27 September, Sat 2025
support@thecriticalscript.com
Blog image

জুবিন দা বিহীন প্রথমটো দিন অসম আজি উকা, অসম আজি স্তব্ধ!

20 Sep,2025 01:30 PM, by: Ankita Gogoi
1 minute read Total views: 251
0 Like 0.0

জুবিন গাৰ্গ কেৱল এজন কন্ঠশিল্পী নহয়, তেওঁ আমাৰ  সম্পদ, আমাৰ হৃদয়ৰ এক অংশ। অসমীয়াৰ স্বাভিমান, অসমীয়াৰ পৰিচয়। যাৰ নাছিল কোনো জাতি, কোনো ধর্ম, তেওঁ আছিল এজন প্ৰকৃতাৰ্থত মানৱদৰদী লোক।আজি সমগ্ৰ অসমে কান্দিছে, অসম আজি উকা হৈ পৰিল, স্তব্ধ হৈ পৰিল।তেওঁৰ সংগীতে সকলো বয়সৰ মানুহক চুই গৈছিল। শিশু আৰু প্ৰাপ্তবয়স্কসকলেও তেওঁৰ কণ্ঠত নিজৰ দুখ আৰু আনন্দ অনুভৱ কৰিছিল। প্ৰতিটো প্ৰজন্মকে নিজৰ সংগীতেৰে  মোহাচ্ছন্ন কৰা জুবিন দাৰ গীতবোৰ কেৱল গীত নাছিল, হৃদয়স্পৰ্শী প্ৰেম আৰু মানৱতাৰ বাৰ্তাও আছিল।তেখেতৰ গীতে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লোকৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। অসমীয়াৰ লগতে আৰু বহুকেইটা ভাষাত নিজৰ কন্ঠৰে কেৱল মনোৰঞ্জন দিয়াই নহয়, আৱেগ, প্ৰেম, জীৱনৰ প্ৰত্যাহ্বানসমূহো মানুহক বুজিবলৈ সহায় কৰিছিল। তেওঁৰ কণ্ঠত আছিল এক অনন্য উষ্ণতা আৰু সত্য যিয়ে তেওঁলোকৰ দুখক অনুপ্ৰাণিত কৰিছিল, সান্ত্বনা দিছিল আৰু দুখীয়াৰ দুখকো শান্ত কৰিছিল।জুবিন দাৰ মানুহৰ প্ৰতি থকা প্ৰেম আৰু সমাজ সেৱাৰ কথা সকলোৱে পৰিচিত।তেওঁৰ জনতাৰ প্ৰতি আছিল দুৰ্বাৰ প্ৰেম।তেওঁ দুখীয়াক সহায় কৰিছিল, আৰ্তজনৰ লগত, প্ৰতিটো সুযোগতে, প্ৰতিটো বেয়া দিনত অসমৰ মানুহৰ লগত থিয় দিছিল। গছ-গছনি, চৰাই-চিৰিকতি, পৰিবেশ, প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি থকা তেওঁৰ প্ৰেমেও তেওঁৰ হৃদয়ৰ মহত্ত্বৰ প্ৰতিফলন ঘটাইছিল।

জুবিন দা নোহোৱাৰ লগে লগে অসম আৰু আগৰ দৰে হৈ থকা নাই। এক মূহুৰ্ততে সকলো শেষ হৈ পৰিল, অসম  সলনি হৈ পৰিল। অসম আৰু আগৰ দৰে অসম হৈ নাথাকিব। সকলোৰে চকুত চকুলো, প্ৰতিটো হৃদয়ে তেওঁৰ সংগীত আৰু তেওঁৰ মৰম মনত পেলাইছে, তেওঁৰ পোনপটীয়া কথা, তেওঁৰ ধেমেলীয়া কথা কোনো কেতিয়াও পাহৰিব নোৱাৰে। তেওঁৰ অনুৰাগীয়ে তেওঁক কেৱল গীতৰ বাবেই নহয়, তেওঁৰ মহান হৃদয় আৰু সমাজৰ প্ৰতি থকা প্ৰেমৰ বাবেও তেওঁক স্মৰণ কৰিব।অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ যে এনেদৰেই হঠাৎ অসমবাসীক শোকত পেলাই গুছি যাব অসমৰ কোনো এজন মানুহে কল্পনা কৰা নাছিল। তেওঁ নিজৰ জনপ্ৰিয়তা কেৱল আত্মপ্ৰচাৰৰ বাবেই নহয়, মানুহক সহায় কৰাৰ বাবে আৰু সামাজিক কামৰ বাবেও ব্যৱহাৰ কৰিছিল। তেওঁ কেতিয়াও নিজৰ বাবে একো নকৰিলে, কৰিলে কেৱল ৰাইজৰ বাবে, দুখীয়াৰ বাবে। প্ৰতিটো গীত, প্ৰতিটো কথা, প্ৰতিটো সৰু সৰু ইংগিতেই আছিল এক প্ৰেৰণা।আজি‌ অসমী আইৰ সন্তান জুবিন গাৰ্গ আমাৰ লগত নাথাকিলেও তেওঁৰ সংগীত, তেওঁৰ স্মৃতি, আৰু তেওঁৰ মানৱীয় হৃদয় সদায় আমাৰ লগত থাকিব। প্ৰতিটো গীত, প্ৰতিটো পৰিবেশন, আৰু তেওঁ দিয়া প্ৰতিটো সহায়ে তেওঁক অমৰ কৰি তোলে। জুবিন দা, আপুনি আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।

কিন্তু জুবিন দা বিহীন অসম সম্ভৱ হয় জানো??


আপুনি য'তেই আছে কুশলে থাকক! 

জয় জুবিন দা🙏🏻

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.