী কলৰ ভুৰেৰে পাৰ হৈছিল। এই লং মার্চ মাও চে টুঙৰ ঐতিহাসিক লং মার্চ বা মহাত্মা গান্ধীয়ে আৰম্ভ কৰা দাত্তি যাত্ৰাতকৈ কোনোগুণে কম নহয়। ৰংপুৰত পদব্রজে উপস্থিত হোৱা দৰঙী প্ৰজাৰ বীৰত্ব আৰু সাহসিকতাৰ ওচৰত আহোম ৰজা সেও মানিবলৈ বাধা হয় আৰু দৰঙী প্ৰজাৰ ওপৰত আৰোপ কৰা বৰ্দ্ধিত কৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক ডঃ ৰক্তিম ৰজন শইকীয়াই ব্যক্তিগত প্ৰচেষ্টাৰে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত দৰঙী প্ৰজাৰ এই ঐতিহাসিক লং মার্চন বিষয়ে তথ্য সমৃদ্ধ লিখনি এটিও প্রকাশ কৰিছে। উনবিংশ শতিকাৰ ঊনবিংশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকত অসমৰ কৃষকসকলৰ মাজত গভীৰ অসন্তুষ্টিয়ে দেখা দিছিল। এই অসন্তুষ্টিৰ আঁৰত অৱশ্যে বিদেশী ইংৰাজৰ প্ৰতি থকা সহজাত ক্ষোত-ঘৃণাই মহৌষধি ৰূপ পৰিগ্ৰহণ কৰিছিল। ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা যে অসমক প্ৰকাৰম্ভবে নিজৰ অধীনলৈ অনা ইংৰাজৰ ছত্ৰছায়াত এচাম মধ্যভোগীয়ে যেনেদৰে নিজৰ সা-সুবিধা আদায় কৰি নিজকে ধন্য মানিছিল, ইয়াৰ বিপৰীতে কোনোদিন ইংৰাজৰ লগত পোনপতীয়া সম্পর্ক নথকা সাধাৰণ কৃষক ৰাইজ স্বতঃস্ফূর্তভাবে একগোট হৈ ব্রিটিছৰ অন্যায় নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল।
এই স্বতঃস্ফূর্ত ঐক্যত ইন্ধন যোগাইছিল 'ৰায়ত সভা', পৰৱৰ্তী কালত (অসমত) 'ৰাইজৰ সত্তা' অথবা 'ৰাইজমেলে'। ইংৰাজ আমোলে অসমত হাবি-জংঘল কাটি চাহ বাগান প্রতিষ্ঠাত গুৰুত্ব দিছিল আৰু নামনি অসম তথা ভাৰতৰ অন্যান্য ঠাইৰ পৰা 'কুলি' আনি এই বাগানৰ কামত লগোৱা হৈছিল। স্বাভাৱিকতে 'অসমীয়া কুলি' সৰবৰাহত খৰচ কম হৈছিল আৰু কানি, ফটিকা খুৱাই এই কুলিসকলক কঠিন পৰিশ্ৰম কৰিবলৈ বাধ্য কৰিছিল।
The thousands of Kachari Coolies from Kamroop and Goalpara Districts, who come every year to Upper Assam Tea gardens for work use upium for the most part, and they are those who work hardest and least liable to illness.
(প্রসেনজিৎ চৌধুৰী, অসমৰ চাহ বনুৱা আৰু উনৈশ শতিকাৰ বিদ্বৎ সমাজ, পৃষ্ঠা-৮৭)
অসমীয়া মধ্যবিত্ত সমাজ এই সময়ছোৱাত দুভাগত বিভক্ত হৈছিল। ইংৰাজ আমোলত বিভিন্ন সা-সুবিধা লাত কৰা শ্ৰেণীটোৱে স্বাভাৱিকতে ইংৰাজৰ সকলো কামতে 'হয় হুজুৰ' আছিল। সংখ্যাত তাকৰ আন এচাম মধ্যবিত্তই এই অসমীয়া কুলি সৰবৰাহত যাতে কোনো বাধাৰ সৃষ্টি নহয়, ইয়াৰ বাবে কৃষকৰ ওপৰত যি খাজনা জাপি দিছিল, এই অন্যায় নীতিত বিক্ষুব্ধ কৃষকৰ পক্ষ লৈছিল।
সেই সময়ত নামনি অসমত 'ৰায়ত সভা' তথা 'ৰাইজমেল' ৰ দ্বাৰা সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ উৎস সম্পৰ্কত নৰোত্তম দাস নামৰ এগৰাকী অলৌকিক কবিয়ে 'দলি পুৰাণত' এক তাৎপর্যপূর্ণ দিশ আমাৰ আগত দাঙি ধৰিছে। বজাৰ কৰিবলৈ যোৱা ইংৰাজ চাহাবে অসমীয়া আলু, কচু বিক্ৰী কৰিবলৈ অহা বেপাৰীক সুধি-পুচি গম পালে অসমৰ সাধাৰণ ৰাইজৰ অভাৱ কম। সেয়ে-
ভাবি-চিন্তি চাহাবে উপায় নাপাই। ভালটো বাগিচাত কুলিক নাপাই।। গাঁৱে-গাঁরে ধনী হ'ল কুলি আনবা নবো। যেনে তেনে দুখীয়া হওক খাজানা বেছি কৰো।। এই বুলি মহাৰাণীক ৰিপোট দিলা লেখি। মহাৰাণী হুকুম দিলা কাগজখন দেখি।। মহাৰাণীৰ হুকুম আহি মঙলদৈ পালা। চাহাবে দস্তখত কৰি তহচিলদাৰক দিলা। তহচিলদাৰে পৰণা লিখি গাঁওবুঢ়াক দিলা।। গাঁওবুঢ়াই আহি পাচে ঘৰে ঘৰে কলা। গাঁওবুঢ়াই বোলে ৰাইজ হ'ব লগা হ'ল। পাঁচসিকীয়া গুচি খাজনা পাঁচটকীয়া হ'ল।।
(দীনেশ্বৰ শৰ্মা সম্পাদিত 'পথৰুঘাটৰ ৰণ', পৃষ্ঠা১৮/১৯)
এই তথ্য কিমান যুক্তিনিষ্ঠ সেয়া বিচাৰ্যৰ বিষয় যদিও এই কথা সত্য যে সেই সময়ত ইংৰাজে অসমত 'অসমীয়া কুলি' সৃষ্টি কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল আৰু এই বাবেই পর্যায়ক্রমে কেইবাবাৰো খাজনা বৃদ্ধি কৰিছিল যাতে সাধাৰণ কৃষক ৰাইজৰ কঁকাল ভাগি পৰে। বুৰঞ্জীবিদ স্বর্গীয় দীনেশ্বৰ শৰ্মাৰ তথ্যঃ
'১৮৪১ ইং চনলৈ দৰঙী প্ৰজাই খেলৰ প্ৰথামতে হালখনে প্রতি ৩.০০ টকাকৈ নাঙল কৰ দিছিল। ১৮৪২ ইং চল যেতিয়া নতুনকৈ মাটি পিয়ল কৰি বস্তি, ৰূপিত, ফৰিঙতি আদি শ্রেণী কৰি খাজনা বৃদ্ধি কৰিলে তেতিয়া প্ৰজাৰ সন্দেহ আৰু অসন্তষ্টিৰ ভাব বৃদ্ধি হয়। ৰূপিতৰ পুৰাত ১।।০ টকা আৰু আন দুবিধৰ পুৰাত ১ টকা হিচাপে নিয়মমতে খাজনা সোধাবলৈ প্রজা বাধ্য হ'ল। ১৮৩২-৩৩ চনত খেলৰ প্ৰথামতে দৰঙৰ পৰা খাজনা আদায় হৈছিল ৪১,৫০৬ টকা। তাৰ দহ বন্দৰৰ পিছত অর্থাৎ ১৮৪২/৪৩ ইং চনত সেই খাজনা বৃদ্ধি হৈ ১,৩৫,৪৫৪ টকা, আকৌ তাৰ দহ বছৰৰ পিদত অর্থাৎ ১৮৫২/৫৩ চনত সেই খাজনা বৃদ্ধি হৈ ৭.৪৩,৬৮৯ টিকা হৈছিল গৈ। এইদৰে প্রতি দহ বছৰে প্ৰজাৰ পৰা লাখ লাখ টকা বর্ধিত খাজনা আদায় কৰাত প্ৰজাৰ মনত অতি অসন্তুষ্টি আৰু বিদ্রোহীভাবে ঠাই ল'লে।
নতুনকৈ পৰাধীন হোৱা স্বাধীনচিতীয়া প্ৰজাই ব্রিটিছৰ কূট-কৌশল সকলো বুজি পালে আৰু কি উপায়ে এই ধ্বংসকাৰী শাসনৰ অৱসান ঘটাব পাৰি তাৰ উপায় চিন্তিবলৈ ধৰিলে। শেষত এই দুর্নীতি একমাত্ৰ বিদ্ৰোহৰ দ্বাৰাহে যে দূৰ হ'ব তাক নিশ্চয় কৰিলে।... গাঁৱে-গাঁৱে ৰাইজমেল (বাজহুৱা সভা) পাতি বর্ধিত হাৰত খাজনা নিদিবলৈ আলোচনা কৰিব ধৰিলে'।
(পথৰুঘাটৰ ৰণ, পৃষ্ঠা ৬/৭)
১৯ শতিকাৰ দ্বিতীয়াৰ্দ্ধত অসমৰ কৃষক প্ৰজাৰ মাজত ঠাই পোৱা অসন্তোষ আৰু এই অসন্তোষে শাসকৰ বিৰুদ্ধে গঢ়ি তোলা বিদ্ৰোহৰ যুক্তিক নুই কৰিব নোৱাৰি। বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায়। বিদেশী শাসকে অসমীয়াৰ অর্থনৈতিক বুনিয়াদ আন্তৰিকতাৰে অনুভৱ কৰা নাছিল। অথচ খাজনা বৃদ্ধিৰ গতি ক্রমান্নয়ে বাটিহে গৈছিল। খেতি নহ'লেও বন্দবস্তিৰ মাটিত কৃষকে থাজানা দিব লগা হোৱাত অসমৰ প্ৰজাই দহচনা বন্দবস্তিৰ ভিত্তিত মাটি নলৈ এবছৰীয়া বন্দবস্তুিত মাটি লোৱাটোকে উপযুক্ত বুলি বিবেচনা কৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে বংগ চৰকাৰলৈ দিয়া টোকাত উল্লেখ পাইছে-- On the subject we have to submit that the assessment on the several description of land in Assam does not appear to have been fixed with reference to their actual capabilities. In advarting to the general pressure to taxation, we deem it necessary to bring to the notice of the Govt. that the assessment at present esent Imposed on the lands of then province is not and that an enhancement of the rates under the present circumstances of the province, without only what then country can possibly affored, any worked improvement in agriculture commerce would be overberden the people with taxes. which they could but ill afford to bear. The former Govt, never exceded the standard of assessment laid down by the ancient Hindu lagislatorse-one-sixth of the produce of lands The present rate of taxation however has far exceded that limit and assessment on some of the poorest classes of rupit land is nearly equal in value to one half of their produce Unless therefore the Govt, provides people with better....inevitably lead to an increase of the unhappyness of the people.
ঢেকিয়াল ফুকনৰ সকীয়নিক চৰকাৰৰ পক্ষৰ পৰা গুৰুত্ব দিয়া নহ'ল। খাজনা বৃদ্ধিয়ে কৃষকক দূৰৱস্থালৈ টানি নিছিল। এফালে খাজনা বৃদ্ধি আনফালে অনাটন'। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি কৃষকে মহাজন অথবা মাৰোৱাৰীৰ ওচৰত ঋণগ্রস্ততাত সোমাই যাব লগা হৈছিল। কৃষকে মুঠ উৎপাদনৰ চাৰিভাগৰ এভাগৰ ওপৰটো নিজা কর্তৃত্ব ৰাখিব পৰা নাছিল। ড° অমলেও গুহৰ মতে- 'The fact that the market sector of the peasant economy was competely in the grip of well enterenced 'Marwari Trading Capital' ever since the advent of British Rule is beyond dispute. Peasant used to receive cash advances from the Marwari Traders against pledged crops to considerable extent. The numerous shops provided a network for filtration of credit into the rural area. Peasants also secured loans though the mortgage of their labour to local landlords and Traders.'
কৃষকে নিজা ভূমি-সম্পত্তিক স্থানীয় মহাজনৰ ওচৰত আৰু শ্ৰমক স্থানীয় মাৰোৱাৰী ব্যৱসায়ীৰ ওচৰত ধাৰে থৈ কৃষি কর্মত লিপ্ত হ'ব লগা হৈছিল। কৃষকৰ দুৰ্বলতাৰ সুযোগ বুজি কামৰূপৰ ঠায়ে ঠায়ে বিশেষকৈ বৰপেটা, বহৰি আদি ঠাইত মাৰোৱাৰী ব্যৱসায়ীৰ প্রতিপত্তি ক্ৰমাৎ বৃদ্ধি হৈছিল।" মাৰোৱাৰী ব্যৱসায়ক অনুসৰণ কৰি এক শ্রেণী খলুৱাইও ব্যবসায়ত নামিছিল। ভাচানীয়া বংগদেশীয় সকলৰ দৰে কামৰূপ-বৰপেটাৰ ব্যৱসায়ীসকলেও নৌকাক মূল যাতায়তৰ আলম হিচাপে লৈ গোৱালপাৰা, দৰং, আনকি ভূটিয়া পাহাৰৰ নামনি অঞ্চললৈকে ব্যৱসায়ৰ প্ৰসাৰণ ঘটাইছিল।
নামনি অসমৰ ঐতিহাসিক পৰিস্থিতি উজনি অসমতকৈ কিছু পৃথক। মোগল শাসনৰ প্ৰভাব, কোচ, কমতা আদি ৰাজতন্ত্ৰৰ কেন্দ্ৰ স্বৰূপ নামনি অসমত পূৰ্বৰে পৰা এক সাংস্কৃতিক চেতনা উজ্জীবিত হৈ আছে। সেয়ে ইয়াত্তাবু সন্ধিৰ প্ৰাক কালতেই নামনি অসমত ৰাজহ আৰু ভূমি সম্পর্কীয় ব্যৱস্থাৱলীত ইংৰাজী প্রশাসনে বিশেষ গুৰুত্ব দিছিল। ১৮২৫ চলতে কামৰূপ, নগাঁও, দৰং জিলা ব্রিটিছৰ দখললৈ আহে। উজনি অসমতকৈ আগেয়ে এই জিলা কেইখনত ভূ-স্বত্বৰ নতুন ধাৰা বিধি প্ৰৱৰ্তন কৰিছিল।
১৮৭০ চনত কেনেদৰে মাটিৰ শ্ৰেণী বিভাজন কৰি খাজনা আদায়ৰ প্ৰচেষ্টা কৰিছিল এই সন্দৰ্ভত ৬০ অমলেন্দু গুহৰ তথ্য: It was under the settlement Rules of 1870 that Government for first time, categorically and uneveivocally recognized the permanent transferal and reitable right in rupit (wet paddy) and bari (Homestead) lands in private occupation district as divided into mouzas or circles. each unit a few Square miles to 200 Square miles in area being placed under a mauzadar for purpose of revenue collection.
