21 November, Thu 2024
support@thecriticalscript.com
Blog image

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই

02 Aug,2024 07:16 PM, by: Super Admin
1 minute read Total views: 136
1 Likes 0.0

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই । এই ঠাই ছিয়াং জিলাৰ দক্ষিণ সীমান্তত অৱস্থিত । চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত । ইয়াত একালত কেইটিমান মন্দিৰ আছিল, নতুবা একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল । কিন্তু কালক্ৰমত মন্দিৰটি ভাগি পৰিল আৰু আৰু মূৰ্তি বা বিগ্ৰহ পোত গ’ল ।মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই ‌থান ১৩-১৪ শতিকাৰ মাজত চুতীয়া ৰজা সকলে নিৰ্মাণ কৰা বুলি জনা‌ যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তি পীঠ। উল্লেখযোগ্য যে চুতীয়া ৰজা সকলে নিজকে ভীষ্মক ৰজাৰ বংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰবৰ্তী কালত এই থান খনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোক বিশ্বাস জড়িত হয়।

ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনী-পীঠৰপৰা বিচ্ছিন্ন হৈ থকা থকা এটা শিৱলিঙ্গ, তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায় । ১৯৬৮-৬৯ চনত অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্ত্তৃপক্ষ‍ই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে ।খনন কাৰ্য্যৰ ফলত মালিনী থান মন্দিৰৰ তিনিটা গৃহ উদ্ধাৰ হৈছিল। ইয়াৰে ভিতৰত দুটা গৃহ মুখ্য মন্দিৰ স্থলত অৱস্থিত আৰু তৃতীয়তো সেই স্থলৰ পৰা উত্তৰ-পশ্চিম দিশত অৱস্থিত।  ব্ৰহ্মা।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.