27 July, Sat 2024
support@thecriticalscript.com
Blog image

হোমেন বৰগোহাঞিদেৱক একাঁজলি শ্ৰদ্ধাঞ্জলি

07 Dec,2023 06:39 PM, by: Ankita Gogoi
1 minute read Total views: 399
0 Like 0.0

অসমৰ সমাজ, সভ্যতা, সাহিত্য জীয়াই থকালৈকে জীয়াই থাকিব হোমেন বৰগোহাঞি নামৰ সত্তাটো৷ হোমেন বৰগোহাঞিদেৱৰ জন্ম হৈছিল ১৯৩২ চনৰ সাত ডিচেম্বৰত লক্ষীমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ কাষৰীয়া বালিগাঁৱত। হোমেন বৰগোহাঞিদেৱৰ পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঞি। হোমেন বৰগোহাঞিদেৱে এক গাঁৱলীয়া চহকী খেতিয়ক পৰিয়ালত জন্মলাভ কৰিছিল। হোমেন বৰগোহাঞিদেৱে এই চাৰিকড়িয়া নৈখনৰ ইতিবৃত্ত আৰু তেখেতৰ লগত ইয়াৰ সম্পৰ্ক তেখেতৰ বিভিন্ন লেখাত বৰ্ণনা কৰিছে।

হোমেন বৰগোহাঞিদেৱে প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ সময়তেই প্ৰায় সাত বছৰ বয়সতে লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে হোমেন বৰগোহাঞিদেৱে তেওঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলনাথ গগৈদেৱৰ আদেশত এটা কবিতা লিখিছিল আৰু সেয়াই আছিল তেওঁৰ আৰম্ভণি।তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। হোমেন বৰগোহাঞি ২০০১ আৰু ২০০২ চনত সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল।

হোমেন বৰগোহাঞিদেৱে তেখেতৰ বিভিন্ন নৰকগ্ৰন্থখন লিখি শেষ কৰিবলৈ ১৯৬৮ চনত উপপতি সমাহৰ্তাৰ চাকৰিটো ইস্তাফা দিয়ে। তেখেতে ১৯৭০ চনত পিতা-পুত্ৰ উপন্যাসখন লিখা আৰম্ভ কৰে আৰু এইখন সম্পূৰ্ণ কৰিবলৈ তেখেতক প্ৰায় পাঁচ বছৰ সময় লাগে।

অসমীয়া সাহিত্যলৈ হোমেন বৰগোহাঞিদেৱে আৰু বহুতো অৱদান দি থৈ গৈছে। অসমীয়া সাহিত্যত তেওঁ প্ৰায় শতাধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। গ্ৰন্থ লিখা আৰু পঢ়া তেওঁৰ বাবে আছিল নিচা। তেওঁ প্ৰৱন্ধ সংকলন,উপন্যাস,কবিতা পুথি,গল্পপুথি আৰু লগতে আত্মজীৱনীও ৰচনা কৰি থৈ গৈছে। হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা উপন্যাসসমূহ হৈছে

১) সুবালা (১৯৬৩)

২) তান্ত্ৰিক(১৯৬৭

৩) কুশীলৱ(১৯৭০)

৪) হালধীয়া চৰায়ে বাওধান খায়(১৯৭৩)

৫) পিতা-পুত্ৰ(১৯৭৫)

৬) তিমিৰ তীৰ্থ(১৯৭৫)

৭) অস্তৰাগ(১৯৮৬)

৮) মৎস্যগন্ধা(১৯৮৭)

৯) সাউদৰ পুতেকে নাওঁ মেলি যায়(১৯৮৭)

১০) নিঃসংগতা(২০০০)

১১) বিষন্নতা(২০০২)

১২) এদিনৰ ডায়েৰী(২০০৩)

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.