27 July, Sat 2024
support@thecriticalscript.com
Blog image

ডঃ পূৰ্ণিমা দেৱী বৰ্মন হাড়গিলা সংৰক্ষণৰ বাবে বিশ্ব দৰবাৰত জিলিকি উঠা এগৰাকী অসমীয়া নাৰী

18 Jan,2023 04:09 PM, by: Ankita Gogoi
1 minute read Total views: 1032
1 Likes 0.0

প্ৰকৃতি প্ৰেমীৰ এক নিদৰ্শন এগৰাকী অসমীয়া নাৰী। ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ।  তেওঁৰ নাম ডঃ পূৰ্ণিমা দেৱী বৰ্মন।কামৰূপৰ এটা পিছপৰা অঞ্চলৰ পৰা যাত্ৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বৰ সন্মুখত পৰিৱেশ প্ৰেম, চৰাই প্ৰেমৰ এক সুন্দৰ বিৰল নিদৰ্শন দাঙি ধৰিছে। এইগৰাকী অসমীয়া মহিলাই বিলুপ্তপ্ৰায় হাড়গিলাৰ বাবে বহু বছৰ ধৰি যুজি আহিছে ৷ বিশ্বৰ বুকুত ক্ৰমান্বয়ে বিলুপ্ত হ'বলৈ হাড়গিলা সংৰক্ষণৰ কামত ব্ৰতী থকা ডঃ পূৰ্ণিমা দেৱী বৰ্মন আজি বিশ্বজুৰি এটা চিনাকী নাম ৷ 

হাড়গিলা , চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে। তাৰে এটা অসমত আৰু আনটো কম্বোডিয়াত আছে। হাড়গিলাৰ আকাৰ যথেষ্ট ডাঙৰ, ঠোঁটৰ আকাৰো বৃহৎ, মূৰটৌ নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা থাকে। ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে। বৰ্তমান ইয়াৰ ক্ৰমান্বয়ে হ্ৰাস পাই অহা জনসংখ্যালৈ লক্ষ্য ৰাখি ইয়াক সংকটাপন্ন প্ৰজাতি বুলি আখ্যা দিয়া হৈছে। 


গ্ৰীণ অস্কাৰ বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী প্ৰকৃতিবিদ পূৰ্ণিমা দেৱী বৰ্মন ৷ হাড়গিলা সংৰক্ষণৰ বাবে আগবঢ়োৱা অৰিহণাৰ বাবে ২০১৭ চনত পূৰ্ণিমা দেৱী বর্মনক সন্মানিত কৰা হৈছিল গ্ৰীণ অস্কাৰ বঁটাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত হাড়গিলাক লৈ গৱেষণা কৰি থকাৰ সময়তে কামৰূপ জিলাৰ দদৰাত সংঘটিত এটা সৰু ঘটনাই সলনি কৰিছিল পূৰ্ণিমা দেৱীৰ সিদ্ধান্তক৷ তেতিয়াৰ পৰাই হাড়গিলা সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছিল।তেওঁ এক সাক্ষাৎকাৰত জনায় যে, তেখেতে ২০১৫ চনৰ পৰা হাড়গিলা সংৰক্ষণৰ অভিযান আৰম্ভ কৰিছিল। হাড়গিলা চৰাইক লৈ পিএইছডি কৰাৰ বাবেহে তেওঁৰ মনত এক হাবিয়াসৰ জন্ম হৈছিল। গৱেষণাৰ বাবে তেওঁ এবাৰ কামৰূপ জিলাৰ দদৰা গাঁৱলৈ গৈছিল। সেই গাঁৱত এজন ব্যক্তিয়ে হাড়গিলা চৰাইয়ে ৯ খনকৈ বাহ সজা এজোপা গছ কাটি পেলাইছিল। গছৰ ওচৰে পাজৰে হাড়গিলা চৰাইৰ নষ্ট হৈ যোৱা বাহৰ টুকুৰা আৰু পোৱালীবোৰ পৰি আছিল। যিবোৰৰ কিছু পোৱালি মৰি গৈছে আৰু কিছু জীয়াই আছিল। সেই দৃশ্য দেখি তেওঁ খুব দুখ অনুভৱ কৰিছিল। তেওঁ গছজোপা কাটি পেলোৱা ব্যক্তিগৰাকীক এনে কৰাৰ বাবে বাধা দিছিল। যাৰ বাবে তেওঁক সেই অঞ্চলৰ লোকসকলে বহুত কটু মন্তব্য কৰিছিল। তেতিয়া তেওঁ ভাবিছিল যিবিধ চৰাইৰ ওপৰত গৱেষণা কৰি তেওঁ নিজৰ কেৰিয়াৰৰ সপোন দেখিছে সেইবিধ চৰাই বৰ্তমান বিলুপ্তিৰ দিশে গতি কৰিছে। সেয়েহে তেওঁ হাড়গিলা সংৰক্ষণৰ অভিযান আৰম্ভ কৰিলে। তেওঁৰ মতে, "হাড়গিলা এনে এবিধ চৰাই যিয়ে আমাৰ সমাজত চাফাই কৰ্মী হিচাপে কাম কৰে। পৰিবেশৰ পৰা লেতেৰা আৱৰ্জনা খাই ই পৰিৱেশ পৰিস্কাৰ কৰি ৰাখে। কিন্তু আমাৰ সমাজখনে সেই চৰাইবিধকে হীনচকুৰে চায় আৰু অমংগলীয় বুলি মন্তব্য কৰে।প্ৰথম অৱস্থাত তেওঁ ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল পিছলৈ ৰাইজক হাড়গিলা সংৰক্ষণৰ বাবে কিছুমান বিশেষ পন্থা হাতত লৈছিল। কেইগৰাকীমান মহিলাক লৈ পাকঘৰৰ পৰাই আৰম্ভ কৰিছিল হাড়গিলা সংৰক্ষণৰ কাম ৷ পাকঘৰৰ পৰা আৰম্ভ কৰা এই যাত্ৰা ক্ৰমাৎ আগুৱাই গৈছিল নামঘৰ,শিক্ষানুষ্ঠান,মানুহৰ বাসস্থান হৈ হাবিলৈকে । মহিলাসকলক লৈ কামৰূপ জিলাৰ দদৰাত গঠন কৰিছে হাড়গিলা আৰ্মী। হাড়গিলা আৰ্মীয়ে বিভিন্ন প্ৰতিযোগিতা,নাম-কীৰ্তনৰ লগতে নাটকৰ মাধ্যমেৰে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত লাভ কৰা উল্লেখনীয় সফলতাৰ বাবেই ২০১৭ চনত পূৰ্ণিমাই লাভ কৰিছিল গ্ৰীণ অস্কাৰ বঁটা। এই বঁটাৰ পিছত ২০১৮ চনত পূৰ্ণিমাই লাভ কৰিছিল নাৰী শক্তি পুৰষ্কাৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তত হাড়গিলা সংৰক্ষণৰ লগতে হাড়গিলাৰ বংশ বৃদ্ধিৰ বাবে কেইবাটিও পদক্ষেপ গ্ৰহণ কৰা পূৰ্ণিমা দেৱী বৰ্মনে মহানগৰীৰ গুৱাহাটীৰ দ্বীপৰ বিলৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত হাড়গিলাই কণী পাৰি পোৱালি জগাব পৰাকৈ বাঁহেৰে নিৰ্মাণ কৰিছে ওখ ওখ টাৱাৰ। পূৰ্ণিমা দেৱী বৰ্মনে বাঁহেৰে সজা সুউচ্চ গম্বুজত উঠি নিজেই তদাৰক কৰে হাড়গিলাৰ গতিবিধি ৷

সন্মান

ৰয়েল বেংক অফ ছুইডেনৰ আৰ্থ হিৰ' বঁটা, ২০০৬

গ্ৰীণ অস্কাৰ, ২০১৭

নাৰী শক্তি পুৰস্কাৰ, ২০১৮

য়ামিন হাজৰিকা ৱ’মেন অব ছাবষ্টেন্স বঁটা, ২০১৮

শ্ৰী সত্য সাই এৱাৰ্ড ফৰ হিউমেন এক্সচেলেন্স, ২০১৮

ৰাষ্ট্ৰসংঘৰ সৰ্ব্বোচ্চ পৰিৱেশ সজাগতা মূলক সন্মান 'চেম্পিয়ন অৱ দ্য আৰ্থ-২০২২'।



                                                                                                                                                                                                                                                                                                                   তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.