08 September, Sun 2024
support@thecriticalscript.com
Blog image

ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ ভাৰসাম্য

03 Dec,2022 05:17 PM, by: Ankita Gogoi
1 minute read Total views: 645
0 Like 0.0

পেছাদাৰী জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। যিসকলে এই কামত সফল নহয়, তেওঁলোকে বিপদৰ সন্মুখীন হ’বলগীয়া হয়। আনহাতে যিসকলে কৰ্ম আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য বিচাৰি পায়, তেওঁলোকে জীৱনত সুখী হৈ থাকে।সুখী আৰু সফল হ’বলৈ হ’লে জীৱনত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। সেই ভাৰসাম্য আপোনাৰ বন্ধু-বান্ধৱ তথা পৰিয়ালৰ মাজত হওক বা আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজতে হওক। আজিৰ সময়ত বহুতে ব্যক্তিগত আৰু কৰ্মজীৱনৰ মাজত ভাৰসাম্য বিচাৰি উলিওৱাত বহুত অসুবিধা পাইছে। বহুতে নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোক বিচলিত হৈ থাকে। সেইয়ে এই তিনিটা সহজ কৌশল অনুসৰণ কৰক।যিবোৰ অনুসৰণ কৰিলে আপুনি আপোনাৰ কামৰ লগতে আপোনাৰ ব্যক্তিগত জীৱনকো সময় দিব পাৰিব।

কৰ্মস্থলীত সময় নষ্ট নকৰিব:

যদি আপুনি নিজৰ কৰ্ম জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও সময় বিচাৰি উলিয়াব পাৰিব বিচাৰে, তেন্তে কৰ্মস্থলীত সময় নষ্ট নকৰাটো গুৰুত্বপূৰ্ণ। কেৱল আপোনাৰ অফিচৰ টাইমিঙত কাম সম্পূৰ্ণ কৰাত মনোযোগ দিয়ক। ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা বা কাৰ্যালয়ৰ সময়ত অধিক বিৰতি লোৱাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ অধিক সময় পাব আৰু আপুনি পেছাদাৰী ঠাইৰ পৰা ঘৰলৈ কাম কঢ়িয়াই নিব নোৱাৰিব।

আজিৰ কাম কাইলৈৰ বাবে পিছুৱাই নিদিব:

যদি আপুনি জীৱনত সুখী হ'ব বিচাৰে, তেন্তে এই অভ্যাস তৎক্ষণাত এৰি দিয়া উচিত। বহু সময়ত আমি আমাৰ কাম আহিবলগীয়া দিনলৈ পিছুৱাই দিওঁ। ইয়াৰ বাবে ক্ৰমান্বয়ে আমাৰ বাবে কামৰ পাহাৰ সাজু হৈ উঠে আৰু তাৰ পিছত আমি আমাৰ অতিৰিক্ত সময় দি সম্পূৰ্ণ কৰিব লগা হয়। আমি যেতিয়া আমাৰ অতিৰিক্ত সময় এনেদৰে কটাওঁ কাম সম্পূৰ্ণ কৰিবলৈ, তেতিয়া আমাৰ নিজৰ বাবে কোনো সময় নাথাকে। গতিকে নিজৰ সময় উলিয়াবলৈ কাম স্থগিত ৰখাৰ অভ্যাস ত্যাগ কৰক।

না ক’বলৈ শিকক:

কাম কৰাটো জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু না ক’বলৈ শিকিব লাগিব। যদি কেতিয়াবা অফিচৰ পিছত কাম কৰিবলৈ কোৱা হয়, তেন্তে সেই কামটোক না কোৱা উচিত। বহু সময়ত দেখা যায় যে অফ ডে’তো মানুহে প্ৰায়ে অফিচৰ কাম কৰি থাকে। ইয়াৰ পৰা আঁতৰি থকা উচিত। ঘৰত থাকিলে পৰিয়াল আৰু বন্ধু-বান্ধৱীক সময় দিব লাগে। এনে কৰিলে আপুনি সুখী হৈ থাকিব আৰু কামত অধিক মনোনিৱেশ কৰিব পাৰিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.