19 January, Sun 2025
support@thecriticalscript.com
Blog image

নৱকান্ত বৰুৱা দেৱলৈ সশ্ৰদ্ধ সোঁৱৰণ

14 Jul,2022 05:13 PM, by: Ankita Gogoi
1 minute read Total views: 1419
0 Like 0.0

অসমীয়া সাহিত্য জগতৰ এক চিনাকী নাম আমাৰ সকলোৰে প্ৰিয় নৱকান্ত বৰুৱা। তেওঁ এগৰাকী কবি, সাহিত্যিক, ঔপন্যাসিক, গীতিকাৰ,শিক্ষাবিদ তথা আমাৰ সকলোৰে মাজত এখুদ ককাইদেউ নামেৰে পৰিচিত । শ্ৰদ্ধাৰ নৱকান্ত বৰুৱাদেৱৰ আজিমৃত্যুতিথি।

অসমীয়া সাহিত্য জগতৰ নৱজাগৰণনবকান্তবৰুৱাৰ ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীতজন্ম হৈছিল । তেওঁৰ মাতৃ  স্বৰ্ণলতা বৰুৱা আৰু দেউতাকনীলাকান্ত বৰুৱা এগৰাকী স্কুল পৰিদৰ্শক হোৱাৰ উপৰিওএজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ তিনিজন ভাই-ভনী আছিল। নগাঁৱৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নামভৰ্ত্তি কৰে তাৰ পিছতে ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ কৰে । ১৯৪৩ চনত উচ্চ শিক্ষাৰ বাবে  শান্তিনিকেটনলৈ ( পশ্চিমবংগ) যায় । তাৰ পিছত ১৯৪৭ চনত কলিকতাত বিএ পাছ কৰে আৰু ১৯৫৩ চনত আলিগঢ় মুছলিম বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।।

তেওঁৰ উপন্যাস কেইখনমান

অপদাৰ্থ

মানুহ আটাইবোৰ দ্বীপ

অহিংসাৰ জুই

ককাইদেউতাৰ হাঁড়

কপিলীপৰীয়া সাধু

তেওঁৰ কাব্য গ্ৰন্থসমূহ

হে অৰণ্য হে মহানগৰ

ৰাৱন

এটি দুটি এঘাৰটি তৰা

মোৰ আৰু পৃথিৱী

এখন স্বচ্ছ মুখাৰে

সম্ৰাট 

তেখেতৰ প্ৰাপ্তিসমূহ

পদ্ম ভূষণ ( ১৯৭৬)

ককাইদেউতাৰ হাঁড় উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা (১৯৭৫)

কমল কুমাৰী বঁটা (১৯৯৮)

অসম সাহিত্য সভাৰ সভাপতি (১৯৯০)

মোৰ আৰু পৃথিৱী কবিতাৰ বাবে  অসম প্ৰকাশন বঁটা (১৯৭৪)

অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২)

২০০২ চনৰ ১৪ জুলাইৰ আজিৰ দিনটোতে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে ঔপন্যাসিকগৰাকীৰ মৃত্যু হয়। তেখেতৰ মৃত্য তিথিত তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম ।

তেখেতৰ এটি কবিতা আপোনালোকলৈ আগবঢ়ালো

উভতি নহাৰ কবিতা

মই নাহোঁ মই নাহোঁ

এবাৰেই আহি গুচি গ'লো মই

উভতি অহাৰ কথা নাই

মই জানো মই নাহোঁ

মই জানো কোনো নাহে

মাথোন এই পৃথিৱীখনক ভাল পাই গ'লো

এই কথাটোকে কিমান বাৰ যে ক'লো

কিমান ভাৱেৰে ক'লো

যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্ৰকে গালোঁ

জীয়াই থকাৰ ধেমালিটো মই

এবাৰেই খেলি গ'লো ।



Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.