
ৰেডিঅ'- এক নষ্টালজিয়া!
আজি বিশ্ব অনাতাঁৰ দিৱস। আজি ১৩ ফেব্ৰুৱাৰীৰ দিনটোতে যোগাযোগ আৰু প্ৰকাশৰ মাধ্যম হিচাপে ৰেডিঅ’ৰ ভূমিকাক লৈ ৰেডিঅ'ৰ স্বকীয়তা যাতে হেৰাই নাযায় তাৰবাবে বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হয় ।২০১১ চনৰে পৰা পালন কৰি আহিছে এই দিৱস।২০১০ চনত স্পেনিছ ৰেডিঅ’ একাডেমীয়ে প্ৰথমবাৰৰ বাবে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনত ইউনেস্ক’ৰ সদস্য দেশসমূহে এই প্ৰস্তাৱ গ্ৰহণ কৰি ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস পালন কৰাৰ কথা ঘোষণা কৰে।
ৰেডিঅ’ আজি সকলোৰে বাবে এক নষ্টালজিয়া । কিন্তু এতিয়াও হৃদয়ৰ এচুকত ৰেডিঅ’ৰ এটি বিশেষ ঠাই আছে।আগৰ দিনত সেই বাতৰি,নাটক, অসমীয়া/হিন্দী গীত কিমান যে শুনিছিল সকলোৱে।এই ৰেডিঅ' সৰু ডাঙৰ সকলোৰে বাবে হৈ পৰিছিল এক মনোৰঞ্জনৰ আহিলা । সময়ৰ গতিত এতিয়াও যেন আছে ৰেডিঅ’ৰ জনপ্ৰিয়তা । আজিও ঠায়ে ঠায়ে অনাতাৰ কন্ঠৰ শ্ৰোতা আমি দেখিবলৈ পাওঁ।
তথাপি, ৰেডিঅ’ৰ জনপ্ৰিয়তা কিছু হ'লেও ম্লান পৰিছে। ম'বাইল আৰু ইন্টাৰনেটৰ ব্যাপক বিস্তাৰৰ ফলত, ৰেডিঅ’ৰ শ্ৰোতাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। তথাপি, ৰেডিঅ’ সম্পূৰ্ণৰূপে অন্তৰ্ধান হোৱা নাই।
অল ইণ্ডিয়া ৰেডিঅ’ৰ মাধ্যমে ভাৰতত বাতৰি, সংগীত আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী প্ৰচাৰিত হৈ আহিছে। কিন্তু সময়ৰ পৰিৱর্তনৰ লগে লগে দেশে এফ এম ৰেডিঅ’ সেৱাও আৰম্ভ হ'ল।আকাশবাণী কেন্দ্ৰৰ কাৰ্যসূচী লাহে লাহে ৰাইজৰ মাজত দুৰ্বল হৈ পৰিছে, ফলত ৰেডিঅ'ৰ জনপ্ৰিয়তা হ্ৰাস পোৱা বুলি বহুতে মত প্ৰকাশ কৰে। কিন্তু এফ এম ৰেডিঅ' (FM Radio India) অহাৰ পিছত ৰেডিঅ'ৰ জনপ্ৰিয়তা পুনৰ বৃদ্ধি পাইছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments