চিকিৎসা বিজ্ঞানৰ সোণালী যুগ (প্ৰথম খণ্ড)
ধৰ্ম, দৰ্শন আৰু
সাহিত্য তথা শাস্ত্ৰৰ লগতে প্ৰাচীন ভাৰতীয়সকলে
বিজ্ঞান, জ্যোতিষশাস্ত্ৰ, গণিত, ঔষধি, আয়ুৰ্বেদ, যোগবিদ্যা ইত্যাদি বিভাগতো যথেষ্ট
অৰিহণা যোগাইছে। এই সকলো বিভাগৰ এটা লেখাতে আলোচনা কৰাটো সম্ভৱ নহয় হেতুকে খণ্ড
আকাৰে প্ৰতিটো বিভাগৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম।
এই খণ্ডত আলোচনা কৰিম চিকিৎসা বিজ্ঞানৰ এটা বিশেষ ক্ষেত্ৰ,
অষ্টোপ্ৰচাৰ অথবা শৈল্য চিকিৎসা আৰু ইয়াৰ আৰম্ভনিৰ বিষয়ে। অষ্টোপ্ৰচাৰৰ প্ৰথম
আৰম্ভনি প্ৰাচীন ভাৰতত কৰিছিল শুশ্ৰুতে। সেই সময়ত অষ্টোপ্ৰচাৰৰ ক্ষেত্ৰখনত তেওঁতকৈ
পাৰ্গত আৰু কোনো নাছিল। সেয়েহে শুশ্ৰুতক “অষ্টোপ্ৰচাৰ
ক্ষেত্ৰৰ পিতৃ”
বুলি অভিহিত কৰা হয়। লগতে তেওঁক “প্লাষ্টিক
চাৰ্জাৰীৰ পিতৃ”
বুলিও কোৱা হয়।
শুশ্ৰুত প্ৰাচীন কালৰ কাশী চহৰত বাস কৰিছিল, যাক এতিয়া
ভাৰতৰ উত্তৰ অংশত বাৰানসী বা বেনাৰস বুলি জনা যায়। তেওঁ খ্ৰীষ্টপূৰ্ব 1000 ৰ পৰা 800
ৰ মাজৰ সময়চোৱাত জন্ম গ্ৰহণ কৰিছিল, প্ৰায় ২৬০০
বছৰ পূৰ্বে। সেই সময়ত জ্ঞানী লোকসকলক সাধু বা মহৰ্ষি বুলি কোৱা হৈছিল আৰু তেনে
এগৰাকী জ্ঞানী আৰু বিজ্ঞ ব্যক্তি আছিল শুশ্ৰুত।
কাশীৰ ৰজা, মহাৰাজ কাশীৰাজ দিৱদাসৰ পৰা শুশ্ৰুতে ঔষধিৰ জ্ঞান প্ৰাপ্ত কৰে
আৰু এগৰাকী বেদ হিচাপে স্থিতি লয়। এগৰাকী বৈদ্য হিচাপে তেওঁ সেই সময়ত যুদ্ধত
আঘাতপ্ৰাপ্ত সৈনিক সকলৰ চিকিৎসা কৰিছিল। সৈনিক সকলৰ দুৰৱস্থা দেখি
সুশ্ৰুতে অনুপ্ৰেৰণা লাভ কৰে অষ্টোপ্ৰচাৰৰ বাবে, যাৰ জৰিয়তে তেওঁ সৈন্য সকলৰ চিকিৎসা
কৰিব পাৰে। সেই যুগত, কোনো এক অবৈধ অপৰাধৰ ফলস্বৰুপে অপৰাধী সকলৰ নাক কাটি শাস্তি
বিহা হৈছিল। শুশ্ৰুত প্ৰতিকাৰ হিচাপে নাকৰ অষ্টোপ্ৰচাৰ অথবা ৰাইন’প্লাষ্টি (Rhinoplasty) ৰ উদ্ভাৱন কৰিছিল, যাৰ জৰিয়তে তেওঁ নতুনকৈ নাকৰ গঢ় দিব পাৰিছিল। শুশ্ৰুত
পৃথিৱীৰ প্ৰথমগৰাকী চিকিৎসক, যিয়ে কেটেৰেক্ট ৰোগীৰ চকুৰ অষ্টোপ্ৰচাৰ কৰি বহুলোকৰ চকুৰ বেমাৰ ভাল কৰিছিল। মৰম
আৰু দয়ালু মনোভাৱেৰে কাম কৰা শুশ্ৰুতে বিশ্বত প্ৰথমবাৰৰ বাবে এইসমূহ চিকিৎসাৰ
উদ্ভাৱন কৰিছিল। সেয়েহে তেওঁক সকলো ধৰণৰ শৈল্য চিকিৎসাৰ পিতৃ বুলি কোৱা হয়। অষ্টোপ্ৰচাৰ সমূহ কৰোঁতে শুশ্ৰুতৰ অনুভৱ হ’ল যে
তেওঁক আৰু বহুতো আহিলাৰ প্ৰয়োজন অষ্টোপ্ৰচাৰৰ বাবে। অভাৱেই যিহেতু আৱিস্কাৰৰ মূল,
সেয়েহে শুশ্ৰুত তাৰ পিছত ১২১ বিধ অষ্টোপ্ৰচাৰৰ সঁজুলিৰ
আৱিস্কাৰ কৰে আৰু এই কামতো তেওঁ পৃথিৱীৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হয়। এই
আৱিস্কাৰ সমূহৰ পৰা জনা যায় যে মহৰ্ষি শুশ্ৰুতৰ জ্ঞান সেই সময়তকৈ বহু হাজাৰ বছৰ
আগবঢ়া। নিজৰ এই অমূল্য জ্ঞান সমূহ শুশ্ৰুতে সংস্কৃত ভাষাত বিস্তাৰিত ৰূপত গ্ৰন্থাকাৰে
লিখি থৈ গৈছে। এই গ্ৰন্থখনিৰ নাম হৈছে “শুশ্ৰুত
সম্হিতা” বুলি কোৱা হয়। শৈল্য চিকিৎসাৰ
বিস্তাৰিত বৰ্ণনা দিয়া এই গ্ৰন্থখনি হৈছে আয়ুৰ্বেদৰ তিনিটা স্তম্ভৰ ভিতৰত এটা আৰু লগতে
অথৰ্ব বেদৰো এটা খণ্ড হয়।
শুশ্ৰুত
সম্হিতাৰ পৰা জনা যায়, তেখেতে কিদৰে কোনো চোকা অস্ত্ৰ বা কটাৰী অবিহনে অষ্টোপ্ৰচাৰ
কৰিছিল। তেওঁ মানৱ শৰীৰৰ অধ্যয়ন বিশেষ ধৰণে কৰিছিল। তেওঁ মৃত শৰীৰ সমূহ পানীত ৰাখি
তাৰ কিছু পৰিমাণে পচন হ’বলৈ দিছিল।
আৰু কেইদিনমান অতিবাহিত হোৱাৰ পিছত তেওঁ মৃত শৰীৰটোৰ প্ৰতিটো তৰপ আু অংগৰ অধ্যয়ন
কৰিছিল। এনেদৰেই শুশ্ৰুতে মূৰৰ, পেটৰ আৰু চিজাৰিয়ানৰ দৰে অষ্টোপ্ৰচাৰৰ উদ্ভাৱন
কৰিবলৈ সক্ষম হৈছিল। শুশ্ৰুত সম্হিতাৰ ১.৬ অধ্যায়ত নাকৰ প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে
বিতংভাৱে উল্লেখ আছে। খ্ৰীষ্টপূৰ্ব ৬০০ ত “শুশ্ৰুত সম্হিতা” খন লিখা হৈছিল।
মহান শল্য চিকিৎসক শুশ্ৰুতৰ মতে এজন আদৰ্শ শল্য চিকিৎসকৰ সংজ্ঞা হৈছে
"এগৰাকী ব্যক্তি, যাৰ সাহস আৰু মনৰ উপস্থিতি আছে, যাৰ হাত ঘামৰ পৰা মুক্ত, তীক্ষ্ণ আৰু
ভাল সঁজুলিৰ ব্যৱহাৰ কৰোঁতে হাতৰ কম্পন নোহোৱা আৰু যি তেওঁৰ অস্ত্ৰোপচাৰবোৰ তেওঁৰ
ৰোগীৰ সফলতালৈ লৈ যায়, যিয়ে তেওঁৰ জীৱন শৈল্য চিকিৎসাত অৰ্পণ কৰে। শৈল্য চিকিৎসকৰ
এই সম্পূৰ্ণ আত্মসমৰ্পণক সন্মান কৰা উচিত আৰু তেওঁ ৰোগীক তেওঁৰ নিজৰ পুত্ৰ হিচাপে
গণ্য কৰা উচিত।"
(আগলৈ)
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments