27 July, Sat 2024
support@thecriticalscript.com
Blog image

অসমৰ কেইখনমান পুৰণি বাতৰি কাকত

16 Nov,2023 05:25 PM, by: Ankita Gogoi
1 minute read Total views: 1695
3 Likes 0.0

অসমীয়া বাতৰি কাকতৰ ইতিহাস ১৯ শতিকাৰ আৰম্ভণিৰ পৰাই অনুসন্ধান কৰিব পাৰি যেতিয়া ১৮৪৬ চনত আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে প্ৰথম অসমীয়া সংবাদ পত্ৰ বা আলোচনী অৰুণোদয়প্ৰকাশ কৰিছিল। ইয়াৰ পৰাই অসমৰ সাহিত্য আৰু সাংবাদিকতাৰ ইতিহাসত এক নতুন যুগৰ আৰম্ভণি হৈছিল।তলত কেইখনমান পুৰণি কাকতৰ বিষয়ে উল্লেখ কৰা হৈছে।

অৰুনোদই

অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ তথা আলোচনী।এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পায়।১৮৪৬ চনত শিৱসাগৰৰ পৰা বেপ্তিষ্ট মিছনেৰীসকলৰ উদ্যোগত প্ৰকাশ পোৱা অৰুণোদইআলোচনীক কেন্দ্ৰ কৰি অসমীয়া ভাষাই আধুনিক ৰূপ পৰিগ্ৰহণ কৰে। ১৮৪৬ চনৰ পৰা ১৮৮৮ চনলৈকে এই সময়চোৱাক অৰুণোদয় যুগ বুলি কোৱা হয়। এই যুগটো অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাসৰ এটা স্মৰণীয় যুগ।১৮৪৬ চনত শিৱসাগৰৰ মিশ্যন প্ৰেছৰ পৰা ওলোৱা অৰুনোদই কাকতে সেইসময়ত অসমৰ জাতীয় জীৱনত এক অপ্ৰতিৰোধ্য বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অসমীয়া ভাষা আৰু সাহিত্যক সঞ্জিৱনী শক্তি প্ৰদান কৰিলে। অসমীয়া সাহিত্য আৰু সাংবাদিকতাৰ পৃথিৱীত অৰুনোদই-এ ধৰ্মমুক্ত ধাৰাৰ প্ৰৱৰ্তন কৰিছিল বুলি কোৱা হয়।

আসাম বিলাসিনী

আসাম বিলাসিনী ১৮৭১ চনত মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ প্ৰচেষ্টাত মাজুলীৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা প্ৰকাশ পায়৷প্ৰথমাৱস্থাত মাহেকীয়া আলোচনীখন সাদিনীয়াকৈ প্ৰকাশ পাইছিল৷ মাহেকীয়া আলোচনী হৈ থকা অৱস্থাত ই আউনীআটি সত্ৰৰ মুখপত্ৰ হিচাপে প্ৰকাশ পাইছিল৷ সম্পাদনা কৰিছিল শ্ৰীধৰ ওজাই৷ প্ৰধানকৈ ধৰ্ম বিষয়ৰ প্ৰবন্ধই ইয়াত ঠাই পাইছিল যদিও আন আন বিষয়ৰ প্ৰবন্ধও আলোচনীখনত অন্তৰ্ভূক্ত হৈছিল৷

আসাম মিহিৰ

১৮৭২ চনত যদুনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা প্ৰকাশ পোৱা অসমৰ প্ৰথম সাদিনীয়া সংবাদ পত্র।পত্ৰখনৰ আয়ুস একেবাৰে কম, ১৮৭৩ চনত ইয়াৰ প্ৰকাশ বন্ধ হয়। কাকতখন সম্পৰ্কত বেণুধৰ শৰ্মাই লিখিছে " ই প্রথমে বাংলা ভাষাত,আৰু পিছত বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ হৈছিল।

আসাম নিউজ

১৮৮২ চনত মাহেকীয়া কাকত আসাম বিলাসিনীৰ জীৱিত কালত গুৱাহাটীৰ পৰা আসাম নিউজপ্রকাশিত হয়। এইখনেই প্রথম অসমীয়া সাপ্তাহিক বাতৰিকাকত। কাকতখন অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত প্রকাশিত হৈছিল৷'আসাম নিউজ' কাকতখনৰ সম্পাদক হ'ল হেমচন্দ্র বৰুৱা।মাণিক চন্দ্র বৰুৱা আৰু (আনন্দ্ৰৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ) অন্নদাচৰণ ঢেকিয়াল ফুকনৰ দ্বাৰা ব্যৱসায়-বাণিজ্য কৰাৰ ক্ষেত্ৰত পাশ্চাত্যৰ আৰ্হিত প্রতিষ্ঠিত অসমৰ প্ৰথম বিখ্যাত ব্যৱসায়ী প্রতিষ্ঠান বৰুৱা ফুকন ব্রাদার্চ'। উক্ত প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত আসাম প্রিন্টিং কর্পোৰেচন'ত মুদ্রিত হয়।

মৌ

অসমীয়া সংবাদ পত্ৰৰ ইতিহাসত মাহিলী কাকত মৌৰ স্হান দশম। ১৮৮৬ চনৰ ডিচেম্বৰ মাহৰপৰা ১৮৮৭ চনৰ মাৰ্চ মাহলৈ মাত্ৰ চাৰিটা সংখ্যা প্ৰকাশ হৈ বন্ধ হৈ যোৱা হৰনাৰায়ণ বড়া (হৰনাৰায়ণ বড়া) সম্পাদিত 'মৌ' কাকতৰ ভূমিকা নুই কৰিব নোৱাৰি। ১৮৮৬ চনৰে মে' মাহত নিজৰ পত্নীলৈ লিখা এখন চিঠিত উল্লেখ থকা মতে 'মৌৰ দৰে কাকত এখন প্ৰকাশৰ কথা বলিনাৰায়ণ বৰাই কিছুদিন আগৰপৰা চিন্তা নকৰাকৈ নাছিল। ডঃ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা" ত তেখেতে যুক্তি দৰ্শাই পৰিচয় দিছে এনেদৰে—' হৰনাৰায়ণ বৰাৰ সম্পাদিত বলিনাৰায়ণ বৰাৰ "মৌ" । মৌ প্ৰকাশৰ উদ্দেশ্য অসমত নতুন সামাজিক চেতনাৰ উন্মীলন।

আসাম বন্ধু

১৮৮৫ খ্রীঃতপ্রকাশ হোৱা আসাম বন্ধু এখন মাহেকীয়া কাকত- মাসিক পত্র। কাকতখনৰ প্ৰকাশক, সম্পাদক আৰু উদ্ভাৱক হ'ল গুণাভিৰাম বৰুৱা। নগাঁও নগৰত জন্ম লাভ কৰা কাকতখন সাহিত্য, কলা আৰু বিজ্ঞান বিষয়ৰ ৰচনাৰে সমৃদ্ধ। কলিকতাৰপৰা মুদ্ৰিত আসাম বন্ধু কাকতৰ প্ৰথম বছৰৰ প্ৰতিটো সংখ্যা ৩২ পৃষ্ঠাযুক্ত আছিল। বছৰেকীয়া বৰঙণিৰ উল্লেখ তাত পোৱা হোৱা নাছিল। ব্ৰিটিছ প্ৰশাসনৰ উচ্চ পদস্হ বিষয়া হিচাপে নগাঁৱত কাৰ্যনিৰ্বাহ কৰি থকা সময়ছোৱাতেই কাকতখন সম্পাদনাৰ কাম হাতত লয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীত 'জোনাকী'ৰ অগ্ৰদূত ৰূপ। হেমচন্দ্র বৰুৱাৰ ভাষা সম্পৰ্কত থকা কঠোৰতা আসাম বন্ধুৱে মানি লোৱা নাই । এই বিষয়ত আসাম বন্ধু কিছু উদাৰ আছিল। ভাষাৰ বুনিয়াদ সুদৃঢ় কৰা আসাম নিউচ পিছত আসাম বন্ধুৱে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰখন মুকলি কৰি দিলে। ৰোমান্টিক কবিতাৰ ধাৰাৰ শুভাৰম্ভ হয় ভোলানাথ দাস আৰু ৰত্নেশ্বৰ মহন্তৰ হাতত আসাম বন্ধুৰ বুকুত।

জোনাকী

অসমীয়া আলোচনী সাহিত্যৰ পথপ্ৰদৰ্শক। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।'জোনাকী'ৰ মাধ্যমেৰেই পোনপ্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে। জোনাকী আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ। ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। পাছলৈ সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী প্ৰকাশ হয়। 


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.