25 April, Thu 2024
support@thecriticalscript.com
Blog image

ভাৰতীয় সংগ্ৰহালয়(Indian Musuem) এছিয়াৰ আটাইতকৈ পুৰণি সংগ্ৰহালয়

04 Mar,2023 05:47 PM, by: Ankita Gogoi
1 minute read Total views: 571
0 Like 0.0

"The City of Joy" নামেৰে জনাজাত কলকাতাত চহৰত অৱস্থিত এছিয়াৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় আৰু ভাৰতৰ ভিতৰতে সৰ্ববৃহৎ সংগ্ৰহালয়।ভাৰতীয় সংগ্ৰহালয়(Indian Musuem) নামৰ এই সংগ্ৰহালয়টো ১৮১৪ চনত ভেটি স্থাপন কৰা ভাৰতৰ নৱম পুৰণি সংগ্ৰহালয় আৰু ই বহুবিষয়ক কাৰ্য্যকলাপৰ কেন্দ্ৰবিন্দু।১৮১৪ চনৰ ২ ফেব্ৰুৱাৰীত মুকলি কৰা এই স্থানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিৰল সামগ্ৰী আৰু সঞ্চয়ৰ যোগ্য বহু বস্তুৰ বিশাল সংগ্ৰহ আছে।এই সংগ্ৰহালয়টো চাবলৈ দেশৰ প্ৰতিটো কোণৰ পৰা পৰ্যটক আহে। কেৱল এয়াই নহয়, এই সংগ্ৰহালয়টো ইমানেই ডাঙৰ যে যদি ইয়াক সঠিকভাৱে ভ্ৰমণ কৰা হয় তেন্তে সম্পূৰ্ণৰূপে চাবলৈ দুদিনৰ পৰা তিনিদিন সময় লাগিব পাৰেজাদুগৰনামেৰে পৰিচিত ভাৰতীয় সংগ্ৰহালয়ত সমসাময়িক চিত্ৰকলা, বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষ, ইজিপ্তৰ মামি আৰু প্ৰাচীন ভাস্কৰ্য্য, গহনা, জীৱাশ্ম, কংকাল, প্ৰাচীন সামগ্ৰীবহুমূলীয়া শিল্পকৰ্ম আৰু উল্কাপিণ্ডৰ এটি মনোমোহা আভাস আৰু আচৰিত ধৰণৰ মোগল চিত্ৰৰ কিছুমান উন্নত সংগ্ৰহ আছে। যদি আপুনি ভাৰতৰ অতীতৰ বিষয়ে জানিবলৈ আগ্ৰহী তেন্তে নিশ্চিতভাৱে ইণ্ডিয়ান মিউজিয়াম কলকাতা হৈছে উত্তম গন্তব্যস্হান।ইতিহাসৰ বিষয়ে অনুসন্ধিৎসুসকলৰ বাবে সংগ্ৰহালয় চৌহদৰ ভিতৰত এটা পুথিভঁৰাল আৰু কিতাপৰ দোকানো আছে যৰ পৰা আপুনি নিজৰ পছন্দৰ কিতাপ কিনিব পাৰে।

ভাৰতৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় যিটো ১৮১৪ চনত ডেনমাৰ্কৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী ড° নাথানিয়েল ৱালিচে এছিয়াটিক ছচাইটিৰ ভৱনত স্থাপন কৰিছিল। ১৮৪০ চনত চৰকাৰে ভূতাত্ত্বিক আৰু খনিজ শিতানটো সম্প্ৰসাৰণ কৰি কেৱল ভূতাত্ত্বিক শাখাটোৰ বাবে প্ৰতিমাহে ২৫০ টকাৰ অতিৰিক্ত অনুদানৰ ব্যৱস্থা কৰা হয়।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আকৰ্ষণীয় আৰু কৌতুহলী বস্তু সংগ্ৰহ কৰা হৈছিল। ১৮১৬ চনত ২৭ জন ইউৰোপীয় দাতাৰ উপহাৰৰ তালিকাত ১৭৪ টা বস্তু দান কৰা হৈছিল। ৪ হাজাৰ বছৰতকৈও অধিক পুৰণি কংকাল এই সংগ্ৰহালয়টোত উপস্থিত আছে।এই সংগ্ৰহালয়টো নিজেই ২০০ বছৰতকৈও অধিক পুৰণি।সম্ভৱত সংগ্ৰহালয়টোৰ আটাইতকৈ ডাঙৰ অৱদান তেতিয়া আছিল যেতিয়া ১৯১৬ চনত সংগ্ৰহালয়টোৰ প্ৰাণীবিজ্ঞান আৰু নৃতত্ত্ববিজ্ঞান বিভাগে ভাৰতীয় প্ৰাণীবিজ্ঞান জৰীপ (Zoological Survey of India)ৰ জন্ম দিছিল, যিয়ে পিছলৈ ১৯৪৫ চনত ভাৰতীয় নৃতত্ত্ব জৰীপ (Anthropological Survey of India)ৰ জন্ম দিয়ে।বহু অমূল্য ধ্বংসাৱশেষৰ বাবে নিৰাপদ স্থান হোৱাৰ উপৰিও ভাৰতীয় সংগ্ৰহালয়ে আন বহুতো ভূমিকা আৰু সেৱাও আগবঢ়াইছে।ভাৰতীয় সংগ্ৰহালয়ত মুঠ ষাঠিখন গেলেৰী আছে যিবোৰক ছটা মূল খণ্ডত ভাগ কৰা হৈছে,

প্ৰত্নতাত্ত্বিক অংশ

ভাৰতীয় সংগ্ৰহালয়ৰ প্ৰত্নতাত্ত্বিক অংশত প্ৰাক আৰু আদি-ঐতিহাসিক গেলেৰী, মূল প্ৰৱেশদ্বাৰ গেলেৰী, গন্ধৰা গেলেৰী, প্ৰত্নতাত্ত্বিক গেলেৰী, ব্ৰঞ্জ গেলেৰী, মুদ্ৰা গেলেৰী, ক্ষুদ্ৰ কলা গেলেৰী আছে।

 শিল্প বিভাগ

এই মোগল পেইন্টিং গেলেৰীত দক্ষিণ-পূব এছিয়ান গেলেৰী,বংগ পেইন্টিং গেলেৰী, ডেকোৰেটিভ আৰ্ট আৰু টেক্সটাইল গেলেৰী দেখা যায়।

 নৃতত্ত্ব শাখা

এই শিতানত আপুনি নৃতত্ত্ব বিভাগৰ অন্তৰ্গত পেলিঅ'-এন্থ্ৰ''লজী গেলেৰী, সাংস্কৃতিক নৃতত্ত্ব গেলেৰী, মাস্ক গেলেৰী আৰু বাদ্যযন্ত্ৰৰ গেলেৰী দেখা পাব।

 প্ৰাণীবিজ্ঞানৰ অংশ

ভাৰতীয় সংগ্ৰহালয়ৰ প্ৰাণীবিজ্ঞান শিতানত মাছ গেলেৰী, এম্ফিবিয়া আৰু সৰীসৃপ গেলেৰী, চৰাই গেলেৰী, স্তন্যপায়ী গেলেৰী আৰু ইক'লজী গেলেৰী আছে।

 ভূতত্ত্ব বিভাগ

ভূতত্ত্ব বিভাগৰ মূল আকৰ্ষণসমূহ হল ছিৱালিক গেলেৰী, অকৃমি জীৱাশ্ম গেলেৰী, ৰক আৰু খনিজ গেলেৰী আৰ্থ আৰু ৰত্ন অংশৰ সৈতে উল্কাপিণ্ড গেলেৰী।

 উদ্ভিদ বিজ্ঞান শাখা

ভাৰতীয় সংগ্ৰহালয়ৰ উদ্ভিদ বিভাগত ভাৰতীয় কাঠ, খাদ্য সামগ্ৰী, ঔষধি সামগ্ৰী, শাক-পাচলিৰ আঁহ, তেল আৰু তৈলবীজ আৰু ভাৰতত সাধাৰণতে উৎপাদিত বিভিন্ন শস্যৰ ওপৰত সম্পদ আছে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 


 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.