08 July, Wed 2026
support@thecriticalscript.com
Blog image

'Fruit Man of Noklak' এজন কৃষকৰ অসাধাৰণ যাত্ৰা

08 Jul,2026 05:23 PM, by: Ankita Gogoi
1 minute read Total views: 15
0 Like 0.0

উত্তৰ-পূৰ্বাঞ্চলৰ এখন দুৰ্গম জিলা, নাগালেণ্ডৰ নকলাক। এই অঞ্চলৰ এগৰাকী সাধাৰণ কৃষক এল. হেংথিং আজি সমগ্ৰ দেশতে “ফ্ৰুট মেন অৱ নকলাক” নামেৰে পৰিচিত। কৃষিক্ষেত্ৰলৈ আগবঢ়োৱা অন্যতম অৱদানৰ বাবে তেওঁ ২০২৫ চনৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়।

তেওঁ ১৯৮০ৰ দশকৰ শেষৰ ফালে পেলাই দিয়া ফলৰ বীজ সংগ্ৰহ কৰি পৰীক্ষামূলকভাৱে বিভিন্ন গছ ৰোপণ আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ 'Jungyam Nursery & Horticulture Farming Society' স্থাপন কৰি নকলাকত ফল আৰু উদ্যান শস্যৰ নতুন সম্ভাৱনা সৃষ্টি কৰে। 

লিচু, কমলা, কিৱি আদি আগতে অঞ্চলটোত প্ৰায় নোহোৱা ফলৰ খেতি আৰম্ভ কৰি তেওঁ কৃষকসকলক নতুন আয়ৰ পথ দেখুৱাইছিল। তেওঁৰ প্ৰচেষ্টাত ৪০খন গাঁৱৰ ২০০ৰো অধিক কৃষক লাভান্বিত হৈছে। ৪০০ৰো অধিক পৰিয়ালৰ জীৱন-জীৱিকা উন্নত হৈছে।

এল. হেংথিঙৰ এই সাফল্য কেৱল তেওঁৰ ব্যক্তিগত জয় নহয়। তেওঁ Khiamniungan Naga জনগোষ্ঠীৰ প্ৰথমজন ব্যক্তি, যিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে। এই সন্মানে সমগ্ৰ নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

এজন সাধাৰণ কৃষকে নিজৰ অধ্যৱসায়, পৰিশ্ৰম আৰু নতুন চিন্তাধাৰাৰে দেখুৱাইছে যে সৰু পদক্ষেপেও ডাঙৰ পৰিবৰ্তন আনিব পাৰে। এল. হেংথিঙৰ কাহিনী আজিৰ যুৱ প্ৰজন্ম আৰু কৃষকসকলৰ বাবে এক শক্তিশালী অনুপ্ৰেৰণাৰ উৎস।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.