08 September, Sun 2024
support@thecriticalscript.com
Blog image

অন্ত পৰিল নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া

19 Apr,2024 06:13 PM, by: Ankita Gogoi
1 minute read Total views: 150
0 Like 0.0

আজি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ নিৰ্বাচন। অন্ত পৰিল দেশৰ ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল জনতা। প্ৰতিজন ভোটাৰে সাব্যস্ত কৰিল নিজৰ নিজৰ ভোটাধিকাৰ।শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা 21 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 102 খন আসনৰ বাবে আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া । ২১ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে নিৰ্বাচন।দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৬২৫জন প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা কৰিছে। ইয়াৰে ১৪৯১গৰাকী পুৰুষ আৰু ১৩৪গৰাকী মহিলা প্ৰাৰ্থী।

প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা বিশিষ্ট প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সৰ্বানন্দ সোণোৱাল, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ডি এম কেৰ কানিমোঝী । সৰ্বানন্দ আৰু গাডকাৰীৰ উপৰিও আন সাতজন কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, কিৰেন ৰিজিজু, সঞ্জীৱ বালিয়ান, জিতেন্দ্ৰ সিং, অৰ্জুন ৰাম মেঘৱাল, এল মুৰুগান আৰু নিশিথ প্ৰামাণিকৰো ভাগ্য বন্দী হ’ব ইভিএমত ।

আজি ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া ৰাজ্যকেইখন হল- উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, অসম, তামিলনাডু, বিহাৰ, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, মণিপুৰ, চত্তীশগড়, জম্মু-কাশ্মীৰ, অৰুণাচলপ্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, চিকিম, নাগালেণ্ড, লক্ষাদ্বীপ, পুডুচেৰী আৰু আণ্ডামান নিকোবৰ।

তামিলনাডুৰ 39 খন আসনৰ আটাইকেইখন, উত্তৰাখণ্ডৰ পাঁচখন আসনৰ আটাইকেইটা, ৰাজস্থানৰ 12 খন, উত্তৰ প্ৰদেশৰ আঠখন, মধ্যপ্ৰদেশৰ ছখন আসন, অসম আৰু মহাৰাষ্ট্ৰৰ 5 খনকৈ আসন, বিহাৰৰ চাৰিখন, পশ্চিমবংগৰ 3 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । মণিপুৰ, অৰুণাচল প্ৰদেশ, মেঘালয়ত দুখন আৰু জম্মু-কাশ্মীৰ, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, মিজোৰাম, নাগালেণ্ড, পুডুচেৰী, ছিকিম আৰু লক্ষদ্বীপত এখন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছে ।অসমতো ৫টা সমষ্টিত আজি অনুষ্ঠিত হ'ল ভোটগ্ৰহণ। যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ আৰু কাজিৰঙা সমষ্টিত আজি অনুষ্ঠিত হ'ল ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ১.৮৭লাখ। এই ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগে নিয়োজিত কৰিছে প্ৰায় ১৮লাখ বিষয়া-কৰ্মচাৰী। ১৬.৬৩কোটি ভোটাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিব। ইয়াৰ ভিতৰত ১১,৩৭১তৃতীয় লিংগৰ ভোটাৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৫.৬৭লাখ নতুন ভোটাৰে ভোটদান কৰিছে বুলি তথ্য প্ৰকাশ পাইছে।

2019 চনত 102 খন আসনৰ ভিতৰত ইউ পি এয়ে 45 খন আৰু এন ডি এয়ে 41 খন আসন লাভ কৰিছিল ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.