10 October, Fri 2025
support@thecriticalscript.com
Blog image

মাইণ্ডফুল লিভিং: সুখী জীৱনৰ আধাৰ

06 Sep,2025 05:53 PM, by: Ankita Gogoi
1 minute read Total views: 122
0 Like 0.0

আজিৰ দ্ৰুত গতিৰ জীৱনত মানুহে যন্ত্ৰৰ দৰে জীয়াই আছে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মোবাইল স্ক্ৰল কৰি, ব্ৰেকফাষ্ট কৰিবলৈ লৰালৰি কৰা, দিনটো কামৰ টেনচন আৰু ৰাতিও মনত হাজাৰ হাজাৰ চিন্তা - এনে পৰিস্থিতিত মনৰ শান্তি আৰু সুখ ক’ৰবাত হেৰাই যায়। এনে সময়ত "সচেতন জীৱন" আমাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে।

মাইণ্ডফুল লিভিং কি?

বৰ্তমানৰ মুহূৰ্তত সম্পূৰ্ণ সচেতনতাৰে জীয়াই থকা। ইয়াৰ অৰ্থ এইটো নহয় যে আমি ভৱিষ্যতৰ পৰিকল্পনা বা অতীতৰ স্মৃতিৰ পৰা নিজকে সম্পূৰ্ণৰূপে পৃথক কৰিব লাগিব, বৰঞ্চ আমি যেতিয়া যিকোনো কাম কৰি থাকোঁ তেতিয়া সেই কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰা উচিত। যেনে চাহ খাই থাকিলে তেতিয়া মোবাইল বা লেপটপত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চাহৰ সোৱাদ, আৰু সুগন্ধি অনুভৱ কৰক।

 কিয় গুৰুত্বপূৰ্ণ?

আজিৰ দিনটোত মানসিক চাপ, উদ্বেগ আৰু হতাশা সাধাৰণ হৈ পৰিছে। সফলতাৰ পিছত দৌৰি থাকোঁতে মানুহে নিজৰ মুহূৰ্তবোৰ জীয়াই থাকিবলৈ পাহৰি যায়। মননশীল জীৱনে আমাক শিকাইছে যে সৰু সৰু কথাবোৰতো সুখ লুকাই থাকে— আমি মাত্ৰ সেইবোৰ অনুভৱ কৰিবলৈ শিকিব লাগিব।

লাভসমূহ:

মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে – মাইণ্ডফুলনেছে আমাক মানসিক শান্তি দিয়ে।

সম্পৰ্কবোৰ গভীৰ হৈ পৰে – আমি যেতিয়া মন দি শুনো আৰু কথা পাতো তেতিয়া সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ পৰে।

আত্মসচেতনতা বৃদ্ধি কৰে – আমি আমাৰ অনুভৱবোৰ ভালদৰে বুজিবলৈ সক্ষম হওঁ।

কৰ্মক্ষেত্ৰত মনোযোগ আৰু উৎপাদনশীলতা বৃদ্ধি কৰে – যেতিয়া আমি মাল্টিটাস্কিঙৰ পৰিৱৰ্তে এটা কামত গুৰুত্ব দিওঁ, তেতিয়া ই দ্ৰুত আৰু সঠিকভাৱে সম্পন্ন হয়।

জীৱনত ভাৰসাম্য আহে – কৰ্ম আৰু ব্যক্তিগত জীৱন দুয়োটাই সঠিক দিশ পায়।

 মাইণ্ডফুল লিভিং কেনেকৈ আৰম্ভ কৰিব?

১/ সচেতনভাৱে ৰাতিপুৱা আৰম্ভ কৰক

সাৰ পোৱাৰ লগে লগে মোবাইললৈ নাচাব। দুই এটা দীঘল উশাহ লৈ চৌপাশৰ শব্দ শুনি লাহে লাহে দিনটো আৰম্ভ কৰক।

২) ধ্যান আৰু ব্যায়াম

দিনটোত ৫-১০ মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। মাত্ৰ আপোনাৰ উশাহ-নিশাহত মনোনিৱেশ কৰক। মনক শান্ত কৰি চিন্তাবোৰক সুস্থিৰ কৰি তোলে।

৩/ খাদ্য খোৱাৰ সময়ত মননশীল হওক

খাই থাকোঁতে কেৱল খাদ্যৰ ওপৰত গুৰুত্ব দিব। টিভি চাই বা মোবাইল ব্যৱহাৰ কৰি খাদ্য খোৱাৰ পৰা বিৰত থাকক।

৪/ ডিজিটেল ডিটক্স গ্ৰহণ কৰক

দিনটোত কমেও ৩০ মিনিট মোবাইল, টিভি আৰু লেপটপৰ পৰা আঁতৰি থাকিব। এই সময়খিনি নিজৰ লগত সংযোগ স্থাপনৰ বাবে ব্যৱহাৰ কৰক, কিতাপ এখন পঢ়িবলৈ বা প্ৰকৃতিৰ সৈতে সময় কটাবলৈ ব্যৱহাৰ কৰক।

৫/ কৃতজ্ঞতা প্ৰকাশ কৰা

ৰাতি শুই উঠাৰ আগতে তিনিটা কথা লিখি থওক, যাৰ বাবে আপুনি কৃতজ্ঞতা প্ৰকাশ কৰে। এই অভ্যাসে ইতিবাচকতা বৃদ্ধি কৰে আৰু জীৱনৰ সৰু সৰু আনন্দবোৰক মূল্য দিবলৈ শিকাই।

৬/ প্ৰকৃতিৰ লগত সংযোগ স্থাপন

দিনটোত কিছু সময় গছ, গছ-গছনি বা মুকলি আকাশৰ তলত কটাব লাগে। ই মানসিক আৰু শাৰীৰিক উভয় স্বাস্থ্যৰ বাবে উপকাৰী।

মাইণ্ডফুল লিভিং এটা ডাঙৰ লক্ষ্য নহয়, বৰঞ্চ সৰু সৰু অভ্যাসৰ সংকলন। ক্ৰমান্বয়ে যেতিয়া আমি বৰ্তমান সময়ত জীয়াই থাকিবলৈ শিকো তেতিয়া আমি উপলব্ধি কৰো যে প্ৰকৃত সুখ অতীত বা ভৱিষ্যতত নহয়, বৰঞ্চ আমাৰ বৰ্তমানতহে নিহিত হৈ আছে।

গতিকে প্ৰতিদিনে অলপ বেছি মন দি জীয়াই থাকোঁ, আমাৰ মুহূৰ্তবোৰ অনুভৱ কৰি জীৱনটো আৰু অধিক সুন্দৰ কৰি তোলো।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.