19 April, Fri 2024
support@thecriticalscript.com
Blog image

ভোগেশ্বৰ বৰুৱা - অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এক উজ্জল তাৰকা

08 Oct,2022 04:53 PM, by: Ankita Gogoi
1 minute read Total views: 795
0 Like 0.0

ভোগেশ্বৰ বৰুৱা  অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ এক উজ্জল তাৰকা।তেখেত এজন ভাৰতীয় প্ৰাক্তন খেলুৱৈ আৰু প্ৰশিক্ষক আছিল। ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত তেওঁ সোণৰ পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম অসমীয়াসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ জন্ম হৈছিল ১৯৪০ চনৰ ৩ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ জয়সাগৰৰ সুন্দৰপুৰত। তেওঁৰ পিতৃ আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃ আইকন বৰুৱা। তেওঁৰ ৭ জন ভাই-ভনী আছিল। তেওঁ এটা দৰিদ্ৰ পৰিয়ালৰ পৰা আহিছিল আৰু তেওঁৰ পিতৃ প্ৰয়াত ভদ্ৰেশ্বৰ বৰুৱাৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট ভাল নাছিল। ভোগেশ্বৰ বৰুৱাৰ শৈশৱ কাল শিৱসাগৰত অতিবাহিত কৰিছিল। প্ৰথম অৱস্থাত ফুটবলৰ প্ৰতি আকৰ্ষিত আছিল যদিও তেওঁ বক্সিং আৰু সাঁতোৰৰ লগতে আন কেইবাটাও খেল ভাল পাইছিল।

১৯৬০ চনত ভোগেশ্বৰ বৰুৱাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ই এম ই বিভাগত যোগদান কৰে। বিভাগত যোগদান কৰাৰ পিছত তেওঁৰ জীৱনৰ গতিপথ ক্ৰমান্বয়ে সলনি হয় কাৰণ তেওঁ ক্ৰমান্বয়ে ফুটবলৰ পৰিৱৰ্তে দৌৰাত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মৃত্যু হৈছিল ১৯৮০ চনৰ ২৪ জুনত।


ক্ৰীড়া জীৱন

নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় মুকলি এথলেটিকছ মিটৰ ৰিলেত ভোগেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰে। ৰিলেত তেওঁ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ১৯৬৪ চনত শ্ৰীলংকাত অনুষ্ঠিত হোৱা মুকলি এথলেটিকছত ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ দৌৰত অংশ লৈ তেওঁ পুনৰ এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে। ১৯৬৪ চনত বৰুৱাই চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ১৯৬৫ চনত বঙাইগাঁওত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৬৪-১৯৬৫ চনৰ এই ইভেণ্টবোৰতো তেওঁ সোণৰ পদক লাভ কৰিছিল। তেওঁ অৱশ্যে কেৱল সোণ জয় কৰিবলৈ সক্ষম হোৱাই নহয়, ১৯৬৫ চনৰ ইভেণ্টত বৰুৱাই ৮০০ মিটাৰ দৌৰ ১ মিনিট ৪৯.৯ ছেকেণ্ডত শেষ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।

১৯৬৬ চনত ভোগেশ্বৰ বৰুৱাই অসম তথা উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, ১৯৬৬ চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত ৮০০ মিটাৰ এথলেটিকছ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। আৰু ভোগেশ্বৰ বৰুৱা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হয়। তেওঁ ১ মিনিট ৪৯.৪ ছেকেণ্ডত অন্ত পেলাই সেই সময়ত এছিয়াত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১৯৭০ চনত ৪০০ মিটাৰ ৰিলেত ১৯৭০ চনৰ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলটোৰ তেওঁ অংশ আছিল। বহুতো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিবলৈ সক্ষম হোৱা ভোগেশ্বৰ বৰুৱাক ভাৰত চৰকাৰে ১৯৬৭ চনত সেই সময়ৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সৰ্ব্বোচ্চ সন্মান অৰ্জুন বটাঁ প্ৰদান কৰে। তেওঁৱেই হৈছে অৰ্জুন বটাঁ বিজয়ী প্ৰথমজন অসমীয়া।

ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰত তেখেতৰ প্ৰতি সন্মান জনাই প্ৰত্যেক বছৰেই সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। ভোগেশ্বৰ বৰুৱাই ৯০ৰ দশকৰ আৰম্ভণিতে শিৱসাগৰৰ ডিমৌত এখন ক্ৰীড়া একাডেমী স্থাপন কৰিছিল। একাডেমীৰ জৰিয়তে তেওঁ নিজৰ অভিজ্ঞতা ব্যক্ত কৰি ক্ৰীড়াৰ প্ৰতি আগ্ৰহী নৱ প্ৰজন্মক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে। কিন্তু তিনি বছৰৰ পাছত পুঁজিৰ অভাৱত একাডেমী বন্ধ হৈ পৰে। 'ল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টছ আৰু ৰাষ্ট্ৰীয় এথলেটিক দলৰ নিৰ্বাচক কমিটিৰ সদস্য ৰূপে তেওঁ ৬ বছৰ ধৰি দায়িত্ব পালন কৰিছিল। ২০২০ বৰ্ষত তেতিয়াৰ জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়াই ছৌলফুল শিৱসাগৰ অভিযানৰ অধীনত পৰিকল্পনা কৰা এটা অভিলাষী ক্ৰীড়া পদক্ষেপৰ  'খেল শিৱসাগৰ খেল'ৰ ব্ৰেণ্ড এম্বেচেডৰ ৰূপে ভোগেশ্বৰ বৰুৱাই দায়িত্ব পালন কৰিছিল। ২০১৯ বৰ্ষত ডঃ নাৰায়ন বৰদলৈ দেৱে 'সোণালী দৌৰ ভোগেশ্বৰ বৰুৱাৰ আত্মাকথা' নামেৰে এখন গ্ৰন্থ ৰচনা কৰে।। প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাক ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনত গুৱাহাটীৰ সৰুসজাইৰ স্প’ৰ্টছ কমপ্লেক্সত তেওঁৰ ৰাজ্যিক ক্ৰীড়া বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল।

 

ভোগেশ্বৰ বৰুৱাৰ অসমৰ এক গৌৰৱ। তেওঁ ক্ৰীড়া ক্ষেত্ৰখনত যি  অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে সেইয়া সকলো নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা। তেখেতৰ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি নিজৰ দক্ষতাৰে সকলো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভোগেশ্বৰ বৰুৱাক লৈ চিৰজীৱন অসমবাসী গৌৰৱাম্বিত হৈ থাকিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.