23 July, Wed 2025
support@thecriticalscript.com
Blog image

গীতা গোপীনাথ – এগৰাকী শক্তিশালী ভাৰতীয় মহিলা

21 Jul,2025 05:37 PM, by: Ankita Gogoi
1 minute read Total views: 56
0 Like 0.0

এনে এগৰাকী মহিলা যি,বলীউড বা ৰাজনীতিত নাই, সেয়েহে সংবাদ মাধ্যমত তেওঁক খুব কমেইহে দেখা যায়। কিন্তু তেওঁৰ কামে নিজৰ কথা কয়। তেনে এগৰাকী মহিলা হৈছে গীতা গোপীনাথ, যাৰ নাম অতি কম সংখ্যক লোকেহে জানে যদিও বিশ্ব অৰ্থনীতিত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গীতা গোপীনাথ কোন?

গীতা গোপীনাথ ভাৰতৰ কেৰালা ৰাজ্যৰ। তেওঁ এগৰাকী অৰ্থনীতিবিদ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ উপ-পৰিচালন সঞ্চালক। ইয়াৰ পূৰ্বে তেওঁ আই এম এফৰ মুখ্য অৰ্থনীতিবিদও আছিল। তেওঁ এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

সাধাৰণ পৰিয়াল, অসাধাৰণ চিন্তাধাৰা

গীতাৰ জন্ম হৈছিল সাধাৰণ মালায়ালী পৰিয়ালত। পিতৃ-মাতৃয়ে তেওঁক শিক্ষাৰ গুৰুত্ব বুজাই দি আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছিল। গীতাই ইয়েল বিশ্ববিদ্যালয় আৰু তাৰ পিছত আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। হাৰ্ভাৰ্ডৰ টেনুৰেড প্ৰফেচাৰ হৈছিল—আমেৰিকাৰ অন্যতম শৈক্ষিকভাৱে প্ৰতিষ্ঠিত পদ।

তেওঁৰ গৱেষণা মূলতঃ মুদ্ৰানীতি, বিশ্ব বাণিজ্য, আৰু উন্নয়নশীল দেশসমূহৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আই এম এফ আৰু জি-২০ৰ দৰে মঞ্চত তেওঁ নিজৰ বিশেষজ্ঞতাৰে গভীৰ প্ৰভাৱ পেলাইছিল।

পুৰুষ প্ৰধান ক্ষেত্ৰত মহিলাৰ শক্তিশালী পৰিচয়

অৰ্থনীতি আৰু বিশ্ব বিত্তৰ দৰে ক্ষেত্ৰক এতিয়াও পুৰুষৰ বুলি গণ্য কৰা হয়। কিন্তু গীতাই নিজৰ জ্ঞান, কঠোৰ পৰিশ্ৰম আৰু সততাৰে প্ৰমাণ কৰিলে যে এগৰাকী ভাৰতীয় মহিলা আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ততো অংশগ্ৰহণকাৰী হ’ব পাৰে।তেওঁৰ নীতি আৰু পৰামৰ্শই বিশ্বৰ বহু চৰকাৰৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে।

সৰলতা আৰু প্ৰজ্ঞাৰ উদাহৰণ

গ্লেমাৰৰ পৰা আঁতৰি থাকি ভালপোৱা গীতা গোপীনাথ কেৱল নিজৰ কামত মনোনিৱেশ কৰে। তেওঁ বহু ছোৱালীৰ বাবে এক আদৰ্শ। তেওঁ বিশ্বাস কৰে-

"সপোন ডাঙৰ দেখক, কিন্তু কষ্ট তাতকৈও বেছি কৰা।"

ভাৰতৰ গৌৰৱ – বিশ্বৰ নীতি নিৰ্ধাৰক

তেওঁ আই এম এফত কেইবাবাৰো ভাৰতৰ অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু ইয়াৰ সমাধানৰ ওপৰত মুকলিকৈ ভাষণ দিছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ প্ৰতি সন্মান কঢ়িয়াই আনিছিল। ২০১৯ চনত গীতাক আই এম এফৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা মুখ্য অৰ্থনীতিবিদ হিচাপে নিযুক্তি দিয়া হয়। 

২০২২ চনৰ পৰা আই এম এফৰ প্ৰথম উপ-পৰিচালন সঞ্চালক (এফ ডি এম ডি)। 

২০২৫ চনতো তেওঁ একেটা পদতে কাৰ্যনিৰ্বাহ কৰি আছে আৰু আই এম এফৰ শীৰ্ষ নেতৃত্বৰ ভিতৰত আছে। 

তেওঁৰ কাৰ্যকালত আই এম এফে ক’ভিডৰ পিছৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, জলবায়ু-বিত্ত নীতি আদি মূল বিষয়সমূহৰ ওপৰত গভীৰভাৱে কাম কৰিছিল। ইয়াত গীতাই মুখ্য ভূমিকা পালন কৰিছিল।

উপসংহাৰ:

গীতা গোপীনাথ আজিৰ নৱপ্ৰজন্মই জনাতো অতি প্ৰয়োজনীয়। কোনো ধৰণৰ প্ৰচাৰ অবিহনে, কোনো টেগ নোহোৱাকৈ, কেৱল কঠোৰ পৰিশ্ৰম আৰু প্ৰকৃত নিষ্ঠাৰে পৃথিৱীৰ সৰ্বোচ্চ মঞ্চত থিয় দিব পৰাৰ তেওঁ এক সুন্দৰ প্ৰমাণ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.