08 September, Sun 2024
support@thecriticalscript.com
Blog image

ৰুক্মিণী দেৱী অৰুণ্ডেল কোন জানেনে?

04 Jul,2024 06:42 PM, by: Ankita Gogoi
1 minute read Total views: 141
0 Like 0.0

ৰুক্মিণী দেৱী অৰুণ্ডেল এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক। তেওঁ ভাৰত নাট্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বহু অৱদানৰ আগবঢ়াইছে।  তেওঁ এগৰাকী পশু অধিকাৰ কৰ্মীয়ো আছিল। ৰাজ্যসভালৈ মনোনীত হোৱা তেওঁ প্ৰথম গৰাকী মহিলা। ১৯৫২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল।   তেওঁ ভাৰতৰ পাৰম্পৰিক শিল্প সমূহৰ লগত জড়িত কলা-কৌশলী সকলৰ উন্নয়ন আৰু পুনৰ সংস্থাপনৰ বাবে কাম কৰিছিল।

তেওঁ ইণ্ডিয়া টুডে কাকতৰ 'ভাৰতক আকৃতি প্ৰদান কৰা ১০০ গৰাকী শ্ৰেষ্ঠ ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছিল।১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৬৭ চনত তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক ফেল'শ্বিপ লাভ কৰিছিল।

সৰুৰে পৰা ৰুক্মিণী দেৱী ব্ৰহ্মবাদৰ লগে লগে সংস্কৃতি, থিয়েটাৰ, সংগীত আৰু নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিল। ব্ৰহ্মবাদী জৰ্জ অৰুণ্ডেলক লগ পোৱাৰ পিছত ১৯২০ চনত বিবাহপাশত আৱদ্ধ হয়।বিয়াৰ পিছত তেওঁ গোটেই বিশ্ব ভ্ৰমণ কৰে আৰু অন্যান্য ব্ৰহ্মবাদী সকলক লগ পায়।২০২৩ চনত তেওঁ সৰ্বভাৰতীয় যুৱ ব্ৰহ্মবাদী সংঘৰ অধ্যক্ষ পদ লাভ কৰে। তাৰপিছত ১৯২৫ চনত তেওঁ বিশ্ব যুৱ ব্ৰহ্মবাদী সংঘৰ অধ্যক্ষ পদ লাভ কৰিছিল।

থিয়’ছফিকেল ছ’চাইটিৰ কৃপাত তেওঁ সংস্কৃতি, নাট্য, সংগীত আৰু নৃত্যৰ নতুন ধাৰণাসমূহৰ প্ৰতি সচেতন হৈ উঠিছিল। ইয়াতেই তেওঁ বিশিষ্ট ব্ৰিটিছ থিয়’ছফিষ্ট ড° জৰ্জ অৰুণ্ডেলক লগ পায় আৰু ১৯২০ চনত দুয়োৰে বিবাহ হয়। ১৯২৩ চনত অল ইণ্ডিয়া ফেডাৰেচন অৱ ইয়ং থিয়ছফিষ্ট আৰু ১৯২৫ চনত ৱৰ্ল্ড ফেডাৰেচন অৱ ইয়ং থিয়ছফিষ্টৰ সভানেত্ৰী হয়।

ভাৰতীয় নৃত্য কলালৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৫৬ চনত পদ্মভূষণ, ১৯৫৭ চনত সংগীত নাটক বঁটা আৰু ১৯৬৭ চনত সংগীত নাটক অকাডেমী ফেল’শ্বিপ লাভ কৰে। ১৯৫২ আৰু ১৯৫৬ চনত ভাৰতীয় সংসদৰ ৰাষ্ট্ৰ পৰিষদৰ (ৰাজ্যসভা) সদস্য হিচাপে মনোনীত হৈছিল ৰুক্মিণী দেৱী। ভাৰতীয় ইতিহাসত ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী মহিলা। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ বিভিন্ন মানৱীয় সংগঠনৰ সৈতে জড়িত আছিল। ১৯৭৭ চনত মোৰাৰজী দেশাইয়েও তেওঁক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰাৰ পৰামৰ্শ দিছিল যদিও তেওঁ বিনয়েৰে সেই পদত অস্বীকাৰ কৰিছিল। ৰাষ্ট্ৰপতি ভৱনতকৈ ৰুক্মিণী দেৱীয়ে নিজৰ আধ্যাত্মিক অনুশীলন অৰ্থাৎ শিল্পক অধিক গুৰুত্ব দিছিল।

মৃত্যুঃ ১৯৮৬ চনৰ ২৪ ফেব্ৰুৱাৰীত চেন্নাইত তেওঁৰ মৃত্যু হয়।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.