18 October, Fri 2024
support@thecriticalscript.com
Blog image

নিপ বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক

17 Oct,2024 06:49 PM, by: Super Admin
1 minute read Total views: 39
0 Like 0.0

নিপ বৰুৱা অসমৰ জনপ্ৰিয় এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক আছিল। তেওঁ মুঠ ১৫খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল। চলচ্চিত্ৰৰ উপৰিও তেখেতে অভিনয় আৰু সংগীত, ফুটবল খেলাৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল। কাৰ্টুনিষ্ট হিচাপেও তেখেতে দ্য আছাম ট্ৰিবিউন কাকতৰ বাবে বহু ছবি আঁকিছিল।

কামৰূপ জিলাৰ বিহদিয়া গাঁৱৰ চন্দ্ৰনাথ বৰুৱা গড়কাপ্তানি বিভাগৰ চাব ডিভিজনেল অফিচাৰ আছিল। তেখেতে একে জিলাৰ কৰৰা গাঁৱৰ জোনপ্ৰভাক বিয়া কৰাইছিল। চন্দ্ৰনাথ বৰুৱাৰ ঔৰষত আৰু জোনপ্ৰভাৰ গৰ্ভত নিপ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ নজন পুত্ৰ সন্তান আৰু চাৰিজনী কন্যা সন্তান আছিল। পুত্ৰ সন্তান কেইজন আছিল ক্ৰমে ব্ৰজেন বৰুৱা, দ্বিবন বৰুৱা, দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, নিপ বৰুৱা, গিৰিণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা। কন্যা সন্তানকেইজনীৰ নাম আছিল পদ্মাৱতী দাস বৰুৱা, প্ৰতিভা বৰুৱা দাস, ৰম্ভা বৰুৱা আৰু বিভা বৰুৱা নভীছ। এই আটাইকেইজন ভাই-ভনীয়ে পিছলৈ কম-বেছি পৰিমাণে অসমীয়া চলচ্চিত্ৰৰ সৈতে জড়িত হৈ পৰিছিল।

নিপ বৰুৱাৰ কথাছবি ‘স্মৃতিৰ পৰশ’ চলচ্চিত্ৰৰ দ্বাৰা পৰিচালক ৰূপে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। বৰুৱাই মুঠতে ১৫খন ছবি পৰিচালনা কৰিছিল।


স্মৃতিৰ পৰশ ১৯৫৫।

মাক আৰু মৰম ১৯৫৭।

ৰঙা পুলিচ ১৯৫৮।

ভক্ত প্ৰহ্লাদ ১৯৫৯।

আমাৰ ঘৰ ১৯৬১।

নৰকাসুৰ ১৯৬২।

বৰুৱাৰ সংসাৰ ১৯৭০।

সোনেতৰা ১৯৭৭।

সোণমাই ১৯৭৮।

মনিমা ১৯৮০।

আজলী নবৌ ১৯৮০।

আই মোৰ জনমে জনমে ১৯৮০।

ককাদেউতা নাতি আৰু হাতী ১৯৮৪।

শকুন্তলা আৰু শংকৰ জোচেফ আলি ১৯৮৫।

দাদু নাতি ও হাতী ১৯৮৬ বাংলা চলচ্চিত্ৰ।

এণ্টনী মোৰ নাম ১৯৮৬ চনত।


“ অ’ মোৰে দেহিটি ঐ


  অ’ মোৰে চেনাইটি ঐ


  চকু জুৰণীয়া ৰোৱা কুমলীয়া

কাইলৈ মেলিবি ঠোক….”- এইটোৱেই আছিল বিহুগীত, যি পোনপ্রথম বাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল অসমীয়া চলচ্চিত্রত।চলচ্চিত্র খনৰ নাম আছিল নিপ বৰুৱা পৰিচালিত ‘স্স্মৃতিৰ পৰশ’ ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.