ইং ১৮২৫ চনতে কামৰূপ, নগাঁও, দৰং জিলাত প্ৰৱৰ্তন কৰা নতুন ভূমি ৰাজহ ব্যৱস্থাৱলীৰ (দহ পৃষ্ঠাত) (দহ পৃষ্ঠাৰ পৰা) বাবে এই কেইখন জিলায়েই কৃষক বিদ্ৰোহৰ ঘাটি হিচাপে পৰিগণিত হৈছিল। ফলত ৰায়ত সভা অথবা ৰাইজমেলৰ ওপৰত ইংৰাজ চৰকাৰে সময়ে সময়ে নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হৈছিল। ইং ১৮৬১ চনৰ ১৮ ডিচেম্বৰ তাৰিখে নগাঁও জিলাৰ ফুলগুৰিত আফিং খেতিৰ ওপৰত ব্ৰিটিছে কৰ লগোৱাত কৃষকসকল সমবেত হৈ ব্ৰিটিছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা সন্দৰ্ভত 'ৰাইজমেল'ৰ দ্বাৰা একত্ৰিত হৈছিল।
ৰাইজমেলত কামৰূপ জিলাৰ ৰঙিয়া, লাছিমা আৰু দৰঙৰ পথৰুঘাটৰ কৃষক ৰাইজে খাজানা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই বিদ্রোহ অকল ইংৰাজ শাসনৰ বিৰুদ্ধেই নাছিল, কৃষকক ধাৰ দি বন্ধকৃত লোৱা মাৰোৱাৰী (কেএল) মহাজন শ্ৰেণীৰ বিৰুদ্ধেও আছিল। মঙলদৈ মহকুমাৰ পথৰুঘাটৰ কৃষক ৰাইজে ১৮৯৪ চনৰ জানুৱাৰী মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত খাজানা সংগ্রহতো বাধা প্রদান কৰিছিল। কলাইগাঁও, মঙলদৈ, মিলিত হৈছিল আৰু ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এক
বৃহৎ ৰাইজমেলৰ সিদ্ধান্ত গ্রহণ কৰাত ব্রিটিছ প্রশাসন ক্ষোভিত হয় আৰু তাক প্রতিহত কৰিবলৈ শেষত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু আৰু ১৫০ জনতকৈয়ো অধিক আহত হয়।
স্বাধীনচিতীয়া, দুর্জয় সাহসী দৰঙী প্ৰজাসকলৰ ঔপনিৱেশিক শাসনৰ এই বিদ্ৰোহক 'পথৰুঘাটৰ ৰণ' হিচাসে অভিহিত কৰা হয়। কাৰণ চিৰদিন যুঁজ কৰি অহা এই প্রজাসকলে সিদিনা চিপাহীৰ গুলী চালনাত অতীষ্ঠ হৈ খাওকতে পোৱা দলি চপৰা, লাঠী, বাঁহৰ টুকুৰা আদি ব্যৱহাৰ কৰিছিল। বিশ্ব ইতিহাসত এনেধৰণৰ কৃষক বিদ্ৰোহৰ উদাহৰণ বিৰল নহয় যদিও ভাৰতবৰ্ষৰ ভিতৰতে এই বণক আমি ইংৰাজৰ বিপক্ষে প্ৰথম 'সশস্ত্র কৃষক বিদ্রোহ' বুলি অভিহিত কৰিব পাৰো। I
এই বিদ্ৰোহৰ আন এক তাৎপয্য আছে। সেয়া হৈছে সমন্বয়ৰ। মুছলমান অধ্যুষিত এই পথৰুঘাটত হিন্দু-মুছলমান ঐক্যবদ্ধ হৈ বিদেশী ইংৰাজসকলৰ বিৰুদ্ধে ৰণ দিয়া নজিৰ অন্ততঃ স্বাধীনতা আন্দোলনৰ প্ৰাচালত নাই বুলি কলেও অত্যুক্তি কৰা নহ'ব। ১৪০ জন শ্বহীদৰ ভিতৰত ৪১ জন শ্বহীদৰ নাম ইতিমধ্যে সংগ্ৰহ কৰা হৈছে ইয়াৰ ভিতৰত ৭গৰাকী মুছলমান শ্বহীদৰ নাম উল্লেখযোগ্য।
এই 'পথৰুঘাটৰ ৰণৰ কাহিনী নৰোত্তম নামৰ এগৰাকী কবিয়ে 'দলি পুৰাণ' নামৰ কাব্যত মঙলদৈয়া উপভাষাত মর্মস্পর্শী ভাৱে বৰ্ণনা কৰিছে।
পথৰুঘাটৰ কৃষক বিদ্রোহ আৰু সাতকুৰি কৃষকৰ আয় বলিদান ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এক বর্ণিল অধ্যায় যদিও পথৰুঘাটে এতিয়ালৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো স্বীকৃতি লাভ নকৰা বিষয়টি স্বাধীন ভাৰতবৰ্ষৰ বাবেই অতি বেদনাদায়ক বিষয়। জ্বালিয়ানৱালাৱাগৰ নৃশংস হত্যাকাণ্ডক ৰাষ্ট্ৰীয় স্বীকছি দিবলৈ ১৯৫১ চনতেই ভাৰতৰ সংসদত প্ৰণয়ন কৰা হৈছিল জ্বালিয়ানৱালাৱাগ ৰাষ্ট্ৰীয় স্মাৰক আইন। এই আইনখনৰ জড়িয়তেই জ্বালিয়ানৱালাৱাগৰ স্মাৰক পৰিচালিত হৈ আহিছে কিন্তু আজিও কোনোবাখিনিত পথৰুঘাটৰ ৰণ আৰু অসমৰ এই কৃষক বিদ্রোহ উপেক্ষিত হৈ ৰ'ল।
দৰঙৰ তদানীন্তন উপায়ুক্ত ধ্ৰুৱ হাজৰিকাদেৱৰ বিশেষ তৎপৰতাত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্র অনুষ্ঠিত কৰিবলৈ যো জা চলোৱা হৈছিল। ইয়াৰে অংশ হিচাপে উপায়ুক্ত গৰাকীৰ অনুৰোধমর্মে বিশিষ্ট লিখক অৰূপ কুমাৰ দত্তই লিখা 'Pothorughat' নামৰ ইংৰাজী গ্রন্থ খন ২০১০ চনত প্ৰকাশ কৰা হয়। আনন্দৰ বিষয় যে আমেৰিকাৰ চেম হিউস্টন স্টেট ইউনিভার্সিটিৰ অর্থনীতি বিভাগৰ আন্তর্জাতিক খ্যাতিসম্পন্ন অধ্যাপক, দৰঙৰ সুযোগ্য সন্তান ড° হিৰণ্য কুমাৰ নাথৰ প্ৰচেষ্টাত এই গ্রন্থ খন আমেৰিকাৰ 'লাইব্ৰেৰী অৱ কংগ্ৰেছত সংৰক্ষণ কৰা হৈছে। পথৰুঘাটৰ কৃষক বিদ্রোহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীত প্ৰথমবাৰৰ বাবে স্থান লাজু কৰে Frontline ৰ পৃষ্ঠাত। অসমৰ বিশিষ্ট সাংবাদিক শ্রীসুশান্ত তালুকদাৰে পথৰুঘাট ভ্ৰমণ কৰি প্ৰস্তুত কৰা পাচ পৃষ্ঠা জোৰা তথ্য ভিত্তিক লিখনি এটি আলোচনী খনৰ ২০২১ চনৰ ১২ ফেব্ৰুৱাৰীত প্রকাশিত সংখ্যাত সবিস্তাৰে প্ৰকাশ হয়।
কেৱল ঐতিহাসিক দিশৰ পৰাই নহয়, অসমৰ বৰ্তমান পৰিস্থিতি তথা অদূৰ ভৱিষ্যতেও পথৰুঘাটৰ ৰণৰ ত্যাগ, সম্প্রীতি, সাহস-প্ৰেৰণাৰ আদৰ্শৰ তাৎপয্য আছে আৰু থাকিব। নিজ নাঙল, মাটি আৰু মানুহ আৰু দেশৰ বাবে আত্মোৎগৰ এনে উদাহৰণ ভাৰতৰ ইতিহাসতেই নহয়, বিশ্বৰ ইতিহাসতো বিৰল।।
সহায়ক গ্রন্থপঞ্জী
১/ দীনেশ্বৰ শৰ্মা (সম্পা), পথৰুঘাটৰ ৰণ
২/ প্রসেনজিৎ চৌধুৰী, অসমৰ চাহ বনুৱা আৰু উনৈশ শতিকাৰ বিদ্বৎ সমাজ
৩/ Arup Kumar Dutta, POTHORUGHAT
৪/ কমলাকান্ত ডেকা, মোস্তাক হুছেইন, দলিপুৰাণ, বিচাৰ আৰু বিশ্লেষণ
৫/ ড° পৰমানন্দ ৰাজবংশী, বোলছবি অনল আৰু নিৰ্বাচিত প্ৰবন্ধ
৬/ পথৰুঘাট, স্মৃতিগ্রন্থ, কৃষক শ্বহীদ দিৱস উদ্যাপন আৰু ৰাইজমেলা, ২০২৪
৭/ Dr Lokeswar Nath, Peasant Uprising in Assam, India
দেৱাশীষ ৰাজকুমাৰ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments