অসমৰ কেইবিধমান লোক বাদ্য
অসমীয়া সংস্কৃতিৰ বিভিন্ন উৎসৱ-পাৰ্বন,
নৃত্য-গীত আদিৰ সৈতে পৰম্পৰাগতভাৱে সংগত কৰা
বাদ্যযন্ত্ৰসমূহক অসমৰ লোকবাদ্য আখ্যা দিয়া হয়।বাদ্যযন্ত্ৰ লোকগীত আৰু লোকনৃত্যৰ
লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে।এটা জাতিৰ সংগীত প্ৰীতি আৰু শিল্প কলা আৰু চেতনাৰ
অন্যতম নিদৰ্শন হল বাদ্যযন্ত্ৰসমূহ। শংখ, মৃদংগ,
পাখোজাজ, দুন্দুভি
আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে। মহাপুৰুষ মাধৱদেৱৰ বৰগীতত বাদ্যযন্ত্ৰৰ
বিষয়ে পোৱা যায়। অসমৰ কেইবিধমান লোক বাদ্য তলত উল্লেখ কৰা হৈছে-
বীণ
বীণ অসমৰ লোক বাদ্য সমূহৰ ভিতৰত অন্যতম পৌৰাণিক বাদ্য। বিহুত ব্যৱহাৰ হোৱা মুল বাদ্যসমূহৰ ভিতৰত বীনো এবিধ। বীণ এডাল তাঁৰত ৰেপি বজোৱা বাদ্য।তাঁৰৰ সলনি অসমীয়া বীণত মুগাৰ সূতা ব্যৱহাৰ কৰা হয়।নাৰিকলৰ খোলা, মাটিৰ খোলা, আৰু কাঠ বা বাঁহৰ সৰু খোলাৰ মুখ ভাগ ভেকুলী বা গুঁইৰ ছালেৰে বন্ধ কৰি সেই খোলাৰ লগত প্ৰায় ডেৰ ফুটৰ এডাল কাঠ সংযোগ কৰা হয়।বৈৰাগী সকলে এই বাদ্য বজাই বিভিন্ন গীত গোৱা দেখা যায়। কোনো কোনো অঞ্চলত বিহুৱা সকলেও বিহুত বীণ বজায়।নামৰ মিল থাকিলেও ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিভিন্ন বীণ বা বীণা সমূহৰ লগত এই অসমীয়া বীণ একেবাৰে পৃথক।
মৃদঙ্গ
মৃদঙ্গ সত্ৰীয়া নৃত্যত ব্যৱহাৰ হয়। মৃদঙ্গক দুভাগ কৰি দুগি আৰু দাইনা কৰা হৈছে। খোল আৰু মৃদঙ্গ একেই। অসমত মৃদঙ্গ বাদ্য বহু কালৰ আগৰ পৰাই প্ৰচলন আছিল যদিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাব হোৱাত ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমত নিজে খোল বাদ্য তৈয়াৰ কৰি ইয়াৰ তাল,বোল আদি ৰচনা কৰি প্ৰচলন কৰে।
খোল
খোল বাদ্যযন্ত্ৰক মৃদঙ্গৰে এক আধুনিক
ৰূপ বোলা হয়।প্ৰায় পাঁচশ বছৰৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে
লগে নাম কীৰ্তনৰ বাবে খোলৰ প্ৰচলন হ'ল।অসমীয়া
সংস্কৃতিৰ ভাওনা-সবাহ , প্ৰসংগ-কীৰ্তন,
দেহবিচাৰ গীত,
গায়ন-বায়ন, বৰগীত,থিয়নাম,
ব’ৰাগি গীত আদিত সকলোতে খোলৰ ব্যৱহাৰ কৰা হয়।
অসমৰ জনজীৱনত খোলে এবিধ অতি জনপ্ৰিয় আৰু বহুল প্ৰসাৰিত লোকবাদ্য হিচাপে স্থান লাভ
কৰিছে।অসমীয়া খোলৰ আকৃতি এটা পুৰঠ শিলিখাৰ লগত মিল আছে। সাধাৰণতে খোলৰ দৈৰ্ঘ্য ২৫
ইঞ্চিৰ পৰা ৩৫ ইঞ্চিলৈকে হোৱা দেখা যায়।পুৰণি কালত খোল কেৱল মাটিৰে তৈয়াৰ কৰা
হৈছিল৷ কিন্তু মাটিৰে নিৰ্মিত খোল সহজে ভাগি যোৱা বাবে পিছলৈ কাঠেৰে খোল তৈয়াৰ কৰে৷
অৱশ্যে মাটিৰে আৰু কাঠেৰে তৈয়াৰী খোলৰ মাজত স্বৰৰ পাৰ্থক্য আছে৷
খ্ৰাম
খ্ৰাম কাৰ্বি আৰু ডিমাছাসকলে ব্যৱসাৰ কৰা খামজাতীয় বাদ্য। তিনি ফুটমান দীঘল কাঠৰ কুণ্ডা খুলি দি এমূৰে হৰিণৰ ছালেৰে চাই প্ৰস্তুত কৰা ঢোলজাতীয় বাদ্য। ডিমাচাসকলৰ নৃত্য-গীতৰ অপৰিহাৰ্য্য বাদ্য খ্ৰামত ব্যৱহৃত বৰটিবোৰ ম'হৰ ছালেৰে তৈয়াৰী। ইয়াক এমুৰে হাতেৰে চপৰিয়াই আৰু আনমূৰে এডাল মাৰিৰে কোবাই বজোৱা হয়।
ডবা
অসমৰ লোকবাদ্য সমূহৰ ভিতৰত অন্যতম এবিধ লোকবাদ্য। ডবা অসমৰ ভক্তি মাৰ্গৰ লগত সংযুক্ত হৈ থকা এক বাদ্য। সাধাৰণতে "নামঘৰ"ত ডবাৰ ব্যৱহাৰ কৰা হ'য়।অসমৰ প্ৰায় সকলো ধৰ্মীয় অন্ষ্ঠান যেনে সত্ৰ পৌৰাণিক মন্দিৰ আদিত ডবা বজোৱ হয়।আগৰ দিনত বৃহৎ আকাৰৰ গছৰ পৰা নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান সময়ত পিতল বা তেনে ধাতুৰ পৰাও তৈয়াৰ কৰা হয়। খোলাটোৰ এটা মুৰ খোলাকৈ ৰখা হ'য়। সেই অংশত গৰু ছাল লগাই টান ৰছীৰে বান্ধি বজাবৰ বাৱে উপযুক্ত কৰি তোলা হয়।এই বাদ্যভাগি বজাওঁতে প্ৰায় ১০ ইঞ্চি দীঘল ১ইঞ্চি মোটা দুদাল মাৰি ব্যৱহাৰ কৰা হয়। এটা কাঠৰ ফ্ৰেমত বজোৱাৰ সুবিধাৰ বাবে হেলনীয়াকৈ ৰখা হয়।
সহায় লৈ
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments