কেইটিমান থলুৱা অসমীয়া পিঠা!
অসমীয়া পিঠা অসমৰ ঐতিহ্যবাহী খাদ্যসমূহৰ ভিতৰত অন্যতম। প্ৰায় সকলো উৎসৱ-পৰ্ব, বিশেষকৈ বিহু উপলক্ষে, অসমীয়া পৰিয়ালসমূহত বিভিন্ন ধৰণৰ পিঠা বনোৱা হয়।সকলো লোকৰে এই অসমীয়া পিঠা প্ৰিয় বুলি ক'ব পাৰি। অসমত সাধাৰণতে কেইবিধ মান পিঠা বহু প্ৰচলিত। তলত কিছুমান অসমীয়া থলুৱা পিঠাৰ বিষয়ে দিয়া হৈছে।
তৰা পিঠা:
তৰা পিঠা বৰা চাউলৰে তৈয়াৰ কৰা হয়। চাউলখিনি প্রায় ছয় ঘণ্টামান ভিজাই ৰাখি, পানীৰ পৰা টুকি খৰাহিত শুকাই গুড়ি কৰি লোৱা হয়। ইয়াৰ পিছত সেই চাউলৰ গুড়িখিনিত পানী মিলাই আতা মৰাৰ দৰে মাৰি, তাৰ পৰা সৰু লাডু কৰি, তাৰ মাজত ভজা তিলত গুড় মিলাই খুন্দি লোৱা মিশ্রণখিনি দি, সামান্য চেপেটা দীঘল আকাৰত পিঠাভাগ তৈয়াৰ কৰা হয়। পিঠাটোৰ ভিতৰৰ সামগ্রীখিনি ওলাই নাহিবলৈ তাৰ ওপৰত পৰিষ্কাৰকৈ ধুই মচি লোৱা সেই তৰাপাত এখিলাৰে পিঠাটো মেৰিয়াই বান্ধি দিয়ে।
নাঙল ধোৱা পিঠা :-
ভাদ মাহত খেতি চাহ কৰি শেষকৰাৰ পাচত নাঙলটো ধুই সেইবাৰলৈ ভালদৰে সংৰক্ষিত কৰি থোৱা হয়। ইয়াৰ বাবে আয়োজিত অনুষ্ঠানৰ বাবে যি পিঠা তৈয়াৰ কৰা হয় সেয়ে নাঙল ধোৱা পিঠা। এই পিঠা সাধাৰণতে পিঠাগুৰিৰ লগত চেনি, গুৰ বা নিমখ মিহলি কৰি চেপেটা চেপেটাকৈ সাজি কলপাতত এটা এটাকৈ মেৰিয়াই পানীত সিদ্ধ কৰি প্ৰস্তুত কৰা হয়।
চুঙা পিঠা:
কুমলীয়া বাঁহ কাটি চুঙা বনাই এই চুঙাত পিঠা প্ৰস্তুত কৰা হয়। গুড়, গাখীৰ মিশ্ৰিত পিঠাগুড়ি বা বৰজহা চাউল বা বৰা চাউল এই চুঙাত দি চুঙাৰ মুখখন কলপাতেৰে সোপা দি জুইৰ তাপত এই পিঠা প্ৰস্তুত কৰা হয়। চাউলেৰে বনালে ইয়াক চুঙা চাউল বোলে। ইয়াক সৰ থকা গাখীৰ আৰু গুৰৰ লগত খাব পাৰি।
তাল পিঠা, কল পিঠা, নাৰিকলৰ পিঠা :
এইবোৰ বিভিন্ন ফলমূল বা পাচলি আদি পিঠাগুড়িৰ লগত মিহলি কৰি বা পূৰ দি তেল দি ভাজি বা ভাপত সিজাই বা খোলাত ভাজি বা পাতত দি তৈয়াৰ কৰা হয়।
পানী পিঠা:
পিঠাগুড়ি অলপমান লৈ চেনি আৰু নিমখৰ লগত মিহলাই পানীৰ লগত এক মিশ্ৰণ প্ৰস্তুত কৰি গৰম তেৱাত একচামুচ মান মিঠাতেল দি বহলকৈ মেলি এই পিঠা তৈয়াৰ কৰা হয়।
নাঙল ধোৱা পিঠা:
ভাদ মাহত খেতি চাহ কৰি শেষকৰাৰ পাচত নাঙলটো ধুই সেইবাৰলৈ ভালদৰে সংৰক্ষিত কৰি থোৱা হয়। ইয়াৰ বাবে আয়োজিত অনুষ্ঠানৰ বাবে যি পিঠা তৈয়াৰ কৰা হয় তাকে নাঙল ধোৱা পিঠা কোৱা হয়। এই পিঠা সাধাৰণতে পিঠাগুৰিৰ লগত চেনি, গুৰ বা নিমখ মিহলি কৰি চেপেটা চেপেটাকৈ সাজি কলপাতত এটা এটাকৈ মেৰিয়াই পানীত সিদ্ধ কৰি প্ৰস্তুত কৰা হয়।
কেটেলি পিঠা/ভাপ পিঠা :-
জাপ চৰুত, তলত পানী উতলাই ওপৰাংশত খৰাহি বা চফা বস্তুত পিঠাগুড়ি দি পানীৰ ভাপত বনোৱা সকলো পিঠাই হ'ল ভাপ পিঠা। পিঠাগুড়িৰ লগত পানী বা গাখীৰ মিহলাই f তিল, নাৰিকল বা গুড় দি পানীমূৰীয়া কৰি লোৱা হয়। এই মিশ্রণ বস্তুত বান্ধি কেটলিৰ মুখত দি বনালে কেটলীমুখত দিয়া পিঠা, টেকেলিৰ মুখত দি বনালে টেকেলি পিঠা বোলে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments