01 June, Sun 2025
support@thecriticalscript.com
Blog image

বৰদৈচিলা - এজাক ধুমুহা!

17 Apr,2025 06:36 PM, by: Ankita Gogoi
1 minute read Total views: 225
0 Like 0.0

অসম, প্ৰকৃতিৰ অপাৰ সৌন্দৰ্যৰে ভৰপূৰ এক ভূমি, য'ত প্ৰাকৃতিক পৰিবর্তনক লৈ বহুতো লোকবিশ্বাস আৰু সংস্কৃতি গঢ়ি উঠিছে। তেনে এক লোকবিশ্বাস হৈছে "বৰদৈচিলা"। ই কেৱল এটা ধুমুহা নহয়, বৰং অসমীয়া সমাজ আৰু লোক জীৱনত গভীৰভাৱে গাঁথ খোৱা এক চৰিত্ৰ।

বৰদৈচিলাৰ অৰ্থ আৰু উৎস

"বৰদৈচিলা" শব্দটো তিনিটা অংশৰ সমাহাৰ — "বৰ" মানে ডাঙৰ বা বিশাল, "দৈ" মানে পানী, আৰু "চিলা" মানে ছোৱালী। লোকবিশ্বাস অনুসৰি, বৰদৈচিলা হৈছে এগৰাকী বিবাহিতা মহিলা যি বছৰত এবাৰ, ব’হাগ মাহত (অসমীয়াৰ নতুন বছৰ) নিজৰ মাকৰ ঘৰলৈ আহে।

তেওঁৰ অহাৰ সময়ছোৱাতেই দেখা যায় এক প্ৰবল ধুমুহা, যাৰ গৰজনি, বতাহৰ তীব্ৰতা আৰু বৰষুণেৰে পৰিবেশ উত্তাল হৈ পৰে। এই ধুমুহা যেন তেওঁৰ আবেগৰ প্ৰতিফলন — তেওঁ আহোঁতে পথত যি পায় ধ্বংস কৰি দিয়ে। কৃষিজীৱি সমাজৰ বাবে ই এক দুখৰ সময় বুলিও ক'ব পাৰি, কিন্তু তাৰ মাজতেই লুকাই থাকে এক সাংস্কৃতিক গভীৰতা।

অসমীয়া লোকসাহিত্যত বৰদৈচিলাক লৈ এক আন্তৰিক আবেগ জড়িত। ব’হাগ মাহত তেওঁ অহাৰ সময়ত চোতালত ফণী, দাপোন ৰখা হয় আৰু বৰপিৰা আগবঢ়োৱা হয়। যাতে বৰদৈচিলা সন্তুষ্ট হয় আৰু ধুমুহা শান্ত হয়।

লোককথা মতে, বৰদৈচিলা প্ৰকৃতিৰ জীয়াৰী। তেওঁক বহুদূৰ, অজান এক দেশলৈ বিয়া দিয়া হৈছিল। বৰ ব্যস্ত জীৱন। কেৱল বহাগৰ আগমুহূর্তত, তিনি-চাৰিদিনৰ স্বামীৰ ঘৰৰ পৰা  মাকৰ ঘৰলৈ আহে। সময়ৰ অভাৱত, তেওঁ ধুমুহাৰ দৰে আহে।

তেওঁৰ তীব্ৰ গতিবেগত গছ-গছনি ভাঙি, ডাল-পাত খহি, পথ মুকলি হয়। মাকৰ আঁচলৰ মৰমত দুদিন জিৰণি লয়। কিন্তু তেওঁ সময় অপেক্ষা নকৰি পুনৰ সেই একে বেগেৰে উভতি যায়।সেয়ে হয়তো, বৰদৈচিলাজনী আমাৰ বুকুৰ আপোন। 

লোকবিশ্বাস মতে, বিদায়ৰ সময়ত বৰদৈচিলা কান্দে — সেই চকুপানীহে পৃথিৱীত বৰষুণ হিচাপে পৰে। এই ধাৰণাই দেখুৱায়, কিমান সংবেদনশীল ৰূপত অসমীয়া সংস্কৃতিয়ে প্ৰাকৃতিক পৰিৱর্তনক বুজি লয়।

বৈজ্ঞানিক দৃষ্টিভংগীত

বৰদৈচিলা দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ পূৰ্বৰ সংকেত, যি বৰ্ষাকালৰ আৰম্ভণিত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা আৰু বৃষ্টিপাতৰ সৃষ্টি কৰে। ইয়াক ইংৰাজীত pre-monsoon thunderstorm বা Nor’wester বোলা হয়।এই ধুমুহা বেছিভাগ সময়তে সন্ধিয়া দেখা যায় আৰু কেতিয়াবা গৰম আৰু আর্দ্ৰতাৰে ভৰা বতাহৰ সৈতে সংঘৰ্ষ হৈ ধ্বংসাত্মক ৰূপ লৈ ধান-চাউল, গছ-পুল আদিৰ ক্ষতি কৰে।

বৰদৈচিলা অসমীয়া জনজীৱনৰ এক অঙ্গ। ইয়াৰ বৈজ্ঞানিক দিশ থাকিলেও, লোকবিশ্বাস আৰু সাংস্কৃতিক কল্পনাই ইয়াক এক জীৱন্ত চৰিত্ৰ হিচাপে গঢ়ি তুলিছে। বৰদৈচিলাৰ কাহিনীত আছে মাক-ছোৱালীৰ মৰম, বিবাহিত জীৱনৰ প্ৰতিবিম্ব, আৰু এক নাৰীবাদী অনুভৱো। এই বিশ্বাসে আমাক কেৱল ধুমুহাৰ কথা নহয়, এক গভীৰ সাংস্কৃতিক মুল্য বুজাই দিয়ে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.